শেৱালি ফুলৰ কেইটামান বিশেষ ঔষধীয় গুণাগুণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, October 13, 2022

শেৱালি ফুলৰ কেইটামান বিশেষ ঔষধীয় গুণাগুণ : Assamese Health Tips

Assamese Health Tips


শেৱালি ফুলৰ মোহনীয় ৰং আৰু সুমধুৰ গোন্ধৰ বাবে বহুতে ঘৰৰ বাৰীত শেৱালি ফুলৰ গছ লগাই লোৱাত গুৰুত্ব দিয়াত পৰিলক্ষিত হয়।  ( Assamese Health Tips )


শেৱালি ফুলৰ সুগন্ধই চাৰিওফালে মুখৰিত কৰি তোলে। শেৱালি ফুলৰ বিশেষত্ব এয়ে যে, শৰতৰ আগমনৰ লগে লগে শেৱালি ফুল গছত ওলাবলৈ ধৰে। শেৱালি ফুলবোৰ আকৌ ৰাতিৰ ভিতৰতে ফুলি পুৱাৰ ভাগে গছৰ পৰা মাটিত সৰি গুৰি শুকুলা কৰি তোলে। 


অৱশ্যে শৰতৰ শেৱালি হলেও সাম্প্রতিক সময়ত ঘটা জলবায়ুৰ পৰিৱৰ্তনৰ হেতুকে আজিকালি বছৰৰ প্ৰায় শেৱালি ফুল পোৱা যায়।আয়ুর্বেদিক শাস্ত্ৰসমূহত শেৱালি ফুলৰ গছক মহামূল্যবান বৃক্ষ বুলি কোৱা হৈছে।ই কেৱল এবিধ সুন্দৰ তথা সুগন্ধিত ফুলৰ প্ৰজাতি নহয়।ঔষধ হিচাপেও শেৱালি ফুলৰ বিশেষ মহত্ব আছে।শেৱলি ফুলৰ লগতে ইয়াৰ গুটি,পাত, বাকলি আৰু শিপাটো অনেক ঔষধি গুণ নিহিত হৈ আছে।তাৰে ভিতৰত শেৱালি ফুলৰ কেইটামান বিশেষ ঔষধীয় গুণাগুণ


১/শেৱালি ফুলৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌজালৰ লগত সেৱন কৰিলে জ্বৰ কাহ ভাল হয়। 


২/শুকান শেৱলি ফুল দৰিকনা মাছ বা পুঠি মাছৰ লগত, থুপথুপীয়া ৰন্ধা আঞ্জা খাবলৈ বৰ সোৱাদ যুক্ত। ইয়াৰ দ্বাৰা পাচন শক্তি বৃদ্ধি হয়। 


৩/শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়। 


৪/কাহ, চৰ্দি, তনচিলাইটিছ, ফেৰিঞ্জাইটিছ, চাইনাচাইটিছ, ব্ৰংকাইটিছ, হাপানী বা এজমা আদি ৰোগত শেৱালি ফুলৰ পাত আৰু ফুল ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। 


৫/সৰু লৰা ছোৱালীৰ কৃমি পেলু হলে, শেৱালি ফুলৰ পাতে সুফল দিয়ে। 


৬/চুলি সৰা, অকালতে চুলি পকা, আদি সমস্যাই দেখা দিলে, শেৱালি ফুলৰ গুটি ভালকে বটি মূৰত লগালে সুফল পোৱা যায়।  ( Assamese Health Tips )


৭/শেৱালি ফুলৰ কোমল পাত কলপাতেৰে মেৰিয়াই, জুইত পুৰি সেইখিনি চেপি পোৱা ১০-১২মিঃলিঃ ৰসৰ লগত অলপমান মৌজাল মিহলাই দিনে তিনিবাৰকৈ কেইদিন মান খালে মেলেৰিয়া জ্বৰকে ধৰি যকৃত প্লীহা বৃদ্ধি, বাতবিষ আদি নিৰাময়ৰ লগতে ৰক্ত পিৰিশোধনৰ জড়িয়তে চৰ্ম ৰোগ নাশ কৰে। 


৮/শেৱলি ফুল অলপ কলখাৰ দি খালে, ইয়াৰ ঔষধি গুণ বাঢ়ি যায়। বিশেষ কৰি, টনচিলাইটিছ, ফেৰিঞ্জাইটিছ, চাইনাচাইটিছ ৰোগত ই সুফল দিয়ে। 


৯/লিভাৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰাকো শেৱালি উপকাৰী। লিভাৰৰ বিভিন্ন ৰোগত শেৱালি ফুল উত্তম পথ্য। 


১০/মহিলাৰ মাহেকীয়া সময়ত হোৱা বিষত শেৱালি পাতৰ ৰস উপকাৰী। মালেছিয়া, ইণ্ডোনেছিয়া, আদি দেশতে শেৱালি ফুলৰ পাত এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। 


১১/শেৱালি ফুল ৰান্ধি খালে, ভোক আৰু খাদ্যৰ ৰুচি বঢ়োৱাত সহায় কৰে। 


১২/শেৱালি ফুলৰ পাত বেচনত লেতিয়াই বৰ বা পকৰি হিচাপে বনাই খালেও সুফল পোৱা যায়। 


১৩/ডায়েবেটিচ ৰোগী, উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবেও শেৱালি ফুল আৰু পাত উত্তম ঔষধি। 


১৪/ছালৰ ভেকুঁৰ জনীয় সংক্ৰমণ, এলাৰ্জি আদিত শেৱালি ফুল আৰু পাত দুয়োটা উপকাৰী। 


১৫/শেৱালি ফুলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থকাৰ বাবে ছালৰ বিভিন্ন সমস্যাত ই উপকাৰী।।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages