ধৰ্মীয় আৰু বৈজ্ঞানিক দুয়োটা কাৰণতে তুলসী উদ্ভিদক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বহু লোকে তুলসী ঘৰত ৰোপন কৰে। ( Religious Studies )
কিন্তু কেতিয়াবা তুলসী গছজোপা ভালদৰে বৃদ্ধি নহয় আৰু তুলসী গছজোপা শুকাবলৈ আৰম্ভ কৰে। যদি ঘৰত তুলসী গছ ৰোপন কৰে তেন্তে এইসমূহ পৰামৰ্শই তুলসী গছজোপাক সদায়ে সজীৱ কৰি ৰাখিব।
*তুলসী গছজোপা শুকায় যোৱাৰ মূল কাৰণ হল, কমকৈ পানী পোৱা, কম সূৰ্য্যৰ পোহৰ, আৰু কম বায়ু। কিন্তু যদি তুলসী গছজোপা শুকায় যায়, তেন্তে ইয়াত নিম পাতৰ গুড়ি যোগ দিয়ক।
তুলসী গছজোপা সজীৱ কৰি ৰখাৰ এইটো এটা সঠিক উপায়। ইয়াৰ বাবে নিমৰ পাত শুকুৱাই লব আৰু তুলসী গছত মাত্র ২চামুচ পাউডাৰ যোগ দিয়ক। তাৰ কেইদিনমানৰ পাছত দেখা পাব যে, তুলসী গছজোপা পুনৰ সজীৱ হৈ উঠিব ধৰিছে আৰু আৰু নতুন পাত আহিবলৈ আৰম্ভ কৰিছে।
*তুলসী গছজোপা বেছি আদ্রতা বৈ থকা ভাল নহয়। তুলসী গছজোপাৰ তলত অত্যাধিক পানী জমা হোৱাৰ ফলত ইয়াৰ পাত সৰি শুকাবলৈ আৰম্ভ হয়। এই সমস্যা দূৰ কৰিবলৈ তুলসী গছজোপা মাটিৰ ১৫বা ২০ চেণ্টিমিটাৰ গভীৰত খনন কৰি ৰোপন কৰক। যেতিয়া শিপাবোৰত আদ্রতা দেখা যায়, তেন্তে ইয়াক শুকান মাটি আৰু বালি ভৰাই দিয়ক। ই উদ্ভিদৰ শিপাবোৰক বায়ু প্ৰদান কৰিব আৰু গছজোপাক সজীৱ কৰি ৰাখিব।
*আদ্রতাৰ ফলত তুলসী গছজোপাত ভেকুঁৰৰ সংক্ৰমণ হব পাৰে। এই উদ্দেশ্যৰ বাবে নীম বীজৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে। এই গুড়ি মাটিত মিহলি কৰক। ই ভেকুঁৰৰ সংক্ৰমণৰ সমস্যা দূৰ কৰিব। যদি গুড়ি নাথাকে, নিমৰ পাতবোৰ পানীত উতলাই লব। সেই পানী ঠাণ্ডা কৰি বটল এটাত ভৰাই লওক। তাৰপিছত প্ৰত্যেক ১৫দিনৰ মূৰত তুলসী গছজোপাৰ মাটি খনন কৰক আৰু ইয়াত ২চামুচ নিম পাতৰ পানী যোদ দিয়ক। ই ভেকুঁৰৰ সংক্ৰমণ আঁতৰ কৰিব।
*তুলসী গছজোপাক ধোঁৱা আৰু তেলৰ পৰা আঁতৰাই ৰাখিব। আৰু প্ৰতিদিনে তুলসী পাত চিঙিব নালাগে। পূজা পাৰ্বন কৰোঁতে যদি তুলসী গছৰ ওচৰত চাকি আৰু ধূপ জ্বলাই, তেন্তে ইয়াৰ ফলত তুলসী গছজোপা নষ্ট হৈ পৰিব পাৰে। ইয়াক তুলসী গছজোপাৰ পৰা দূৰত্বত ৰাখিব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment