আমি কিয় মন্দিৰলৈ যাও : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 2, 2022

আমি কিয় মন্দিৰলৈ যাও : Religious Studies

Religious Studies


আমি কিয় মন্দিৰলৈ যাও ?

সিদিনা আমাৰ আধ্যাত্মিক চ'ৰাত আলোচনাৰ বিষয়টো আছিল ---

সকলো সৰু বৰ প্ৰাণীতে যদি ভগৱান আছে তেন্তে মন্দিৰলৈ কিয় যাব লাগে ?  Religious Studies )


ৰ'দৰ মাজতো বতাহ পোৱা যায় 

কিন্তু ছাঁয়াত বহাৰ আনন্দয়ে বেলেগ । 

সেইদৰে ভগৱান সকলো দিশে আছে, 

কিন্তু মন্দিৰ যোৱাৰ আনন্দয়েই বেলেগ ।


সমগ্ৰ ভাৰতত বিভিন্ন আকাৰ, আকৃতি আৰু স্থানত হাজাৰ হাজাৰ মন্দিৰ আছে কিন্তু সেই সকলোবোৰ বৈদিক ধৰণে নিৰ্মাণ কৰা বুলি ভবা নাযায় । 


বৈদিক নিয়ম অনুসৰি এই মন্দিৰ চহৰ/গাওঁ বা চহৰৰ উপকণ্ঠত, বাসস্থানৰ মাজত, বা পাহাৰৰ ওপৰত য'তেই নহওক, সাধাৰণতে, এটা মন্দিৰ এনে স্থানত অৱস্থিত হ'ব লাগে য'ত পৃথিৱীৰ চুম্বকীয় তৰংগ পথ ঘন ভাৱে পাৰ হয় ।


সেয়ে প্ৰাচীন মন্দিৰ সমূহ এনে কিছুমান স্থানত অৱস্থিত য'ত উত্তৰ আৰু দক্ষিণ মেৰুৰ পৰা হোৱা চুম্বকীয় আৰু বৈদ্যুতিক তৰংগ বিতৰণৰ পৰা ধনাত্মক শক্তি যথেষ্ট পৰিমাণে উপলব্ধ হয় । Religious Studies )


মূল মূৰ্তিটো অৰ্থাৎ বিগ্ৰহ জনা মন্দিৰৰ মূল কেন্দ্ৰত ৰখা হয়, যাক "গৰ্ভগৃহ" বা 'মুলাস্থানম' বুলি কোৱা হয়। প্ৰাচীন কালত মূৰ্তিটো স্থাপন কৰাৰ পিছত মন্দিৰৰ গাঁথনি নিৰ্মাণ কৰা হৈছিল। 


এই 'মুলাস্থানম' হৈছে য'ত পৃথিৱীৰ চুম্বকীয় তৰংগ সৰ্বাধিক হোৱা দেখা যায়।  কিছুমান তামৰ প্লেটত  বৈদিক যন্ত্ৰ আঁকি প্ৰধান বিগ্ৰহৰ তলত পুতি দিয়ে । 


সেই তামৰ প্লেট প্ৰকৃততে কিয় দিয়ে ? 

তামৰ প্লেটে পৃথিৱীৰ চুম্বকীয় তৰংগ শোষণ কৰে আৰু ইয়াক চাৰিওফালে বিকিৰণ কৰে। এই  বিকিৰণ হোৱা (তৰংগ) শক্তি ইতিবাচক শক্তি । গৰ্ভগৃহৰ তিনিওফালে বন্ধ থাকে, যাৰ ফলত এই শক্তি অধিক বৃদ্ধি হয় । সেয়ে যেতিয়া এজন ব্যক্তিয়ে নিয়মীয়াকৈ মন্দিৰ দৰ্শন কৰে আৰু ঘড়ীৰ কাটাৰ দিশত খোজ কাঢ়ি প্ৰদক্ষিণ কৰে তেতিয়া মূল বিগ্ৰহৰ চাৰিওফালে বিকিৰণ হৈ থকা চুম্বকীয় তৰংগ প্ৰাপ্ত কৰে আৰু তেওঁৰ শৰীৰে সেইবোৰ শোষণ কৰে।  নিয়মীয়া মন্দিৰ দৰ্শনে তেওঁক এই ইতিবাচক শক্তি অধিক শোষণ কৰিবলৈ দিব। 


#বৈদিক_জ্ঞানম্_অমৃতম্ 

জুলা শৰ্মা

নতুন দিল্লী


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages