অভিমানৰ অভিমানী ( অষ্টম খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 17, 2022

অভিমানৰ অভিমানী ( অষ্টম খণ্ড ) : Assamese Storyboard

Assamese Storyboard


   দুপৰীয়া সময় পাৰ্কত মানুহ বেছি নাই সিহঁত আগতে বহা ঠাইতে বহিল । দুইতাই নিমাত হৈ বহি আছে, অলপ সময় ৰৈ নিয়ৰে মাত দিলে । Assamese Storyboard )


:: বৃষ্টি কোৱা এতিয়া কি হৈছে তোমাৰ ?


:: নিয়ৰ .. জীৱনৰ যুদ্ধ খনত মই আগতে এবাৰ হাৰি আহিছোঁ আৰু হাৰি হাৰি জীৱনৰ সামৰণি মাৰিব লৈছিলোঁ , তেতিয়াই তুমি হেৰাই যাব খোজা মই জনী দুহাতত ধৰি আকৌ মোক জীৱন যুঁজত যুঁজ দিবলৈ সাহস দিছিলা ; তোমাৰ মৰম - ভালপোৱা পাই মই জনীয়ে নিজৰ সকলো অতীত পাহৰি তোমাক আঁকোৱালি লৈছিলোঁ । মৌন হৈ পৰা বৃষ্টি ওঁঠত তুমি হাঁহি আনি দিছিলা, প্ৰতি পল, প্ৰতি ক্ষনে মাথোঁ তোমাক বিচাৰিছিলো, তুমি অলপ সময় মোৰ লগত কথা নাপাতিলে এনেকুৱা লাগিছিল মই যেন কোনোবা অসীমত হেৰাই গৈছো ।


:: কি হৈছে তোমাৰ ? এতিয়া কি তুমি মোৰ লগত সুখী নহয়, তুমি জানা ন তুমি অলপ সময় নহ'লে মোৰ কিমান কষ্ট হয় ! আমি দুটি দেহা এটি মন, তুমি অবিহনে মই আধৰুৱা অ.. কি হৈছে মোক বুজাই কোৱা ... যদি মই তোমাৰ দুখৰ কাৰণ হৈ পৰিছো মই আঁতৰি যাম ধুনু.. 


:: মই যে কৈছিলো মোৰ অতীতৰ ভালপোৱা সি আকৌ মোৰ জীৱনত ঘূৰি আহিছে, মই এতিয়া তাৰ জীৱনত ঘূৰি যাব নিবিচাৰোঁ মই মাথোঁ তোমাক ভালপাও ..!!


:: তেন্তে মোৰ বুকুৰ মাজৰ পৰা কিয় আঁতৰি যাব খুজিছা ? 


:: মই বাধ্য হৈছোঁ অ.. মোক তুমি ভুল নুবুজিবা, মই কাৰো হ'ব নোৱাৰোঁ । আজি তোমাক কথা দিছোঁ নিয়ৰ উৰে জীৱন মই তোমাৰ হৈ থাকিম ।


:: শুনা বৃষ্টি .. মই তোমাক ভালপাওঁ , তোমাৰ অতীত কি আছিল, তোমাৰ অতীতত কি হৈছিল মই জানিব নিবিচাৰোঁ, তোমাৰ বৰ্তমান আৰু ভবিষ্যত মই হ'ব বিচাৰো ;; মোক এনেদৰে এৰি নাযাবা মই তুমি নহ'লে জীয়াই জীয়াই মৰি যাম অ ...


     বৃষ্টীয়ে নিয়ৰৰ মুখত হাত দি বাধা দিলে ।


:: মৰা কথা আৰু মুখত নানিবা প্লিছ ... মোৰ অতীতৰ সকলো কথা কম মাথোঁ তুমি মোক ভুল বুজি আঁতৰি নাযাবা !


:: নালাগে জানিব নিবিচাৰোঁ আৰু মই একো, অতীতত যি হ'ল হৈ গ'ল, এতিয়া তুমি মাথোঁ মোৰ হৈ থাকা । তোমাৰ অতীতৰ লগত যদি তুমি সুখী হ'ব পাৰিম ভাবিছা তেন্তে তাত মই বাধা নিদিওঁ !!


:: মই তাক নিবিচাৰোঁ কিন্তু সি বাৰে বাৰে কিছুমান কথা কৈ মোক আমনি কৰি থাকে । মই মাথোঁ তোমাক বিচাৰোঁ, মোক এৰি নাযাবা তুমি নিয়ৰ ; নোৱাৰোঁ তুমি নহলে থাকিব মই । এদিন তুমি নহওঁতেই এনেকুৱা লাগিল যেন ১ টা বছৰ তোমাৰ পৰা আঁতৰি আছোঁ ।


:: মই জানো শান্তিত আছিলোঁ ; তুমি তেনেকৈ কোৱা বাবে ব্লক কৰিলোঁ যদিও বাৰে বাৰে ৰৈ আছিলোঁ কিযানি তুমি এটা call কৰা আৰু মোৰ অভিমানী জনী হৈ আকৌ ঘূৰি আহা !


:: মোৰ ভয় হৈছিল অ.. সি যদি মোৰ অতীত তোমাৰ আগত মেলি দিয়ে, তুমি যদি আঁতৰি যোৱা, সেইবাবে নিজক কষ্ট দিয়েই আঁতৰি আহিব লৈছিলোঁ তোমাৰ পৰা ..!!


:: কেনেকৈ ভাবিলা কোনোবাই তোমাৰ কথা কলেই যে মই তোমাৰ পৰা আঁতৰি গুচি যাম । ইমান দুৰ্বল নেকি আমাৰ ভালপোৱা ?? 


:: নহয় .. মোক ক্ষমা কৰি দিবা আৰু এনেকুৱা ভুল নকৰোঁ মই !


:: ভুল নহয় তুমি এনেকুৱা কৰিলে বহুত কষ্ট হয় মোৰ .. পঢ়ি লোৱা তুমি তাৰ পিছত এদিন তোমাক একেবাৰে লৈ যাম মোৰ ওচৰত .. যাবা নে মোৰ অভিমানী জনী ?? Assamese Storyboard )


:: যাম .. তোমাৰ পৰা আৰু মইও আঁতৰি থাকিব নোৱাৰা হৈছোঁ, সদায় তোমাৰ কাষত থাকিব মন যায় .. তোমাৰ বুকুৰ মাজত শুই তোমাক সাৱটি ধৰিব মন যায় ...


:: আজি ইমান মৰম লাগিছে নে ছোৱালী ... 


:: হ'ব মনত যি আছিল কৈছোঁ, যদি বেয়া পাইছা নকওঁ ;;


:: নাই অ .. ধেমালি কৰিছোঁ মোৰো মন যায় অ তোমাক বুকুৰ মাজত সাৱটি ধৰি তোমাৰ মূৰত হাত বুলাই বুলাই তোমাক মোৰ সপোন দেশত লৈ যাব ...


    বৃষ্টি নিয়ৰৰ ওচৰ চাপি আহিল । আজি যেন তাইয়ো কোনো প্ৰতিবাদ নকৰি মাথোঁ তাৰ বুকুৰ মাজত বিলীন হৈ যাব খোজে ! নিয়ৰে তাইক বুকুৰ মাজত টানি আনিলে তাই কোনো প্ৰতিবাদ নকৰি নিয়ৰক সাৱটি ললে, নিয়ৰে তাই মূৰত হাত বুলাই গ'ল, কব নোৱাৰাকৈ তাই তাক সাৱটি টোপনি গ'ল । নিয়ৰেও পাহৰি গ'ল সিহঁত যে পাৰ্কত বহি আছিল, গছৰ পাতৰ ফাকৰ পৰা অহা এটি সৰু পুহৰৰ কিৰণ বৃষ্টি গালত পৰিছে, নিয়ৰে হাত খন দি বাধা দিব খুজিছিল যদিও বাধা নিদিলে, যেন কোনোবা শান্ত নদীত পুৱাই উঠি অহা বেলিহে জিলিকি উঠিছে বৃষ্টি গালত !  নিজক যেন একেবাৰে এৰি দিব সি বৃষ্টি বুকুত ।  বাধা দিও সি তাৰ মন তোক বাধা দিব নোৱাৰিলে, অভিমানী ৰঙা গালত চুমা এটা আঁকি দিলে । 

     বৃষ্টি উচপ খাই সাৰ পাই গ'ল, নিয়ৰ অপ্ৰস্তুত হৈ গ'ল, কিবা ভুল কৰিলে নেকি ;; বৃষ্টি মাতত হে তাৰ বুকুৰ ঢপ - ঢপনি কমিল ..!!


:: ঐ বেয়া নাপাবা.. মই টোপনি গৈছিলো, তুমি চাগে কষ্ট পালা ন মই এনেকৈ বুকুৰ মাজত শুই থাকিলো..!


:: নাই পোৱা অ... বহুত ভাল লাগিছিল । এনেকুৱা লাগিছিল তোমাক যেন জোৰকৈ সাৱটি লম আৰু...


:: আৰু কি ..??


:: একো নাই নাই ..


:: কি একো নাই ; কোৱা ... 


:: আৰু তোমাৰ ওঁঠত মোৰ উঠ লগাই তোমাৰ লিপিস্তিক অলপ নষ্ট কৰি দিম ...


( কথাটো কৈয়েই নিয়ৰে তাইক টানি আনি কপালত চুমা আঁকি দিলে , বৃষ্টিয়ে কোনো বাধা নিদিলে )


:: মোৰ ওঁঠ কপালত নেকি ? ( ধেমালি সুৰতে কলে )


:: এতিয়া তাত দিব নোৱাৰোঁ যে ... দিম পিছত ..


:: হ'ব বলা কিবা এটা খাই লবা, আহিও একো নাখালা .. 


:: ভুক লগা নাই মোৰ, অলপ পিছত খাম, ইয়াতে ভাল লাগিছে বহি ; অলপ ইয়াতে বহি থাকোঁ !


:: ইয়াত বহুত সময় হ'ল । বলা  তোমাক মই বেলেগ ঠাইত লৈ যাম আজি .. 


:: ক'ত নিবা? কিমান দূৰ ?


:: ইয়াৰ পৰা ৩০ মিনিট মান লাগিব । এটা সুন্দৰ মন্দিৰ আছে দুইটাই তাতে প্ৰাৰ্থনা কৰিম আৰু তাৰ পিছত কিবা খাম হ'ব !


:: হ'ব বলা ... 


      নিয়ৰে বৃষ্টি হাতত ধৰি পাৰ্কৰ পৰা ওলাই আহিল আৰু গাড়ীত মন্দিৰলৈ বুলি উঠিলে । বৃষ্টি নিয়ৰৰ কাষতে বহিল নিয়ৰৰ কান্ধত মূৰ থৈ !

       হঠাৎ গাড়ীত উঠা লৰা এজনক দেখি বৃষ্টি বুকু কপি গ'ল । নিয়ৰৰ কান্ধত যিমান পাৰে মুখ লুকুৱাব চেষ্টা কৰিলে ... 

      কিন্তু লৰা জনে তাইক দেখা পালে ....


    ****

     

             ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( সপ্তম খণ্ড )-

https://www.smj24.in/2022/09/assamese-storyboard_16.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages