এনেবোৰ কাৰ্য্য যদি এজনী ছোৱালী বা মহিলাই ভুলবশত কৰে তেন্তে মা লক্ষ্মী ৰুষ্ট হৈ পৰে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 1, 2022

এনেবোৰ কাৰ্য্য যদি এজনী ছোৱালী বা মহিলাই ভুলবশত কৰে তেন্তে মা লক্ষ্মী ৰুষ্ট হৈ পৰে : Religious Studies

Religious Studies


হিন্দু ধৰ্মত ধনৰ দেৱী মা লক্ষ্মীক সম্পদ, গৌৰৱ আৰু সুখ বিচাৰি পূজা কৰা হয়। হিন্দু ধৰ্মত কন্যা সন্তানকো মা লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়।  ( Religious Studies )


কিন্তু কেতিয়াবা ভুলবশতঃ আমি এনে কিছুমান কাম কৰিব পাৰো যিয়ে মা লক্ষ্মীক ৰুষ্ট কৰি তুলিব পাৰে আৰু আপোনাৰ জীৱনত আৰ্থিক সমস্যাই দেখা দিব পাৰে। এনেবোৰ কাৰ্য্য যদি এজনী ছোৱালী বা মহিলাই ভুলবশতঃ কৰে, তেন্তে মা লক্ষ্মী ৰুষ্ট হৈ পৰে। 


কেতিয়াও ভৰিত ঝাড়ু নলগাব- কোৱা হয় যে, যি ঘৰত ঝাড়ু ভৰিৰে ব্যৱহাৰ কৰে বা ঝাড়ুত ভৰি লগাই, তেনে ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰে। পুৰাণৰ মতে যি ঘৰত মহিলা বা ছোৱালীয়ে ঝাড়ুত ভৰি লগাই, তেনে ঘৰত মা লক্ষ্মী ৰুষ্ট হৈ পৰে। 


কেতিয়াও জুঠা বাচন গেছৰ ওপৰত এৰি নিদিব-কেতিয়াও জুঠা বাচন গেছৰ ওপৰত এৰি নাহিব। এনে কৰিলে ঘৰত দৰিদ্ৰতা আহে আৰু হাতৰ পৰা টকা ওলাই যায়। 


ভৰিৰে দুৱাৰত ঠোকৰ মৰা-

বহু ঘৰত জীয়ৰী বোৱাৰীয়ে দুৱাৰ খুলুতে বা বন্ধ কৰাৰ সময়ত ভৰি ব্যৱহাৰ কৰি ঠোকৰ মাৰে, যাৰ দ্বাৰা মা লক্ষ্মী ৰুষ্ট হৈ পৰে।  ( Religious Studies )


দুৱাৰমুখত বহি আহাৰ গ্ৰহণ- হিন্দু ধৰ্ম অনুসৰি মাটিত বহি আহাৰ গ্রহণ কৰাটো শুভ বুলি গণ্য কৰা হয়। কিন্তু কেতিয়াবা দেখা যায় যে, ঘৰৰ মহিলাসকলে ঘৰৰ দুৱাৰমুখত বহি আহাৰ গ্রহণ কৰে। কেতিয়াও এনে নকৰিব। নহলে ঘৰলৈ দৰিদ্ৰতা আহিব। 


কেতিয়াও পাকঘৰত জুঠা বাচন বৰ্তন এৰি নাহিব-ৰাতি শুৱলৈ যাওঁতে, কেতিয়াও জুঠা বাচন বৰ্তন পাকঘৰত এৰি নিদিব। এনে কাৰ্য্য কৰাটো ঘৰলৈ দৰিদ্ৰতাক আমন্ত্রণ কৰাৰ দৰে। 


ৰাতিপুৱা পলমকৈ সাৰ পোৱা- ঘৰৰ সকলো সদস্যই ৰাতিপুৱা সোনকালে উঠিব লাগে। বিশেষ কৰি ঘৰৰ মহিলাসকলে কেতিয়াও পলমকৈ শুৱ নালাগে আৰু দীঘলীয়া সময় শুলে মা লক্ষ্মী অসন্তোষ হৈ বুলি কোৱা হয়। 


এইসমূহ নিয়ম বাস্তু শাস্ত্রত অতীজৰেপৰা চলি আহিছে। আধুনিক যুগত বহুতে ইয়াক বিশ্বাস নকৰে যদিও আন বহুতে এয়াক পৰম্পৰাগত হিচাপে বিশ্বাস কৰি আহিছে। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages