এই ব্ৰত কৰিলে মনুষ্যৰ সকলো কষ্ট দূৰ হয় আৰু মনুষ্যৰ সমস্ত সুখ-সুবিধা প্ৰাপ্ত হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 3, 2022

এই ব্ৰত কৰিলে মনুষ্যৰ সকলো কষ্ট দূৰ হয় আৰু মনুষ্যৰ সমস্ত সুখ-সুবিধা প্ৰাপ্ত হয় : Religious Studies

Religious Studies


শ্ৰী গণেশৰ চতুৰ্থী ব্ৰতৰ পৌৰাণিক কথা অনুসাৰে-এবাৰ ভগৱান শিৱ আৰু মাতা পাৰ্ৱতী নৰ্মদা নদীৰ পাৰত বহি আছিল। ( Religious Studies )


তাত-মাতা পাৰ্ৱতীয়ে মহাদেৱৰ লগত সময় পাৰ হবলৈ পাশা খেলিবলৈ অনুৰোধ কৰিলে।মহাদেৱে কড়ি খেলিবলৈ মান্তি হল।কিন্তু এই খেলত জয়ী-পৰাজয়ীৰ উত্তৰ কোনে দিব?এই প্ৰশ্ন তেওঁলোকৰ সন্মুখলৈ আহিলত-ভগৱান শিৱই কিছু বালি গুটাই-তাৰে এটা পুতলা বনাই,পুতলাটোত প্ৰাণ-প্ৰতিষ্ঠা কৰিলে আৰু কলে যে-পুত্ৰ আমি পাশা খেলিবলৈ লৈছো-কিন্তু আমাৰ হৰা-জীকাৰ উত্তৰ দিবলৈ কোনো নাই-সেইবাবে তুমি কবা আমাৰ দুয়োৰে মাজত কোন জয়ী হল আৰু কোন পৰাজয়!


তাৰপাছত মহাদেৱ আৰু দেৱী পাৰ্ৱতী পাশা খেলিবলৈ আৰম্ভ কৰিলে।এই খেল ৩বাৰ খেলা হল।আৰু সংযোগ দ্বাৰা তিনিও বাৰ মাতা পাৰ্ৱতীয়ে জয়ী হল।খেল সমাপ্ত হোৱাৰ পাছত বালকক খেলৰ জয়ী-পৰাজয়ীৰ উত্তৰ দিবলৈ কোৱা হল।তেতিয়া সেই বালকে মহাদেৱ বিজয়ী ঘোষণা কৰিলে।


বালকৰ এই কথা শুনি মাতা পাৰ্ৱতী ক্ৰোধিত হল আৰু ক্ৰোধত মাতা পাৰ্ৱতীয়ে বালকক-লেঙুৰা হবলৈ আৰু বোকাত ভৰি থবলৈ শাপ দিলে।বালকে মাতা পাৰ্ৱতীৰ ওচৰত ক্ষমা বিচাৰিলে আৰু এয়া মোৰ দ্বাৰা অজ্ঞানবশত এনে হল।মই কোনো ভাবত এনে কৰা নাই।


বালকে ক্ষমা বিচৰাত-দেৱী পাৰ্ৱতীয়ে কলে-ইয়ালৈ গণেশ পূজনৰ বাবে নাগকন্যা আহিব। নাগকন্যাই কোৱা অনুসৰি তুমি গণেশ ব্ৰত কৰিবা।এনে কৰিলে তুমি মোক প্ৰাপ্ত কৰিবা।বালকক এনে কয়ে-দেৱী পাৰ্ৱতী মহাদেৱৰ লগত কৈলাশলৈ গলগৈ। ( Religious Studies )


১বছৰৰ পাছত সেই ঠাইলৈ নাগকন্যা আহিল।তেতিয়া নাগকন্যাৰ পৰা গণেশৰ ব্ৰত বিধি বিষয়ে জনাত-সেই বালকে ২১দিন নিয়মিত ৰূপে গণেশৰ ব্ৰত পালন কৰিলে।বালকৰ শ্ৰদ্বাৰ দ্বাৰা ভগৱান গণেশ প্ৰসন্ন হল।গণপতিয়ে বালকক মনোবাঞ্ছিত ফল বিচাৰিবলৈ কলে।তেতিয়া সেই বালকে কলে-হে বিনায়ক-মোক ইমান শক্তি দিয়ক যে-মই নিজৰ ভৰি দুখনৰে খোজ কাঢ়ি মোৰ পিতৃ-মাতৃ কাষলৈ কৈলাশ পৰ্ৱতলৈ যাব পাৰোঁ।আৰু এয়া দেখা পায় যাতে প্ৰসন্ন হয়।


তেতিয়া বালকক এই বৰদান দি গণপতি অন্তধ্যান হল।ইয়াৰ পাছত সেই বালক কৈলাশ পৰ্ৱত পালেগৈ।আৰু কৈলাশ পৰ্ৱত পোৱাৰ কথা মহাদেৱক শুনালে।পাশা খেলাৰ দিনৰে পৰা মাতা পাৰ্ৱতী মহাদেৱৰ লগত বিমুখ হৈছিল।অন্তত দেৱী পাৰ্ৱতী ৰুষ্ট হোৱাত-মহাদেৱেও বালকে কোৱা অনুসাৰে ২১দিনলৈ শ্ৰী গণেশৰ ব্ৰত কৰিলে।এই ব্ৰতৰ প্ৰভাৱৰ দ্বাৰা দেৱী পাৰ্ৱতীৰ মনত ভগৱান শিৱৰ প্ৰতি যি বেয়াপোৱা আছিল,সেয়া শেষ হল।


তেতিয়া এই ব্ৰত-বিধি ভগৱান শংকৰে দেৱী পাৰ্ৱতীক কলে।এই কথা শুনি তেতিয়া দেৱী পাৰ্ৱতীৰ মনত নিজৰ পুত্ৰ কাৰ্তিকক লগ পোৱাৰ ইচ্ছা জাগ্ৰত হল।তেতিয়া মাতা পাৰ্ৱতীয়েও ২১দিনলৈ শ্ৰী গণেশৰ ব্ৰত কৰিলে তথা দুৱৰি,ফুল,লাড্ডুৰ দ্বাৰা গণপতিৰ পূজা অৰ্চনা কৰিলে।ব্ৰতৰ ২১দিনৰ দিনা-স্বয়ং কাৰ্তিকে মাতা পাৰ্ৱতীৰ ওচৰলৈ আহিল।সেইদিনাৰ পৰা গণেশ চতুৰ্থীৰ এই ব্ৰত সমস্ত মনৰকামনাক পূৰ্ণ কৰাৰ ব্ৰত বুলি মনা হয়।এই ব্ৰতক কৰিলে মনুষ্যৰ সকলো কষ্ট দূৰ হয় আৰু মনুষ্যৰ সমস্ত সুখ-সুবিধা প্ৰাপ্ত হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages