চেক্ৰেটেৰী লগত সেই নিশা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 7, 2022

চেক্ৰেটেৰী লগত সেই নিশা : Assamese Storyboard



ৰূপালী, মানসৰ কেবিনলৈ আহিল আৰু তাই কলে যে- ছাৰ, মই সকলো কাম শেষ কৰিলো। আৰু এতিয়া মই ঘৰলৈ যাওঁ!  ( Assamese Storyboard )


মানসে, ৰূপালীৰ কথাত কোনো উত্তৰ নিদিলে, আৰু এক মিনিটৰ বাবে সি গভীৰ চিন্তাত সোমাই পৰিল। সি প্ৰথমে ঘড়ীটোলৈ চালে। ৮বাজিছিল। সেইবাবে সি ভাৱিলে, ঘৰত মোৰ বাবে শিখাই বাট চাই আছে। কিন্তু এতিয়া ৰূপালীক ৰখোৱাটো অত্যন্ত প্ৰয়োজনীয়! যদি এতিয়া গুচি যায়, তেতিয়া হলে বহুখিনি আধৰুৱা হৈ ৰব। এই সকলোবোৰ চিন্তাৰ মাজতে মানসৰ বাবে ৰূপালীৰ মাত আহিল, ছাৰ! আপুনি কি চিন্তা কৰি আছে!


 নিজৰ চিন্তা দ্বাৰা পৰা বাহিৰলৈ আহি মানসে কলে, তুমি এতিয়াই ঘৰলৈ যাব নোৱাঁৰিবা! যি কামত তুমি কষ্ট কৰি আছা, সেই কামৰ সকলো বিৱৰণ মোক এতিয়াই দিয়া। কাৰণ সেই বিষয়ৰ ওপৰত এতিয়াও বহু কাম বাকী হৈ আছে! আমি আজিয়েই সেই সকলো কাম শেষ কৰিব লাগিব। ৰূপালীয়ে, মানসৰ কথাৰ কোনো উত্তৰ নিদিলে আৰু মনে মনে তাতে ৰৈ থাকিল। মানসে কলে, তোমাৰ ঘৰত কোনো স্বামীয়ে বাট চাই নাই ৰোৱা ন! তেতিয়া হলে ইমান কিয় চিন্তা কৰিছা! বহা। ৰূপালীয়েও মানসৰ কথাত হাঁহি মাৰি লে আৰু কলে, ছাৰ, নিশা বহু পলম লৈকে আপোনাৰ লগত কাম কৰি থাকিব পাৰো বাবেই, এতিয়ালৈকে মোৰ বিয়াখন নাই হোৱা! আৰু এয়া কয়ে তাই, খিলখিলাই উঠিল।।আৰু মানসেও তাইৰ লগত হাঁহি পৰিল। 


কিছু সময় দুয়ো কামত ব্যস্ত হৈ পৰিল। ৰূপালীয়েও মানসৰ লগত তাৰ কেবিনতে বহি কাম কৰি আছিল। তাৰমাজতে মানসৰ ফোনটো বাজি উঠিল। শিখাৰ ফোন। ৰূপালী, তুমি মনে মনে থাকিবা। এয়া কয়ে, মানসে শিখাৰ ফোনটো ৰিচিভ কৰিলে, আৰু শিখাই কিছু কোৱাৰ আগতে মানসে কয় উঠিল, শিখা মিটিংগত আছো, মই ঘৰলৈ অহাত পলম হব। তুমি খায় বৈ শুই যাবা আৰু মোলৈ বাট চাই নৰবা। আৰু ফোনটো ৰাখি দিলে। ৰূপালীয়ে মনে মনে ভাবিবলৈ ধৰিলে, কিয় জানো, ছাৰে, নিজৰ পত্নীক মিছা মাতিলে। আৰু মোক কিয় এনেদৰে মৌন হৈ থাকিবলৈ কলে! তেওঁ সচাঁটো কব বিচৰা নাই যে, তেঁও মোৰ লগত অকলে আছে বুলি! কিন্তু আনফালৰপৰা মানসে শুদ্ধটো কলে, মিটিংগৰ কথা নোকোৱা হলে, তাই খং কৰিলে হয়! আৰু কলে হয়, ঘৰলৈ সোনকালে আহা বুলি! কিন্তু তাইক কেনেদৰে বুজালো হয়, আজি এই কাম আমাৰ বাবে কিমান প্ৰয়োজনীয়! 


মানসৰ উত্তৰটো শুনি, ৰূপালী মনে মনে বহু আনন্দিত হৈ পৰিল। কাৰণ তাইৰ এনে লাগিল, আজি বহু সময়ৰ পাছত এনে সুবিধা আহিছে যে, তাই অকলে নিজৰ বচৰ লগত, নিশা বহু দেৰিলৈকে অফিচত অকলে আছে। সুখতে, ৰূপালীও নিজৰ ঘৰলৈ ফোন কৰি দিলে। আৰু মাকক কলে যে, আজি অফিচত বহু কাম আছে! সেইবাবে তাই আজি কিছু পলমকৈ ঘৰ যাব। 


তাই মনে মনে বৰ উৎফুল্লিত হৈছিল আৰু ভাৱি আছিল যে, তাই ছাৰৰ লগত এনেদৰে অকলশৰে সময় পাৰ কৰিবলৈ কেতিয়াপৰা যে সপোন দেখি আছিল! অৱশেষত আজি মই সেই সুবিধা পাইছো। আৰু আজিটো মানস ছাৰেও সম্পূর্ণ ৰূপে মোৰ ওপৰত ইনটাৰষ্টিং লাগিছে। এনে লাগিছে কিছু বেলেগ হব! ৰূপালীয়ে পুনৰ কেবিনলৈ গৈ বহিলগৈ। কিন্তু এইবাৰ তাই একেবাৰে মানসৰ কাষতে চকীখন লগাই বহিলে। মানসেও ৰূপালীৰ ফালে চালে আৰু হাঁহি মাৰি দিলে। দুয়ো পুনৰ নিজৰ কামত ব্যস্ত হৈ পৰিল। 


কিন্তু সময়ৰ পাছত ৰূপালীয়ে ভাৱিলে যে, ইমান দেৰি হৈ গল, কিন্তু মানস ছাৰেটো অকল কামতে লাগি আছে। মইটো ভাৱিছিলো আজি আমি এজনে আনজৰ কাষলৈ আহিবলৈ সুবিধা পাইছো। ছাৰৰ পৰা টো একো নহব! এতিয়া মইয়ে কিবা কৰিব লাগিব। এয়াকে ভাৱি, ৰূপালীয়ে নিজৰ হাতখন মানসৰ হাতৰ ওপৰত ৰাখিলে। আৰু হাঁহি মাৰি মানসলৈ চালে। মানসেও ৰূপালীয়ে ফালে চালে, আৰু মানসে অনুভৱ কৰিব পাৰিলে যে, আজি ৰূপালীয়ে বেলেগ কিছু কৰিবলৈ কে হে, তাৰ ফালে এনেদৰে মৰমেৰে চাই ৰৈছে। সেইবাবে সি থতমত খায় কলে, ৰূপালী, তুমি মোৰ বাবে একাপ কফি আনি দিব পাৰিবানে! 


যেতিয়াই তাই বাহিৰলৈ গল, মানসে চিন্তা কৰিবলৈ ধৰিলে। তাৰ মনত কেৱল মানসৰ পত্নী শিখাৰ কথা আহিবলৈ ধৰিলে। যাৰ লগত সি ২বছৰৰ আগতে প্ৰেম বিবাহ কৰোৱাইছিল। মানসে চিন্তা কৰিবলৈ ধৰিলে, মই কি শিখাৰ লগত কিবা ভুল কৰিছো নি! নহয় নহয়, মই কেৱল নিজৰ কাম কৰিছো। আৰু নিজকে নিজে মিছা সান্তনা দি, মানসে ৰূপালীৰ লগত কফি খাবলৈ ধৰিলে। সেই সময়তে কফি খায় থাকোতে, ৰূপালীৰ কি হল জানো, তাই মৰমেৰে নিজৰ কাপটো ৰাখিলে আৰু মানসৰ হাতত ধৰি ললে। 


মানস একেবাৰে থথমত খায় উঠিল আৰু ৰূপালীৰ ফালে আশ্বৰ্যনক ভাৱে চাই ৰল। ৰূপালীয়ে বহু মৰমেৰে কলে, মানস ছাৰ, মই বহু সময় ধৰি আপোনাক কিবা কব বিচাৰিছো! আপুনি মোৰ বহুত মৰমৰ হয়। মই আপোনাক বহু পচন্দ কৰোঁ! এই কথা শুনিয়ে মানসেও নিজৰ হাতখন জোৰেৰে টান মাৰি পিচলৈ আনিলে। মানসে একো নোকোৱাকৈ কফি খাবলৈ ধৰিলে আৰু নিজৰ কামত ব্যস্ত হৈ পৰিল। ৰূপালীৰ, মানসৰ এনে ব্যৱহাৰত কিছু দুখ কৰিলে। কিন্তু তাই ভাৱিলে, আজি তাই  মানস ছাৰক নিজৰ কাষলৈ আনিহে এৰিব। যাতে, তাৰ বাবে মই যি কৰিবলগীয়া হয়, কৰিম। 


আনফালে মানসৰ মন মগজুত খেলি মেলি হবলৈ ধৰিলে। কৰবাত নহয় কৰবাত এনেদৰে ৰূপালী তাৰ কাষলৈ অহা দেখা পায়, মানসৰ মনটো গলিবলৈ আৰম্ভ কৰিছিল। আৰু সিও তাইৰ ফালে আকৰ্ষিত হবলৈ ধৰিলে। মানসে নিজৰ এই চিন্তাক ৰখাই ঘড়ীটোলৈ চালে, তেতিয়া নিশা ৯-৩০বাজিছিল। সেইবাবে সি কঠিন সুৰেৰে কলে, ৰূপালী, এতিয়া বহুত পলম হৈ গল। তুমি এতিয়া ঘৰলৈ যোৱা। বাকী থকা কাম মই কৰি লম। এয়া শুনি ৰূপালী জাঙোৰ খায় উঠিল।  ( Assamese Storyboard )


তাই তক্ষনাৎ উঠি মানসৰ চকীৰ কাষ পালেগৈ, আৰু মানসৰ একেবাৰে ওচৰলৈ গৈ কলে, ছাৰ, সমস্যা কি! মই আপোনাৰ ইমান কাষলৈ অহাত আপুনি নিজকে নিজে ইমান বাধা কিয় দিছে! মই জানো, আপুনিও মোক পচন্দ  কৰে! এতিয়া মানসৰো, নিজকে ধৰি ৰখাটো কঠিন হৈ পৰিছিল। এটি ক্ষণৰ বাবে, তাৰ মনেও কৈছিল যে, সি ৰূপালীৰ কাষলৈ গুচি যায়। কিন্তু যেনে তেনে সি নিজকে বাধা দিলে আৰু ৰূপালীক নিজৰ পৰা আঁতৰাই, বহু মৰমেৰে তাইক কলে যে, ৰূপালী, মই বিবাহিত হয়। এনেদৰে মই মোৰ পত্নীক মিছা মাতিব নোঁৱাৰো। তোমাক কম যে, তুমি এতিয়া ছোৱালী হয়। 


সেইবাবে এনেদৰে নিজৰ জীৱন ধ্বংস নকৰিবা। এনেদৰে মানসে ৰূপালীক আঁতৰাই দিয়াটো তাইৰ ভাল নালাগিল। কাৰণ এতিয়া ৰূপালীৰ অন্তৰত প্ৰেমৰ জুই জ্বলি উঠিছিল। আৰু এতিয়া কেৱল তাই মানসৰ কাষলৈ যাব বিচাৰিছিল। ৰূপালীয়ে যোৱা ৪বছৰৰ পৰা মানসৰ অফিচত কৰ্মৰত আছিল। আৰু তেতিয়াৰপৰাই তাই মানসক পচন্দ কৰি আহিছিল। কিন্তু মানসে, নিজৰে বান্ধৱী শিখাৰ লগত প্ৰেম বিবাহত বহিল।।তেতিয়া ৰূপালীৰ অন্তৰ ভাঙি পৰিছিল। কিন্তু আজি যেতিয়া মানসৰ লগত এনে সুবিধা পাইছে, সেই সুযোগক তাই নিজৰ হাতৰ পৰা যাব দিব বিচৰা নাছিল। আৰু যেনে তেনে কৰি মানসৰ কাষলৈ যাব বিচাৰিছিল। 


ৰূপালীয়ে আগ পাছ নাচায়, মানসক সাৱটি ধৰিলেগৈ। মানস, মই তোমাক বহুত ভালপাওঁ। যোৱা ৪বছৰৰ পৰা মই তোমাৰ বাবে বলীয়া। তুমি আনক বিয়া কৰালা! কিন্তু মই তথাপিটো তোমাকে ভালপাওঁ। মোক এনেদৰে তোমাৰ পৰা দূৰ নকৰিবা। আমাৰ মাজৰ এই কথা কেতিয়াও অফিচৰ বাহিৰলৈ নাযায়। আজি নিশা নিজকে আৰু বাধা নিদিবা! ৰূপালী এনেদৰে মানসক সাৱটি আছিল যে, মানসেও তেতিয়া নিজৰ সকলো পাহৰি গৈছিল। সিও, ৰূপালীক সাৱটি ধৰিলে আৰু সকলো পাহৰি গল। দুয়ো এতিয়া এজনে আনজনৰ ইমানে ওচৰত আছিল যে, এতিয়া দুয়োয়ে এজনে আনজনৰ, হৃদয়ৰ উঠা নমা, উশাহৰ শব্দও শুনি পাইছিল। ৰূপালীৰ যেন স্বৰ্গ হে প্ৰাপ্ত হল। কাৰণ তাই আজি ইমান বছৰৰ প্ৰেমৰ দুবাহুত যি সোমাই আছিল। 


আনফালে মানসেও নিজৰ সকলো চিন্তা দ্বাৰা পাহৰি, ৰূপালীক জোৰেৰে সাৱটি ধৰি, তাৰ মুখৰ পৰা ওলাল, মই তোমাক বহুত ভালপাওঁ শিখা। এই নামটি শুনিয়ে, মানসৰ চকু খুল খালে আৰু নিজকে সংযম কৰি ৰূপালীক নিজৰ পৰা দূৰলৈ থেলি পথিয়ালে। তাইটো মানসৰ প্ৰেমত পগলাৰ দৰে হৈ পৰিল। কিন্তু মানসে নিজকে নিজে ভুল কাম কৰাৰ আগতে বাধা দিলে আৰু জোৰেৰে থিয় হৈ ৰূপালীৰ পৰা আঁতৰি গল। 


মানসে কলে, মোক ক্ষমা কৰি দিবা, মই তোমাক এনেদৰে সাৱটি ধৰাৰ বাবে! নিজৰ এই দূৰ্বলতাৰ সময়ৰ বাবে মই গোটেই জীৱন লাজ পায় থাকিম। তুমি ৰাতিতো অফিচত থাকিব পাৰা। কিন্তু মই এতিয়াই নিজৰ ঘৰলৈ যাওঁ। মই নিজৰ পত্নীক বহুত বেছিকৈ ভালপাওঁ। আৰু এনেদৰে তাইৰ বিশ্বাসক ভাঙিব নোঁৱাৰো। মানসৰ এই কথা শুনি ৰূপালীৰ বহুত বেছি খং উঠিল আৰু তাই নিজৰ সকলো পাহৰি গল। তাই চিঞঁৰিবলৈ ধৰিলে, মানস, তুমি মোৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰা! মোৰ ইমান কাষলৈ আহি, এতিয়া মোক কেনেদৰে অকলে এৰি যাব পাৰা! এনে নো কি নাই মোৰ ওপৰত! 


মানসে, বহুত শান্ত সুৰেৰে কলে, তুমি বহুত ভাল ছোৱালী হয়। তোমাৰ সকলো আছে। কিন্তু যি দৰে তুমি মোক ভালপোৱা,তেনেদৰে মইও মোৰ পত্নীক ভালপাওঁ। মই তোমাৰ ভাৱনাক সন্মান কৰিছো। সেইবাবে কাইলৈ মই তোমাক মোৰ চেকেটৰী পদৰ পৰা আঁতৰাই দিম। আৰু অন্য পোষ্টত তোমাক কামত লগাই দিম। যাতে তুমি মোক সদায়ে দেখা পায়, তুমি অসহায় অনুভৱ নকৰা। আৰু এয়া কয়ে মানস অফিচৰ পৰা ওলাই আহিল আৰু নিজৰ ঘৰলৈ বুলি ৰাওনা হল। 


গাড়ীত বহিয়েই মানসে, কিছু সময়ৰ আগে ঘটা ঘটনাটোক চিন্তা কৰি ঘামত তিতি গল। কাৰণ সি লাজ পাইছিল যে, সি কেনেকৈ কিছু সময়ৰ বাবে দূৰ্বল হৈ পৰিছিল। আৰু আজি যদি সি নিজকে এনেদৰে বাধা দিব নোঁৱাৰিলে হয়, তেতিয়াহলে জীৱনত নিজকে ক্ষমা কৰিব নোঁৱাৰিলে হয়। আনফালে ভিতৰত ৰূপালীৰ কান্দি কান্দি অৱস্হা বেয়া হৈ গল। তাইৰ মানসৰ ওপৰত বহুত বেছি খং উঠিছিল কাৰণ সি ৰূপালী আৰু তাইৰ মৰমক এনেদৰে অকলে এৰি থৈ আঁতৰি আহিলে। তাই নিজকে নিজে, মানসক একেবাৰে সপি দিছিল, কিন্তু মানসে তাইক এনেদৰে অকলশৰীয়া কৰিলে। এই চিন্তা দ্বাৰা মাজতে ৰূপালীয়ে এই কথাটো লাজ পাইছিল যে, তাইৰ প্ৰেম তাইৰ মগজো পাইছিলগৈ আৰু তাই মানসৰ ওচৰত নিজৰ সন্মান হেৰুৱাই পেলাইছিল। তাই বহুত কান্দিলে। কিন্তু সেই নিশা ৰূপালীয়ে সিদ্ধান্ত ললে যে, তাইও এতিয়া মানসৰ ওচৰৰ পৰা সদায় বাবে আঁতৰি যাব। আৰু তাক পাহৰি যাব। সেইবাবে তাই পাচদিনাই চাকৰি এৰি দিলে। আৰু মনে মনে মানসে তাইৰ এই সিদ্ধান্তক স্বীকাৰ কৰি ললে। দুয়োয়ে, এজনে আনজনক একো নকলে, আৰু সদায় বাবে সেই নিশাৰ ঘটনা তাতে শেষ হৈ পৰিল।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Storyboard )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

1 comment:

Advertisement

Pages