শিৱলিংগত এইসমূহ সামগ্ৰী অৰ্পিত কৰিলে ভোলানাথ প্ৰসন্ন হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 14, 2022

শিৱলিংগত এইসমূহ সামগ্ৰী অৰ্পিত কৰিলে ভোলানাথ প্ৰসন্ন হয় : Religious Studies

Religious Studies

 

সোমবাৰে ভগৱান শিৱক জল, গাখীৰ, ভাং, মৌ, কেশৰ, দৈ, চন্দন, আদি অৰ্পণ কৰা হয়।ভোলানাথৰ পূজাত অৰ্পণ কৰা এই-সামগ্ৰীসমূহৰ নিজৰ বেলেগ মহত্ব আছে। ( Religious Studies )


সোমবাৰৰ দিন-ভগৱান শিৱক অৰ্পণ কৰা হয়।কোৱা হয় যে-সোমবাৰে-ভগৱান শিৱৰ শুদ্ধ মনেৰে পূজা কৰিলে-সকলো কষ্টৰ পৰা মুক্তি পোৱা যায় আৰু সকলো মনৰকামনা পূৰ্ণ হয়।মহাদেৱে সদায়ে নিজৰ ভক্তৰ ওপৰত কৃপা বৰষে।মান্যতা অনুসাৰে ভগৱান শিৱক সুখী কৰিবলৈ-সোমাবাৰে পুৱু উঠি স্নান আদি কৰি-ভগৱান শিৱৰ আৰাধনা কৰিব লাগে।এনে মান্যতা আছে যে-এইদিনা-শুদ্ধ মনেৰে- ভোলানাথৰ পূজা কৰিলে সকলো মনৰকামনা পূৰ্ণ হয়।মান্যতা অনুসাৰে ব্যক্তিৰ যিয়ে কষ্ট নাথাকক কিয়-ভোলানাথৰ শৰণলৈ গলে-সকলো কষ্টৰ পৰা মুক্তি পোৱা যায়।


সোমবাৰৰ দিনা-ভগৱান শিৱক-জল,গাখীৰ,ভাংগ,মৌ,কেশৰ,দৈ,চন্দন আদি সামগ্ৰী অৰ্পিত কৰা হয়।ভোলানাথৰ পূজাত শিৱলিংগৰ অভিষেক আৰু শিৱলিংগত অৰ্পিত কৰা-এই সামগ্ৰীসমূহৰ বিশেষ মহত্ব আছে।


শিৱলিংগত এইসমূহ সামগ্ৰী অৰ্পিত কৰিলে ভোলানাথ প্ৰসন্ন হয়-


জল-

ভোলানাথ জলৰ দ্ধাৰা বহুত প্ৰসন্ন হয়।সোমবাৰৰ দিনা-শিৱ মন্দিৰলৈ গৈ-মন্ত্ৰৰ উচ্চাৰণ কৰি-শিৱলিংগত জল অৰ্পণ কৰিব লাগে।ইয়াৰ দ্বাৰা মনুষ্যৰ স্বভাৱ শান্ত হয়।


বেলপাত-

ভাৰতীয় শাস্ত্ৰত-বেলপাতক ভগৱান শংকৰৰ তৃতীয় নয়ন কোৱা হৈছে।বেলপাত মহাদেৱৰ বহুত প্ৰিয়।ভগৱান শিৱৰ পূজাত বেলপাতৰ প্ৰয়োগ কৰিলে-ভক্তৰ মনোকামনা পূৰ্ণ হয়।কোৱা হয় যে-মহাদেৱৰ প্ৰিয় বেলপাতে গম্ভীৰৰ ৰোগৰ পৰা মুক্তি দিব পাৰে।


ভাং-

মান্যতা অনুসাৰে-ভোলানাথক ভাং অৰ্পণ কৰিলে বেয়াবোৰ আৰু অভাৱ অনাতন দূৰ হয়।মহাদেৱৰ ভাং সকলোতকৈ প্ৰিয়।শিৱলিংগত ভাংৰ লেপ দিব পাৰে।ইয়াৰদ্ধাৰা জীৱনৰ পৰা নিগেটিবি দূৰ হয়। ( Religious Studies )



চেনি-

মান্যতা অনুসাৰে-মহাদেৱক চেনিৰে অভিষেক কৰিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি হয়।এনে কৰিলে মনুষ্যৰ জীৱনৰ পৰা দৰিদ্ৰতা দূৰ হয়।


গাখীৰ-

কোৱা হয় যে-মহাদেৱক গাখীৰ অৰ্পণ কৰিলে শৰীৰ সদায়ে ভালে থাকে।লগতে লোকসকল ৰোগৰ পৰা দূৰত থাকে।মহাদেৱক শীঘ্ৰে প্ৰসন্ন কৰিবলৈ সোমবাৰৰ দিনা-মহাদেৱক গৰুৰ কেচাঁ গাখীৰ অৰ্পণ কৰিব লাগে।গৰুৰ গাখীৰ শিৱলিংগত  অৰ্পণ কৰিলে-মহাদেৱে ভক্তৰ সকলো মনৰকামনা পূৰ্ণ কৰে।


মৌ-

মহাদেৱক মৌ অৰ্পণ কৰিলে-বাণীত মিঠা আহে।মান্যতা অনুসাৰে মহাদেৱক মৌ অৰ্পণ কৰিলে-ৰোগৰ পৰা মুক্তি পোৱা যায়।


দৈ-

ভোলানাথক দৈ অৰ্পণ কৰিলে-স্বভাৱ গম্ভীৰ হয় আৰু জীৱনত থকা সমস্যাবোৰ দূৰ হয়।


কেশৰ-

মহাদেৱৰ কেশৰো বহুত প্ৰিয়।কোৱা হয় যে-সোমবাৰৰ দিনা শিৱলিংগত কেশৰ মিহলিত গাখীৰ অৰ্পণ কৰিলে-আপোনাৰ সকলো মনৰকামানা পূৰ্ণ হব।আৰু বিবাহ সম্বন্ধিত সমস্যাও দূৰ হব।শিৱলিংগত কেশৰ অৰ্পিত কৰিলে- সৌম্যতা প্ৰাপ্ত হয়।


ঘীউ-

ভগৱান শংকৰক ঘীউ অৰ্পণ কৰিলে-শক্তি বৃদ্ধি হয়।সোমবাৰৰ দিনা- নিজৰ দুৰ্বলতা দূৰ কৰিবলৈ আৰু শক্তি বৃদ্ধি কৰিবলৈ-ঘীউ অৰ্পণ কৰিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages