অভিমানৰ অভিমানী ( চতুৰ্থ খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, September 12, 2022

অভিমানৰ অভিমানী ( চতুৰ্থ খণ্ড ) : Assamese Storyboard

Assamese Storyboard


 

          বৃষ্টিয়ে সিহঁত যোৱাৰ কথা মাকক কৈছিল, মাক ৰৈ আছিল সিহঁতৰ বাবে ।  নিয়ৰ গৈ মুখ - হাত ধুই বাহিৰতে বহিল । বৃষ্টি ভিতৰলৈ গ'ল । Assamese Storyboard )


:: আঁহা ভিতৰতে বহিবা !

 ( মাকে মাতিলে )


:: নালাগে মা , বাহিৰতে বহু ইয়াতে ভাল লাগিছে ;

   

:: কিমান সময় হ'ল অহা ?


:: হ'ল অলপ সময় ; দেউতা নাই ..


:: তেওঁ ওলাই গৈছিল, পাবহি হৈছে ! তুমি বহা মই তোমাৰ বাবে কিবা এটা খোৱাৰ যোগাৰ কৰোঁ ।


:: নালাগে মা, মই খাই আহিছোঁ..


:: খাই আহিলেও কিবা এটা খাব লাগিল প্ৰথম আহিছা এনেদৰে খালি মুখে যাবা নেকি ?


:: নাই মা নাখায় আমাৰ ঘৰত , ক'ত নো খাব আমাৰ দৰে মানুহৰ ঘৰত ! ( কথাষাৰ কৈ বৃষ্টি ওলাই আহিল )


:: ছোৱালী তুমি কিন্তু অলপ বেছি কথা কোৱা ;


:: কি বেছি ক'লো , সঁচা কথাটো হে কৈছোঁ .. 


:: মাজনী .. তুমি কিয় তেনেকৈ কোৱা অ' কথাবোৰ !


:: একো নাই দিয়ক মা.. যাওক খাম বাৰু নহ'লে আকৌ কাৰোবাৰ নাটক আৰম্ভ হ'ব !


:: তোমালোকে কথা পাতা মই যাওঁ .... ( মাক ভিতৰলৈ সোমাই গ'ল )


:: ঐ পাগলী.. মাৰ আগত অলপ মনে মনে থাকিব নোৱাৰা নে ?


:: নোৱাৰোঁ .. 


:: সৰু ছোৱালীৰ দৰে কিবা এটা লাগো লাগো কৰি থাকিবা ; 


:: উম্‌  .. মই সৰু ছোৱালীয়ে , তোমাৰ লগত কাজিয়া লগাই মোৰ কাম ...


      *****


          সিহঁতে কথা পাতি থাকোতেই দেউতাক আহিল , আহি সিহঁতৰ ওচৰতে বহিল , বৃষ্টিয়ে দেউতাকৰ বাবে পানী আনিবৰ বাবে ভিতৰলৈ গ'ল..


:: তোমাক চিনি পোৱা নাই ?


:: দেউতা মই নিয়ৰ ;


:: অ'..  শুনিছিলো তোমাৰ নামটো , কেতিয়া পালাহি ? 


:: বেছি সময় হোৱা নাই , ভালে আছে ?


:: আছোঁ দিয়া ; ... 


          বৃষ্টিয়ে পানী আনি দেউতাকক দিলে , মাকে চাহ লৈ ওলাই আহিল ...


:: নিয়ৰ , চাহ খোৱা  ..


:: হ'ব মা...  


          ( মাক দেউতাক নিয়ৰৰ ওচৰতে বহিল, বৃষ্টি দুৱাৰ মুখত ৰৈ নিয়ৰলে মনে মনে চাই আছে , অলপ সময় সকলো মৌন হৈ থাকিল )


:: মা.. বৃষ্টিয়ে চাগে মোৰ কথা কৈছে ;


:: উম্‌ ... কৈছিল ..


:: চোৱা নিয়ৰ , আমাৰ এজনীয়েই ছোৱালী সৰুৰ পৰা কোনোদিনে তাইক আমি কষ্ট অনুভৱ কৰিব দিয়া নাই ; আৰু তাই এতিয়া ডাঙৰ হৈছে কিছুমান সিদ্ধান্ত তাই নিজেই ল'ব পৰা হৈছে , আমি নিবিচাৰোঁ তাই আমাৰ পৰা কিবা কথা লুকুৱাই ৰাখক । তুমি আহিছা বহুত ভাল পাইছোঁ , তুমি তাইৰ লগতে আমাৰ ওচৰলৈ অহা বাবে  । তাই এতিয়া পঢ়ি আছে তাই পঢ়া শেষ কৰক কিবা এটা কৰক তুমিও কিবা এটা কৰা তাৰ পিছত আমি ঘৰৰ মানুহৰ লগত কথা পাতিম ! ( দেউতাকে ক'লে) 


:: নিশ্চয় দেউতা ..


    ***


          অলপ সময় থাকি নিয়ৰ ঘৰলৈ আহিব ওলালে । বৃষ্টি আহিল তাক অলপ আগ বঢ়াই দিবলৈ ; তাই ওঁঠত এতিয়া সেই হাঁহিটো নাই , মুখত একো মাত নাই তাইৰ ! 


:: কি হ'ল ছোৱালী , একো কথা নাই ?


:: নাযাবা মোক এৰি 😔


:: সেই এইজনী মই আকৌ আহিম নহয় , তুমি এনেকৈ মন বেয়া কৰি থাকিলে মোৰ জানো ভাল লাগিব কোৱা , হাঁহি দিয়া ;


:: মোক পাহৰি যাবা ন তুমি ?


:: জীয়াই থকা লৈকে নোৱাৰোঁ , মৃত্যু পিছত কি হয় নাজানো !


:: এইবোৰ কথা নকবা দেই ; মই সদায় ৰৈ থাকিম তোমাৰ বাবে , বহুত মনত পৰিব তোমাৰ কথা...  ( বৃষ্টি ফোনটো ৰিং কৰিল , অলপ আঁতৰি গ'ল তাই তাৰ পৰা )


:: কি হ'ল কোনে call কৰিলে ?


:: কোনো নাই কৰা অ'...


:: সঁচা কথা ক'বা নে ?


:: মোৰ ex boyfriend এ call কৰিছিল !


:: তুমি তাৰ লগত কথা পাতি থাকা ?


:: নাই কেতিয়াবা msg কৰে , খবৰ লয় ; 


:: চাওঁ mble টো দিয়া ..


:: কিয় চাব লাগে নিদিওঁ ..


:: দিবা নে ?


:: নিদিওঁ .. Assamese Storyboard )


          সি তাইৰ হাতৰ পৰা mble টো ল'লে , কিবা এটা চাই আকৌ তাইক দি দিলে !


:: যদি তোমাৰ মোৰ লগত থাকিব মন নাই , আনৰ লগত , ex ৰ লগত কথা পাতিব ইমান মন যায় , মোক কিয় মিছা সপোন দেখুৱাই আছা ?


:: আন নহয় অ' আমাৰ কলেজৰ senior হয় , মোক propose কৰিছিল কিন্তু মই ভাল নাপাও কৈছিলো আৰু ex এ এনেই খবৰ লয় ; 


:: সি যদি তোমাক এৰি গৈছিল আকৌ কিয় আহিব লাগে সি , তাক আৰু msg নকৰিবা , মই তোমাক আগতেও কৈছো তোমাৰ অতীত কি আছিল মই জানিব নিবিচাৰোঁ , তোমাৰ বৰ্তমান আৰু ভবিষ্যত মই হ'ব বিচাৰোঁ , যদি তুমি তোমাৰ অতীতৰ লগত থাকিব বিচৰা মোৰ পৰা আঁতৰি যাব পাৰা ।


:: Sorry .. আজি পৰা নকৰোঁ আৰু এনেকুৱা ভুল , মোক তোমাক লাগে আন কাকো নালাগে..


:: হ'ব দিয়া মই এতিয়া যাওঁ , call কৰিম গৈ পালে , by


:: উম্‌ ... যোৱা আৰু এইবোৰ ভাবি নাথাকিবা মই আৰু কাকো msg নকৰোঁ , 


:: কৰিবা যদি মন যায় কিন্তু তাৰ আগত মোৰ জীৱনৰ পৰা আঁতৰি যাবা যদি পাৰা..


          😔😔 তাই কান্দি দিলে , অভিমানী বৃষ্টিৰ দুগাল সেমেকাই চকুপানী বোৰ বৈ আহিল , নিয়ৰে বাৰু তাইক বেছি খং কৰিলে নেকি ? তাই আঘাত পালে চাগে.. সি তাইক সাবটি ধৰিলে..


:: ঐ ছোৱালী .. নাকান্দিবি , তই আনৰ হ'বি বুলি ভয় লাগে সেইবাবে তেনেকৈ ক'লো , চাওঁ কিয় নো সৰু ছোৱালীৰ দৰে কান্দি থাকা !


:: তোমাক এৰি মই থাকিব নোৱাৰোঁ , মোক আন কাকো নালাগে মাথোঁ তোমাক লাগে ।


:: হ'ব মই সদায় আছোঁ তোমাৰ লগত , এতিয়া চকুপানী লৈ বিদায় দিবা নে মোৰ ভাল লগা হাঁহিটো লৈ ..


:: Miss কৰিম অ' বহুত তোমাক , এনেকৈয়ে সোমাই থাকিব দিয়া তোমাৰ বুকুৰ মাজত , নাযাবা এৰি ;


:: সৰু ছোৱালী দৰে নকৰিবা , চোৱা bus আহিল মই যাওঁ...


:: উম্‌ .. যোৱা 😔😔


          তাইৰ পৰা বিদায় লৈ সি bus ত উঠিল , বিষাদৰ হাঁহি এটা লৈ তাই তাক বিদায় দিলে !!


****

           (আগলৈ)


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী  ( পঞ্চম খণ্ড )-

https://www.smj24.in/2022/09/assamese-storyboard_44.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages