কেদাৰ নাথ মন্দিৰৰ এই বিশেষ কথা জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 13, 2022

কেদাৰ নাথ মন্দিৰৰ এই বিশেষ কথা জানি লওক : Religious Studies

Religious Studies


কেদাৰ নাথ মন্দিৰ উত্তৰাখণ্ডত অৱস্থিত।ভাৰতৰ শিৱ মন্দিৰ সমূহৰ ভিতৰত কেদাৰনাথ হৈছে এক অন্যতম। ( Religious Studies )


স্কন্দ পুৰাণৰ কথা অনুসৰি-শিৱই পাৰ্ৱতীক কৈছিল-এই ঠাই যিমানেই প্ৰাচীন-সিমানেই মই প্ৰাচীন।এই স্থান মোৰ চিৰ অৱস্থা ভূমি।


পুৰাণৰ কথা অনুসৰি-হিমালয়ৰ কেদাৰ শৃংগত-বিষ্ণুৰ অৱতাৰী নৰ আৰু নাৰায়ণ ঋষিয়ে মহাদেৰ তপস্যা কৰিছিল।তেওঁলোকৰ কঠোৰ তপস্যাত সন্তুষ্ট হৈ-শিৱই কেদাৰ লিংগত জ্যোতি লিংগ ৰূপত সদায়ে বাস কৰিম বুলি বৰ প্ৰদান কৰে।


মহাভাৰতৰ পঞ্চ-পাণ্ডৱ জয়ী হোৱাৰ পাছত-তেওঁলোক পাপৰ জুইত বুৰ গৈছিল কাৰণ*তেওঁলোকৰ হাতত বহুতো লোকে প্ৰাণ হেৰুৱাইছিল।এই পাপৰ পৰা মুক্ত হবলৈ পঞ্চ-পাণ্ডৱে শিৱৰ দৰ্শন লাভ কৰি আৰ্শীবাদ লব বিছাৰিছিল।কিন্তু মহাদেৱে পঞ্চ-পাণ্ডৱক দেখা দিব বিচৰা নাছিল।পঞ্চ-পাণ্ডৱে যাতে শিৱক কেতিয়াও লগ নাপায়-তাৰবাবে শিৱই কৈলাশৰ পৰা আহি-কেদাৰ শৃংগত বাস কৰিছিল।কিন্তু পঞ্চ-পাণ্ডৱে শিৱক বিচাৰি বিচাৰি আহি-কেদাৰ শৃংগত উপস্থিত হৈছিল।


তাত পঞ্চ-পাণ্ডৱক দেখি শিৱই ম'হৰ ৰূপ ধাৰণ কৰিছিল।ম'হৰ ৰূপ ধাৰণ কৰি শিৱই অন্য ম'হৰ জাকৰ সৈতে চৰি ফুৰিছিল!পঞ্চ-পাণ্ডৱে লাহে লাহে এই কথাটো অনুমান কৰিব পাৰিছিল।সেয়হে ভীমে নিজৰ শৰীৰৰ বিশাল ৰূপ ধাৰণ কৰি দুখন পাহাৰৰ ভাজত নিজৰ ভৰি দুখন মেলি দিছিলে।আৰু ভীমৰ ভৰিৰ তলেৰে সকলো জীৱ-জন্তু পাৰ হৈ গৈছিল,কিন্তু ম'হ ৰূপী শিৱ ৰৈ গল-কাৰণ-ভৰিৰ তলেৰে শিৱ পাৰ হৈ যোৱাত অস্বীকাৰ কৰিছিল।সেয়ে ম'হ ৰূপী শিৱ নিজৰ ঠাইতে ৰৈ গল আৰু তেতিয়া ভীমে অনুমান কৰিব পাৰিলে এয়া যে-কোনো সাধাৰণ ম'হ নহয়। ( Religious Studies )


ভীমে ম'হটোক লগা লগ জপিয়াই ধৰোঁতে ম'হৰূপী শিৱই পাতালত লুকাবলে লয়। কিন্তু ভীমে ম'হটোৰ পাছৰ অংশ জোৰেৰে সাৱটি ৰাখে।শিৱই-পঞ্চ-পাণ্ডৱৰ ভক্তি আৰু কঠোৰ সংকল্পত সন্তষ্টি হৈ-তেওঁলোকৰ আগত নিজৰ ৰূপ দৰ্শন দিয়ে আৰু পঞ্চ-পাণ্ডৱক আৰ্শীবাদ কৰি পাপৰ পৰা মুক্তি কৰে।


সেই স্থানতে পঞ্চ-পাণ্ডৱে কেদাৰ নাথ মন্দিৰ নিৰ্মাণ কৰে আৰু তেতিয়াৰেপৰা মহাদেৱ শিৱক ম'হৰ পাছৰ আকৃতিৰ ৰূপত কেদাৰ নাথত পূজা-অৰ্চনা কৰি অহা হৈছে।


উল্লেখ যে-কেদাৰ নাথ মন্দিৰৰ দুৱাৰ শীত ঋতুত বন্ধ কৰি দিয়া হয়।মন্দিৰৰ পুৰুহিতে এগছ বন্তি জ্বলাই সন্মান সহকাৰে ছয়মাহৰ বাবে-কেদাৰনাথ মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়ে।এই ছয়মাহ কেদাৰ মন্দিৰৰ ওচৰে-পাজৰে কোনো লোকে বাস নকৰে।আচৰিত কথাটো হল-এই ৬মাহ বন্তি গচি নুনুমোৱাকৈ নিৰন্তৰ জ্বলি থাকে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages