ব্ৰকলিৰ ৰসৰ লাভালাভসমূহ জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, October 27, 2022

ব্ৰকলিৰ ৰসৰ লাভালাভসমূহ জানি লওক : Assamese Health Tips

Assamese Health Tips


ব্ৰকলি স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু লগতে খোৱাৰ বাবেও সুস্বাদু। ইয়াক বিভিন্ন ধৰণে খাব পাৰি, কিন্তু খুব কম সংখ্যক লোকেহে অৱগত যে, ব্ৰকলিৰ ৰসে মানুহক বহুতো ৰোগৰ পৰা আঁতৰাই ৰাখে।। ( Assamese Health Tips )


*ডায়েবেটিচ আৰু কলেষ্টৰল নিয়ন্ত্রণৰ ক্ষেত্রটো ব্ৰকলিৰ ৰস অতি উপকাৰী। ইয়াৰ লগতে, ই পাচনতন্ত্র শক্তিশালী কৰাত আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী উন্নতভাৱে বজায় ৰখাত সহায়তা কৰে। 


*প্ৰকৃততে ব্ৰকলিত প্ৰটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ আৰু ভিটামিন এ'ৰে সমৃদ্ধ। ইয়াৰ উপৰিও ফাইবাৰ আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়। যি স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। 


*ব্ৰকলিৰ ৰসৰ লাভালাভ সমূহ-


১) কলেষ্টৰল নিয়ন্ত্রণ কৰে-

ব্ৰকলিৰ ৰসত দ্ৰৱণীয় আঁহ থাকে। যি কলেষ্টৰল নিয়ন্ত্রণ কৰাত সহায় কৰে। মানুহৰ শৰীৰত দুই প্ৰকীৰৰ কলেষ্টৰল আছে। প্রথম বিধ ভাল কলেষ্টৰল আৰু দ্বিতীয়বিধ বেয়া। যদি শৰীৰত অধিক বেয়া কলেষ্টৰল থাকে, তেন্তে হৃদৰোগত আক্রান্ত হোৱাৰ উপৰিও ষ্ট্ৰোক আশংকা বৃদ্ধি হয়। এনে পৰিস্থিতিত ইয়াক নিয়ন্ত্রণ কৰাটো অতি গুৰুত্বপূৰ্ণ।  ( Assamese Health Tips )


২/ৰক্ত শৰ্কৰা নিয়ন্ত্রণ কৰে-

ব্ৰকলিৰ ৰসত এন্টিঅক্সিডেন্ট আৰু আঁহ থাকে। যাৰ সহায়ত ই মধুমেহ নিয়ন্ত্রণ কৰাত সহায় কৰে। ইয়াৰ ব্যৱহাৰে তেজত শৰ্কৰাৰ স্তৰ হ্রাস কৰিব পাৰে। ই ইনচুলিনৰ স্তৰ সন্তলিত কৰি ৰখাত সহায়ক। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা টাইপ-২মধুমেহ হ্ৰাস কৰিব পাৰি। 


৩/হাড় শক্তিশালী কৰে-

ব্ৰকলিৰ ৰস হাড়ৰ বাবেও যথেষ্ট উপকাৰী। ই কেলচিয়াম আৰু ভিটামিন কে, আদিৰে সমৃদ্ধ। যি হাড় শক্তিশালী কপাত সহায় কৰে। 


৪/ৰক্তচাপ নিয়ন্ত্রণ কৰে-

বৰ্ধিত ৰক্তচাপ আৰু হৃদৰোগীৰ বাবে ব্ৰকলিৰ ৰস অতি উপকাৰী। ৰক্তচাপ নিয়ন্ত্রণ কৰাৰ লগতে, ব্ৰকলিৰ ৰসৰ দ্বাৰা হৃদৰোগৰ আশংকা হ্ৰাস হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages