চিন্তা নকৰিবলগীয়া চিন্তা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 26, 2022

চিন্তা নকৰিবলগীয়া চিন্তা : Assamese Fact

Assamese Fact


চিন্তা নকৰিবলগীয়া চিন্তা 🤔


আপোনাৰ মৃত্যুৰ পিছত কি কি হ'ব ?


১. কেই ঘণ্টামানৰ ভিতৰত কন্দা কটা বন্ধ হ'ব।


২. এফালে আপোনাৰ চিতা জ্বলি থাকিব, আনফালে আপোনাক শেষ বিদায় জনাবলৈ অহা সকলে ফোন যোগে কাৰোবাৰ লগত কথা পতাত ব্যস্ত হ'ব। কোনোবাই Facebook, WhatsApp চলাই থাকিব। কোনোবাই আকৌ নিজৰ ব্যৱসায়, ৰাজনীতি আদিৰ কথা পাতি থাকিব। ( Assamese Fact )


৩. ঘৰৰ মানুহ খিনি ৰাইজৰ শুশ্ৰুষাত লাগি যাব।


৪. কোনোবাই অলপ চাহ বিচাৰিব।


৫. কোনোবা দূৰণিৰ আত্মীয়ই আপোনাৰ ল'ৰা/ ছোৱালীক ফোন কৰি ক'ব বহুত প্ৰয়োজনীয় কাম থকাৰ বাবে আহিব নোৱাৰিলে।


৬. ভিৰ লাহে লাহে কমি আহিব।


৭. কেইটামান দিন আপোনাৰ ম'বাইলত ফোন কৰিব, যি সকলে আপোনাৰ মৃত্যুৰ খবৰ টো পোৱা নাই।


৮. আপোনাৰ অফিচত আপোনাৰ পৰিবৰ্তে তৎক্ষণাৎ বেলেগ এজন মানুহ বিচাৰিব।


৯. যেতিয়া সকলোৱে গম পাব আপোনাৰ মৃত্যু হোৱা বুলি, আপোনাৰ ফেচবুকৰ অন্তিমটো পষ্ট টো অনেকে বিচাৰিব।


১০. সকাম সমাপ্ত কৰি আপোনাৰ ল'ৰা ছোৱালী নিজ নিজ কৰ্তব্য ক্ষেত্ৰত (পঢ়া-শুনা বা চাকৰি) স্থানত গুচি যাব।


১১. আৰু কেইটামান দিন পিছতেই আপোনাৰ জীৱন সংগীয়ে কোনো কমেডি ধাৰাবাহিক চাই হাঁহি ফূ্ৰ্তি কৰি থাকিব। সকলোৰে জীৱন আকৌ স্বাভাৱিক ভাৱে চলি থাকিব।  ( Assamese Fact )


১২. এইটো ঠিক যে, প্ৰথম মৃত্যু বাৰ্ষিকীত বহুত আয়োজন হ'ব। দেখ দেখকৈ দিন বাগৰাৰ লগে লগে আপোনাৰ বিষয়ে কথা পাতিবলৈ, আলোচনা কৰিবলৈ কোনো নাথাকিব। আপুনি পাহৰণিৰ গৰ্ভত সোমাই যাব। আনকি নিজৰ নিকট সম্পৰ্কীয়ৰ মাজতো। সকলোৱে আপোনাক পাহৰিবলৈ প্ৰতিযোগিতা কৰিব।

          


আপুনি কি কাৰণত ইমান কৈ পগলাৰ দৰে দৌৰি আছে ? 


কিহৰ ইমান চিন্তা, দিনে ৰাতিয়ে ? 


এই বিলাক কৰিবলৈকে কি আপুনি এই পৃথিৱীত আহিছিল নেকি ? 


আপোনাৰ জীৱনৰ কি এইটোৱেই লক্ষ্য নেকি ?


আপুনি কি আপোনাৰ পৰিয়ালৰ, বন্ধু সকলৰ, আত্মীয় সকলৰ সুখৰ বাবেই জন্ম হৈছে নেকি?

বিশ্বাস কৰক কাৰো কাৰণে, কোনোদিনে একো ৰৈ নাথাকে। একো নাই । আপুনি নাথাকিলেও সকলো স্বাভাৱিক ভাৱে চলি থাকিব। কোনোৱেও মনত নাৰাখে। জীৱন এবাৰেই পাব। 


যিমান পাৰে ফুৰ্তি কৰক, উপভোগ কৰক।

এয়াই জীৱন কোনো কাৰো বাবে নহয় জীৱনতো মাথো নিজে নিজৰ বাবে !!! ( সংগৃহীত)


Global Gyan in Assamese


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য Global Gyan in Assameseৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages