মুম্বাইৰ এজন লৰাৰ মোবাইল এটা ফোন আহে । লৰাটোৰ Resume এটা job portal ত দিয়া আছিল । লৰাজনক কয় যে থাইলেণ্ডৰ এটা কোম্পানীত Data Entry ৰ কাম আছে । ( Assamese Fact )
1200 ডলাৰ মাহিলী দৰমহাৰ লগতে বিভিন্ন সুবিধা আছে । তাৰ পিছত পথাই দিয়াৰ বাবদ এক লাখ টকা fees দিব লাগিব বুলি কয়। লৰাজনে আৰু তিনিজন বন্ধুৰ লগত থাইলেণ্ড যায় । থাইলেণ্ড পোৱাৰ পিছত সিহঁতৰ লগত আৰু বিভিন্ন দেশৰ পৰা অহা বহু কেইজন মানুহক একেলগে বাছত বহুৱাই 9 ঘণ্টা যাত্ৰা কৰাই এখন হোটেলত থাকিব দিয়ে ।
ঠাইখিনি থাইলেণ্ড আৰু ম্যানমাৰৰ সীমা আছিল । তাৰ পিছত সিঁহতক সৰু গাড়ীৰে ম্যানমাৰ লৈ গৈ তাত ঘন জংঘলৰ মাজত detention center ত থাকিব দিয়ে । ওচৰা ওচৰিকৈ কেইবাটাও detention camp আছিল । তাৰ পিছত লৰাজনৰ লগত যোৱা বাকী কেইজনৰ সৈতে সিঁহতক ভাৰতৰ মানুহৰ Data দি ফোন কৰিবলৈ কয় । সিঁহতৰ পিছফালে মানুহ বন্দুক লৈ ৰখি থাকে । ফোন নকৰিলে গুলীয়াই দিয়ে ।
ফোন কৰি ভাৰতৰ মানুহৰ bank খালি কৰা কাম সিঁহতৰ । ( Assamese Fact )
যিবোৰে কম্পিউটাৰ নাজানে , সিঁহতক তাত কিছুদিন training দিয়া হয় । যদি শিকিব নোৱাৰে , তেন্তে সিঁহতৰ অংগ উলিয়াই চৌদি আৰৱত বিক্ৰী কৰা হয়। শৰীৰৰ প্ৰতিটো অংগ এটা এটাকৈ বিক্ৰী কৰি থাকে নমৰালৈ । খাবলৈ কেৱল coca cola আৰু bread দিয়ে সিঁহতক । প্ৰায় 35000 মানুহ তাত বন্দী হৈ আছে বুলি লৰাজনে কয় । হাতত handcuffs লগাই থয় ।
কেৱল ভাৰতৰে নহয় নেপাল , বাংলাদেশ , পাকিস্তান আদি সকলো দেশৰ মানুহ তাত বন্দী বনাই থৈছে ।
এই বিৱৰণ দিয়ে তাৰ পৰা পলাবলৈ সক্ষম হোৱা সেইজন লৰাই । ইতিমধ্যে বিষয়টো CBI ৰ দ্বাৰা অনুসন্ধান কৰি আছে । বৈদেশিক পৰিক্ৰমাৰ বিভাগৰ পৰা জাননীও জাৰী কৰা হৈছে চাকৰিৰ লোভত থাইলেণ্ডত নাযাবলৈ । অলপতে মালেছিয়া চৰকাৰে তেওঁলোকৰ 290 জন নাগৰিকক উদ্ধাৰ কৰিছে তাৰ পৰা ।
গতিকে সাৱধানে থাকক আৰু চাকৰিৰ লোভত কোনোবাই বাহিৰলৈ যাবলৈ ওলালে কথাটো তেওঁক বুজাই দিয়ক ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment