Prostatitis‌ / Enlarged prostate ৰ ঘৰুৱা বিধান : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 7, 2022

Prostatitis‌ / Enlarged prostate ৰ ঘৰুৱা বিধান : Assamese Health Tips

Assamese Health Tips


প্ৰস্টেট পুৰুষৰ জননাঙ্গত থকা এটা গ্ৰন্থি।যি মুত্ৰথলি আৰু মুত্ৰ নিৰ্গমন নলীৰ সংযোগ স্থলত ঘূৰণীয়াকৈ চক্ৰাকাৰে মুত্ৰনলীক আগুৰি থাকে।প্ৰস্টেট গ্ৰন্থিক পুৰুষৰ দ্বিতীয় হৃদয় বুলিও কোৱা হয়। Assamese Health Tips )


ইয়াৰ কাম হ'ল বীৰ্য্য স্খলনৰ সময়ত ফ্লুইড বা পিছল তৰল পদাৰ্থ সৃষ্টি কৰি শুক্ৰাণুৰ গতি মসৃন দ্ৰুত আৰু বাধাহীণ কৰি তোলা।

এই প্ৰস্টেট গ্ৰন্থি বাঢ়িলে নানা কষ্টদায়ক শাৰিৰীক বিসংগতিৰ সৃষ্টি হয়।

লক্ষণঃ 

১- পেচাব ওলোৱাত সময় লোৱা।

২- টোপ টোপকৈ বা ৰৈ ৰৈ পেচাব ওলোৱা।

৩- ৰাতি কেইবাবাৰো পেচাব হোৱা।

৪- পেচাবৰ থলি বা মুত্ৰাশয় সম্পুৰ্ণ খালি নোহোৱা।

৫- পেচাবৰ বেগ অনুভৱ হোৱাৰ আগতে পেচাব ওলাই যোৱা।

৬- পেচাব লাগিলেই মনত সোনকালে যোৱাৰ তাগিদা শৃষ্টি হোৱা।

৭- পেচাব কৰোতে কঁকালৰ বিষৰ লগতে পেচাবৰ লগত তেজ পৰা।

৮- পেচাব কৰোতে বিষ বা জলনি পুৰনি অনুভৱ কৰা।

কাৰণঃ 

১- বয়সৰ বাবে। সাধাৰণতে ৫০ বছৰ বয়সৰ পিছত পুৰুষৰ প্ৰস্টেট বাঢ়ে।

২- অন্ডকোষৰ কোষ পৰিবৰ্তণ অৰ্থাৎ epithelial cell.

৩ - অধিক testosterone লেভেল।

৪ - প্ৰস্টেটৰ চেলত inflammation. 

 Assamese Health Tips )


ঘৰুৱা চিকিৎসাঃ

১- আনাৰস সেবন। আনাৰসত থকা bromelain আৰু phytosterols (beta- sitostarol, campesterol, stigmasterol, beta- sitostanol )সমূহে testosterone dehydro testosterone লৈ পৰিবৰ্তন হব নিদিয়ে।যাৰ বাবে প্ৰস্টেট বাঢ়িব নোৱাৰে।সেয়ে এই ৰোগীৰ বাবে আনাৰস উপকাৰি।

২- দুকাপ মূলাৰ ৰসত তিনি চামুচ মৌ মিহলাই পুৱা খালি পেটত আৰু ৰাতিৰ আহাৰৰ এঘণ্টা আগত খাব।ইয়াৰ হাই পটেচিয়ামে প্ৰস্টেটৰ আকাৰ নৰমেল কৰাৰ লগতে ইউৰিক এচিড আৰোগ্য কৰে।

৩- ৰঙালাও বীজত থকা বিটা-কেৰটিন, লিপচ'ল আৰু জিঙ্কে প্ৰস্টেট গ্ৰন্থিক সুস্থ আৰু আকাৰ নৰ্মেল কৰে।ৰঙালাও বীজ গুৰি কৰি পৰিস্কাৰ বায়ুৰূদ্ধ টেমাত ভৰাই থব।ইয়াৰ দুই চামুচ গুড়ি একাপ পানীত গুলি সামান্য সৈন্ধৱ নিমখ মিহলাই পুৱা গধুলি খাব।

৪- হালধী পাতৰ ৰস উলিয়াই সেই ৰসেৰে দুধীৰ পাত বটি মটৰ মাহৰ সমান বড়ি বনাই পুৱা গধুলি ১ টা কৈ বড়ি দুদিন খাব।(চিকিৎসকৰ পৰামৰ্শ সাপেক্ষে)


অপথ্যঃ

১- ৰহৰ, মচুৰ,কাবুলি বুট, লবিয়া, গুড়, জলকীয়া, মিঠাই, টেঙা নাখাব।

২- যৌন সংগম নকৰিব।


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages