দুদিনমান ধৰি ফেচবুকত বলি-বিধানৰ ওপৰত খুব লিখা মেলা হৈ আছে । ( Assamese Fact )
বলি বিধানৰ দ্বাৰা ভগৱান সন্তুষ্ট হয় নে নহয় সেই বিষয়ত মই কব নাযাওঁ বা হয়তো সেই বিষয়ত মোৰ জ্ঞান কম আছে ।
কিন্তু যত পাপ-পুণ্যৰ প্ৰশ্ন আহে ,তাত অলপ বিশ্লেষণ কৰাৰ দৰকাৰ আছে ।
মই যদি কওঁ যে মই এজন বিশুদ্ধ নিৰামিষাহাৰী আৰু মই নিৰামিষ আহাৰ গ্ৰহণ কৰি কোনো পাপ কৰা নাই , তেন্তে সেইটো মোৰ ভুল হব ।
নিৰামিষ খাদ্য খালে যে পাপ নহব আৰু মাংস খালেই পাপ হব , তেনে কোনো কথা নাই ।
এই সংসাৰৰ প্ৰতিটো বস্তু , জীৱ-জন্তু , গছ-গছনি আদি ভগৱানৰ সৃষ্টি । ভগৱানৰ দৃষ্টিত সকলো সমান ।
আপুনি ধান বা ডাইল খাইছে , সেইটোও এটা ডিম্ব কোষ হয় উদ্ভিদৰ ।
পাৰ্থক্য এইটোৱে যে ধান কাটিলে ধানে কন্দা আপুনি শুনা নাপায় আৰু মুৰ্গী বা ছাগলী কাটিলে সিহঁতে কন্দা আপুনি শুনা পায় ।
আধুনিক গৱেষণাত বৈজ্ঞানিকসকলে প্ৰমাণ পাইছে যে গছ-গছনি বা উদ্ভিদেও কান্দে , হাঁহে , চলাচল কৰে । মাত্ৰ সিহঁতৰ অনুভূতি আমি বুজি নাপাওঁ ।
ধৰি লওঁক এগৰাকী মাতৃৰ দুজন সন্তান । এজন ভাল আৰু এজন বোবা-কলা । যদি বোবা কলা জনক কোনোবাই হত্যা কৰি দিয়ে , তেন্তে মাতৃগৰাকীয়ে মাফ কৰিব পাৰিবনেকি ? কেতিয়াও নোৱাৰে ।
ঠিক সেইদৰে ভগৱানৰ সন্তানৰ ক্ষেত্ৰতো একেই ।
ভগৱানে স্থানভেদে মানুহক বেলেগ বেলেগ খাদ্য দিছে । সেইদৰে মানুহৰ গঠন প্ৰণালীও বেলেগ বেলেগ কৰি দিছে । সেই অঞ্চলত যি খাদ্য পায় , সেই খাদ্য খাই জীয়াই থাকিবলৈ ভগৱানে শৰীৰৰ গঠন কৰি দিছে । ইউৰোপত খেতি কম হয় , সেইবাবে তাত মানুহে মাংস বেছি খায় ।
অসমত ধানৰ খেতি বেছি হয় বা যিবোৰ ৰাজ্যত ধান বেছি হয় , সেইবোৰত চাউল খায় । ইয়াত পাপ-পুণ্যৰ কোনো প্ৰশ্ন নাহে ।
শৰীৰৰ অপকাৰ তেতিয়া হয় , যেতিয়া আমি প্ৰকৃতিৰ বিৰুদ্ধ খাদ্য গ্ৰহণ কৰো । ভাৰতীয় পৰম্পৰা আৰু জলবায়ু অনুসৰি নিৰামিষ বেছি ভাল । কিন্তু চেন্নাইৰ সাগৰৰ পাৰৰ , কেৰেলাৰ সাগৰৰ পাৰৰ আৰু মুম্বাই , গোৱা আদি ঠাইৰ মানুহে যুগ যুগ ধৰি মাছ খাই আহিছে । তেওঁলোকে মাছ খালে বিশেষ অসুবিধা নহয় , কিন্তু দিল্লীৰ মানুহ এজনে বা উত্তৰ প্ৰদেশৰ মানুহে বেছি মাছ খালে নৰীয়াত পৰিব ।
অসমত প্ৰত্যেক ঘৰ অসমীয়াৰ ঘৰত এযোৰ হলেও মুগা বা এৰি কাপোৰ আছে । আমি ভাবি নাচাও কেতিয়াও , যে কিমানটা জীৱ হত্যা কৰাৰ পিছত সেই কাপোৰযোৰ আমি পিন্ধিব পাওঁ । ( Assamese Fact )
তাৰ পিছত আমি একো ষড়যন্ত্ৰৰ উমান নাপাই যিয়ে যি কৈছে , সেইটোত হয়ভৰ দি তিৰস্কাৰ কৰাত লাগি যাওঁ আমাৰ নিজৰ ভাই ককাইহঁতক ।
প্ৰতি মুহূৰ্তত আমাৰ মুখেৰে কিমান জীৱ পেটত গৈ পায় আমি কল্পনাও কৰিব নোৱাৰো ।
যদি নিৰামিষাহাৰী বুলি কৈ মই একাপ দৈ খাইছোঁ , তেন্তে পেটত কিমান জীৱ গৈছে কল্পনা কৰিব নোৱাৰিম । খাদ্য বনোৱাৰ এক ঘণ্টা হৈ গলেই তাৰ বেক্টেৰিয়াৰ সৃষ্টি হয় ।
পাপ-পুণ্যৰ দোহাই দি আমি বলি বিধানক তিৰস্কাৰ কৰিব তেতিয়াহে পাৰিম , যেতিয়া আমি ওপৰৰ কথাবোৰ বিশ্লেষণ কৰি নিজৰ ওপৰত প্ৰয়োগ কৰি চাব পাৰিম । অন্যথা হিন্দু ধর্মৰ মাজত ফাট মেলাই আনক সুযোগ লব নিদিব মাজত ।
ভগৱানৰ ওচৰত দিয়া বুটমাহ খিনিও জীৱ হয় । প্ৰথমে কটা হয় জীয়াই জীয়াই , তাৰ পিছত ওৰে ৰাতি পানীত ডুবাই থোৱা হয় , তথাপিও মৰি নাযায় । তাৰ পিছত জীয়াই জীয়াই আমি চোৱাই খাওঁ । পাৰ্থক্য এটাই , ছাগলীয়ে চিঞৰিব পাৰে আৰু বুটমাহে নোৱাৰে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment