মাজনিশাৰ উঁচুপনি ( খণ্ড - ২) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 9, 2022

মাজনিশাৰ উঁচুপনি ( খণ্ড - ২) : Assamese Storyboard

Assamese Storyboard


পূবৰ আকাশত ৰাঙলী বেলি উদয় হোৱাৰ  লগে লগেই বিচনা ত্যাগ কৰিলে ইন্দ্ৰনীলে । মবাইলটো চার্জত লগাই হাতমুখ কেইটা ধুই ফ্ৰেচ হৈ জোতাজোৰ পিন্ধি মৰ্ণিং ৱাক কৰিবৰ বাবে ওলাই গ'ল ।  Assamese Storyboard )


বাগৰ সলাই বিচনাত নীলক এবাৰ খেপিয়াই চালে কল্যাণীয়ে । নীলক বিচনাত নাপাই চকু দুটা মেলি ৱালত আঁৰি থোৱা ঘড়ীটোলৈ এবাৰ চালে । তেতিয়া সময় ছয় বাজি ত্ৰিশ মিনিট পাৰ হৈ গৈছিল । বিচনাৰ কাপোৰকেইটা ঠিক কৰি খোলা চুলিকেইডাল বান্ধি খিৰিকী কেইখন খুলি পোহৰ সোমাবলৈ পৰ্দা কেইখন কোঁচাই কল্যাণী ৱাচ ৰূমত সোমাওতেই নীলৰ ফোনটো বাজি উঠিল । বাৰে বাৰে ফোনটো বাজি থকা শুনি খৰখেদাকৈ গাটো তিয়াই কল্যাণী ৱাচ ৰূমৰ পৰা ওলাই আহি ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে । .....বৰুৱা ! আপোনাক কথা এটা কোৱাই ন'হল নহয়...! সংগীতা ফুকনৰ ফাইলটো টেবুলৰ পৰাই নাইকিয়া হ'ল নহয় ।  ফোনটো ৰিচিভ কৰাৰ লগে লগেই কথা কেইটা কলে ইন্সপেক্টৰ কমল বুজৰবৰুৱাই । 


: Sorry...! মই ইন্দ্ৰনীলৰ মিছেছ কল্যাণী বৰুৱাহে ....! 


: অ'....! বৰুৱা আহিলে বুজৰবৰুৱাই ফোন এটা কৰিবলৈ কৈছে বুলি কবচোন....! জৰুৰী কথা এটা পাতিবলগীয়া আছে । 


: ঠিক আছে । কিহৰ ফাইল হেৰুৱাৰ কথা ক'লে বাৰু....? 


: অফিচৰ কিবা ফাইল এটা । ফাইলটোৰ কথা কালি বৰুৱাই মোক সুধিছিল । 


: ঠিক আছে দিয়ক । মই নীলক ক'ম বাৰু....! কথাটো কৈয়ে ফোনটো কাটি দিলে কল্যাণীয়ে । বুজৰবৰুৱাৰ কথাটো শুনি নীলৰ প্ৰতি সন্দেহ উপজিল কল্যাণীৰ । সংগীতা ফুকন কোন...? নীলৰ মুখতটো ফাইল হেৰুৱাৰ কথা আজিলৈকে শুনা নাই ....! নীল আহিলে নীলক সুধিব লাগিব ।  কথাবোৰ ভাবি ভাবিয়েই কাপোৰকেইটা সলাই ললে কল্যাণীয়ে । কপালত সেন্দূৰৰ ফুটটো লৈ বুজৰবৰুৱাৰ নাম্বাৰটো নিজৰ ফোনত চেভ কৰি থৈ নীলৰ ফোনটো আকৌ চার্জত লগাই পাকঘৰলৈ সোমাই গ'ল কল্যাণী । চাহৰ চচটো গেছত বহুৱাবলৈ লওঁতেই হাতত নিউজ প্ৰেপাৰখন লৈ নীল ভিতৰলৈ সোমাই আহি টিভিটো অন কৰি নিউজ চেনেলটো উলিয়াই ললে । ".....এই মুহুত্বৰ এটা বিগ ব্ৰেকিং নিউজ সংগীতা ফুকনৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ । নীৰৱ আৰক্ষী প্ৰশাসন । এই লৈ সন্দেহ উপজিছে আৰক্ষীৰ ওপৰত । " প্ৰতিটো নিউজ চেনেলতেই কেৱল একেটাই বাতৰি । নিউজটো শুনি ভয়ত নীলৰ বুকুৰ ঢপঢপণি বাঢ়িবলৈ ধৰিলে । টিভিটো অফ কৰি লৰালৰিকৈ ভিতৰলৈ সোমাই গৈ চার্জৰ পৰা ফোনটো আনি বুজৰবৰুৱালৈ ফোন লগালে । ৰিং কৰি কৰি ফোনটো কাট খাই গ'ল । উপায়বিহীন হৈ বাৰাণ্ডাত থকা চোফাটোতে বহি দিলে ইন্দ্ৰনীল বৰুৱা । 


: নীল , আহিলা । হাতত চাহৰ কাপ দুটা লৈ বাৰাণ্ডালৈকে ওলাই আহিল কল্যাণী । নীল....! তোমাক বৰ টেনশ্যনত থকা দৰে লাগিছে যে....? 


: একো নাই ! ৰাতি ভালকৈ টোপনি নাহিল যে , সেয়ে মূৰটো বিষোৱা বিষোৱা অনুভৱ হৈছে । 


: উম....! চাহ লোৱা । নীলৰ কাষতে বহি চাহৰ কাপটো নীললৈ আগবঢ়াই দিলে নীলৰ বাওঁহাতখনত খামুচি ধৰিলে কল্যাণীয়ে । .... নীল , সংগীতা ফুকন কোন হয়....? 


: সংগীতা...? কোন সংগীতা.....? প্ৰশ্নবোধক দৃষ্টিৰে চালে কল্যাণীলৈ । Assamese Storyboard )


: মোৰ পৰা লুকুৱালৈ চেষ্টা কৰিব নালাগে । বুজৰবৰুৱাই মোক সকলো কলে ....। 


: অ'..! তুমি আমাৰ অফিচৰ সংগীতাৰ কথা সুধিছা ! তাইক ফাইল এটা চেক কৰিবলৈ দিয়া হৈছিল আৰু সেই ফাইলটো তাই হেৰুৱাই পেলালে । সেই কথাটোকে মোক কবলৈ ফোন কৰিছিল । কথা পাতি পাতি চাহ খাই থাকোঁতে নীলৰ ফোনটো বাৰে বাৰে বাজীবলৈ ধৰিলে নীলেও ফোনটো ৰিচিভ নকৰি কাটি দিলে । 


: নীল...! কোনে ফোন কৰিছে...?  ফোনটো ৰিচিভ নকৰি বাৰে বাৰে কাটি দিছা যে ....? কেনেবাকৈ বুজৰবৰুৱাই ফোন কৰা নাইটো ....! ঠাট্ৰাৰ সুৰত কলে কল্যাণীয়ে ।


: ৰাতিপুৱাই মূৰটো গৰম নকৰিবা । যোৱা ব্ৰেক ফাষ্ট ৰেডী কৰাগৈ । আজি মই অলপ সোনকালে যাব লাগিব । 


: সদায় দহ বজাত যোৱা মানুহজন আজি সোনকালে যাব লগা হ'ল যে....! নিশ্চয় কিবা ৰহস্য আছে ..? কথাষাৰ কৈয়ে হাতত কাপ দুটা ভিতৰলৈ সোমাই গ'ল কল্যাণী । কাপ দুটা বেচিনতে থৈ মোবাইলটো হাতত লৈ ডাটা অন কৰি নতুনকৈ চেভ কৰা নাম্বাৰ দুটাত whatsapp আছে নাই এবাৰ চেক কৰি চালে । বুজৰবৰুৱাই whatsappত প্ৰফাইল পিক কৰি থোৱা ফটোখন চেভ কৰি নিজৰ প্ৰফাইল ফটোখন সলাই বুজৰবৰুৱালৈ মেচেজ কৰিলে কল্যাণীয়ে । লগে লগেই মেচেজৰ উত্তৰ আহিল । .... Good Morning baby ! কি কৰিছা...? মেচেজৰ একো উত্তৰ নিদি মবাইলটো হাতত লৈ কল্যাণী পাকঘৰলৈ সোমাই গ'ল । ফ্ৰীজৰ পৰা বাটাৰৰ পেকেটতো উলিয়াই ব্ৰেড কেইখনমানত বাটাৰ লগাই দিম দুটা বয়ল কৰি বাকলি গুচাই টেবুললৈ উলিয়াই আনি নীলক মাত লগালে । ....নীল ! ব্ৰেক ফাষ্ট ৰেডী হৈ গ'ল । আহাঁ , খাই লোৱাহি....


: গৈ আছোঁ ৰবা । মোৰ পাৰ্চটো বিচাৰি পোৱা নাই যে...! ক'ত থলা ...? ভিতৰৰ পৰাই চিঞৰিলে নীলে । 


: তোমাৰ পাৰ্চ দেখোঁন তুমিয়ে সামৰি থোৱা । মই কেনেকৈ জানিম ক'ত থলা...! 


: হ'ব দিয়া । মই বিচাৰি লম ।  পাৰ্চটো বিচাৰি ৰূমটো চলাথ কৰিলে নীলে । তেনেতে নীলৰ চকুত পৰিল ড্ৰেছিং আইনাখনৰ কাষতে পাৰ্চটো পৰি আছে । পাৰ্চটো বুটলি জেপত ভৰাই ডাইনিং ৰূমলৈ ওলাই আহিল নীল । বৰ খৰখেদাকৈ ব্ৰেক ফাষ্ট কৰি নীল অফিচলৈ ওলাই গ'ল । হঠাৎ নীল সলনি হোৱা দেখি কল্যাণীৰ মনত সন্দেহৰ পোকটোৱে খুতিবলৈ আৰম্ভ কৰিলে । .....নীল সঁচাকৈয়ে সলনি হৈছে । কিন্তু কিয়....? সংগীতা ফুকন নামৰ এজনী ছোৱালীক কিছুদিন আগতে কোনোবাই হত্যা কৰি সৰাগুৰিৰ জানটোত পেলাই থৈ গৈছিল । কেনেবাকৈ সেই হত্যা কাণ্ডৰ লগত নীল জড়িত হৈ নাইটো.....? কথাবোৰে বৰ চিন্তাত পেলাইছিল কল্যাণীক । চিন্তা কৰি বহি থাকোঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল । বুজৰবৰুৱাই ফোন কৰিছে । ধৰোঁ নধৰোঁকৈ ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে । 


: হেল্ল'...! 


: মোৰ মেচেজটোৰ উত্তৰ নিদিলা যে....? 


: নেটৱৰ্ক বহুত বেয়া , সেয়ে হয়টো মেচেজটো চেণ্ট হোৱা নাই । মিছাকৈয়ে কলে কল্যাণীয়ে । 


: তোমাৰ নামটো কি আছিলে বুলি কৈছিলা ...? 


: চিনাকী হোৱা দুদিনেই হোৱা নাই ...! ইমান সোনকালে নামটো পাহৰিলে কেনেকৈ হ'ব ...! বৰ মৰম লগাকৈ কলে কল্যাণীয়ে । কল্যাণীৰ মৰম লগা কথাবোৰ শুনি বুজৰবৰুৱাই যেন আকাশৰ তৰাটো হাতেৰে ঢুকি পোৱা যেন অনুভৱ কৰিলে । 


: উম....! তোমাৰ নাম মেঘালী মনত পৰিলে । ফেচবুক ফ্রেণ্ড নহয়জানোঁ...! 


: হা: ...! হা:...! বুজৰবৰুৱাৰ কথা শুনি হাঁহি দিলে কল্যাণীয়ে । বৰ ধেমালি কৰিব পাৰা দেই । 


: মই মানুহটোৱেই তেনেকুৱা , নিজেও হাঁহি থাকোঁ আৰু আনকো হঁহুৱাই ভাল পাওঁ । বাৰু...! সেইবোৰ কথা কথা বাদ দিয়া । ঘৰত কোন কোন আছে বুলি কৈছিলা ....? 


: মই আৰু মোৰ মা । সঁচা কথাবোৰ পোহৰলৈ আনিবৰ বাবেই বুজৰবৰুৱাৰ লগত অভিনয় কৰিলে কল্যাণীয়ে । 


: বৰ সুখী পৰিয়াল । পঢ়া শুনা কিমান কৰিলা...? 


: কোনো ৰকম বি.এ.টো পাছ কৰিলোঁ । তুমি কি কৰা...? 


: মই পুলিচ ইন্সপেক্টৰ । বৰ গৌৰৱেৰে কলে বুজৰবৰুৱাই


: তেন্তে মই ছাৰ বুলিয়েই ক'ব লাগিব । 


: নাই , কিয় ছাৰ বুলি মাতিব লাগেনো..!  তুমি মোক কমল দা বুলিয়ে মাতিবা । 


: ঠিক আছে । এতিয়া ৰাখিছোঁ দিয়া । মাৰ ঔষধ খোৱাৰ সময় হ'ল । 


: ঠিক আছে । ফ্ৰী হলে মোক মেচেজ কৰিবা । মই ফোন কৰিম । 


: উম...!  ফোনটো কাটি দিলে কল্যাণীয়ে ।  .....মই ঠিকেই সন্দেহ কৰিছিলোঁ বুজৰবৰুৱা মানুহটো বৰ ঠিক নহয় । ইয়াৰ লগত কেইদিনমান মিঠা মিঠা কথা পাতিলে নীলৰ লগত ইয়াৰ কি সম্পৰ্ক সেই সকলোবোৰ কথা ধুনীয়াকৈ উলিয়াই ল'ব পাৰিম । বুজৰবৰুৱাই আচলতে সংগীতা ফুকনৰ হত্যাৰ ফাইলটো হেৰুৱাৰ কথাই কৈছিল নীলক । কিন্তু... নীলক কিয় কলে ...? সংগীতাৰ হত্যাকাণ্ডৰ লগত বুজৰবৰুৱা আৰু নীল দুয়োটা জড়িত হৈ থকা নাইটো ...! কথাবোৰ ভাবি থাকোতেই হঠাৎ কল্যাণীৰ মনত পৰিল তাইৰ কলেজৰ প্রিয় বান্ধৱী কাজলপ্ৰিয়া এগৰাকী সাংবাদিক । কাজলপ্ৰিয়াক লগত লৈ এবাৰ বুজৰবৰুৱাক লগ কৰাৰ কথা ভাবিলে কল্যাণীয়ে । মোবাইলটো খুঁচৰি কাজলপ্ৰিয়াৰ নাম্বাৰটো উলিয়াই কাজললৈ ফোন লগালে ।  .......হেল্ল'....! কাজল । কি খবৰ...?


: ভাল....। ভাল....। পিছে ইমান দিনৰ মূৰত আজি কি মনত পৰিল মোলৈ .....? 


: বিশেষ কথা এটাৰ বাবেহে তোলৈ ফোন কৰিলোঁ । 


: কি কথা কচোন...? 


: সৰাগুৰি চাপৰিত সংঘটিত হোৱা সংগীতাৰ হত্যাকাণ্ডৰ কেছটো সম্পর্কত তোৰ হাতত কিবা তথ্য আছে নেকি...? 


: মোৰ হাতত একো তথ্য নাই । কিন্তু...., তই এইবোৰ কথা কিয় সুধিছ ...? 


: বুজৰবৰুৱাক তই চিনি পাৱ নি কাজল ...? 


: ইন্সপেক্টৰ কমল বুজৰবৰুৱা নেকি...! 


: হয়...। 


: সংগীতাৰ কেছটো তেঁওৱেই তদন্ত কৰিছিল । তই কেনেকৈ চিনি পাৱ তেওঁক...? 


: নীলৰ লগত তেওঁৰ এটা ভাল সম্পৰ্ক আছে । এটা কাম কৰিবি নেকি...!


: কি কাম...?


: দুয়োজনীয়ে এদিন বুজৰবৰুৱাক লগ কৰাৰ কথা ভাবিছোঁ । 

: লগ কৰি কি কৰিবিনো ...?


: মানুহজনক এবাৰ ওচৰৰ পৰা লগ পাবলৈ মন গৈছে । 


: কিয়...? 


: সেইবোৰ বহুত কথা । লগ পালে কম । তই কেতিয়া ফ্ৰী থাক মোক কবি । 


: কালিলৈ মই ফ্ৰী আছোঁ । তথাপিও ৰাতিপুৱা এবাৰ ফোন কৰিবিচোন । এতিয়া ৰাখিছোঁ দে , মোৰ সময় হল , মই ৰেডী হৈ লওঁ । 


: ঠিক আছে কাজল । মই তোক ফোন কৰিম ।  কথাষাৰ কৈয়ে ফোনটো কাটি দিলে কল্যাণীয়ে । ফোনটো ফ্ৰীজৰ ওপৰতে থৈ কল্যাণী ঘৰুৱা কামত ব্যস্ত হৈ পৰিল ।


     ক্ৰমশঃ.....


✍🏻তীৰ্থ_পিন্টু_বড়া


 মাজনিশাৰ উঁচুপনি প্ৰথম খণ্ড-

https://www.smj24.in/2022/09/assamese-storyboard_86.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages