ব্ৰহ্মৱৈৱৰ্ত পুৰাণৰ মতে পাঁচ গৰাকী দেৱীৰ ওপৰত প্ৰকৃতিৰ সকলো কামৰ দায়িত্ব আছে । ( Religious Studies )
এই পাঁচ গৰাকী দেৱী হৈছে- মা দূৰ্গা, লক্ষ্মী দেৱী , দেৱী সৰস্বতী, গায়ত্ৰী দেৱী আৰু ৰাধা ।
এবাৰ মহৰ্ষি নাৰদে নাৰায়ণ ভগৱানক সুধিছিল--এই পাঁচ গৰাকী দেৱীৰ কেনেকৈ সৃষ্টি হল । ভগৱান নাৰায়ণে ক'লে-- সৃষ্টিৰ আৰম্ভণিত পৰমব্ৰহ্ম পৰমেশ্বৰে দুই ৰূপ ধাৰণ কৰিলে-- পুৰুষ আৰু প্ৰকৃতি। প্ৰকৃতি আন কোনো নহয় মাত্ৰ তেওঁৰ মায়া । এই প্ৰকৃতিয়েই আদিশক্তি। পৰমেশ্বৰৰ ইচ্ছা অনুযায়ী প্ৰকৃতিয়ে পাঁচ ৰূপ ধাৰণ কৰি সৃষ্টিৰ বিভিন্ন কাম কাজ বিলাক কৰিলে।
পঞ্চম গৰাকী দেৱী পুৰুষৰ মাজত থকা শক্তি। তেৱেঁই ৰাধা । পাঁচ গৰাকী দেৱীৰ মাজত ৰাধা সবাটোতকৈ সুন্দৰী । সকলোকে সুখ প্ৰদান কৰোতা , সকলো ইচ্ছা আৰু অহংকাৰৰ উদ্ধত ।
তেওঁৰ আকাৰ নাই অৰ্থাৎ সদায় নিৰকাৰ । কেৱল প্ৰকৃত ভক্ত ই হে দেখা পায় । ভক্তৰ কল্যানৰ বাবেই বৃষভাণুৰ কন্যা হিচাপে অৱতাৰ হৈছিল ।
পদ্ম পুৰাণৰ মতে এবাৰ বৃষভাণুৱে যজ্ঞৰ কাৰণে ভূমি ঠিক কৰি থাকোতে ভূদেৱীৰ গৰ্ভত ৰাধাক পাইছিলে । সেই দিনটো আছিল ভাদ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি । সেয়ে এই তিথিক ৰাধা অষ্টমী বুলি কয় । শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পোন্ধৰ দিনৰ পাছত ৰাধা অষ্টমী হয় । ( Religious Studies )
পঞ্জিকাৰ মতে, এইবাৰ ভাদ মাহৰ শুক্ল পক্ষৰ অষ্টমী তিথি ৩ ছেপ্টেম্বৰ, ২০২২ তাৰিখে দুপৰীয়া ১২:২৫ বজাত আৰম্ভ হ'ব আৰু ৪ ছেপ্টেম্বৰ, ২০২২, দেওবাৰে পুৱা ১০:৪০ বজাত সমাপ্ত হ'ব। এনে পৰিস্থিতিত, উদয় তিথিৰ মতে, ৰাধা অষ্টমী ৪ ছেপ্টেম্বৰত উদযাপন কৰা হ'ব।
পৌৰাণিক শাস্ত্ৰৰ মতে ৰাধাৰ পূজাৰ বিনা ভগৱান শ্ৰীকৃষ্ণৰ পূজা সম্পূৰ্ণ নহয়। ৰাধা অষ্টমীৰ ব্ৰতক শ্ৰেষ্ঠ ব্ৰত বুলি ধৰা হয়। কিয়নো দেৱী ৰাধা হৈছে সৰ্বতীৰ্থময়ী আৰু ঐশ্বয্যময়ী । এই তিথিত ব্ৰত ৰাখিলে দেৱী ৰাধাই সকলো মনো কামনা পুৰা কৰে আৰু সকলো সুখ প্ৰদান কৰে ।
ৰাধা অষ্টমীৰ দিনাৰ পৰা ষোল্ল দিন অৰ্থাৎ শুক্লপক্ষৰ অষ্টমীৰ পৰা কৃষ্ণপক্ষৰ অষ্টমীলৈকে এই ষোল্ল দিন সাধনা মাৰ্গৰ লোকৰ বাবে অতি মহত্বপূৰ্ণ দিন। এই ষোল্ল দিন মহালক্ষ্মী সাধনাৰ দিন । আত্ম আধ্যাত্মিক শক্তি বিকাশৰ বাবে এই ষোল্ল দিনৰ গুৰুত্ব প্ৰাচীন কালত অতি বেছি আছিল। মধ্য যুগৰ পৰা সৰ্বসাধাৰণ মানুহৰ মাজত এই আধ্যাত্মিক বিকাশৰ কথা বিলাক কম হৈ যোৱাত কেৱল মাত্ৰ সিদ্ধ আৰু সাধনা মাৰ্গৰ লোকৰ মাজতেই সীমাবদ্ধ হৈ গ'ল।
#আৰ্যাৱৰ্তৰ_শাস্ত্ৰ_জ্ঞান
জুলা শৰ্মা
নতুন দিল্লী
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment