এই কথাৰ দ্বাৰা আপুনি জানিব যে-ভগৱান আপোনাৰ লগত আছে নে নাই : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 15, 2022

এই কথাৰ দ্বাৰা আপুনি জানিব যে-ভগৱান আপোনাৰ লগত আছে নে নাই : Religious Studies

Religious Studies


কোৱা হয়-ভগৱান সকলোতে আছে।কেৱল চাব জানিব লাগিব।আমাৰ ভাৰত দেশত বহু ভগৱানক পূজা কৰা হয়। ( Religious Studies )


এজন ভক্ত আৰু ভগৱানৰ কথাৰে-


জন্মৰ আগতে এটি সৰু লৰাই ভগৱানক কয় যে-প্ৰভূ আপুনি মোক নতুন জন্ম নিদিব।পৃথিৱীত বেয়া মানুহ থাকে।মই তালৈ যাব কদাপি  নিবিচাৰো।আৰু এয়া য় সৰু লৰাটো উদাশ হৈ বহিল।


ভগৱানে স্নেহ পূৰ্ৱক-সৰু লৰাটোৰ মূৰত হাত ফুৰাই লৈ আৰু সৃষ্টিৰ নিয়ম অনুসাৰে-সৰু লৰাটোক জন্ম লোৱাৰ মহত্বৰ কথা কয়।কিছু সময় মনা কৰাৰ পাছত সৰু লৰাটো মান্তি হয়।কিন্তু সৰু লৰাটোৱে ভগৱানক কয় যে-আপুনি মোক এটা প্ৰতিজ্ঞা কৰিব লাগিব।


ভগৱান-

কোৱা,পুত্ৰ-তুমি কি বিচাৰিছা!


সৰু লৰা-

আপুনি মোক প্ৰতিজ্ঞা কৰক যে-যেতিয়ালৈ মই পৃথিৱীত থাকিম,আপুনিও মোৰ লগত থাকিব।


ভগৱান-

অৱশ্যে,তেনেকুৱাই হব। ( Religious Studies )



সৰু লৰা-

পৃথিৱীতটো আপুনি অদৃশ্য হৈ থাকে।কিন্তু মই কেনেদৰে যানিম যে-আপুনি মোৰ লগত আছে বুলি!


ভগৱান-

যেতিয়া তুমি চকু দুটা বন্ধ কৰিবা,তেতিয়া তুমি মোৰ ভৰিৰ চিহ্ন দেখা পাবা।তেতিয়া তুমি বুজিবা যে-মই তোমাৰ লগত আছো।


তেতিয়া সেই সৰু লৰাটোৰ জন্ম হয়।তাৰপাছত সৰু লৰাটো সাংসাৰিক জীৱনত সুমাই লৈ ভগৱানৰ লগত হোৱা বাৰ্তালাপৰ কথা পাহৰি যায়।কিন্তু সেই সৰু লৰাটোৰ মৃত্যুৰ সময়ত-এই কথা সমূহ মনত পৰে যেতিয়া-সৰু লৰাটোৱে ভগৱানৰ বচনক পুষ্টি কৰিব বিচাৰিছিল।


সৰু লৰাটৈৱে যেতিয়া চকু দুটা বন্ধ কৰি-জীৱনৰ কথা মনত পেলায়-তেতিয়া সি জন্মৰ সময়ৰ পৰাই দুখন ভৰি দেখা পায়-কিন্তু যেতিয়া বেয়া সময় আৰম্ভ হল-তেতিয়া সি কেৱল এটা ভৰিহে দেখিছিল।এয়াকে ভাৱি সি দুখী হৈছিল।


সৰু লৰাটোৱে কৈছিল যে-ভগৱান আপুনি আপোনাৰ প্ৰতিজ্ঞা পূৰ্ণ নকৰিলে।সেই সময়ত মোক অকলশৰীয়া কৰি দিলে-যেতিয়া মোক আপোনাৰ অধিক প্ৰয়োজন হৈছিল।সৰু লৰাটো মৰাৰ পাছত ভগৱানৰ ওচৰলৈ গৈ পায়-আৰু কয় যে-প্ৰভূ-আপুনিটো কৈছিল-আপুনি প্ৰতিটো সময়তে মোৰ লগত থাকিব বুলি।


কষ্টৰ সময়ত মই আপোনাৰ ভৰি দুখন কিয় দেখা নাপালো!


ভগৱানে-

হাঁহি এটি মাৰি কলে-

পুত্ৰ-তুমি যেতিয়া কঠিন পৰিস্থিতিৰ মাজেৰে অতিবাহিত কৰিছিলা-তেতিয়া মোৰ হৃদয় দ্ৰৱিত হৈ উঠিল আৰু মই তোমাক মোৰ কোলাত উঠাই ললো।সেইবাবে তুমি মোৰ ভৰি দুখনৰ চিহ্ন দেখা নাপালা।


কাহিনীৰ পৰা শিক্ষা-


এই কাহিনীৰ পৰা আমি এই শিক্ষা পাঁও যে-ভগৱান প্ৰতিটো ঠাইতে আমাৰ লগত থাকে।বহু বাৰ আমাৰ জীৱনলৈ বেয়া সময় আহে-কিন্তু কিছু সময়ৰ পাছত সকলো ঠিক হয় যায়।আমি এই চিন্তা কৰো যে-আমাৰ লগত বেয়া হব-কিন্তু যিমান ভাবো,সিমান বেয়া নহয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages