বাস্তু শাস্ত্ৰ অনুসাৰে- কোন দিশে অখণ্ড জ্যোতি জ্বলালে ঘৰলৈ আহে সুখ-সমৃদ্ধি! ( Religious Studies )
২০২২বৰ্ষৰ শাৰদীয় নৱৰাত্ৰি ২৬ ছেপ্তেম্বৰৰ পৰা ৫ অক্টোবৰলৈ। শাৰদীয় নৱৰাত্ৰিত মা দূৰ্গাৰ ৯টা ৰূপৰ পূজা-অৰ্চনাৰ বিধান আছে।বাস্তু শাস্ত্ৰ অনুসাৰে নৱৰাত্ৰিত অখণ্ড জ্যোতিক যিকোনো ঠাইতে স্থাপিত কৰিব নালাগে।ইয়াৰ বাবে এক বিশেষ দিশ আছে।
২০২২বৰ্ষৰ শাৰদীয় নৱৰাত্ৰি-২৬ছেপ্তেম্বৰৰ পৰা আৰম্ভ হব।আৰু শেষ ৫অক্টুবৰত হব।নৱৰাত্ৰিৰ ৯টা দিনত-মা দূৰ্গাৰ ৯টা স্বৰূপক উপাসনা কৰা হয়।এওঁৰ পূজাৰ দ্ধাৰা জীৱনত চলি থকা সমস্যাবোৰ দূৰ হয়।নৱৰাত্ৰিত অখণ্ড জ্যোতি প্ৰজলিত কৰাৰ নিয়ম আছে।এনে কোৱা হয় যে-এই দিব্য জ্যোতি প্ৰজলিত হৈ থাকিলে-মাতা ৰাণী প্ৰসন্ন হয়।
বাস্তু শাস্ত্ৰ অনুসাৰে-অখণ্ড জ্যোতিৰ বাবে উচিত দিশ আৰু জ্ঞানৰ থকাটো প্ৰয়োজন।ইয়াৰ অভাৱৰ দ্ধাৰা পূজাৰ পৰ্যাপ্ত ফল পোৱা নাযায়।
বাস্তু শাস্ত্ৰ অনুসাৰে-অখণ্ড জ্যোতিৰ স্হাপনা সদায়ে আগ্নেয় কোণ অৰ্থাৎ দক্ষিণ-পূৱ দিশত কৰাটো শুভ মনা হয়।এই দিশে অখণ্ড জ্যোতি জ্বলালে বাস্তু দোষ দূৰ হয়।ঘৰলৈ সুখ-শান্তি আহে আৰু শক্ৰ পৰাস্ত হয়।ইয়াৰ বাহিৰেও নৱৰাত্ৰিৰ পূজাৰ সামগ্ৰী এই দিশতে ৰাখিব লাগে।
অখণ্ড জ্যোতি প্ৰজলিত কৰাৰ নিয়ম-
যি ঘৰত অখণ্ড জ্যোতি প্ৰজলিত কৰা হয়-তাত ব্ৰহ্মাচাৰ্য পালন কৰিব লাগে।এনেতে ভুলটো মাছ-মাংস,মাদক দ্ৰৱ্য,সেৱন কৰিব নালাগে।সাত্বিক আহাৰ সেৱন কৰিব লাগে।
কোন ঠাইত ৰাখিব লাগে-দীপ!
অখণ্ড জ্যোতি সদায়ে দেৱীৰ মূৰ্তিৰ সোঁ-ফালে ৰাখিব লাগে।ইচ্ছা অনুসাৰে-তেলৰ বা ঘীউৰ দীপক জ্বলাব পাৰে।অখণ্ড জ্যোতিৰ প্ৰজলিত কৰোঁতে-
"দীপম ঘৃত দক্ষে,তেল য়ুত:চ বামত:" মন্ত্ৰৰ জাপ কৰিব লাগে। ( Religious Studies )
দীপ নুমাই যোৱাটো অশুভ-
অখণ্ড জ্যোতি কেতিয়াও নুমাব নালাগে।এয়া অশুভ মনা হয়।অখণ্ড জ্যোতিক নুমুৱাৰ পৰা ৰক্ষা কৰিবলৈ জালী থকা বৰ্তনৰো ব্যৱহাৰ কৰে।যাতে সেৱা বতাহ লাগি নুমাই নাযায়।
দেৱী স্থান খালী কৰি নাৰাখিব-
দেৱীৰ কাষত প্ৰজলিত অখণ্ড জ্যোতিক অকলে এৰিব নালাগে।ইয়াৰ কাষত সদায়ে ঘৰৰ কোনো সদস্য থাকিব লাগে।আৰু চফা-চিকুণতাটো বিশেষ মন দিব লাগে।
জয় মা দুৰ্গা…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment