মাজনিশাৰ উঁচুপনি : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 8, 2022

মাজনিশাৰ উঁচুপনি : Assamese Storyboard

Assamese Storyboard

ৰাতিবাৰ বজালৈকে পাৰ্টি কৰি মিছেছ কল্যাণী বৰুৱাৰ সৈতে ইন্দ্ৰনীল বৰুৱা ঘৰলৈ উভতিল ।  Assamese Storyboard )


সৰাগুৰি চাপৰিটো পাৰ হৈ সৰু জানটোৰ ওপৰত থকা দলঙৰ ওপৰতে গাড়ীখন ৰখাই ইন্দ্ৰনীল গাড়ীৰ পৰা নামি আহিল ।  পকেটৰ পৰা চিগাৰেটৰ পেকেটটো উলিয়াই চিগাৰেট এটা জ্বলাবলৈ লওঁতেই কিবা এটা চকুৰ আগেদি পাৰ হৈ যোৱা যেন অনুভৱ কৰিলে ইন্দ্ৰনীলে । চিগাৰেটটো জ্বলাই হুপিবলৈ লওঁতেই কিছু দূৰত কোনোবাই কান্দি থকা শব্দ এটা শুনি কল্যাণী গাড়ীৰ পৰা নামি আহিল ।


: হেৰা ...! ইয়াত চিগাৰেট নাখালে নহয় নে...! শুনিছানে নাই কিবা এটাই কান্দিছে....! 


: শিয়ালে চিঞৰিছে । ভয় কৰিব নালাগে । যোৱা গাড়ীত বহাগৈ....! 


: সোনকাল কৰা । মোৰ খুব টোপনি ধৰিছে । কথাষাৰ কৈ কল্যাণী গাড়ীখনৰ ওচৰলৈ যাওঁতেই গাড়ীৰ দুৱাৰখন নিজেই নিজেই খোল খাই গ'ল । ভয়ত দৌৰি আহি কল্যাণী ইন্দ্ৰনীলৰ  কাষ পালেহি ।


: কি হ'ল....? উধাতু খাই আহিলা যে..?


: এই ঠাইখিনি বৰ ভাল নহয় যেন লাগিছে নীল....! মই গাড়ীখনৰ ওচৰ পাওঁতেই দুৱাৰখন নিজে নিজে খোল খাই গ'ল । 


: কি অদ্ভুত কথা কৈছা । তুমি চাগৈ দুৱাৰখন ভালকৈ বন্ধ নকৰিলা । 


: মই ভালকৈয়ে বন্ধ কৰি থৈ আহিছোঁ নীল...!  Assamese Storyboard )


: ব'লা ....! ব'লা....! বহুত ৰাতি হৈ গ'ল । 


         নীল আৰু কল্যাণী গাড়ীত বহিল । দুৱাৰখন ভালকৈ বন্ধ কৰি ষ্টাৰ্ট কৰিবলৈ লওঁতেই গাড়ীখনৰ ষ্টাৰ্ট নোহোৱা হ'ল । বহুবাৰ চেষ্টা কৰিও গাড়ীখনৰ ষ্টাৰ্ট কৰিব নোৱাৰিলে নীলে । গাড়ীখনৰ পৰা নামি কি হৈছে চাওঁ বুলি ভাবোঁতেই হঠাৎ গাড়ীখন ষ্টাৰ্ট হৈ গ'ল । 


: নীল....! 


: কোৱা...! 


: নাই...! একো নাই ।  কথা পাতি থাকোঁতেই গাড়ীখনৰ ভিতৰটো ধোঁৱাই আৱৰি ধৰিলে । ....নীল , ধোঁৱা ওলাইছে কিয়....? 


: একো ধৰিব পৰা নাই । 


          নীল আৰু কল্যাণী গাড়ীৰ পৰা নামী আহি দলঙৰ ওপৰতে কিছু সময় ঠিয় দি গাড়ীখনলৈ চাই  থাকোঁতেই গাড়ীৰ হৰ্ণটো বাজি উঠিল । ভয়ত কল্যাণী ঠকথককৈ কঁপিবলৈ ধৰিলে । তেনেতে এটা কলা মেকুৰী মেও.... মেওকৈ চিঞৰি সিহঁতৰ আগেদি পাৰ হৈ গ'ল । লাহে লাহে গাড়ীখনৰ ধোঁৱাবোৰ কমিবলৈ ধৰিলে । দুয়োটা গাড়ীত উঠি গাড়ীখন ষ্টাৰ্ট কৰি তীব্ৰ বেগেৰে গাড়ীখন আগুৱাই নিলে নীলে । ৰিয়েৰ ভিউ গ্লাছখনত হঠাৎ নীলে লক্ষ্য কৰিলে গাড়ীখনৰ পাছৰ ছিটটোত পৰি আছে তেজেৰে লুতুৰী পুতুৰী হৈ থকা এজনী ছোৱালী । ভয়ে ভয়ে এবাৰ পাছলৈ চালে নীলে । পৰি থকা ছোৱালীজনী হঠাৎ উঠি বহি দিলে । সেউজীয়া শাড়ী পিন্ধি বহি থকা ছোৱালীজনীৰ চকু দুটা ৰান্ধনী বেলিৰ দৰে ততকৈ জিলিকি উঠিল । একো প্ৰতিক্ৰিয়া নেদেখুৱাই নীলে গাড়ী চলাই থাকিল । বিকট চিঞৰ এটা মাৰি গাড়ীখনৰ আগতে কিবা এটা পৰা যেন শব্দ শুনি ইন্দ্ৰনীল গাড়ীৰ পৰা নামি গৈ একো নেদেখি আকৌ গাড়ীত বহিল । 


: কি পৰিলে নীল....? ভয়ে ভয়ে সুধিলে কল্যাণীয়ে । ভয়ত কল্যাণীৰ দুগালত ঘাম বিৰিঙি উঠিল ।


: একো নাই । হাবিত কোনোবা চোৰাং চিকাৰীয়ে কাঠ কাটিছে , গছ বাগৰাৰ শব্দ হ'ব পাৰে । 


: কিন্তু....! বিকট চিঞৰটো....? 


      একো উত্তৰ নিদি নীলে কেৱল গাড়ী চলাই থাকিল । বাহিৰৰ একো শব্দ নুশুনিবৰ বাবে মিউজিকৰ ভলিয়ামটো অলপ বঢ়াই দিলে নীলে । ভয় আৰু শংকাৰ মাজেৰে ঘন হাবিখন পাৰ হৈ স্বস্তিৰে উশাহ ললে কল্যাণীয়ে । ঘৰৰ পদূলিত গাড়ীখন ৰখাই দিয়াত গাড়ীৰ পৰা নামি গেটৰ তলাটো খুলি দিলে কল্যাণীয়ে । নীলে গাড়ীখন ভিতৰলৈ সুমুৱাই অনাৰ পাছত গেটখনত টলাটো লগাবলৈ লওঁতেই কল্যাণীৰ গাৰ কাষতে কিবা এটা ৰৈ থকা যেন অনুমান কৰিলে । পাছলৈ ঘূৰি চাই একো নেদেখি মনৰ ভ্ৰম বুলি ভাবি গ্ৰীলখন খুলি ভিতৰলৈ সোমাই গ'ল । কাপোৰ কানি কেইটা সলাই ফ্ৰেচ হৈ বিচনাত পৰিবলৈ লওঁতেই হাতত ফোনটো লৈ নীল আগফালৰ বাৰাণ্ডালৈ ওলাই যাবলৈ লওঁতেই মাত লগালে কল্যাণীয়ে ....এই ৰাতিখন কালৈ ফোন কৰা নীল ...? এবাৰ ঘড়ীটোলৈ চোৱা । ডেৰ বাজিবৰে হ'ল ।


: তুমি শুই থাকাচোন । মোৰ আৰ্জেণ্ট ফোন এটা কৰিবলগীয়া আছে । 


: তুমি সাৰে আছা বুলিয়ে , আন মানুহো সাৰে বুলি ভাবিছা নেকি....? ৰাতিপুৱা ফোন কৰিলেও হ'ব দিয়া । 


: তোমাক শুবলৈ কৈছোঁ , তুমি শুই থাকা ।  কথাষাৰ কৈয়ে দুৱাৰখন লাহেকৈ বন্ধ কৰি বাৰাণ্ডালৈ ওলাই গ'ল নীল । 


      এই ৰাতিখন বাৰু নীলে কাৰ লগত কথা পাতিব বিচাৰিছে ...! কেনেবাকৈ নীলে....! নাই....! নাই....! মই জীয়াই থকা অৱস্থাত নীলে আন ছোৱালীৰ কথা কেতিয়াও ভাবিব নোৱাৰে....! কি জৰুৰী কথা থাকিব পাৰে এই ৰাতিখন....? নীলে নিশ্চয় মোৰ পৰা কিবা কথা লুকুৱাই ৰাখিছে ......! কথাবোৰ ভাবি লাহেকৈ বিচনাৰ পৰা নামিবলৈ লওঁতেই বিচনাৰ সোঁহাতে থকা খিৰিকীৰ পৰ্দাখন কঁপিবলৈ ধৰিলে । একেঠিৰে পৰ্দাখনলৈ চালে কল্যাণীয়ে । ৰূমৰ বাকীবোৰ পৰ্দা ঠিকেই আছে , হয়টো খিৰিকীখন খোল খাই আছে বুলি ভাবি খিৰিকীখনৰ কাষ পালেগৈ কল্যাণী । পর্দাখন দাঙি খিৰিকীখন চাবলৈ লওঁতেই কেৰেক.... কৈ শব্দ এটা কৰি খিৰিকীখন খোল খাই গ'ল । নীল.....! ভয়ত ডাঙৰকৈ চিঞৰি দিলে কল্যাণীয়ে । চিঞৰটো শুনি উধাতু খাই নীল ৰূমটোলৈ সোমাই আহিল । 


: নীল...! নীলক বুকুৰ মাজত সাৱটি উঁচুপি উঠিল কল্যাণী । 


: তোমাৰ হৈছে কি...? কিয় এনেকুৱা কৰিছা....? 


: খিৰিকীখন নিজেই খোল খাই গৈছিল নীল....! 


      আটাইকেইখন খিৰিকী ভালদৰে নিৰীক্ষণ কৰিলে নীলে । ...ক'তা ! সকলো দেখোঁন বন্ধ হৈয়ে আছে । এইবোৰ তোমাৰ মনৰ ভ্ৰম কল্যাণী । 


: ভ্ৰম নহয় নীল । মই নিজ চকুৰে দেখিছোঁ । কিয় মিছা কথা কম তোমাক...! 


: তুমি নিজেই এবাৰ ভালদৰে চোৱা । ৰূমৰ প্ৰতিখন খিৰিকী বন্ধ হৈ আছে ।   নীলৰ হাতত ধৰি ধৰি ৰূমৰ খিৰিকীকেইখন এবাৰ ভালদৰে চালে কল্যাণীয়ে । 


: নিজৰ চকু দুটাকে মই বিশ্বাস কৰিব পৰা নাই নীল...! কিবা যেন ভয়ংকৰ বিপদৰ আগজাননী এইয়া ....!


: একো নহয় কল্যাণী । শুই থাকা , আহাঁ বিচনালৈ ।  কল্যাণীৰ হাতত ধৰি ধৰি বিচনালৈ লৈ গ'ল নীলে । ....পানী খাবা নেকি...? 


: দিয়াচোন...! ডিঙিটো শুকাই যোৱা যেন লাগিছে । 


      বেড ৰূমত থকা ফিল্টাৰটোৰ পৰা পানী এগিলাচ উলিয়াই কল্যাণীৰ হাতত দিলে । পানী এসোঁৱাহ খাই লাহেকৈ গাৰুটোত মূৰটো থৈ চকু দুটা জপাই দিলে কল্যাণীয়ে । লাইটৰ ছুইছটো অফ কৰি গাৰুটোৰ কাষতে মবাইলটো থৈ বিচনাত উঠিল নীল । বিচনাত বাগৰ দিয়াৰ লগে লগেই নীলৰ টোপনি আহিল । হৈ যোৱা ঘটনাবোৰৰ কথা ভাবি ইকাটি সিকাটি কৰি বাগৰ সলাই থাকিল কল্যাণীয়ে । নীলৰ নাকৰ শব্দ শুনি কল্যাণীয়ে লাহেকৈ নীলৰ মোবাইলটো আনি কল লিষ্টখন এবাৰ চেক কৰি শেষত ডাইল কৰা নাম্বাৰটো নিজৰ মবাইলত চেভ কৰি নীলৰ মোবাইলটো আগৰ ঠাইতে থৈ দি চকু দুটা লাহেকৈ জপাবলৈ লওঁতেই ..... তোক শেষ কৰি পেলাম ইন্দ্ৰনীল । কল্যাণীৰ কাণৰ কাষলৈ আহি কোনোবাই যেন স্পষ্টকৈ কলে । 


    .....কোন....? ক'ত লুকাই আছ....! কোন হয় , মুখেৰে নামাত কিয়.....?  মবাইলৰ টৰ্চটো জ্বলাই ইন্দ্ৰনীলক জগাই দিলে কল্যাণীয়ে । ......নীল ....! নীল....! উঠাচোন । আমাৰ ৰূমত কিবা এটা আছে । শুনিছানে নাই । নীলক অলপ জোকাৰি দিয়াত উচপ খাই উঠিল নীল । 


: কি হ'ল কল্যাণী....? 


: আমাৰ ৰূমটোত কোনোবা সোমাই আছে নীল । 


: তুমি বলিয়া হৈছা নেকি....? তলা মাৰি থৈ যোৱা ঘৰটোত কোন সোমাই থাকিব....! তুমিয়ে কোৱাচোন....?  অলপ খঙেৰে কলে ইন্দ্ৰনীলে । 


: কোনোবাই তোমাক হত্যাৰ ষড়যন্ত্ৰ কৰিছে । মোৰ কাণৰ কাষত আহি কোনোবাই মনে মনে কৈ যোৱা মই স্পষ্টকৈ শুনিছোঁ নীল ।


: অদৰকাৰী কথা কিছুমান মূৰত ভৰাই থলে এনেকুৱা হ'বই । মনে মনে শুই থাকা ।  কথাষাৰ কৈয়ে নীল আকৌ শুই পৰিল । কিন্তু কল্যাণী শান্তিত থাকিব নোৱাৰিলে । তাইৰ মনত নানা প্ৰশ্ন উদয় হবলৈ ধৰিলে । ...কোনে নীলক মাৰিবলৈ ষড়যন্ত্ৰ কৰিছে ....? নীলক মাৰিলে সিহঁতৰ কি লাভ হ'ব....! কেনেবাকৈ এইয়া কোনো অদৃশ্য আত্মা নহয়টো...? আত্মা......! কথাটো মনলৈ অহাৰ লগে লগেই কল্যাণীৰ বুকুখন চিৰিং কৰি উঠিল । কথাবোৰ ভাবি বিচনাত বাগৰি থাকোঁতেই ৰাতিৰ আন্ধাৰবোৰ ক'ৰবাত যেন হেৰাই গ'ল । ৰূমটোত পোহৰ পৰা দেখি গাত পাতল কাপোৰ এখন লৈ নিৰ্ভয়ে চকুদুটা জপাই দিলে কল্যাণীয়ে । 


       ক্ৰমশঃ.....


       (  প্ৰথম খণ্ড ) 


✍🏻তীৰ্থ_পিন্টু_বড়া


মাজনিশাৰ উঁচুপনি ( খণ্ড - ২)https://www.smj24.in/2022/09/assamese-storyboard_98.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

2 comments:

Advertisement

Pages