পক্ষীৰ পৰা কিছু কথা শিকি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, October 10, 2022

পক্ষীৰ পৰা কিছু কথা শিকি লওক : Assamese Fact

Assamese Fact


পক্ষীৰ পৰা কিছু কথা শিকো-

 ( Assamese Fact )


১/ৰাতি পক্ষীয়ে একো নাখায়।


২/ৰাতি পক্ষীয়ে ঘূৰি নুফুৰে।


৩/ পক্ষীয়ে নিজৰ শিশুক সঠিক সময়ত শিকায়।


৪/পক্ষীয়ে লেলাউটি উলিয়াকৈ কেতিয়াও নাখায়।আপুনি যিমান খাদ্য নিদিয়ে কিয়-কিছু খায় উৰি যায়।লগত একো লৈ নাযায়।


৫/নিশা হোৱাৰ লগে লগে নিজৰ বাঁহলৈ যায়।ৰাতিপুৱা সোনকালে উঠে আৰু উঠিয়ে-গান গাবলৈ লয়।


৬/পক্ষীয়ে নিজৰ খাদ্য কেতিয়াও সলনি নকৰে।


৭/পক্ষীয়ে নিজৰ শৰীৰৰে সকলো কাম কৰে।ৰাতিৰ বাহিৰে অন্য সময়ত বিশ্ৰাম নলয়।


৮/সয়ম্বৰতহে জীৱনসংগী বাচি লয়।


৯/বেমাৰ হলে খাদ্য খাবলৈ বন্ধ কৰি দিয়ে।তেতিয়াহে খাদ্য খায়-যেতিয়া সুস্থ হয়।


১০/নিজৰ সন্তানক বহুত মৰম কৰে।


১১)প্ৰকৃতিৰ পৰা সেইখিনিহে লয়-যিমানখিনিৰ প্ৰয়োজন হয়।


১২/পৰিশ্ৰমৰ ফলত হাৰ্ট-কিডনি-লিভাৰৰ ৰোগ নহয়।


১৩/নিজৰ ঘৰ পৰিৱেশৰ অনুকুলে তৈয়াৰ কৰে।


১৪)নিজৰ ভাষা এৰি অন্যৰ উপভাষাত কথা নকয়।

 ( Assamese Fact )


(সংগ্ৰহিত)

✍🏻✍🏻✍🏻


 ১|পইচাই মানুহক ওপৰত ৰাখে হয় কিন্তু ওপৰলৈ যাওঁ‌তে লৈ যাব নোৱাৰে ।


২| প্ৰকৃতিয়ে দুটা ৰাস্তাই দিছে হয় দি যোৱা নহয় এৰি যোৱা ।লৈ যাবলৈ কোনো ব্যৱস্থা নাই ।


৩| কাৰোবাক সিমান খিনিহে জ্ঞান দিব যিমান খিনি তেওঁ বুজি পায় ।কাৰণ বাল্টি ভৰ্তি হোৱাৰ পিছত নল বা টেপ  বন্ধ নকৰিলে পানীখিনি ব্যৰ্থ হৈ যায় ।


৪| আচৰিত আমি মানৱ ,ধুপ ভগৱানৰ বাবে জ্বলাও কিন্তু ফ্লেৱাৰ আমাৰ পচন্দৰ হব লাগিব ।


৫| বেয়া সংগ সেই এঙাৰৰ দৰে যদি গৰম হৈ থাকে হাত জ্বলায় আৰু ঠাণ্ডা হৈ পৰিলে মুখ ক'লা কৰে ।


৬| আমদানি কম হলে খৰচত মনোযোগ দিব আৰু ভালেকৈ কোনো বিষয়ৰ কথা নাজানিলে কথা কোৱাত মনোযোগ দিব ।


৭| ব্যক্তিৰ ধৰ্ম হৈছে কৰ্ম যদি নিজৰ কৰ্ম ভালদৰে কৰিছে আন  ধৰ্মৰ কোনো প্ৰয়োজন নাই আৰু যদি কৰ্ম নকৰি ধৰ্মহে কৰিছে সেই ধৰ্মৰ কোনো অৰ্থ নাই ।


৮| যি কোনো সম্পৰ্ক পালন কৰিবলৈ বুদ্ধি নহয় অন্তৰ শুদ্ধি হব লাগিব ।


৯| মোৰ জীৱনত কোন আগত গৈছে বা কোন পিছত আহিছে মতলব নাই কিন্তু কোন লগত আছে মোৰ সেইয়াহে মতলব ।


১০| যাৰ কথাত সভ্যতা আৰু সত্যতা থাকে তেওঁৰ জীৱনত ভৱ্যতা থাকে ।


১১| দৰ্পণে মিছা নকয় ,

জ্ঞানে ভয় খাৱলৈ নিদিয়ে ,

সত্যই দূৰ্বল হবলৈ নিদিয়ে 

প্ৰেমে হিংসা কৰিবলৈ নিদিয়ে আৰু 

বিশ্বাসে দুখী আৰু নিৰাশ হবলৈ নিদিয়ে ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages