অভিমানৰ অভিমানী ( নৱম খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, September 18, 2022

অভিমানৰ অভিমানী ( নৱম খণ্ড ) : Assamese Storyboard

Assamese Storyboard


 

নিয়ৰে বৃষ্টি হাতত ধৰি পাৰ্কৰ পৰা ওলাই আহিল আৰু গাড়ীত মন্দিৰলৈ বুলি উঠিলে । বৃষ্টি নিয়ৰৰ কাষতে বহিল নিয়ৰৰ কান্ধত মূৰ থৈ ! Assamese Storyboard )


       হঠাৎ গাড়ীত উঠা লৰা এজনক দেখি বৃষ্টি বুকু কপি গ'ল । নিয়ৰৰ কান্ধত যিমান পাৰে মুখ লুকুৱাব চেষ্টা কৰিলে ... 

      কিন্তু লৰা জনে তাইক দেখা পালে ....


    নিয়ৰ আৰু বৃষ্টি গৈ মন্দিৰৰ সন্মুখত নামিল । লৰাজনো গৈ সিহঁতৰ লগতে নামিল ।


:: বৃষ্টি .. এই লৰা জনে আমাৰ পিছে পিছে আহি আছে যে ? চিনি পোৱা নেকি ?


:: ওম.. মোৰ অতীত ৰাজ.. please একো তৰ্ক নকৰিবা ; তাক আহিব দিয়া আমি যাওঁ বলা..


:: ওম.. বলা..


সিহঁত গৈ থাকোঁতে ৰাজে  বৃষ্টিক আগভেটি ধৰিলে ।


:: কি হে ছোৱালী .. মোক এৰি আনৰ লগত যে ? কেনেকৈ ভাবিলা ইমান সহজে মই তোমাক আনৰ হ'ব এৰি দিম ?


:: কি লাগে তোমাক ইয়াত, কিয় মোৰ পিছত লাগি আছা হা ; ইমান কোৱা পিছত কিয় বুজি নোপোৱা মই তোমাক ভাল নাপাও, মই নিয়ৰক ভালপাওঁ আৰু Please মোক আমনি নকৰিবা !


:: আমনি ... যিদিনা লৈকে মই জীয়াই থাকোঁ আনৰ হোৱা কথা মনত নানিবা নহলে ..


:: নহলে কি কৰিবা তুমি ?


 ( নিয়ৰে ৰাজক বাধা দি মাত লগালে )


:: চা, তই নিয়ৰ হ দুবৰি হ হয় থাক, আমাৰ মাজত তই নাহিবি, এইটো আমাৰ personal কথা ;


:: তোমাৰ বাবে হ'ব পাৰে ৰাজ ;  মোৰ বাবে নহয়, বৃষ্টি মোৰ হ'ব লগা পত্নী আৰু যদি এবাৰো তাইক আমনি কৰা তোমাৰ বাবে কিন্তু ভাল নহব ।


:: কি কৰিবি তই ?


  ( ৰাজে নিয়ৰৰ বুকুত ধৰি ললে, নিয়ৰে তাক মাৰিব খুজুতে বৃষ্টিয়ে নিয়ৰৰ ভৰিত ধৰিলে )


:: প্লিছ... নিয়ৰ মোৰ বাবে কাজিয়া নকৰিবা , ভুল মোৰ আছিল , মোৰ বাবে তুমি কাজিয়া কৰিব নালাগে মই সকলোৱে জীৱনৰ পৰা আঁতৰি যাম । মই আৰু তোমাক দুখ দিব নোৱাৰোঁ নিয়ৰ ... 


:: তুমি মনে মনে থাকা বৃষ্টি, তুমি মোৰ, চাও ই তোমাক কি কৰিব পাৰে । আহা...


   নিয়ৰে বৃষ্টিক টানি লৈ গ'ল মন্দিৰৰ ভিতৰলৈ আৰু সেৱা কৰি তাই শিৰত সেন্দুৰ আঁকি দিলে । বৃষ্টি উচুপি উঠিল .. ৰাজে অলপ দূৰৰ পৰা সকলো চাই থাকিল !!


:: তুমি এইয়া কি কৰিলা নিয়ৰ একো নজনাকৈয়ে তুমি মোক কিয় ইমান ডাঙৰ এটা দায়িত্ব দিলা ;;


:: এদিন মোৰ হবাই, আজি পৰাই মই তোমাক মোৰ পত্নী হিচাপে স্বীকাৰ কৰিছোঁ আৰু যিদিনা লৈকে জীয়াই থাকোঁ সুখ - দুখ প্ৰতি পল তোমাৰ কাষত থাকিম, তোমাৰ পঢ়া শেষ হলেই মই লৈ যাম তোমাক মোৰ ওচৰত । চাও কোন ৰাজে মোক তোমাৰ পৰা আঁতৰাব পাৰে ...


:: মোৰ ভয় লাগিছে অ.. মোৰ বাবে যদি তোমাৰ কিবা হয় ; 


( বৃষ্টীয়ে তাক সাৱটি কান্দিব ধৰিলে ) 


:: নাকান্দিবা অ পাগলী, সি মোক একো কৰিব নোৱাৰে !


:: ঘৰত মা - দেউতাক মই কি কম, কি ভাবিব মোক ! মোক দেউতাই বহুত বিশ্বাস কৰে কিন্তু আজি সকলো শেষ হৈ গ'ল অ...


:: একো নহয় অ.. মই মা - দেউতাক সকলো বুজাই কম, মোৰ ওচৰত আন কোনো উপাই নাছিল যদি মই তোমাক পত্নী হিচাপে স্বীকাৰ নকৰিলোঁ হয় সি আৰু আমনি কৰিলে হয় !


    ৰাজ আহি সিহঁতৰ ওচৰ পালেহি ...


:: বাহ... সুন্দৰ ... মোৰ লগত প্ৰেমৰ খেল খেলি এতিয়া আনৰ পত্নী , তোমাক কিন্তু মই শান্তিত থাকিব নিদিওঁ মিছ বৃষ্টি ... ইয়াৰ শাস্তি কি হ'ব ভাবিব নোৱাৰিবা..


:: এতিয়া মোক একো কোৱা অধিকাৰ তোমাৰ নাই, মই এতিয়া নিয়ৰৰ পত্নী ..


:: ঠিক আছে চাই ল'ম...

 Assamese Storyboard )


:: কি চাবি তই... ( নিয়ৰে তাৰ ফালে খেদা লৈছিল বৃষ্টিয়ে বাধা দিলে )


:: নিয়ৰ ভুকা কুকুৰে ভুকি থাকিব । আমি যাওঁ বলা ...


( নিয়ৰ, বৃষ্টি ওলাই গ'ল )


:: যা.. যা... এই কুকুৰে কি কৰিব পাৰে ভালদৰে বুজিবি এদিন ... ( ৰাজে মাত দিলে )


****


     নিয়ৰ, বৃষ্টি আহি গাড়ীত উঠিল আৰু চাৰিআলি ওচৰৰ হোটেল এখনত সোমাল!!


:: কি খাবা ছোৱালী ..


:: তুমি যি খোৱা..


:: বহা মই অৰ্ডাৰ দি আহো ! 


     নিয়ৰ গৈ ভাত অৰ্ডাৰ দি আহিল ! 


:: নিয়ৰ , তোমাক আজি মই অতীতৰ কথা কব লাগিব, মোক মানা নকৰিবা ; মই নিবিচাৰোঁ তুমি আনৰ পৰা জনাটো , 


:: কোনো দৰকাৰ নাই, আনে কওক বা তুমি কোৱা যিয়েই নহওঁক কিয় মই জানিব নিবিচাৰোঁ কি আছিল অতীত । এতিয়া তুমি এতিয়া মোৰ পত্নী আৰু বেলেগ জানিব নিবিচাৰোঁ ।


:: ইমান ভালপোৱা মোক ? পাৰিবা উৰে জীৱন এনেদৰে মৰম কৰিব ?


:: বহুত বহুত ভালপাওঁ পাগলী মোৰ ;; এটা জীৱন নহয় ৭ জনম এনেদৰেই ভালপাই থাকিম তোমাক, তোমাৰ প্ৰতি থকা মৰম কোনোদিনে শেষ নহয় !


:: ঘৰত যদি গম পাই এইবোৰ কি হ'ব মোৰ ? কি কম মই ??


:: মই আছোঁ তুমি চিন্তা নকৰিবা ; মোৰ অভিমানী জনীক কোনেও একো নকয়, কিবা কব হলে ময়েই শুনিম ।


:: তোমাৰ পৰা এটা বস্তুৱেই লাগে আজি মোক, দিবা নে  ?


:: কি কোৱা, দিব পৰা সকলো দিম তোমাক ;


:: তোমাৰ পত্নী মৰ্যদা ৰক্ষা কৰিবলৈ মোক তুমি সেন্দুৰ টেমা এটা দি যাবা, পিছত মই নিজেই লম কিন্তু প্ৰথম তোমাৰ পৰা বিচাৰোঁ, দিবা...


:: দিম ... কিন্তু... পাৰিবা জানো সদায় তোমাৰ শিৰত সেন্দুৰ আঁকিব ?


:: সেইটো চিন্তা তুমি কৰিব নালাগে ; মোৰ পাগলটো তুমিয়েই সকলো কৰিব পাৰা নেকি ? মই নোৱাৰোঁ ভাবিছা ? মই সদায় তোমাৰ নামৰ সেন্দুৰ শিৰত লম ! সেইয়া লাগিলে গোপনে হওঁক । 


:: পাগলী জনী মোৰ ...


:: পাগলটো ...


    ভাত দিলেহি ... দুইতাই হাত ধুই আহি আহি ভাত খাব বহিল ।  বৃষ্টিয়ে ভাতত হাত দি ৰৈ গ'ল ...


:: কি হ'ল ? খোৱা ...


:: খাম .. সেইদিনা হাতত অলপ দুখ পালোঁ পুৰিছে... 


:: চাও .. ক'ত দুখ পালা ?


:: অলপ অ খোৱা , মই খাইছো বাৰু ..


   ( নিয়ৰ আহি তাই কাষত বহিল )


:: চাও মই খুৱাই দিও ..


:: পাগল . .. কি কৰা দেখা নাই ইমান মানুহ আছে ...


:: থাকক চাও মুখ মেলা ...


:: তোমাৰ মানে লাজ বুলা একো নাই ন..


:: নাই চাও ...


     নিয়ৰে বৃষ্টিক সৰু ছোৱালী দৰে ভাত খুৱাই দিলে, অভিমানী জনী দুচকুৰ পৰা এটোপাল চকুপানী আহি নিয়ৰৰ হাতত পৰিল ..!!..


:: কি হ'ল পাগলী .. কিয় কান্দিছা ? 


:: নাই অ... ইমান মৰম দি মোক পাগল নকৰিবা, তুমি ঘৰত যোৱা পিছত কেনেকৈ থাকিম মই !


:: সেই আকৰি ... মই আকৌ আহিম নহয় । চাও খোৱা ...


:: তুমিও খোৱা .. 


:: হব .. খাইছোঁ .. 


     বৃষ্টিয়ে নিয়ৰৰ মুখ খন চাই চাই ভাত খাই থাকিল ... দুইতাই ভাত খাই ঘৰলৈ বুলি ওলাল ....


        নিয়ৰ কাষত আছে যদিও এটা ভয়ে বাৰে বাৰে বৃষ্টি মনক আমনি কৰি আছে । ৰাজে যদি নিয়ৰক কিবা কৰে ? ঘৰত যদি এইবোৰ গম পাই, ৰাজে যদি সকলোকে কৈ দিয়ে ?? 


:: কি চিন্তা কৰি আছা বৃষ্টি .. ঘৰত নোযোৱা , মাই চাগে চিন্তা কৰি আছে ;


:: যাওঁ বলা ....


        *****


           ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( অষ্টম খণ্ড )-

https://www.smj24.in/2022/09/assamese-storyboard_80.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages