এদিনাখন বাহিৰত বহুত বৰষুণ দি আছিল।আৰু পুৱাৰ সময়ত ভাষ্কৰে নিজৰ অফিচলৈ বুলি ওলায় গৈছিল।বাটতে এজনী ছোৱালী ৰৈ আছিল। ( Assamese Storyboard )
আৰু তাই বৰষুণত বহুখিনিয়ে তিতি গৈছিল।ভাষ্কৰে তাইৰ ফালে চালে-আৰু ছোৱালীজনীও ভাষ্কৰৰ ফালে চাই লিফ্ট বিচাৰি হাত জোকাৰিলে।ভাষ্কৰেও গাড়ী ৰখায় সুধিলত গম পালে যে-ছোৱালীজনীৰ পৰীক্ষা আছে।ছোৱালীজনীয়ে ভাষ্কৰক কলেজত থৈ আহিবলৈ কোৱাত- ভাষ্কৰেও অ বুলিলে।ছোৱালীজনীয়ে ভাষ্কৰক ধন্যবাদ জনালে আৰু গৈ থাকোঁতে ভাষ্কৰৰ নাম্বাৰো বিচাৰিলে।
ভাষ্কৰে তাইৰ নাম সুধিলত-তাই কলে যে-তাইৰ নাম অনামিকা হয়।ভাষ্কৰৰ এনে লাগিছিল-তাই বহুত মুকলি মনৰ হয়।কিন্তু ভাষ্কৰে ভাবিলে যে-কলেজৰ লৰা-ছোৱালীবোৰ প্ৰায়ে মুকলি মনৰ হয়।কিছু দিনৰ পাছত ভাষ্কৰলৈ অনামিকাই ফোন কৰিলে।সেইদিনা ৰবিবাৰ আছিল।আৰু অনামিকাই কলে যে-আজি তেন্তে কফি খাবলৈ যাব পাৰোঁ!আবেলিলৈ ভাষ্কৰ-অনামিকাই লগ হৈ কফি খালে আৰু বহুত কথা পাতিলে।আৰু সন্ধিয়ালৈ ভাষ্কৰে অনামিকাক ঘৰত থৈ আহিলেগৈ।কিন্তু সেইদিনা ৰাতিলৈ অনামিকাই ভাষ্কৰক ফোন কৰিলে-আৰু পুনৰ দুয়োয়ে বহুত কথা পাতিলে।আৰু এতিয়া সদায়ে-ভাষ্কৰ-অনামিকাই কথা পাতে আৰু প্ৰায়ে লগ পাই থাকিল।ভাষ্কৰে অনামিকাক সদায়ে আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে।এতিয়া অনামিকাৰ কচিংৰ ফিজ ভাষ্কৰে দিছিল।
ভাষ্কৰে কেৱল এয়াই বিছাৰিছিল যে-অনামিাই নিজৰ সপোনবোৰ যাতে পূৰ্ণ কৰে।ভাষ্কৰৰ এতিয়ালৈ বিয়া হোৱা নাছিল আৰু তাৰ চাকৰিৰ দৰমহাও ভাল আছিল।সেইবাবে ভাষ্কৰে ভাবিলে-অনামিকাক অলপ সহায় কৰি দিয়া যায়।এতিয়া অনামিকাও লাজ নকৰাকৈ ভাষ্কৰক প্ৰতিটো বস্তুৱে বিচাৰিব পৰা হৈছিল।কেতিয়াবা তাইৰ পইচাৰ প্ৰয়োজন হৈছিল,কেতিয়াবা নতুন কাপোৰৰ,আকৌ কেতিয়াবা ফিজৰ।লাহে লাহে-ভাষ্কৰ অনামিকাৰ প্ৰেমত পৰিল।আৰু তাইৰ প্ৰেমত ইমানে বেছি পগলা হল যে-তাইৰ প্ৰয়োজনবোৰ পূৰ্ণ কৰাৰ ভাষ্কৰৰ এতিয়া যেন কৰ্তব্য হৈ পৰিল।ভাষ্কৰৰ বেংকৰ একাউন্ট খালী হৈ গৈছিল। এতিয়া ভাষ্কৰৰ মন নিজৰ কামতো নলগা হৈছিল।তাৰ কাম প্ৰায়ে বেয়া হৈ গৈ থাকিল।কিন্তু ভাষ্কৰৰ মন-মগজুত সম্পূণ ৰূপে কেৱল অনামিকাই আছিল। ( Assamese Storyboard )
এদিনাখন অনামিকাৰ ফোন আহিল।আৰু তাই কলে যে-তাইৰ চৰকাৰী চাকৰিৰ বাবে চিলেকচন হৈছে।অনামিকাৰ কথা শুনি ভাষ্কৰ বহুত সুখী হল।ভাষ্কৰৰ সপোন পূৰ্ণ হৈছিল।তেতিয়া ভাষ্কৰে ভাবিলে-এয়াই ভাল সময় হয়-মই তাইক বিয়াৰ প্ৰস্তাৱ দিয়াত।
ভাল সময় চাই লৈ এদিন-ভাষ্কৰে অনামিকাক বিয়াৰ প্ৰস্তাৱ দিলে।কিন্তু অনামিকাই কোনো কথা দেখুৱায় বিয়াৰ কথাৰ পৰা আঁতৰিলে।কিন্তু কিছুদিনৰ পাছত-অনামিকাই ভাষ্কৰক কলে যে-এতিয়া তাই ভাষ্কৰৰ লগত বেছি কথা পাতিব নোঁৱাৰে।তাইৰ অন্য বেলেগ কামো থাকে।আৰু তাইৰ নিজৰ কামত বহুত ব্যস্ত হৈ থাকে।
অনামিকাৰ এনে কথা শুনি-ভাষ্কৰে বৰ দুখ পালে।তেতিয়া ভাষ্কৰে ভাবিলে-অনামিকাৰ বাবে-নিজৰ এটা এটা সময় উৰ্চগা কৰিলো।নিজৰ চাকৰিৰ কথাও চিন্তা নকৰিলো,আৰু তাই এতিয়া মোৰ লগত এনেদৰে কথা পাতিছে।
এতিয়া অনামিকাৰ-ভাষ্কৰৰ লগত কথা পতা বহুত কম হৈছিল।কিন্তু ভাষ্কৰে অনামিকালৈ মনত পেলায় বলীয়া হৈ থাকিছিল।ভাষ্কৰে-তাইৰ ফোনলৈ প্ৰতিক্ষণ অপেক্ষা কৰি লৈছিল।ভাষ্কৰৰ অৱস্থা বহুত বেয়া হৈ গৈছিল।বহুবাৰ অনামিকাই ভাষ্কৰৰ ফোনটো ৰিচিভ নকৰিছিল।
এদিনাখন অনামিকাই ভাষ্কৰলৈ ফোন কৰি কলে যে-তাইৰ বিয়া ঠিক হৈছে।এতিয়া আৰু সি তাইলৈ ফোন কৰি থাকিব নালাগে।ভাষ্কৰে অনামিকাক নিজৰ ভালপোৱাৰ শপত দিয়াত দিয়াত-অনামিকাই কলে যে-মই তোমাক বিয়াৰ প্ৰতিজ্ঞা কৰা নাছিলো।আৰু তাই কলে যে-তাই যাৰ লগত বিয়া হব,সেই লৰাজন বিদেশত থাকে।আৰু বিয়াৰ পাছত তায়ো বিদেশলৈ যাব গৈ।
ভাষ্কৰে-অনামিকাৰ আগতত বহুত কান্দিলে,তাইক বুজালে।কিন্তু অনামিকাই ভাষ্কৰৰ একো কথায় নুশুনিলে।অনামিকাৰ বাবে-ভাষ্কৰে বহুত হেৰুৱাইছিল।অনামিকাৰ বিয়া হৈ গল।আৰু ভাষ্কৰে একো কৰিব নোঁৱাৰিলে।ভাষ্কৰ গভীৰ ডিপ্ৰেচনত গুচি গল।ভাষ্কৰৰ ভালপোৱাৰ শেষ হল।ভাষ্কৰে এতিয়া পুনৰ তাৰ বিখৰিত জীৱনৰ পাতবোৰক সামৰিবলৈ চেষ্টা কৰিছিল।
যদি আমি কাৰোবাক সঁচা ভালপাঁও,আৰু সেই ভালপোৱাই যদি আমা এৰি গুচি যায়,তেতিয়া সেই বিষৰ অনুভৱক বুজাবলৈ বহুত কষ্ট হয়।তেতিয়া এনে লাগে যে-নিজৰ জীৱনটোত জীয়াই থাকিবলে লাগে বাবে আছো।আৰু আশা কৰোঁ যে-সেয়াক পাহৰিব পাৰোঁ।কিন্তু কি কৰোঁ-মনুষ্য হয় ন!সহজে পাহৰিব পৰা নাযায়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
Right.
ReplyDelete