ভগৱান বিশ্বকৰ্মাৰ কৃপা দৃষ্টি লাভ কৰিবলৈ এইসমূহ জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 17, 2022

ভগৱান বিশ্বকৰ্মাৰ কৃপা দৃষ্টি লাভ কৰিবলৈ এইসমূহ জানি লওক : Religious Studies

Religious Studies


বিশ্বকৰ্মা জয়ন্তী বছৰত ২বাৰ পালন কৰা হয়।বিশ্বকৰ্মা জয়ন্তী ১৭ছেপ্তেম্বৰৰ দিনা কন্যা সংক্ৰান্তি দিনা পালন কৰা হয়। ( Religious Studies )


কিন্তু ৰাজস্থান আৰু গুজৰাটৰ কিছু ঠাইত ভগৱান বিশ্বকৰ্মাৰ জন্ম ৭ফ্ৰেব্ৰুৱাৰীত পালন কৰা হয়।বিশ্বকৰ্মা পূজাকে বিশ্বকৰ্মা জয়ন্তী আৰু বিশ্বকৰ্মা দিৱস নামেৰে জনা যায়।হিন্দুসকলৰ বাবে এই দিনটো বহুত মহত্বপূৰ্ণ।কাৰণ এইদিনা সকলোৱে নিজৰ কাৰখানা আৰু গাড়ীসমূহৰ পূজা কৰে।মান্যতা অনুসাৰে এইদিনা ভগৱান বিশ্বকৰ্মাই সৃষ্টিৰ ৰচিয়তা ব্ৰহ্মাদেৱৰ সপ্তম পুত্ৰ ৰূপে জন্ম লৈছিল।ভগৱান বিশ্বকৰ্মা ১২আদ্যিত্যয় আৰু ঋকবেদত থাকে।২০২২বৰ্ষৰ বিশ্বকৰ্মা জয়ন্তী ১৭ছেপ্তেম্বৰ-শনিবাৰৰ দিনা পালন কৰা হব।

বিশ্বকৰ্মা পূজাৰ মহত্ব-


ভগৱান বিশ্বকৰ্মাৰ পূজা এইবাবে কৰা হয়,কাৰণ তেওঁক বিশ্বৰ প্ৰথম ইঞ্জিনিয়াৰ কোৱা হয়।মান্যতা অনুসাৰে প্ৰতি বছৰে যদি আপুনি ঘৰত থকা লোহা আৰু মেচিনৰ পূজা কৰে,তেতিয়া সেয়া সোনকালে বেয়া নহয়।লগতে কাৰখানাত উন্নতি হয়।মেচিনসমূহ ভালদৰে চলে কাৰণ,ভগৱান বিশ্বকৰ্মাই মেচিনৰ ওপৰত নিজৰ কৃপা ৰাখে।পূজন কৰিলে ব্যৱসায়ত বৃদ্ধি হয়।ভাৰতৰ বহু ভাগতে বিশ্বকৰ্মা দিৱস বহুত ধূম-ধামেৰে উদযাপন কৰা হয়।


বিশ্বকৰ্মাৰ পূজাৰ বিধি-

বিশ্বকৰ্মা পূজাৰ দিনা-পুৱা সোনকালে স্নান আদি কৰি,পূজাৰ স্থলক চাফ চিকুন কৰিব লাগে।তাৰপাছত গংগা জল চটিয়াই পূজা স্থানক পৱিত্ৰ কৰিব লাগে।এতিয়া এখন নতুন হালধীয়া কাপোৰ পাৰিব লাগে।হালধীয়া কাপোৰৰ ওপৰত ৰঙা ৰংৰ কুমকুমেৰে স্বাস্তিক চিহ্ণ বনাব লাগে।ভগৱান শ্ৰী গণেশক ধ্যান কৰি লৈ তেওঁক প্ৰণাম জনাব লাগে।ইয়াৰ পাছত স্বাস্তিকত চাউল আৰু ফুল অৰ্পণ কৰিব লাগে।তাৰপাছত সেই ঠাইত ভগৱান বিষ্ণু আৰু ভগৱান বিশ্বকৰ্মাৰ প্ৰতিমা বা চিত্ৰ ৰাখিব লাগে। ( Religious Studies )


এগচি বন্তি জ্বলাই,ভগৱান বিষ্ণু আৰু ভগৱান বিশ্বকৰ্মাৰ কপাঁলত তিলক লগাই পূজাৰ শুভাৰম্ভ কৰিব লাগে।ভগৱান বিশ্বকৰ্মা আৰু ভগৱান বিষ্ণুৰ প্ৰণাম জনায়,তেওঁলোকৰ স্মৰণ কৰিব লাগে।লগতে এয়া প্ৰাৰ্থনা কৰিব লাগে যে-তেওঁলোকে আপোনাৰ চাকৰি,ব্যৱসায়ৰ উন্নতিৰ সকলো মাৰ্গ মুকলি কৰি দিয়ে।পূজাৰ সময়ত ভগৱান বিশ্বকৰ্মাৰ মন্ত্ৰৰ জাপ কৰিব লাগে।শ্ৰদ্ধা ভাৱেৰে ভগৱান বিষ্ণুৰ আৰতি কৰাৰ পাছত ভগৱান বিষ্ণুৰ আৰতি কৰিব লাগে।আৰতি কৰাৰ পাছত তেওঁলোকক ফল-মিঠাই আদিৰ ভোগ দিব লাগে।এই ভোগক সকলো লোক আৰু কৰ্মচাৰীৰ মাজত ভগাই দিব লাগে।


ভগৱান বিশ্বকৰ্মাৰ উৎপত্তি-


এক কথা অনুসাৰে সৃষ্টিৰ আৰম্ভণিতে সৰ্বপ্ৰথম নাৰায়ণ অৰ্থাৎ সাক্ষাৎ ভগৱান বিষ্ণু সাগৰৰ শ্ৰেচনাগত প্ৰকট হল।তেওঁ নাভি কমলৰ পৰা চৰ্তুমুখ ব্ৰহ্মা দৃষ্টিগোচৰ হৈছিল।ব্ৰহ্মাৰ পুত্ৰ ধৰ্ম তথা-ধৰ্মৰ পুত্ৰ বাস্তুদেৱ হল।কোৱা হয় যে-ধৰ্মৰ বস্তু নামক স্ত্ৰীৰ পৰা উৎপন্ন বাস্তু সপ্তম পুত্ৰ আছিল।যি শিল্পশাস্ত্ৰৰ আদি পৰ্ৱতক আছিল।সেই বাস্তুদেৱৰে অংগিৰসী নামক পত্নীৰ পৰা বিশ্বকৰ্মা উৎপন্ন হল।পিতাকৰ দৰে বিশ্বকৰ্মা বাস্তুকলাৰ অদ্বিতীয় আচায্য হল।


ভগৱান বিশ্বকৰ্মাৰ অনেক ৰূপ-


ভগৱান বিশ্বকৰ্মাৰ অনেক ৰূপ কোৱা হয়।দুখন বাহু বলে,চাৰিখন বাহু তথা দহ বাহু বলে এখন মুখ।চাৰিখন মুখ তথা পঞ্চমুখ।বিশ্বকৰ্মাৰ মনু,ময়,ত্বষ্টা,শিল্পী আৰু দেবজ্ঞ নামৰ পাঁচজন পুত্ৰ আছে।এয়াও মান্যতা আছে যে-এই পাঁচজন বাস্তু শিল্পৰ বেলেগ-বেলেগ বিধানত পাৰ্গত আছিল আৰু তেওঁ বহু বস্তুৰ আৱিষ্কাৰ কৰিলে।এই প্ৰসংগত মনুক লোহা লগত,ময়ক,খৰি লগত, ত্বষ্টাক চিচা আৰু তামৰ লগত, শিল্পীক ইৰ্ট লগত, আৰু দেবজ্ঞক-সোণ ৰূপৰ লগত জোৰা দিয়া হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages