আন দিনাৰ দৰে আমি সকলোৱে সন্ধিয়াৰ সময়ত গুৰুৰ ওচৰত বহি বিভিন্ন কথা , বিভিন্ন দিশত আলোচনা কৰি আছিলোঁ । ( Religious Studies )
জন্ম-মৃত্যু আদিৰ ৰহস্যৰ কথা আলোচনা শেষ হোৱাৰ পিছত এজনে সুধিলে ।
গুৰুজী , আপুনি আমাক জন্ম আৰু মৃত্যুৰ যি জ্ঞান দিলে , তাৰ বাবে আমাৰ সকলোৰে জীৱন ধন্য হৈ গল । গুৰুজী , জন্ম আৰু মৃত্যুৰ পিছত আমি শুনিবলৈ পাওঁ যে দেৱতা সকল অমৰ হয় আৰু কিছুমান দানৱকো অমৰ হোৱা বুলি শুনিছোঁ । ইয়াৰ সত্যতা কি ??
তাৰ পিছত গুৰুজীয়ে আৰম্ভ কৰিলে ...
যদি তোমালোকে এই বিষয়ে জানিব বিচাৰিছা , তেন্তে অতি মনোযোগেৰে শুনিবা ....
হিন্দু শাস্ত্ৰত অমৃত খালে অমৰ হোৱা বুলি কয় । সাগৰ মন্থনত অমৃত ওলাইছিল আৰু সেই অমৃত দেৱতাসকলে খাইছিল । তাৰ মাজতে কিছুমান দানৱেও খাইছিল । সেইসকল অমৰ হৈছিল ।
এতিয়া সাগৰ মন্থন কি জানি লোৱা ....
প্ৰকৃততে ক্ষীৰসাগৰ কোনো ভৌতিক সাগৰ নহয় । এই সাগৰ আমাৰ মগজুৰ ভিতৰত চলি থকা বিচাৰ হে । আমাৰ মগজুত অলেখ অসংখ্য বিচাৰ চলি থাকে । যিদৰে সাগৰৰ ঢৌ অলেখ অসংখ্য হয় ।
এই বিচাৰবোৰক আকৌ দুই ভাগত ভাগ কৰা হৈছে । এটা ভাগ হল দেৱতা আৰু আনটো হল দানৱ ।
মন্ধৰ পৰ্বতক মন্থন কৰা হৈছিল । মন্ধৰ পৰ্বতক মন্থন কৰাৰ বাবে বাসুকী নামৰ সাপ এডালৰ ব্যৱহাৰ কৰা হৈছিল। বাসুকী সৰ্প মহাদেৱৰ গলত থাকে । ই আমাৰ চিন্তা বোৰক বুজায় ।
সমুদ্ৰ মন্থনত বাসুকীৰ দ্বাৰা মন্থন কৰা হৈছিল ৰচিৰ দৰে পকাই । দেৱতাৰ ফালে নেজডাল আছিল আৰু দানৱৰ ফালে আছিল মুখখন ।
ভাল চিন্তাৰ ফল সদায় ভাল আৰু বেয়া চিন্তাৰ ফল সদায় বিহ বা দুখ ।
ইয়াৰ অৰ্থ বুজি লোৱা ,
মন্ধৰ পৰ্বত শব্দৰ অৰ্থ হল
মন+ধৰ=মন্ধৰ
মন্ধৰ পৰ্বতক বাসুকী নামৰ সাপেৰে পকাই লৈছিল । বাসুকী সৰ্প হল আমাৰ চিন্তাবোৰ । যিবোৰ সদায় আমাৰ লগত পকাই পকাই থাকে ।
এবাৰ দেৱতাৰ দৰে চিন্তা আৰু এবাৰ দানৱৰ দৰে চিন্তা । যাক সাধাৰণ ভাষাত মন্থন কৰা বুলি কোৱা হয় ।
মন্ধৰ পৰ্বতৰ তলত আছিল কুৰ্ম বা কাছ আৰু ওপৰত আছিল ব্ৰহ্মা ।
ব্ৰহ্মা মানে হল জ্ঞান । মন্ধৰ পৰ্বত যাতে তললৈ বহি নগৈ সুস্থিৰ হৈ থাকে সেই বাবে তলত কুৰ্ম আছিল আৰু ওপৰত ব্ৰহ্মা আছিল ।
মনটো যাতে আমাৰ ইফালে সিফালে গুচি নাযায় চিন্তাবোৰ চলি থাকিলে , তাৰ বাবে আমাৰ মনটো কুৰ্মৰ দৰে কৰিব দিছে ।। কুৰ্ম বা কাছই নিজৰ মূৰটো সদায় ভিতৰত সোমাই ৰাখে । খাদ্য এটা সন্মুখত পৰাৰ লগে লগে খাই নিদিয়ে । প্ৰথমে খাদ্যটো অলপ খাই কিছুসময় ৰৈ দিয়ে ।।যদি বিশ্বাস হয় , তাৰ পিছত খায় । সেইবাবে কাছ বৰশীত নালাগে ।
মনটোক কাছৰ দৰে ধৰি ৰাখিব লাগিলে আমাৰ জ্ঞানৰ ব্যৱহাৰ কৰিব লাগে । মন্ধৰ পৰ্বতক সুস্থিৰ কৰি ৰাখিবলৈ ওপৰত ব্ৰহ্মা বহি থকা দেখুৱাইছে । অৰ্থাৎ আমি আমাৰ মনৰ ওপৰত থকা জ্ঞানৰ ব্যৱহাৰ কৰিব লাগিব ।
এনেকৈ জ্ঞানৰ ব্যৱহাৰ কৰি মনটোক সুস্থিৰ কৰি ৰাখিব লাগিব । আমাৰ চিন্তাবোৰে এবাৰ অসুৰৰ ফালে টানিব আৰু এবাৰ দেৱতাৰ ফালে টানিব ।
এনেকৈ টনা আজোৰা কৰি মনটোক সুস্থিৰ কৰি ধৰি ৰাখোঁতে এটা সময়ত আপুনি বহুত কষ্ট পাব । যাক কোৱা হয় 'হলাহল' । ( Religious Studies )
সেই কষ্টক আমি ভগৱানৰ দান বুলি ভগৱানক দিব লাগে । ভগৱানে আপোনাৰ সেই কষ্ট নিজে লব যদি আপুনি সঠিক পথত আছে । মহাদেৱে সেই হলাহল পান কৰাটোকে বুজাইছে ইয়াত ।
মহাদেৱে হলাহল পান কৰাৰ পিছত পেটলৈ যাব নাপালে । পাৰ্বতীয়ে আহি গলত ধৰিলে । অৰ্থাৎ আমি যিবোৰ দুখ পাওঁ , সেই দুখবোৰ গভীৰতালৈ লৈ যাব নালাগে । গভীৰতালৈ নিলে আমাৰ কষ্ট বেছি হয়।
এনেকৈ মনৰ মন্থন হৈ থাকোতে এটা সময়ত বিভিন্ন ৰত্ন, মণি, মুকুতা আদি ওলাইছিল । ইয়াৰ অৰ্থ হৈছে যে মনটোক আমি সুস্থিৰ কৰি ধৰি ৰাখোঁতে আমি বিভিন্ন ধৰণৰ লোভ পাম ।। যদি সেই লাভৰ বশৱৰ্তী হৈ আমি মণি মুকুটাৰ পিছত দৌৰো , তেন্তে আমি অমৃত হেৰুৱাম ।
অৱশেষত অমৃত ওলাই পৰিল । সেই অমৃত লৈ আহিছিল ধনন্তৰীয়ে । ধনন্তৰী হল সুস্বাস্থ্যৰ প্ৰতীক আৰু দেৱতাৰ বৈদ্য ।
ইয়াৰ অৰ্থ হল যিজনৰ সুস্বাস্থ্য আছে , তেওঁৰ ওচৰতে অমৃত আছে ।
অমৃত ওলোৱাৰ পিছত বিষ্ণুই মায়াৰ ৰূপ ধৰিলে । অৰ্থাৎ সেই অমৃত পোৱাৰ আগতে আমি বিভিন্ন মায়া মোহত পৰিব পাৰো । দানৱ বোৰে মায়াৰ পিছত পৰিল । অমৃত হেৰুৱালে । কেইজমান দানৱে দেৱতাৰ ৰূপ ধৰি দেৱতাৰ লগত বহিল অমৃত খাবলৈ । বিষ্ণুই দেখা পাই সুদৰ্শন চক্ৰ চলালে । ফলত ৰাহুৰ গল কটা গল ।
অৰ্থাৎ অমৃতৰ কোনো short cut নাই ।
ইয়াৰ পিছত গুৰুজীয়ে দীঘল হুমুনিয়াহ এটা কাৰি কলে যে এতিয়া তোমালোকে হয়তো বুজিব পাৰিছা সকলো কথা ।
সাগৰ মন্থনত ওলোৱা অমৃতে কোনো ধৰণৰ ভৌতিক অমৃতৰ কথা কোৱা নাই । নাইবা তেনে কোনো মন্থন হোৱা নাই । ইয়াত মানুহ এজন বিভিন্ন কাৰ্য্যত কিদৰে সফল হব পাৰি তাকেহে বুজাইছে ।
অমৃত শব্দৰ অৰ্থ হল
অম+ঋত = অমৃত
অম মানে হল সাধাৰণ আৰু ঋত মানে হল ৰীতি ।
অমৃত খালে অমৰ হয় । অৰ্থাৎ সাধাৰণ ৰীতি নীতিত যিকোনো বস্তু খালে অমৰ হয় ।
মাত্ৰ মনটোক সুস্থিৰ কৰি ধৰি ৰাখিব লাগিব । জিভা কাছৰ দৰে ব্যৱহাৰ কৰিব লাগিব আৰু মনৰ ওপৰত জ্ঞানৰ ব্যৱহাৰ কৰিব লাগিব ।
মনটো যদিও আমাৰ এবাৰ ভাল আৰু এবাৰ বেয়া চিন্তাৰে পকাই পকাই থাকে , তথাপিও জ্ঞানৰ ব্যৱহাৰেৰে মনটোক সুস্থিৰ কৰি ৰাখি ৰীতি নীতি মানি খাদ্য খালে মানুহ দীৰ্ঘজীৱী হয় ।
যিদৰে কাছ বা কুৰ্ম দীৰ্ঘজীৱী হয় ।
কুৰ্ম কমেও ডেৰশ বছৰ জীয়াই থাকে । এহেজাৰ বছৰ পুৰণি কুৰ্ম বা কাছও উদ্ধাৰ হৈছে । সেই বাবে ইয়াত কুৰ্ম বা কাছক দেখুৱাইছে । বিষ্ণু হল ৰক্ষকর্তা ।।বিষ্ণুৱে আপোনাক ৰক্ষা কৰিব , যদিহে আপুনি কুৰ্মৰ দৰে আচৰণ কৰে বা খাদ্য খায় । সন্মুখত খাদ্য এটা পৰাৰ লগে লগে যদি মাছৰ দৰে খায় , তেন্তে মাছৰ দৰে মৰি থাকিব বৰশীত লাগি ।
এই একেইখিনি কথাৰে মানুহৰ জীৱনত সফল কিদৰে হব পাৰি তাকো বুজাইছে ।
গতিকে সাগৰ মন্থনৰ ফটো এখন মন্দিৰত লগাই , ৰাতিপুৱা গধূলি ধূপ ধুনা জ্বলাই অমৰ হোৱাৰ কথা পাহৰি তাত কি বুজাইছে , সেইটো বুজি লওঁক ।
ইয়াৰ পিছত তেওঁ কৈছে যে অমৃত খালে অমৰ হয় আৰু স্বৰ্গ পায় বুলিও কয় ।
যদি তুমি ডেৰশ বছৰ জীয়াই থকা , তেন্তে অমৰ বুলি কব পাৰি ।
স্বৰ্গ মানে কোনো অলৌকিক ঠাই নহয় । স্বৰ্গ মানে হল
স্ব = নিজৰ
ৰগ:= ইচ্ছা বা ৰাগ বা স্থান ।
অৰ্থাৎ আপুনি সাধাৰণ নীতি নিয়মিত খাদ্য খাই নিজৰ ঠাইতে থাকি স্বৰ্গ সুখ পাব । যদি আপুনি নিৰোগী হৈ আছে , তেন্তে এই পৃথিৱীত স্বৰ্গ সুখ ভোগ কৰিব পাৰিব ।
ইয়াৰ পিছত এজন শিষ্যই গুৰুজীক সুধিলে ,
হে গুৰুজী আপুনি খাদ্য খোৱাৰ সেই ৰীতি নীতিবোৰ যদি আমাক বুজাই দিয়ে , আমাৰ লগতে সমাজৰ কল্যান হব ।
ইয়াৰ পিছত গুৰুজীয়ে কাইলৈৰ পৰা সেই ৰীতি নীতি আমাক বুজোঁৱাৰ কথা কৈ সামৰণি মাৰিলে ।।
ধন্যবাদ ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment