বজৰংবলীৰ পূজাৰ নিয়ম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 16, 2022

বজৰংবলীৰ পূজাৰ নিয়ম : Religious Studies

Religious Studies


এবাৰ মাতা সীতায়ে বীৰ হনুমানৰ দ্ধাৰা প্ৰসন্ন হৈ-তেওঁক এডাল হীৰাৰ হাৰ দিলে।আৰু বাকী সেৱককো মাতা সীতাই ভেট স্বৰূপে সোণৰ মালা দিলে। ( Religious Studies )



যেতিয়া হনুমানে হীৰাৰ হাৰ ডাল নিজৰ হাতত লয়-হনুমানে সকলোবোৰ হীৰাক মালাৰ পৰা বিচিন্ন কৰি দিলে আৰু হীৰাবোৰক চুবাই চুবাই মাটিত পেলাই দিলে।


হনুমানে এনে কৰা দেখি মাতা সীতা ক্ৰধিত হল-আৰু তেওঁ কলে-অ হনুমান,এয়া আপুনি কি কৰিছে!আপুনি ইমান মূল্যৱান হাৰডালক চিঙি নষ্ট কৰি দিলে।এয়া শুনি অক্ষুপুৰিত নয়নেৰে হনুমানে কলে-মাতা,মইটো কেৱল এই ৰত্নসমূহক খুলি এয়া চাব বিচাৰিছো যে-ইয়াত মোৰ আৰাধ্য দেৱতা প্ৰভূ শ্ৰী ৰাম আৰু মাতা সীতা কত আছে!আপোনাক দুয়োৰে অবিহনে-এই পাথৰসমূহ মোৰ বাবে কোনো মূল্য নাই।


বাকী সকলো সেৱকে এই ঘটনাটো চাই আছিল।তেওঁলোকে তৎক্ষণাত হনুমানৰ ওচৰলৈ আহি কলে যে-হনুমান,যদি এই নিৰ্জীৱ বস্তুসমূহত প্ৰভূ শ্ৰী ৰাম নাই যদি তেওঁ কত আছে!


প্ৰভূ শ্ৰী ৰাম মোৰ হৃদয়ত থাকে।এয়া কয়-বীৰ হনুমানে নিজৰ বুকু ফালি দিলে।আৰু মাতা সীতাৰ সহিতে-সকলো সেৱকে-বীৰ হনুমানৰ হৃদয়ত প্ৰভূ শ্ৰী ৰাম আৰু মাতা সীতাৰ দৰ্শন হল।


বজৰংবলীৰ পূজাৰ নিয়ম-


১)বজৰংবলীৰ পূজাত শুদ্ধতা আৰু পৱিত্ৰতাৰ বিশেষ মন দিব লাগে।পূজাৰ ঠাইডোখৰ ভালদৰে চফা-চিকূণ কৰি লব লাগে। ( Religious Studies )


২/বীৰ হনুমানৰ পূজা বিশেষ মূহুত্বতে কৰিব লাগে বা পুৱা বা সন্ধিয়া কৰিব লাগে।


৩/বজৰংগবলীল পূজাত উপয়োগ কৰা ফুল ৰঙা হব লাগে।


৪/হনুমানৰ পূজাত দীপকত যি সূঁতা দিয়া হয়-সেয়াও ৰঙা সূঁতা হব লাগে।


৫/বজৰংগবলীক গুড় আৰু বুটৰ প্ৰসাদ অৰ্পণ কৰিব লাগে।ইয়াৰ বাহিৰেও কেশৰৰ বুন্দিয়াৰ লাৰু,বেচনৰ লাৰু,মালপোৱা,মলাই মিচিৰিৰ ভোগ দিব পাৰে।


৬/হনুমানৰ পূজাৰ আৰতি পাছত-হনুমান চালিশাৰ বাদে-বজৰংগবাণণবা সুন্দৰকাণ্ড পাঠ কৰিলে-ভালদৰে নিয়ম বুজি লব লাগে।


৭/বীৰ হনুমানৰ পূজাৰ লগতে-মাতা অঞ্জনী,মাতা জানকী,শ্ৰীৰাম আৰু লক্ষ্মণৰো পূজা কৰাটো প্ৰয়োজনীয়।


৮/হনুমানৰ পূজাত যি বন্তি প্ৰজলিত কৰা হয়-সেয়া চমেলী তেল বা শুদ্ধ ঘীউ হব লাগে।


৯/কেৱল এক বস্ত্ৰ পৰিধান কৰি-বজৰংগবলীৰ পূজা কৰিব লাগে।


১০/বীৰ হনুমানৰ মূৰ্তি বা ফটো ৰঙা কাপোৰ পাৰি স্থাপিত কৰিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages