বিশ্বকৰ্মা পূজা সদাই এনেদৰে কৰিব লাগে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 17, 2022

বিশ্বকৰ্মা পূজা সদাই এনেদৰে কৰিব লাগে : Religious Studies

Religious Studies

 

ভগৱান বিশ্বকৰ্মাক স্ৰজন দেৱতা বুলি মনা হয়। তেওঁ দেৱী দেৱতাৰ বাবে, কেৱল ভৱনে নিৰ্মাণ কৰা নহয়, তেওঁলোকৰ বাবে অস্ত্র শস্ত্ৰও স্ৰজন কৰিছিল। ( Religious Studies ) 


মনা হয়, যিমান ধৰণৰ সঁজুলি আছে, সকলোতে বাবা বিশ্বকৰ্মাৰ প্ৰভাৱ থাকে। গতিকে বিশ্বকৰ্মা পূজা দিনা সকলো সঁজুলি উপকৰণক পূজা কৰা উচিত। মান্যতা অনুসৰি বিশ্বকৰ্মা পূজা দিনা


ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল। 

সেইদিনা ভগৱান বিশ্বকৰ্মাৰ লগতে, কাৰখানা, ফেক্টৰী, আদিৰ সা-সঁজুলিবোৰ পূজা কৰা হয়। এইদিনা ভগৱান বিশ্বকৰ্মাৰ পূজা অৰ্চনা কৰিলে, ব্যৱসায়ত বৃদ্ধি হয়। লগতে সুখ শান্তিও বিৰাজ কৰে। যদি আপুনি এইদিনা বিশ্বকৰ্মা পূজা কৰিছে, তেন্তে কেইটামান কথা মন দিয়া উচিত। যাতে, এইদিনা আপোনাৰ দ্বাৰা কোনো ভুল নহয়।  ( Religious Studies ) 


বিশ্বকৰ্মা পূজা দিনা সা-সঁজুলি তথা, মেচিনৰ পূজা কৰা হয়। গতিকে এইদিনা এই সামগ্রী বোৰৰ অপমান কৰাটো অনুচিত। অন্যথা ভগৱান বিশ্বকৰ্মাৰ ক্ৰোধৰ সন্মুখীন হবলগীয়া হব পাৰে।বিশ্বকৰ্মাৰ পূজা দিনা, সা-সঁজুলি বোৰ ভালদৰে চাফ চিকুন কৰা উচিত। যদি আপুনি কোনো ব্যৱহাৰ নকৰা পুৰণি সা-সঁজুলি আছে, তেন্তে সেইবোৰ বাহিৰলৈ ওলিয়াই নিদিব। মন কৰিবলগীয়া এয়া যে, বিশ্বকৰ্মাৰ পূজা দিনা, সা-সঁজুলি তথা মেচিনক বিশ্ৰাম দিয়াটো উচিত। এইদিনা নিজেও সা-সঁজুলিবোৰ ব্যৱহাৰ নকৰিব। বা আনকো ব্যৱহাৰ কৰিবলৈ নিদিব। 


বিশ্বকৰ্মাৰ পূজা দিনা, মাছ মাংস তথা মদিৰা সেৱন কৰাটো অনুচিত। ব্যৱসায়ত উন্নতি বৃদ্ধিৰ বাবে, ব্ৰাহ্মণক, নৰধনক দান কৰাটো উচিত। বিশ্বকৰ্মাৰ পূজা দিনা যদি, কোনোৱে আপোনাৰ পৰা সা-সঁজুলি বিচাৰে, তেন্তে সেয়া কেতিয়াও নিদিব। তেওঁক সাদৰেৰে নাকচ কৰিব। এনে কৰিলে আপোনাৰ ঘৰলৈ অহা বিশ্বকৰ্মাক সন্মান দিয়া হয়। বিশ্বকৰ্মাৰ পূজা কৰাৰ সময়ত সকলো সা-সঁজুলিত তিলক অৱশ্যে কৰা উচিত। এনে কৰিলে বাবা বিশ্বকৰ্মা অত্যন্ত সন্তষ্ট হয়। 


বিশ্বকৰ্মা পূজা দিনা, বাবা বিশ্বকৰ্মা ফটো বা মূৰ্তি আগত ফল, মিঠাই, নৈবেদ্য, চন্দন, ধূপ, ধূনাৰে পূজা অৰ্চনা কৰিব। সা-সঁজুলিবোৰৰ পূজা কৰিব। ইয়াৰ পাছত প্ৰসাদ বিতৰণ অৱশ্যে কৰিব। যি লোকে পূৰ্ণ বিধি বিধানেৰে বাবা বিশ্বকৰ্মাৰ পূজা অৰ্চনা কৰে, তেনে লোকৰ ব্যৱসায়ত বহু লাভ হয়।। ( Religious Studies ) 

No comments:

Post a Comment

Advertisement

Pages