এইবোৰ লক্ষণ দেখা দিলে পানী খোৱাৰ নিয়ম সলনি কৰক নহলে পাছলৈ গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, October 11, 2022

এইবোৰ লক্ষণ দেখা দিলে পানী খোৱাৰ নিয়ম সলনি কৰক নহলে পাছলৈ গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে : Assamese Health Tips

Assamese Health Tips


1 .  ভাত খোৱাৰ সময়ত পানী খোৱা বিহৰ সমান ।।আয়ুৰ্বেদ অনুসৰি ভাত হজম হবলৈ পেটত জঠৰঅগ্নি উৎপন্ন হয় ।। এই অগ্নিত পানী পৰিলে অগ্নি নুমাই যায় আৰু ভাত হজম নহয় ।  ( Assamese Health Tips )


ভাত হজম নহলে বদহজম হব।। পাছত গেছ হব , acidity হব , ulcer হব , uric এচিড হব , কৌষ্ঠকাঠিন্য হব , পাইলচ হব আৰু একদম শেষত কেঞ্চাৰ হব ।।। 


ভাতৰ লগত পানী খালে 103 ৰোগ হয় , মহৰ্ষি বাগভত্তৰ  'অষ্টঙহৃদয়ম '  নামৰ  পুথি খনৰ মতে । 


তেওঁ কৈছে যে ভাত খোৱাৰ সময়ত যিমান দাঁত আছে , সিমান বাৰ চোবাই খাব লাগে  । প্ৰতিটো দাঁতক খাদ্যৰ স্পৰ্শ হব লাগে । 


তাৰ পিছত আকৌ কৈছে যে ভালকৈ চোবাই খালে ভাতৰ লগত লালটি মিহলি হৈ যায় ।।এই লালটি আৰু পেটত উৎপন্ন হোৱা অম্লৰ সংমিশ্ৰণত খাদ্য জঠৰ অগ্নিৰ দ্বাৰা ভাঙি দিয়ে ।। 


ইয়াৰ পিছত উল্লেখ কৰিছে যে ভাত খোৱাৰ 1 ঘণ্টা পাছত পানী খোৱাটো দৰকাৰ । কাৰণ সেই সময়ত শৰীৰক খাদ্যৰ ৰস বনাবলৈ পানী লাগে ।। 


ইয়াৰ পিছত কৈছে যে ভাত খোৱাৰ 48 মিনিট আগত পানী খাব পাৰে ।। 


ভাত খোৱাৰ সময়ত গলত লাগিলে কেতিয়াবা গৰম পানী খাব পাৰি ।। 


2. ঠাণ্ডা পানী কেতিয়াও খাব  নালাগে ।  ঠাণ্ডা পানী খালে সদায় গা জিনজিন কৰা , জ্বলা পুৰা কৰা , কৌষ্ঠকাঠিন্য , নাৰ্ভৰ ৰোগ আদিৰ সৃষ্টি হয় । 


গতিকে ঠাণ্ডা পানী নিষিদ্ধ । 


। 


3. পানী সদায় চিপ চিপ কৰি আৰু বহি লৈ চাহৰ নিচিনা খাব লাগে ।।  যদি পানী আপুনি ঘুত ঘুত কৈ গিলি দিয়ে , তেতিয়া হৰ্নিয়া আৰু আপেনদীক্স আদি ৰোগ হব পাৰে ।।।  ( Assamese Health Tips )


4.   ৰাতিপুৱা উঠিয়েই 10 মিনিট পাছত  1 লিটাৰ 250 মিলিগ্ৰাম পানী খাব লাগে ।। তেতিয়া গোটেই দিনটো গৰম নালাগে ।। শৰীৰটো চাফা হৈ যায় । কোনো ধৰণৰ ৰোগে থিতাপি লব নোৱাৰে । 


ৰাতিপুৱা যেনেকৈ গাড়ী এখনত পানী ভৰাই লয় , তেতিয়া গাড়ীখনৰ ইঞ্জিন গৰম নহয় আৰু ৰাস্তাত বন্ধ নহয় ।। 


ঠিক তেনেকৈ আমাকো  ৰাতিপুৱাই পানী লাগে ।।। 


5 . এজন সুস্থ মানুহক নিজৰ ওজনক 10 ৰে হৰণ কৰি তাৰ পৰা 2 বিয়োগ কৰি যিমান  ওলায় ,সিমান পানী লাগে ।।  


অৰ্থাৎ আপোনাৰ ওজন যদি 70 কেজি , তেন্তে  70÷10= 7 


7-2= 5 


অৰ্থাৎ 5 লিটাৰ পানীৰ দৰকাৰ আপোনাক ।।। যদি এইখিনি নাপায় , তেন্তে শৰীৰ গৰম হয় আৰু অগ্নিৰ লক্ষণ  বোৰ  দেখা দিয়ে ।।। 


বটলত ভৰাই থোৱা পানী , সাফৰ বন্ধ পানী , পোহৰ নপৰা পানী , প্লাষ্টিকৰ বটলৰ পানী আদি শৰীৰৰ বাবে বিহ স্বৰূপ হয় । 

বাহিৰত গলে কাঁচৰ বটলত পানী ভৰাই লৈ যাব পাৰে । 


এলুমিনিউমৰ বাচনত গৰম কৰা পানীয়ে বিহ উৎপন্ন কৰে আৰু ই ডায়েবেটিচ ৰোগীৰ বাবে ঘাটক হয় । 


গৰমৰ দিনত গৰম পানী খোৱাটো উপযোগী ।  বাহিৰৰ পৰা আহি কেতিয়াও ঠাণ্ডা পানী নাখাব । 

মনত ৰাখিব , পানীয়ে প্ৰাণ আৰু পানীয়ে বিনাশ । যদি পানীক শৰীৰে ধাৰণ কৰিব পাৰিছে , তেন্তে ই প্ৰাণ দিব শৰীৰত আৰু যদি ধাৰণ কৰিব পৰা নাই , তেন্তে বিনাশ আনিব শৰীৰৰ । 


High pressure থকা ৰোগীয়ে গা ধুবলৈ যোৱাৰ আগতে সদায় এগিলাচ গৰম পানী খোৱা অভ্যাস কৰক ।

পানী খাবলৈ সদায় ঘটিৰ ব্যৱহাৰ কৰক । গিলাচ ভাৰতীয় সভ্যতা নহয় । গিলাচ ভাৰতলৈ পতুৰ্গীজসকলে আনিছিল । ঘটিত পানী খালে  পানী লাহে লাহে পেটলৈ যায় আৰু শৰীৰে ধাৰণ কৰে । 


শৰীৰত পানীৰ পৰিমাণ কম হলে দেখা পোৱা লক্ষণবোৰ হল : গৰম লগা , খং উঠা , জিন জিন কৰা , গা জ্বলা পুৰা কৰা , পেচাব হালধীয়া হোৱা , খুজটি হোৱা , খৰ হোৱা , ডায়েবেটিচ , high BP ইত্যাদি ।। 

এইবোৰ লক্ষণ দেখা দিলে আপুনি পানী খোৱাৰ নিয়ম সলনি কৰক । নহলে পাছলৈ গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে । 


এইবোৰৰ বাবে পানী অকল ওপৰত দিয়া  নিয়ম অনুসৰীহে খুৱাওক বা খাওক । 


ধন্যবাদ , share কৰক 🙏🙏


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



1 comment:

Advertisement

Pages