..... হয় ছাৰ । কালিলৈ লগ কৰিম বুলি মোলৈ ফোন কৰিছে । ( Assamese Storyboard )
: তেতিয়া হ'লে আপুনি একো চিন্তা নকৰিব । মই আপোনাক সহায় কৰিম ।
: কিন্তু...! এটা প্ৰব্লেম আছে ছাৰ ।
: কি প্ৰব্লেম বৰুৱানী...?
: তেওঁলোকে আৰক্ষীক খবৰ দিবলৈ মানা কৰিছিল ।
: মই চিভিল ড্ৰেচত যাম বৰুৱানী । তেওঁলোকে আপোনাক ক'ত লগ কৰিম বুলি কৈছে ....?
: সৰাগুৰি জানটোৰ ওচৰতে লগ কৰিম বুলি কৈছে ।
: উম...! আপুনি অলপ সাৱধানে কথা পাতিব বৰুৱানী । বৈশালীক লগত নিনিব ।
: নাই...! নাই...! মই অকলে যাম ।
: ঠিক আছে । আপুনি ওলাই যোৱাৰ আগতে মোলৈ এটা ফোন কৰিব । তেতিয়া আমাৰ সুবিধা হ'ব । আপোনালোক তাত গৈ পোৱাৰ আগতেই আমি তাত হাজিৰ হ'বগৈ লাগিব । তেতিয়াহে আমাৰ অভিযান সফল হ'ব বৰুৱানী ।
: নিশ্চয় ফোন কৰিম ছাৰ ।
: ঠিক আছে । এতিয়া ৰাখিছোঁ .... ফোনটো কাটি দিলে দিম্পল দত্তই ।
...... দত্তই বাৰু মোক সঁচাকৈয়ে সহায় কৰিব নে....? যদি নকৰে মোৰ জীৱনটো শেষ হৈ যাব নেকি....! কথাবোৰ এবাৰ আকৌ ভালদৰে ভাবিবলৈ বাধ্য হ'ল কল্যাণী । কথাবোৰ ভাবি ভাবি চোফাখনত বহি থাকোঁতেই বৈশালীয়ে মাত লগালে । .... বাইদেউ , বৰদেউতাই ফোন কৰিছিল নেকি আপোনাক ....?
: নাই কৰা বৈশালী। ফোন কৰা কথা আছিল নেকি....?
: নাই । এনেই সুধিছিলোঁ ।
: অ'....!
: বাইদেউ , কালিলৈ মই এবাৰ বৰদেউতাক লগ কৰিবলৈ যাম বুলি ভাবিছোঁ ।
: হয়নেকি...! কিন্তু কালিলৈ মই ঘৰত নাথাকিম বৈশালী । বিশেষ কাম এটাত অলপ ওলাই যাব লাগিব ।
: মই অকলেই যাম বাইদেউ ।
: সেইটো ভুল নকৰিবা বৈশালী । নিবিৰক লগত লৈ যাবা.... সাহস এটা হ'ব ।
: ঠিক আছে বাইদেউ । নিবিৰকে লগত লৈ যাম ।
কথা পাতি দুয়োজনী ড্ৰয়িং ৰূমত বহি থাকোঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল । হেল্ল...! কাজল...
: তোৰ একো খবৰ নাইকিয়া হ'ল যে...? কিবা খবৰ আছে নেকি...?
: বিশেষ একো খবৰ নাই । তোৰ হাতত কিবা information আছে নেকি....?
: মোৰ হাতটো একো information নাই কল্যাণী । বৈশালীৰ কি খবৰ ...?
: ভাল , মোৰ ওচৰতে আছে ।
: হয়নেকি.....! বুজৰবৰুৱাহঁতে মুখ খুলিছে নে নাই....?
: এটা শব্দও উচ্চাৰণ কৰা নাই কাজল । এনেকৈ হ'লে মই বৰ বেয়াকৈ হাৰি যাম ।
: ধৈৰ্য ধৰ কল্যাণী । ইমানখিনি আগবঢ়াৰ পাছত তই এনেকৈ ভাগি পৰিলে নহব নহয় । সত্যৰ সদায় জয় ...
: আজিকালি অসত্যৰহে জয় হয় কাজল ।
: কালিলৈহে গম পাম কাজল মোৰ জয় হয় নে পৰাজয় । এখন ভয়ংকৰ খেল খেলিবলৈ লৈছোঁ মই । জীৱন মৰণৰ খেল....
: তোৰ পৰাজয় কেতিয়াও নহয় কল্যাণী । ভগৱানৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ।
: এক মিনিট কাজল , মোৰ ফোন এটা আহি আছে । ফোনটো ৰিচিভ কৰি লওঁ । কথাষাৰ কৈয়ে কাজলৰ ফোনটো কাটি waitingত থকা ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে ।
: হেল্ল'...! মিছেছ বৰুৱানী....! কাৰ লগত ইমানকৈ কথা পাতি আছিলে....?
: বান্ধৱী এজনীৰ লগত কথা পাতি আছিলো । কওঁক...
: কালিলৈ লগ হোৱাৰ কথাটো কাৰোবাক জনাইছে নেকি...?
: নাই জনোৱা । কিয় জনাম বাৰু....! সেইটো আপোনাৰ আৰু মোৰ ভিতৰুৱা কথা ।
: good . কালিলৈ আপোনাক লগ কৰিবলৈ আমাৰ লগত আশুতুষ চক্ৰৱৰ্তী যাব । আপোনাক আমি বেছি সময় দিব নোৱাৰিম । মাত্ৰ দহ মিনিট সময় আমাৰ হাতত থাকিব ।
: দহ মিনিট সময়...? ইমান কম সময়ৰ ভিতৰত কথাবোৰ কেনেকৈ আলোচনা কৰিম...?
: উপায় নাই । আমাৰ হাতত সময় একেবাৰেই কম । গতিকে দহ মিনিটৰ ভিতৰতে সকলো শেষ কৰিব লাগিব । চক্ৰৱৰ্তীয়ে আপোনাৰ লগত এটা এগ্ৰিমেন্ট কৰাৰ কথা কৈছে ।
: আকৌ কিহৰ এগ্ৰিমেন্ট...?
: ভয় কৰিব নালাগে । আপুনি মাত্ৰ সময় মতেই আহি উপস্থিত হ'বহি ।
: মই গৈ পোৱাৰ পাছত আপোনাৰ লগত কেনেকৈ যোগাযোগ কৰিম ....?
: সেইবিলাক টেনশ্যন ল'ব নালাগে । আপুনি দলঙখনৰ ওচৰ পালেহিয়েই আমাৰ মানুহ গৈ আপোনাক আগবঢ়াই আনিবগৈ ।
: মই তেওঁক চিনি পাম কেনেকৈ...?
: আপোনাৰ ফটো এখন তেওঁৰ হাতত দি পঠিয়াম । যিজন মানুহেই আপোনাক ফটোখন দেখুৱাব সেই মানুহজনৰ পাছে পাছে আপুনি আহি থাকিব । ok . কালিলৈ লগ পাম । good Night... কথাষাৰ কৈয়ে ফোনটো কাটি দিলে মানুহজনে ।
নিশাবোৰ ক্ৰমাৎ গভীৰ হৈ আহিছিল । জিলিৰ মাতে ৰাতিৰ আন্ধাৰবোৰ আৰু গভীৰ কৰি তুলিছিল । টোপ টোপকৈ গছৰ পৰা সৰা নিয়ৰৰ টোপালে পৰিবেশটো অধিক শীতল কৰি পেলালে । চোফাখনতে বহি কথাবোৰ ভাবি থাকোঁতেই দুৱাৰখন খুলি নিবিৰ সোমাই আহিল ।
....... কি হ'ল ? দুয়োজনী যেন জলকা লাগি বহি আছ ....?
: তোলৈকে বাট চাই আছিলোঁ ।
: হয়নে....! ইমান মৰম মোলৈ....
: দিন কাল ভাল নহয় । সেয়ে দেৰি হ'লে চিন্তা হয় । যা , মায়েও চিন্তা কৰি আছিল । দেৰি হ'লে যে ঘৰত চিন্তা হয় সেইটো জান নে নাজান...? ফোন কৰি থাকিলেও ফোনটো কিয় ৰিচিভ নকৰ.... ( Assamese Storyboard )
: অলপ বিজি হৈ আছিলোঁ । কিবা কাম এটা কৰি থাকিলে ফোন ৰিচিভ কৰিব পাৰি নেকি....! মুখখন বেঁকা কৰি কল্যাণীলৈ কেৰাহিকৈ চাই নিবিৰ তাৰ ৰূমটোলৈ সোমাই গ'ল ।
: বাইদেউ , ভাইটি আহিলে যেতিয়া আমি ভাত উলিয়াওগৈ ব'লক....! মাৰ টোপনিয়ে গ'ল চাগৈ ।
: ব'লা বৈশালী । যিহে ঠাণ্ডা পৰিছে খাই বৈ শুই থকাই ভাল ।
দুয়োজনী পাকঘৰলৈ সোমাই গৈ ভাতৰ কাঁহী কেইখন বাঢ়ি টেবুললৈ উলিয়াই আনিলে । ভাতকেইটা খাই লৰালৰিকৈ বিচনাত উঠিল কল্যাণী । লাইটৰ ছুইছটো অফ কৰি দিয়াৰ লগে লগেই ড্ৰয়িং ৰূমটো গহীন হৈ পৰা যেন অনুভৱ কৰিলে কল্যাণীয়ে । ভগৱানৰ নাম উচ্চাৰণ কৰি চকু দুটা জপাবলৈ লওঁতেই বিচনাখনৰ কাষতে থকা খিৰিকীখনৰ ওচৰত কোনোবাই উচুপি উচুপি কন্দা যেন শুনিবলৈ পালে কল্যাণীয়ে । প্ৰথমে কথাটো ইমান গুৰুত্ব দিয়া নাছিল যদিওঁ লাহে লাহে কান্দোনৰ শব্দটো ওচৰ চাপি অহা যেন পাই মোবাইলৰ লাইটটো জ্বলাই বিচনাৰ পৰা লাহেকৈ নামি আহি লাইটৰ ছুইছটো অন কৰি দিলে কল্যাণীয়ে । ভয়তে কল্যাণীয়ে বৈশালীক মাত লগালে । ....বৈশালী , টোপনি গ'লা নেকি....? কল্যাণীৰ মাতটো শুনি দুৱাৰখন লাহেকৈ খুলি বৈশালী ওলাই আহিল ।
: কিয় মাতিছিলে বাইদেউ ।
: কিবা এটাই কন্দা শুনিছিলা নেকি....?
: শুনিছিলোঁ বাইদেউ । কিহে কান্দিছে বাৰু....!
: একো ধৰিব পৰা নাই । ব'লাচোন , এবাৰ চাই আহোঁ...!
: আমি দুজনী অকলে ওলাই যোৱাটো ভাল নহ'ব নেকি...? নিবিৰকো মাত লগাই দিয়ক । চোৰ ডকাইটো হ'ব পাৰে।
: ঠিক কথা কৈছা তুমি... । ৰ'বা , মই নিবিৰক মাত লগাই দিওঁ । নিবিৰৰ ৰূমটোৰ ওচৰলৈ গৈ দুৱাৰখনত টোকৰ দিলে কল্যাণীয়ে ।
: মা নেকি....? বিচনাৰ পৰাই মাত লগালে নিবিৰে
: মা নহয় নিবিৰ, মইহে...! উঠচোন... বাহিৰৰ কিবা এটাই কান্দি থকা যেন লাগিছে । কথাটো শুনাৰ লগে লগেই একে জাপে বিচনাৰ পৰা নামি আহিল নিবিৰ । ডাইনিং টেবুলৰ কাষত থকা ৰেগডালৰ পৰা তিনি বেটাৰীয়া টৰ্চটো লৈ নিবিৰহঁত বাহিৰলৈ ওলাই আহিল । ঘৰটোৰ চাৰিওফালে টৰ্চ মাৰি চালে নিবিৰে ।
: ক'তা একো নাই দেখোঁন...! তইহে জান কি শুনিলি...?
: ময়ো শুনিছিলো নিবিৰ। বৰ বেয়াকৈ কান্দিছিল । চোতালৰ মাজতে কান্দি থকা যেন লাগিছিল । লাহেকৈ ক'লে বৈশালীয়ে ।
: ভূত নহয়টো...!
: ভূত....? নিবিৰে ভূত শব্দটো উচ্চাৰণ কৰাৰ লগে লগেই দৌৰ মাৰি আহি ভিতৰত সোমাল বৈশালী ।
: একো নাই , দেখিলি নহয় । শুই থাকগৈ ব'ল ...
বাহিৰত একো নেদেখি দুৱাৰখন বন্ধ কৰি নিবিৰ আৰু কল্যাণী ভিতৰলৈ সোমাই আহিল । ....তই শুগৈ নিবিৰ । আকৌ কিবা শুনিলে মই তোক মাত লগাই দিম । দুৱাৰখন বন্ধ নকৰিবি । কল্যাণীৰ কথামতেই নিবিৰ গৈ তাৰ ৰূমত শুই থাকিল । বিচনাৰ পৰা কম্বল এখন আনি চোফাখনতে ভৰি দুখন তুলি কুচি মুচি বহি ললে কল্যাণী । হাতত কম্বল দুখন লৈ বৈশালীও আহি কল্যাণীৰ ওচৰ পালেহি । ...কি হ'ল বৈশালী...?
: মোৰ ভয় লাগিছে । অকলে অকলে ৰূমটোত শুই থাকিব নোৱাৰোঁ দেই । কপা কপা মাতেৰে কলে বৈশালীয়ে ।
: একো নহয় যোৱা বৈশালী । মই বহি আছোঁ নহয়....
: নাই ...! নাই...! ময়ো আপোনাৰ লগতে বহি থাকিম বাইদেউ ।
: বহি থাকিব নালাগে । দুয়োজনী একেলগে শুই থাকোঁগৈ ব'লা ।
: ব'লক বাইদেউ ।
লেপ কম্বল হাতত লৈ কল্যাণী বৈশালীৰ ৰূমটোলৈ সোমাই গ'ল । ভয়ে ভয়ে বিচনাত উঠিল বৈশালী । লেপখন গাত লৈ বৈশালীৰ কাষতে কাটি হৈ দিলে কল্যাণী । ফিৰফিৰিয়া চেঁচা বতাহ এজাক ভেন্টিলেটৰে ৰূমটোলৈ সোমাই আহিল । লেপখনৰ তলত মূৰটো লুকুৱাই চকুহাল জপাবলৈ লওঁতেই আকৌ কান্ধোনৰ শব্দটো শুনিবলৈ পালে কল্যাণীয়ে । বৈশালীয়ে ভয় খাব বুলি ভাবিয়েই শুনিও নুশুনাৰ ভাও ধৰি মনে মনে শুই থাকিল কল্যাণী । হঠাৎ কেৰেক কৈ শব্দ এটা কৰি দুৱাৰখন খোল খোৱাৰ শব্দ এটা শুনি লেপৰ তলৰ পৰা মূৰটো উলিয়াই চালে বৈশালীয়ে । দুৱাৰখন অলপ ফাক হৈ আছে । ...বাইদেউ, বাইদেউ... দুৱাৰখন ভালকৈ বন্ধ নকৰিলে নেকি...?
: কৰিছিলোঁ । কিয় ....?
: চাওঁকচোন...! দুৱাৰখন ফাক হৈ আছে ।
: ভয় কৰিব নালাগে । হুকটো লগোৱা নাছিলোঁ । সেয়ে খোল খাই গ'ল । ৰ'বা মই হুকটো লগাই থৈ আহোঁ ।
দুৱাৰখনৰ হুকটো বন্ধ কৰি বিচনাত উঠিবলৈ লওঁতেই খটক কৈ হুকটো সৰি পৰিল । হুকটো আকৌ লগাই চকী এখন দুৱাৰখনত লগাই হেঁচা এটা দি থৈ আহিলে কল্যাণীয়ে ।
বিচনাখনত বহি ৱালত আঁৰি থোৱা ঘড়ীটোলৈ চকু দিলে কল্যাণীয়ে । বাৰ বাজিবৰে হ'ল...
: শুই থাকা বৈশালী । বহুত ৰাতি হ'ল ।। ভয়ে ভয়ে দুয়োজনী শুই পৰিল । শুই দিয়াৰ কিছুসময় পাছতেই চিলমিলকৈ টোপনি আহিছিল কল্যাণীৰ । ..... মোক নামাৰিবি ঐ ! এৰি দে মোক...! এৰি দে...., ডাঙৰকৈ চিঞৰি দিলে কল্যাণীয়ে । কল্যাণীৰ চিঞৰ শুনি একেজাপে বিচনাত বহি দিলে বৈশালী ।
: বাইদেউ...! কিয় এনেকৈ চিঞৰিলে....? বাইদেউ , মই কিবা এটা কৈ আছোঁ আপোনাক....
: উম...! কিবা কৈছিলা নেকি বৈশালী....?
: কিয় চিঞৰিছিলে ইমান ডাঙৰকৈ...?
: মই চিঞৰিছিলোঁ....! কেতিয়া....?
: আপোনাৰ চিঞৰ শুনি মই একেজাপে উঠিলোঁ ।
: কিবা সপোন দেখিছিলোঁ চাগৈ...!
: সপোনত মানুহে এনেকৈ চিঞৰে নে...! মই আকৌ আপোনাক ভূতে ধৰিলে বুলিহে ভাবিছিলোঁ ।
: পানী এগিলাচ দিয়াচোন ...! ডিঙিটো শুকাই যোৱা যেন লাগিছে ।
: আই... ঐ , মই পাকঘৰৰ পৰা পানী আনিবলৈ যাব নোৱাৰোঁ দেই ।
: পাকঘৰলৈ যাব নালাগে । ড্ৰয়িং ৰূমতে আছে । লৈ আহাগৈ...
: বেয়া নাপায় যদি আপুনিয়েই আনিবগৈ নেকি বাৰু...!
: হ'ব । মইয়ে আনিম । তুমি শুই থাকা ।
লেপখন গাৰ পৰা আঁতৰাই ড্ৰয়িং ৰূমৰ পৰা হট ৱাটাৰৰ বটলটো আনি পানী এসোঁৱাহ খাই বিচনাখনত বাগৰ দিলে কল্যাণীয়ে ।
ক্ৰমশঃ.......
✍🏻তীৰ্থ_পিন্টু_বড়া
মাজনিশাৰ উঁচুপনি ( খণ্ড_১৬ ) - https://www.smj24.in/2022/09/assamese-storyboard_22.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Bohut val lagise iar pisor likhonitu kio nidiye
ReplyDelete