শ্ৰদ্ধাপূৰ্ৱক ভগৱান গণেশৰ পূজা আৰু ব্ৰত কৰিলে ভক্তৰ সকলো সংকট দূৰ হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 14, 2022

শ্ৰদ্ধাপূৰ্ৱক ভগৱান গণেশৰ পূজা আৰু ব্ৰত কৰিলে ভক্তৰ সকলো সংকট দূৰ হয় : Religious Studies

Religious Studies


হিন্দু ধৰ্মত বুধবাৰৰ দিনটো-ভগৱান শ্ৰী গণেশক সমৰ্পিত।ভগৱান শ্ৰী গণেশক বিঘ্নিহৰ্তা কোৱা হয়।ভগৱনা শ্ৰী গণেশ স্বয়ং ৰিদ্ধি-সিদ্ধিৰ দাতা আৰু শুভ লাভৰ প্ৰদাতা হয়। ( Religious Studies )


মান্যতা অনুসাৰে শ্ৰদ্ধাপূৰ্ৱক ভগৱান গণেশৰ পূজা আৰু ব্ৰত কৰিলে-ভক্তৰ সকলো সংকট দূৰ হয় আৰু সকলো মনোকামনা পূৰ্ণ হয়।কোৱা হয় কোনো লোক-কোনো ৰোগ,দৰিদ্ৰতা বা সংকটৰ সৈতে যুঁজি আছে-তেন্তে-শুদ্ধ অন্তৰৰে ভগৱান শ্ৰী গণেশৰ পূজা-অৰ্চনা কৰিলে-এই সকলো সমস্যাৰ পৰা মুক্তি পোৱা যায়।বুধবাৰৰ দিনা-পূজা-পাঠ,আৰু ব্ৰত আদিৰ বাহিৰেও অন্য কিছু উপায়ৰ সহায়েৰে বিঘ্নিহৰ্তা শ্ৰী গণেশক প্ৰসন্ন কৰিব পৰা যায় আৰু তেওঁৰ কৃপা প্ৰাপ্ত হয়।কোৱা হয় যে-ভগৱান গণেশৰ কৃপাত জীৱনৰ সমস্ত দুখ দূৰ হয়।


#ভগৱান গণেশৰ লগত জড়িত-বহু পৌৰাণিক কথা আছে।যি দৰে ভগৱান শিৱ আৰু ভগৱান বিষ্ণুৱে অৱতাৰ লৈছিল-সেইদৰে ভগৱান গণেশেও বহু অৱতাৰ লৈছিল।সকলো কথাক গণেশৰ লগত জড়িত কৰিলে ভ্ৰমৰ স্থিতিৰ উৎপন্ন হয়।গণপতি আদিদেৱ হয়। গণপতিয়ে প্ৰতিটো যুগতে-বেলেগ বেলেগ অৱতাৰ লৈছিল।


ভগৱান গণেশৰ-১২টা প্ৰমূখ নাম-সুমুখ,একদন্ত,কপিল,

গজকৰ্ণক,লম্বোদৰ,বিকট, বিঘ্নিনাশক,বিনায়ক,ধুম্ৰকেতু, গণাধক্ষ্য,ভালচন্দ্ৰ আৰু গজানন। গণপতিৰ প্ৰত্যেক নামৰ পাছতে-একো একোটা কথা আছে।


বুধবাৰৰ দিনা জীৱনৰ সমস্ত দুখ-সমস্যা,বাধাৰ পৰা মুক্তি পাবলৈ-ভগৱান গণেশক সেন্দূৰ অৰ্পণ কৰিব লাগে।এনে কৰিলে সকলো বাধাৰ পৰা মুক্তি পোৱা যায়।


মান্যতা অনুসাৰে-ভগৱান গণেশৰ মন্দিৰলৈ গৈ-শ্ৰী গণেশৰ পূজা-অৰ্চনা কৰিলে-জীৱনত সমৃদ্ধিৰ প্ৰাপ্তি হয়।


বুধবাৰৰ দিনা ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰিলে-জীৱনত লাভ প্ৰাপ্ত হয়।


বুধবাৰৰ দিনা-গণেশ মন্দিৰলৈ গৈ-ভগৱান শ্ৰী গণেশক গুড়ৰ ভোগ দিব লাগে।এনে কৰিলে-ভগৱান শ্ৰী গণেশে সকলো ইচ্ছা পূৰ্ণ কৰে। ( Religious Studies )


জীৱনৰ সফলতা আৰু ব্যৱসায়ত অহা বাধাৰ পৰা মুক্তি পাবলৈ-গণেশ ৰুদ্ৰাক্ষ ধাৰণ কৰিলে লাভ হয়।


জীৱনৰ বিভিন্ন ক্ষেত্ৰতে সফলতা অৰ্জন কৰিবলে-বুধবাৰৰ দিনা গৰুক ঘাঁহ খুৱাব লাগে।


বুধবাৰৰ দিনা-গণেশ মন্দিৰত দুবৰি এঘাৰ ডাল অৰ্পণ কৰিলে ভগৱান শ্ৰী গণেশ প্ৰসন্ন হয়।আৰু বুধ গ্ৰহৰ দোষ সমাপ্ত হয়।


কি দৰে পাতালৰ ৰজা হল গণপতি-


এবাৰ গণপতি মুনি পুত্ৰ সকলৰ লগত পৰাশৰ ঋষিৰ আশ্ৰমত খেলি আছিল।সেই সময়তে সেই স্থানলৈ নাগ কন্যা আহিল।নাগ কন্যাই-গণেশক আগ্ৰহ পূৰ্ৱক নিজৰ নাগ লোকলৈ লৈ যাবলৈ ধৰিলে।গণপতিয়েও-নাগ কন্যাৰ আগ্ৰহক বাধা দিব নোঁৱাৰিলে আৰু তেওঁলোকৰ লগত গুচি গল।


নাগ লোকত উপস্থিত হোৱাৰ পাছত-নাগ কন্যাসকলে গণপতিক চাৰিওফালৰ পৰা সৎকাৰ কৰিলে।তেতিয়া নাগৰাজ বাসুকীয়ে গণপতিক  দেখা পালে আৰু উপহাসৰ ভাৱত গণপতিৰ লগত কথা পাতিল।গণপতিৰ ৰূপৰ বৰ্ণনা কৰিলে।তেতিয়া গণপতিৰ খং উঠিল।গণপতিয়ে বাসুকীৰ ফেনাত ভৰি ৰাখি-বাসুকীৰ মুকুটক স্বয়ং পিন্ধি ললে।


বাসুকীৰ দুৰ্দশাৰ খবৰ পায়-বাসুকীৰ ভাতৃ শ্ৰেচনাগ আহিলে।শ্ৰেচ নাগে-গৰ্জন কৰিলে যে-কোনে মোৰ ভাতৃক এই দশা কৰিলে।যেতিয়া গণপতি সন্মুখলৈ আহিলত-শ্ৰেচ নাগে তেওঁক চিনি পায় তেওঁক অভিবাদন কৰিলে আৰু গণপতিক নাগলোক তথা পাতালৰ ৰজা ঘোষিত কৰিলে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages