মাজনিশাৰ উঁচুপনি ( খণ্ড_১১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, September 18, 2022

মাজনিশাৰ উঁচুপনি ( খণ্ড_১১ ) : Assamese Storyboard

Assamese Storyboard

 

       ......... বহু চেষ্টা কৰাৰ পাছতো টোপনি নাহিল কল্যাণীৰ । বিচনা খনতে ইকাটি সিকাটি কৰি থাকোঁতেই ৰাতিপুৱাল ।  Assamese Storyboard )


 বিচনাখন ঠিক কৰি গাটো ধুই চাহ একাপ কৰিবলৈ পাকঘৰত সোমাল কল্যাণী । ৰঙা চাহকাপ হাতত লৈ আগফালৰ বাৰাণ্ডালৈ ওলাই গৈ চাহকাপ খাই ৰাস্তালৈ ওলাই গৈ অলপ খোজ কাঢ়িলে কল্যাণীয়ে । প্রাতভ্রমন কৰি আহি নিউজ পেপাৰখনত ওপৰে ওপৰে চকু ফুৰাই ভিতৰলৈ সোমাই যাব লওঁতেই তৰুলতা ওলাই আহিল । 


: মাজনী , ইমান সোনকালে উঠিলা যে আজি....? 


: ৰাতি ভালকৈ টোপনি নাহিল । এনেয়ে বিচনাখনত বাগৰি থকাতকৈ উঠিয়ে আহিলোঁ । 


: যোৱা ৰাতি তুমি ফোনত কথা পাতিছিলা নে সপোন দেখিছিলা মাজনী....? কথা পাতি থকা শুনিছিলোঁ যে....! 


: সপোন দেখিছিলোঁ চাগৈ । আপোনাৰো টোপনি অহা নাছিল নেকি মা...? 


: মোৰো ভালকৈ টোপনি নাহিল অ' মাজনী । মোৰ মনে কৈছে নীল আৰু তোৰ সম্পৰ্কৰ মাজত যেন কৰবাত আউল লাগিছে । 


: নাই....! নাই....! সকলো ঠিকেই আছে । মিছাতেই অদৰকাৰী চিন্তা এসোপা মূৰত সুমুৱাই ন'লব আপুনি । যাওঁক গা ধুই আহকগৈ । পাৰিলে আজি মন্দিৰৰ পৰা এপাক আহিবগৈ লাগিব । 


: মই নাযাওঁ অ' মাজনী । নিবিৰকে লৈ যাবা । 


: আপুনিও ওলাব । 


: মই গুচি গলে বৈশালীক কোনে চাব মাজনী...? 


: অ'.....! বৈশালীৰ কথা মই পাহৰিছিলোঁৱেই । নিবিৰ আৰু ময়ে যাম দিয়ক । আপুনি কিন্তু ঘৰৰ পৰা ক'তো ওলাই নাযাব । 

: মইনো ক'ত যাম মাজনী । ঘৰৰ কামবোৰ কৰি আজৰীয়েই নহওঁ দেখোঁন । 


: কাপোৰ কানি কিবা ধুবলৈ আছে যদি উলিয়াই দিব । মই ধুই দিম । 


: বেডচিত আৰু পৰ্দাকেইখন ধুম বুলি ভাবিছিলোঁ । বতৰটো দেখিহে মনটো কোচ খাই গৈছে । 


: তেন্তে আজি ধুব নালাগে দিয়ক । কালিলৈ মই ধুই দিম । 


     তৰুলতা ভিতৰলৈ সোমাই গ'ল , গাটো ধুই গোসাঁইৰ থাপনাখনৰ ওচৰত চাকি গছি জ্বলাই পাকঘৰলৈ সোমাই আহিল । গাখীৰতে চাহ দুকাপ কৰি একাপ কল্যাণীলৈ আগবঢ়াই দিলে তৰুলতাই । ....মাজনী চাহকন খাই বজাৰৰ পৰা আহিবাগৈচোন । 


: এতিয়াই নগ'লে নহব নে....? 


: এতিয়া নগলেও হ'ব বাৰু...! পাছত তুমি কৰবালৈ ওলাই যাবা বুলিহে এতিয়াই যাবলৈ কৈছিলোঁ । 


: উম.....! দুয়োজনীয়ে কথা পাতি থাকোঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল । চাহৰ কাপটো ডাইনিং টেবুলখনতে থৈ ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে । 


: হেল্ল'.....! কাজল , Good Morning


: Morning কল্যাণী । ভাল খবৰ এটা আছে । 


: ৰাতিপুৱাই ৰাতিপুৱাই কি ভাল খবৰ ওলালে কাজল...! 


: নীলক ৰাতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে । 


: কি......? তই কেনেকৈ জানিলি....? 


: এইবোৰ খবৰ বিয়পিবলৈ বৰ বেছি সময় নালাগে নহয় কল্যাণী । তই থানালৈ গৈ চেটাৰ্জীৰ ভিডিওটো দি থৈ আহিবি । 

: কিবা এটা কৰিব লাগিব । মোৰ বেলেগ টেনশ্যন এটাহে হৈছে । বৈশালী মোৰ লগত থকা কথাটো হয়টো নীলে গম পালে । সেয়ে কালি নীল আমাৰ ঘৰলৈ আহিছিল । 


: নীলক পুলিচে গ্ৰেপ্তাৰ কৰিলে যেতিয়া এতিয়া সেইবোৰ টেনশ্যন বাদ দে কল্যাণী । 


: নীলৰ কথা একো ধৰিব নোৱাৰি । সি নিজেই নকৰিলেও আন কাৰোবাৰ হতুৱাই কামটো কৰাব পাৰে । বৈশালীক আদালতত হাজিৰ কৰিব পাৰিলে নীলৰ মুখা খোল খাই যাব ।  

: তেন্তে যিমান পাৰি সিমান সোনকালে বৈশালীক আদালতত হাজিৰ কৰাৰ ব্যৱস্থা কৰ । পুলিচৰ লগত ভালদৰে কথা পাত ।


: ঠিক আছে । মই আজিয়ে থানালৈ গৈ কথাবোৰ জনাই আহিব লাগিব । এতিয়া ৰাখিছোঁ দে । মন্দিৰলৈ যাওঁ বুলি ভাবিছোঁ । সোনকালে ৰেডী হৈ লওঁ । 


: উম...! হব দে ।


      ফোনটো কাটি দিলে বৈশালীয়ে । কল্যাণীয়েও লৰালৰিকৈ মেখেলা চাদৰযোৰ গাত মেৰিয়াই নিবিৰক মাত লগালে । .... নিবিৰ , তোৰ হৈছে নে নাই ? তই ওলাই আহ । আলিমূৰৰ দোকান এখনতে তেল চাকি দুগছ কিনি লওঁগৈ ।


: তই গৈ থাক । মই পাই যামগৈ । 


        সৰু পাৰ্চটোতে মোবাইল ফোনটো ভৰাই কল্যাণী ৰাস্তালৈ ওলাই গৈ চাকি দুগছ আৰু ধূপৰ পেকেট দুটা কিনি পইচাটো দিবলৈ পাৰ্চটো খুলিবলৈ লওঁতেই দোকানখনৰ সন্মুখতে ৰৈ থকা ল'ৰা এটাই কল্যাণীৰ হাতৰ পৰা পাৰ্চটো লৈ দৌৰ মাৰিলে । চোৰ....! চোৰ....! কৈ কল্যাণীয়ে চিঞৰি চিঞৰি ল'ৰাটোৰ পাছে পাছে খেদি গ'ল । কিন্তু ভিৰৰ মাজত ল'ৰাটো ক'ৰবাত হেৰাই গ'ল । দৌৰি দৌৰি ভাগৰি ফুটপাথটোতে বহি দীঘলকৈ হুমুনিয়াহ এটা এৰিলে কল্যাণীয়ে । ...... কি হৈছে এইবোৰ ?  কিয় বাৰে বাৰে মোৰ লগত এনেকুৱা হয় ...! কেনেবাকৈ যদি কাজলে ফোন কৰি দিয়ে তেতিয়া দেখোঁন কাজলকো সন্দেহ কৰিব ...! কথাবোৰ ভাবি বহি থাকোঁতেই বাইকখন ৰাস্তাতে ৰখাই নিবিৰ ওচৰ চাপি আহিল । Assamese Storyboard )


: ইমানকৈ ফোন কৰি আছোঁ , ফোনটো কিয় ৰিচিভ কৰা নাই....? 


: বৰ ডাঙৰ কথা এটা হ'ল নিবিৰ , মোৰ পাৰ্চটো চুৰি হৈছে । পাৰ্চটোতে মোবাইলটো সোমাই আছিল । 


: কি কৰিবি এতিয়া....? 


: কাজলৰ ঘৰলৈ যাব লাগিব এতিয়া । তাইক কথা এটা ক'বলৈ আছে । 


: আগতে মন্দিৰৰ পৰা আহি লওঁ নেকি বা । 


: নহয় , নিবিৰ কাজলৰ ওচৰৰ পৰা আহিহে মন্দিৰত সোমাম । 

: ঠিক আছে । উঠ সোনকালে.....


          নিবিৰৰ বাইকত উঠি কল্যাণী কাজলৰ ঘৰ পালেগৈ । কল্যাণী দেখি কাজল লৰালৰিকৈ বাহিৰলৈ ওলাই আহিল । 


: কল্যাণী , বৰ টেনশ্যনত থকা যেন লাগিছে যেন তোক...! 


: নকবি আৰু কাজল । চাকি ধূপ কেইটা কিনি পইচাটো দিবলৈ লওঁতেই ল'ৰা এটাই মোৰ মবাইল আৰু পাৰ্চটো লৈ গ'ল । 


: কি.....? পাৰ্চটো তই ইমান আলাশত লৈ আছিলি নে....? 


: আলাশত লৈ থকা নাছিলোঁ অ' কাজল । আঁজুৰি লৈ গল । মই একো ত'তকে ধৰিব নোৱাৰিলোঁ । তই মোৰ নাম্বাৰটোলৈ  ফোন নকৰিবি আৰু মোৰ নাম্বাৰৰ পৰা ফোন আহিলেওঁ ৰিচিভ নকৰিবি । কামটো হয়টো নীল বা বুজৰবৰুৱাই কৰোৱাইছে । সেয়ে তোক সাৱধান কৰি দিলোঁ । 


: বাহিৰতে ৰৈ থাকিবি নে ভিতৰলৈ যাবি কল্যাণী....? 


: ভিতৰলৈ নাযাওঁ কাজল , মন্দিৰত সোমাবলৈকে আছে । বেলেগ এদিন আহিম দে । তোক কথাটো কবলৈহে আহিলোঁ । 


: তেন্তে গৈ থাক । থানাত কম্পলেইন এটা দি চিমখন ডিএক্টিভেট কৰি দিবি । 


: মন্দিৰত সোমোৱাৰ আগতে থানাত সোমাই এজাহাৰ এখন দি থৈ যাম । আহিছোঁ দে...


       কাজলৰ ঘৰৰ পৰা ওলাই আহি থানাত এজাহাৰখন দি মন্দিৰত সোমাল । চাকি দুগছ আগবঢ়াই ভগৱানৰ ওচৰত সেৱা কৰি নির্মালী লৈ ঘৰমুৱা হ'ল । ঘৰ আহি পাই মানে দুপৰীয়া হৈছিল । কল্যাণীৰ মাতটো শুনিয়ে তৰুলতা ওলাই আহিল । 


: পালাহি মাজনী । বস্তকেইটা আনিলা নে....? 


: পাহৰি থাকিলোঁ নহয় । নিবিৰকে পঠিয়াই দিম ৰ'বা । নিবিৰ..., অ' নিবিৰ তই কাপোৰ নসলাবিচোন । ওলাই যাব লাগিব অলপ । বৈশালীহঁতক খাবলৈ দিলা নে মা....


: বৈশালীক ভাত কেইটামান খুৱালোঁ । অংকিতাই ৰুটি দুখন খাই ঘৰলৈ গৈছে । 


: ইঞ্জেক্সন দিলে নে নাই বৈশালীক ...?


: সকলো কৰি থৈ গৈছে । যোৱা হাত মুখ ধুই লোৱাগৈ । মোৰ ভাত হৈ আছে । কথাষাৰ কৈয়ে পাকঘৰলৈ সোমাই গল তৰুলতা ।


        কি আনিবলৈ আছে সোনকালে দে । কাপোৰ সলোৱাৰ পাছত মই আকৌ ওলাই নাযাওঁ আৰু....! 


: ৰহ....! মোলৈ মোবাইল এটা আনিব লাগিব । লগতে চিম এখনো উলিয়াই আনিব লাগিব । 


: পইচা দে...! 


: মোৰ হাতত পইচা নাই । এটি.এম. খন লৈ যাবি পোন্ধৰ হাজাৰ এটা উলিয়াই আনিবি । তাতকৈ বেছি এটকাও নুলিয়াবি । 


: আৰু কি বজাৰ কৰিব লাগিব ...? 


: মাক সোধচোন...! কি কি নাই মাক লিখি দিবলৈ কবি... । মই ফ্ৰেচ হৈ লওঁগৈ ।  চোফাখনৰ পৰা উঠি বেড ৰূমটোলৈ সোমাই গৈ কাপোৰযোৰ সলাই হাতমুখ কেইটা ধুই বৈশালীৰ কাষতে বহিলে কল্যাণী। 


: বৈশালী...! অলপ আৰাম পাইছা নে....? বৈশালীৰ মাতটো শুনি চকু দুটা মেলি এবাৰ কল্যাণীলৈ চালে । 


: এতিয়া অলপ আৰাম পাইছোঁ বাইদেউ । কিন্তু গাটোহে বৰ দুৰ্বল দুৰ্বল লাগি আছে । 


: খোৱা বোৱাবোৰ ভালকৈ কৰিব পৰা নাই যে সেয়ে দুৰ্বল লাগিছে । 


: উম..., 


: বৈশালী , নীলক লগ পোৱাৰ আগতে তোমাৰ লগত নীলে ফোনত কথা পাতিছিল নে নাই...? 


: ফোনত বৰ বেছিকৈ কথা পতা নহয় । 


: তেন্তে নীলে কেনেকৈ ইমান সাহস কৰিলে ....? 


: সেইদিনা মোক লগ কৰিবলৈ মাতিছিল । লগ পোৱাৰ পাছত জোৰ কৰি মোক ঘৰলৈ লৈ আহিছিল । 


: তাৰমানে তুমি সেইদিনা নীলক প্ৰথম লগ পাইছিলা..! 


: হয় বাইদেউ । মই কল্পনাও কৰিব পৰা নাছিলোঁ ইন্দ্ৰনীল মানুহজন ইমান বেয়া বুলি । তেওঁ যে বিবাহিত সেই কথাটোও মোক কোৱা নাছিল ।


: অ'...! তুমি নীলৰ প্ৰতিটো কথা সঁচা বুলি ভাবিছিলা....? 


: সঁচা বুলি ভবাৰ বাবেই তেওঁক মই লগ কৰিবলৈ আহিছিলোঁ । 

: তোমাৰ ভাগ্য ভাল বৈশালী । মই গৈ নোলোৱা হ'লে তুমিও এই পৃথিৱীৰ পৰা হেৰাই গ'লা হেঁতেন । নীলৰ টাৰ্গেট এইবাৰ তুমি আছিলা বৈশালী । 


        কল্যাণীৰ কথাবোৰ শুনি আচৰিত হৈছিল বৈশালী । 


      .....বা , এটি.এম. দে আকৌ । ড্ৰয়িং ৰূমটোৰ পৰা চিঞৰিলে নিবিৰে । 


: লৈ যাহি আহ:...! মই বৈশালীৰ লগত কথা পাতি আছোঁ ।  পর্দাখন লাহেকৈ দাঙি নিবিৰ ৰূমটোলৈ সোমাই আহিল । কাপোৰৰ বেগটোৰ পৰা পাৰ্চ এটা উলিয়াই এটি.এম. কাৰ্ডখন নিবিৰৰ হাতত দি সৰু কাগজ এটুকুৰাত পিন নাম্বাৰটো লিখি দিছিল কল্যাণীয়ে । ..... মোবাইলটো অলপ চাই আনিবি ।  একো উত্তৰ নিদি নিবিৰ ওলাই গৈছিল ।  ......বৈশালী অলপ বাহিৰলৈ যাবা নেকি...? ৰূমটোতে সোমাই থাকিলে মনটো বেয়া লাগিব । 


: নালাগে দিয়ক । ইয়াতেই ভাল লাগিছে । 


   ..... মাজনী , ভাত খাই লোৱাহি ।  হাতত ভাতৰ কাঁহী এখন লৈ তৰুলতা বৈশালীৰ ৰূমটোলৈ সোমাই আহিল । ...বৈশালী লাহেকৈ উঠি বহা । ভাতকেইটা খাই আকৌ শুই থাকিবা।  লাহেকৈ শোৱাৰ পৰা উঠি বহিল বৈশালী । পানীৰ মগটোতে হাতখন ধুবলৈ মগটো আগবঢ়াই দিলে তৰুলতাই । 


: আপোনালোকেও খাওঁকগৈ বাইদেউ । মই পাৰিম , 


: তুমি খাই লোৱাচোন । আমি খাম বাৰু...! মাজনী তুমি যোৱাচোন । তোমাৰ ভাত উলিয়াই থৈ আহিছোঁ । 


        বৈশালীৰ কাষৰ পৰা উঠি আহিল কল্যাণী । বৈশালীৰ ভাত খাই হোৱাৰ লগে লগেই কাঁহিতে হাতখন ধুবলৈ পানী অলপ বাকী দিলে তৰুলতাই । 


     ক্ৰমশঃ.....


✍🏻তীৰ্থ_পিন্টু_বড়া


মাজনিশাৰ উঁচুপনি ( খণ্ড_১০ )  - https://www.smj24.in/2022/09/assamese-storyboard_5.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages