অভিমানৰ অভিমানী : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 8, 2022

অভিমানৰ অভিমানী : Assamese Storyboard

Assamese Storyboard



:: ঐ ...


::


:: ঐ ...


::


:: ঐ...পাগল call received কৰিবি নে ?


:: নকৰোঁ ...


:: সঁচাই নকৰা😭 ?


:: নকৰোঁ ....


:: সঁচাই নকৰা .. 😭?


:: কৰিম ..


          Msg বোৰ পঢ়ি সি call receive কৰিলে...!!


:: কিয় ইমান খং কৰা অ' তুমি 😭?


:: তুমি মোক কিয় শুব কৈছিলা ?


:: আৰে বাবা , তোমাৰ মন বেয়া , ভাবিলো msg কৰিব নালাগে শুই থাকা সেইবাবে হে কৈছিলো 😔 সেইটো কথাতে ইমান খং কৰে নেকি ? Assamese Storyboard )


:: উম্‌.. তুমি নাজান নেকি তোমাৰ লগত কথা নাপাতিলে মোৰ টোপনি নাহে , তোমাৰ লগত কথা নাপাতিলে মোৰ ভাল নালাগে !!


:: জানো অ' পাগল , কিন্তু আজি তোমাৰ কথা পাতিব মন নোহোৱা দৰে লাগিল সেইবাবে হে ...


:: মোৰ মন নহ'লে আঁতৰি যাবাগৈ 😔 


:: নাযাওঁ অ'.. তোমাক এৰি জানো মই আঁতৰি যাম.. sorry 😐 


:: হ'ব .. তোমাৰ এই sorry টোৱে মোৰ খং বোৰ নোহোৱা কৰিব নালাগে .. 


:: নহ'লে কি কৰিম 🙄?


:: Sorry 😔


:: তুমি  কিয় sorry ক'ব লাগে ? ভুল মইহে কৰিছোঁ তুমি কৰা নাই নহয় !


:: মই জানো তুমি পাগলী , তুমি এইবোৰ বুজি নোপোৱা , মই তোমাক বুজাব লাগে মই হে বাৰে বাৰে খং কৰি পাওঁ সেইবাবে কৈছোঁ sorry ..


:: হ'ব দে , মোৰ ভুলবোৰ নিজৰ কৰি ল'ব নালাগে ।  এনেকৈ কৰি কৰি মোক বেছি ziddi কৰিছা তুমি... 


:: উম্‌.. তুমি ziddi হ'বা, অভিমানী হ'বা , মই মৰমেৰে বুজাম । কিন্তু আঁতৰি কেতিয়াও নাযাবা মই নোৱাৰিম থাকিব তুমি অবিহনে...!!


:: ধেৎ তোমাক এৰি মই ক'ত যাম অ'.. গোটেই জীৱনটো তোমাৰ লগত কাজিয়া কৰিম , তোমাক আমনি কৰিম , অভিমান কৰিম.....


:: মই যদি আঁতৰি যাও..??


:: যোৱা .. যোৱা.. এতিয়াই যোৱা , কিয় কথা পাতি আছা , কোনোবা নতুন পাইছা চাগে সেইকাৰণে যোৱা কথা কৈ আছা , যোৱা এতিয়াই তাই ওচৰত মই phone off কৰিছোঁ... কোন সেইজনী কোৱা তাইক মই ...

Assamese Storyboard )


:: উফ্‌ .. হ'ব.. তাইক একো কৰিব নালাগে , নহ'লে মই কাৰ লগত থাকিম ..


:: তুমি মানে সঁচাই কাৰোবাক😭😭 ( উচুপি উঠিল তাই )


:: আৰে পাগলী ... কিয় কান্দিছা.. ধেমালি কৰিছোঁ অ'.. মোক জানো তোমাৰ পৰা কোনোবাই আঁতৰাই নিব পাৰিব.. ধেৎ এইজনী সৰু ছোৱালী দৰে অলপ কথাতে কান্দি দিয়ে.. ধেমালি ও নকৰিম মানে মই ..


:: নাই.. কোনোবা আহিছে চাগে সেইকাৰণে মোক এৰি যোৱা কথা কৈছা ...😔😔


:: নাই অ'.. তোমাৰ বাহিৰে না কোনোবা আহিছে না আহিব .. তোমাৰ ঠাই আনে ল'ব নোৱাৰে ..


:: মোৰ ঠাই মানে ? আৰু বেলেগ ঠাই আছে মানে আনৰ বাবে😭😭


:: উফ্.. তুমি সঁচাই আজি কালি বৰ অবুজন হৈ পৰিছা.. কোনো ঠাই নাই আৰু মোৰ হৃদয়ত । তুমি আছা তুমিয়েই থাকিবা , এনেই ধেমালি হে কৰিছিলোঁ বুজি নোপোৱা নেকি .??


:: নাপাওঁ ..😐.. আনৰ হ'ব খুজিবা আৰু মই আঁতৰি যাম নাভাবিবা , তোমাক মই আনৰ হব নিদিওঁ .. যদি কোনোবা আহে চাবা তাইক মই কি কৰো ..😒


:: নাহে অ' .. আৰু আহিব নিদিওঁ নহয় । মোৰ পাগলী এজনিয়েই হৈছে ..


:: অ' আৰু নাবাভিবাও .. তোমাৰ মৰম , ভালপোৱা সকলো মোৰ ..


:: উম্‌.. সকলো তোমাৰেই ...


:: কাইলৈ কলেজ আছে নে ?


:: আছে..


:: শুই যোৱা এতিয়া ..


:: না.. কথা পাতিম তোমাৰ লগত , কাজিয়া কৰিলোঁ ইমান সময় এতিয়া অলপ কথাকে পাতো ..


:: হ'ব .. কাইলৈ পাতিম , আজি শুই যোৱা টোপনি ক্ষতি কৰিব নালাগে .. বুজিছা..


:: নাই বুজা আৰু নুবুজাবা এতিয়া মই নুবুজো একো..😒😒


:: শুবা নে ??..


:: No.. No... no...


:: নুশুনা মোৰ কথা..


:: শুনিম , কিন্তু কথা পাতিব মন গৈছে তোমাৰ লগত😔


:: মৰি নাযাও নহয় মই ৰাতি ভিতৰত ..


:: ঐ.. কি মানে খং উঠাই থাকা মোক .. কিমান ক'ব লাগে তোমাক এইবোৰ কথা নকবা বুলি... মই কিন্তু এইবাৰ  কি কৰিম চাবা ..


:: Sorry 😐 .. নকওঁ আৰু..


:: উম্‌ .. নকবা.. শুম বাৰু মই , কিন্তু কাইলৈ কলেজ যোৱা আগত call কৰিম Rec নকৰি যদি শুই থাকা কথা বেয়া আছে...


:: যি আদেশ... মহাৰাণী 


:: এতিয়া শুব পাৰিম নে মহাৰাজ ...


:: নিশ্চয় মহাৰাণী... 


:: পাগল...


:: পাগলী ....


:: Love You ❤️


:: Love You 2 ❤️❤️


Call টো লগাই তাই শুই গ'ল । লাহে লাহে সি ও নিদ্ৰা দেৱী কোলাত জিৰণি ললে ...! 


      সিহঁত দুটা হ'ল নিয়ৰ আৰু বৃষ্টি । ১ বছৰ মান আগতে Facebook তে চিনাকি হৈছিল সিহঁত, hi,hlw পৰাই আৰম্ভ হৈছিল সিহঁতৰ চিনাকি আৰু নিয়ৰে তাইক এদিন প্ৰেমৰ প্ৰস্তাৱ দিছিল, তাই ও গ্ৰহণ কৰিলে , মনে মনে তাইও তাক বহুত ভাল পাইছিল কিন্তু কোৱা নাছিল ! কিয় কব সি লৰা সি প্ৰথম কব লাগিব !! 

        আজি লৈকে সিহঁতে লগ পোৱা নাই , খং, অভিমান, ভালপোৱা মাজতে দূৰে দূৰে আছে !! বৃষ্টি আৰু ১০ দিন মান পিছত পৰীক্ষা আছে পৰীক্ষা শেষ হলে নিয়ৰ তাই ওচৰত যোৱা কথা আছে ।

         

         দুইটাই সেই দিনটো বাবে বহুত অপেক্ষাৰে ৰৈ আছে........


         *****


          ( আগলৈ )


         🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( দ্বিতীয় খণ্ড ) -

https://www.smj24.in/2022/09/assamese-storyboard_9.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages