অভিমানৰ অভিমানী ( খণ্ড - ১৩ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 22, 2022

অভিমানৰ অভিমানী ( খণ্ড - ১৩ ) : Assamese Storyboard

Assamese Storyboard


       নিয়ৰ গুচি গ'ল বৃষ্টি ঘৰলৈ আহিল, আহি তাক call কৰিলে । Assamese Storyboard )



:: ঐ...নিয়ৰ ..


:: কোৱা, ঘৰ পালা নে ...


:: পালোঁ ; আকৌ কেতিয়া অহিবা অ.. মোক পাহৰি যাবা ন তুমি ?


:: আকৰি জনী.. তোমাক জানো পাহৰিব পাৰোঁ ; ঘৰ পোৱাগৈয়ে নাই অহা কথা কলাই যে ?


:: নোৱাৰোঁ অ.. তোমাৰ কথা বৰকৈ মনত পৰি আছে ; লৈ যোৱা মোক একেবাৰে তোমাৰ ওচৰত , কিমান আৰু দূৰে দূৰে থাকিম !


:: আৰু কিমান দিন নো ; পৰীক্ষা শেষ হলেই লৈ আহিম , মইও নোৱাৰোঁ তোমাৰ পৰা দূৰত থাকিব । 


:: ওম... তোমাৰ প্ৰতিটো পৰশ মোৰ দেহত লাগি আছে , বাৰে বাৰে তোমাৰ মৰমবোৰে মোক আমনি কৰি আছে ; 


:: অভিমানী জনী মোৰ ...😘😘


:: হব দিয়া ভালদৰে যোৱা পিছত call কৰিবা ..


:: ওম.. হব । 


         ****

             

      দিনবোৰ আকৌ আগৰ দৰেই মৰম - ভালপোৱা মাজত পাৰ হ'ল । বৃষ্টি কলেজ গ'ল পৰীক্ষা দিলে । 

      নিয়ৰৰ বৃষ্টি ঘৰৰ ওচৰৰে কোম্পানী এটাত মেনেজাৰ চাকৰি পাইছে, কথাটো তাইক কোৱা নাই, surpise দিব, দুদিন পিছতে join কৰিব লাগিব  ।  বৃষ্টি ঘৰত সোমাই কোম্পানী যোৱা সিদ্ধান্ত ললে । অহা কালি সি বৃষ্টি ঘৰত যাব তাৰ পৰাই কোম্পানী যাব । 


      পৰীক্ষা শেষৰ দিনা বৃষ্টিয়ে ৰাজক দেখিছিল, তাইলৈ চাই আছিল , তাই নেদেখা ভাও ধৰি গুচি আহিল । আহি নিয়ৰক কথাটো কলে ।


:: ঐ .. আজি ৰাজক দেখিছিলো, সি মোৰ ফালে কেনেকৈ চাই আছিল ভয় লাগি গ'ল !


:: একো নাই দিয়া মোৰ পত্নীক কি কৰে চাও সি ;  বেছি ওলাই নাযাবা কব নোৱাৰি তাৰ কথা ..! 


:: নাযাও.. মই তেনেকৈ ওলাই নাযাও , কেতিয়াবা হে দোকান যাওঁ ..! 


:: ওম..


:: তোমাক লগ পাব মন গৈছে, আহা না এবাৰ ... 


:: সঁচা নে ...? 


:: সঁচাই অ...


:: এতিয়া যাব নোৱাৰোঁ অ.. পাৰিলে পিছত যাম দিয়া..


:: মৰম থাকিলে হে.. ইমান মাহ পাৰ হল লগ পাব মন নাযায় নেকি ? ( তাই অভিমান কৰি কলে )


:: অভিমানী জনী মোৰ .. সোনকালে যাম দিয়া.. কিমান মৰম আছে তেতিয়া গম পাবা !


:: অপেক্ষা মাথোঁ তোমাৰ বাবে ...


        ***


      পিছদিনা সন্ধিয়া সি মাক - দেউতাকৰ আশিবাদ লৈ কামলৈ বুলি ওলাল, প্ৰথমে বৃষ্টি ঘৰত যাব তাইক ভাল খবৰটো দি duty ত join কৰিব । মনত বহুত আনন্দ ইমান ভাল কাম এটা পাইছে আৰু এতিয়া মন গলেই বৃষ্টিক লগ কৰিব পাৰিব । 

      পিছদিনা ৰাতিপুৱা ৭ মান বজাত গৈ সি বৃষ্টি ঘৰ পালেগৈ, বৃষ্টি শুই আছিল । মাক - দেউতাক বাহিৰতে বহি  চাহ খাই কিবা আলোচনা কৰি আছিল । পুদুলিত অট খন ৰোৱাত দেউতাক ওলাই গল, নিয়ৰক দেখি আচৰিত হল । 

      নিয়ৰক নমাই অট খন গুচি গল । 


:: নিয়ৰ তুমি ... আহা আহা.. মাজনীয়ে চাগে তুমি অহা কথা আমাক কব পাহৰিল !


:: নাই দেউতা ... তাই গম নাপায় , surprise দিও বুলিয়েই গুচি আহিলো , আৰু এদিনৰ বাবে নহয় Transfer নোহোৱা লৈকে ইয়াতে ওচৰতে থাকিম । 


:: মানে বুজা নাই... বহি লোৱা আহা তাৰ পিছত কথা পাতিম ; 


      মাকে গামোচা এখন আনি নিয়ৰক দিলে আৰু মুখ ধুই আহিব কলে ...

     মুখ হাত ধুই আহি নিয়ৰ বহিল, মাকে চাহ আনি দিলে ।


:: কোৱা নিয়ৰ কি কৈ আছিলা বুজাই কোৱা ... ( দেউতাকে কলে )


:: মোৰ ইয়াতে কোম্পানী এটাত মেনেজাৰ চাকৰি পাইছোঁ, এতিয়া পৰা তাতে থাকিব লাগিব । আজি join কৰিব লাগিব । Assamese Storyboard )



:: বৰ ভাল খবৰ... পিছে মাজনীয়ে খবৰটো পাই নে ?


:: নাই নাপায় ... তাইক surprise দিম বুলিয়েই আহিলো ...


:: পিছে আমাৰ মিঠাই কত ? ( মাকে মাত দিলে ) 


:: আছে মা লৈ আহিছোঁ, তাই উঠা নাই নেকি ?


:: নাই উঠা .. 


:: ৰব ... মই উঠাই দিছোঁ  ! 


       সি বৃষ্টি ওচৰত গ'ল আৰু তাই মুখত পানী মাৰি দিলে , তাই জাপ মাৰি উঠি বহিল । নিয়ৰক দেখি তাই সপোন ভাবি আকৌ শুব লৈছিল । নিয়ৰে তাইক সাৱটি গালত চুমা খাই দিয়াত তাই আচৰিত হল । 


:: নিয়ৰ ... তুমি মানে সঁচাই ..


:: হয় ... কৈছিলা নহয় লগ পাব মন গৈছে বুলি গুচি আহিলো ....!


:: মই ... মই.... সপোন বুলি ভাবিছিলো ( তাই আচৰিত হৈ কলে )


:: উঠা এতিয়া নহলে মই যাওঁ ...


:: সেই কলিজাটো কত যাবা মোক এৰি ; এতিয়াই মই মুখ ধুই আহি আছোঁ ! 


      তাই উঠি বাহিৰলৈ গল । নিয়ৰ গৈ মাকৰ ওচৰতে বহিল । বেগৰ পৰা মিঠাই উলিয়াই মাকৰ হাতত দিলে ।

    দেউতাক ওলাই গল কামত । 

     বৃষ্টি আহিল আৰু নিয়ৰক অলপ খং কৰি কলে। 


:: কব নোৱাৰা নেকি আহিম বুলি 


:: কব লাগে নেকি ?


:: ওম লাগে ..


:: এতিয়া গম পালাই আহিছোঁ বুলি ; 


:: হলেও ... 


:: হব মাজনী ইমান দূৰ আহিছে অলপ আৰাম কৰিব দিয়া , কাজিয়া কৰিব নালাগে । Duty join কৰিব যাব লাগিব নহয়    ( মাকে বৃষ্টিক কলে )


:: Duty মানে ??


:: Duty মানে মই তোমালোকৰ ইয়াৰে কোম্পানী এটাত মেনেজাৰ চাকৰি পাইছো, আজি join কৰিব লাগে ! ( নিয়ৰে কলে )


:: ইমান ভাল খবৰ এটা আজি লৈকে মোক কোৱা নাই তুমি, নামাতিবা মোক । 


:: হব মোৰ ভুল হ'ল ! চাও মিঠাই খোৱা এতিয়া ; 


:: নাখাও... নিজেই খোৱা ...


:: সঁচা নোখোৱা নে ? মা পেলাই দিয়ক নহলে কোনোবাই মই চাকৰি পোৱা বাবে চাগে বেয়াই পাইছে ; 


:: খাম ... খাম... অলপ খং কৰিব ও নোৱাৰি ... ( নিয়ৰৰ ফালে খঙেৰে চালে ) 


          ****


      ১০ মান বাজিছে নিয়ৰ বাহিৰতে বহিল, মাক আৰু বৃষ্টি দুকানলৈ বুলি গ'ল । নিয়ৰ বৃষ্টি অহালৈ চাই আছিল ।

      বৃষ্টি আৰু মাক আহি পদূলি পাইছিল হে হঠাৎ এখন Bike আহিল আৰু বৃষ্টি মুখলৈ  কিবা এটা পেলাই দিলে আৰু bike খন গৈ কাষৰে গছ এজোপাত খুন্দা মাৰিল ।


         এটা চিঞৰ মাৰি বৃষ্টি পৰি গল । হঠাৎ কি হৈ গল একো বুজিব নোৱাৰিলে । ওচৰৰে মানুহবোৰ দৌৰি আহিল । নিয়ৰ গৈ বৃষ্টিক ধৰিলে বৃষ্টি মুখ খন পুৰি গৈছে তেজেৰে  ৰাঙলী সৰ্ব শৰীৰ, তাৰ মানে তাই মুখত এচিড পেলাইছিল । 

        বৃষ্টি মুখ খন দেখি মাকৰ মুখৰ মাত নোহোৱা হল । মাক অচেতন হৈ পৰি গল । নিয়ৰে কোনোমতে নিজক বুজাই ৰাখিছে । 

        Bike ত অহা লৰাতোক  ডেকা লৰা কেইটামানে ধৰি বান্ধি থৈছে, মুখলৈ চাই দেখে সেইটো আন কোনো নহয় ৰাজ । 

          কোনোবা এজনে চিঞৰি চিঞৰি কৈছে ambulane মাতিবলৈ, এজনে ফোন কৰিলে । 

       কোনোবা মানুহ এজনী আহি বৃষ্টি মাকৰ মুখত পানী দিয়াত মাকে লাহেকৈ চকু মেলিলে ।

         ৰাজক দুই এজনে মাৰিছে, কোনোৱে বাধা দি পুলিচ মাতিব কৈছে ।। 

      নিয়ৰে বোবা দৰে মাথোঁ বৃষ্টি অচেতন দেহাটো সাৱটি ধৰি আছে ।।


       *****


        ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - ১২ ) )-

https://www.smj24.in/2022/09/assamese-storyboard_21.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages