দুৰ্বল হৃদযন্ত্ৰৰ ৰোগীসকলেও এইটো বিধান ব্যৱহাৰ কৰিব পাৰিব : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 26, 2022

দুৰ্বল হৃদযন্ত্ৰৰ ৰোগীসকলেও এইটো বিধান ব্যৱহাৰ কৰিব পাৰিব : Assamese Health Tips

Assamese Health Tips


হাৰ্টৰ ৰোগীৰ বাবে আশীৰ্বাদ স্বৰূপ আঁহত (বামুনি আঁহত ) গছৰ পাত । ( Assamese Health Tips )


আঁহত গছৰ পাতে blockage অষ্ট্ৰপচাৰ নকৰাকৈ খুলি দিব পাৰে । 


15-20 টা পাত (বেছি কোমল নলব ) 2 গিলাচ পানীত উতলাই এক গিলাচ কৰি দিনত 2 বাৰকৈ খাওক । 


মাজত 3 ঘণ্টাৰ ব্যৱধান থকাটো প্ৰয়োজন । এমাহমান খোৱাৰ পিছত পৰীক্ষা কৰাই চাব ।


দুৰ্বল হৃদযন্ত্ৰৰ ৰোগীসকলেও এইটো বিধান ব্যৱহাৰ কৰিব পাৰিব । 


একেটা বিধান যিসকলৰ তেজৰ শৰ্কৰা ( suger ) কোনো ঔষধ খাই কমাব পৰা নাই , তেওঁলোকেও এই বিধান কিছুদিন কৰিলেই কমাব পাৰিব । 

ডায়েবেটিচ ৰোগীয়ে দিনত এবাৰকৈ ৰাতিপুৱা খালি পেটত খাব লাগে । 

অসমৰ প্ৰতিখন গাওঁতেই আঁহত গছ পোৱা যায় ।  


###অৰ্জুন গছৰ ছালৰ গুড়ি ###

অৰ্জুন গছৰ ছালৰ গুড়ি হৃদৰোগীৰ বাবে অমৃত সদৃশ । হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ বাবে ই মহৌষধ হয় ।  ( Assamese Health Tips )


Uric Acid কম কৰাৰ বাবে , VLDL  কলেষ্টৰল কম কৰাৰ বাবে ই অত্যন্ত লাভকাৰী । 


উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ বাবে অৰ্জুন ছালৰ গুড়ি বহুত উপকাৰী । 


ইয়াৰ উপৰিও শৰীৰৰ তেজ  পৰিষ্কাৰ কৰাৰ বাবেও  ই লাভকাৰী । 


তেজ পৰিস্কাৰ নহলে Diabetic ৰোগী কেতিয়াও ঠিক হব নোৱাৰে । গতিকে অৰ্জুন ৰস খোৱাটো খুব দৰকাৰী , বিশেষকৈ Sugar ৰ ৰোগীয়ে । 


অৰ্জুন গছৰ ছালৰ গুড়ি এক চামুচ এক গিলাচ গৰম পানীত মিহলাই ৰাতিপুৱা খালি পেটত খাব পাৰে নাইবা ৰস আধা কাপ খাব পাৰে । 


অৰ্জুন ৰস নাপালে মুলাৰ ৰস খাব পাৰে ।।।


অৰ্জুন ৰসৰ সমানেই কাম কৰে । ৰাতিপুৱা এক কাপ খালিপেটত খাব লাগে ।।।


অস্বগন্ধা চূৰ্ণ : 

অস্বগন্ধা চূৰ্ণ নাৰ্ভৰ ৰোগৰ বাবে উপকাৰী । হাত ভৰি টনাটনি কৰা , ৰাতি কোচ খাই ধৰা , নাৰ্ভৰ পাক খাই যোৱা , দুৰ্বল নাৰ্ভৰ সমস্যাৰ বাবে অস্বগন্ধা চূৰ্ণ বহুত ভাল ঔষধি হয় । 


খুব দুৰ্বল , অতি ক্ষীণ মানুহে নিয়মিত সেৱন কৰিলে গাত বল শক্তি পোৱা যায় । 


হাত ভৰি থৰক-বৰক কৰা , ভালদৰে খোজ কাঢ়িব নোৱাৰা আদিৰ বাবে বহুত উপকাৰী । 


ইয়াৰ উপৰিও পুৰুষৰ ধাতু দুৰ্বলতা , শীঘ্ৰপতন , পেচাবত ধাতু যোৱা আদি ৰোগৰ বাবে অস্বগন্ধা চূৰ্ণ  বহুত উপকাৰী হয় । অস্বগন্ধা চূৰ্ণ নিয়মিত খালে পুৰুষৰ শুক্ৰ দোষ নাইকিয়া কৰে । 


অস্বগন্ধা চূৰ্ণ নাৰ্ভৰ সমস্যাৰ  বাবে ৰাতিপুৱা এক চামুচ গুড়ি এক গিলাচ গৰম পানীত মিহলাই খাওঁক আৰু পুৰুষৰ বিভিন্ন সমস্যাৰ বাবে গৰম গাখীৰৰ লগত মিহলাই ৰাতি ভাত খোৱাৰ আধা ঘন্টা পিছত খাওঁক । 

নিয়মীয়াকৈ 3 মাহ বা ততোধিক সময় খাব ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages