যি দেশত এনেধৰণৰ অপৰাধ হয় সেই দেশৰ জনগণ লজ্জিত হোৱা উচিৎ : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 23, 2022

যি দেশত এনেধৰণৰ অপৰাধ হয় সেই দেশৰ জনগণ লজ্জিত হোৱা উচিৎ : Assamese Storyboard

Assamese Storyboard


 আমেৰিকাত ১৫ বছৰ বয়সীয়া বালক এজন দোকান এখনত  চুৰি কৰিবলৈ গৈ ধৰা পৰিলে। প্ৰহৰীৰ চকুত ফাঁকি দি পলাবলৈ চেষ্টা কৰাৰ সময়ত চেল্ফ এটা ভাঙি গ'ল।  Assamese Storyboard )


বিচাৰকে অপৰাধৰ কাহিনী শুনি বালকজনক  সুধিলে,- "তুমি সঁচাকৈয়ে কিবা চুৰি কৰিছিলা নেকি? ৰুটিৰ কোনো পেকেট?" 


তলমূৰ হৈ বালকজন উত্তৰ দিলে,- "হয়"।


#বিচাৰক:- কিয় নো চুৰি কৰিলা? 


#বালক:- মোৰ প্ৰয়োজনত। 


#বিচাৰক:- কিনিব পাৰিলাহেঁতেন। 


#বালক:- পইচা নাছিল। 


#বিচাৰক:- পৰিয়ালৰ পৰা ল'ব পাৰিলাহেঁতেন। 


#বালক:- মোৰ ঘৰত কেৱল মোৰ মা' হে আছে। মা' অসুস্থ, কৰ্মহীন। মা'ৰ বাবেই ৰুটি চুৰি কৰিছিলোঁ। 


#বিচাৰক:- তুমি কোনো কাম নকৰা?  


#বালক:- গাড়ী ধোৱাৰ কাম কৰিছিলোঁ। মা'ক সেৱা-শুশ্ৰূষা কৰাৰ বাবে এদিন ছুটি লৈছিলো। সেইকাৰণে মোৰ হাতৰ পৰা কামটোও গুচি গ'ল।


#বিচাৰক:- কাৰোবাৰ ওচৰত সাহায্য বিচাৰি যোৱা নাই?  Assamese Storyboard )


#বালক:- ৰাতিপুৱা ঘৰৰ পৰা ওলাইছোঁ। এটা কাম বিচাৰি প্ৰায় ৫০ জনৰ ওচৰলৈ গৈছিলোঁ। অৱশেষত এই চূড়ান্ত সিদ্ধান্তটোৱেই ল'ব লগা হ'ল। 


বালক জনৰ সৈতে কথাবার্তাৰ শেষত বিচাৰকে ৰায় ঘোষণা কৰিবলৈ গৈ ক'লে,- "চুৰি, বিশেষকৈ ৰুটি চুৰি এটি অত্যন্ত লজ্জাজনক অপৰাধ! আৰু এই অপৰাধৰ বাবে আমি আটায়ে দায়ী! এইখন আদালতত উপস্থিত প্ৰত্যেকেই, আপোনালোকৰ ভিতৰত ময়ো আছোঁ, এই অপৰাধৰ সৈতে যুক্ত। সেইবাবে, ইয়াত উপস্থিত প্ৰত্যেকজন ব্যক্তিক ১০ ডলাৰ কৈ জৰিমনা কৰা হ'ল! ১০ ডলাৰ ইয়াত জমা নিদিয়াকৈ কোনেও ইয়াৰ পৰা যাব নোৱাৰিব!" 


এইখিনি কৈয়েই বিচাৰকে নিজৰ পকেটৰ পৰা ১০ ডলাৰ উলিয়ালে আৰু কলম হাতত তুলি লৈ লিখিবলৈ আৰম্ভ কৰিলে,- ইয়াৰোপৰি যিখন দোকানে ক্ষুধাৰ্থ বালক জনক পুলিচৰ হাতত গতাই দিছে, সেই দোকানখনকো মই ১ হাজাৰ ডলাৰ জৰিমনা দিবলৈ আদেশ দিলোঁ!


জৰিমনাৰ টকা যদি চবিছ ঘণ্টাৰ ভিতৰত জমা দিয়া নহয়, তেনেহ'লে আদালতে দোকানখনকো ছিল কৰিবলৈ নিৰ্দেশ দিব!


জৰিমনাৰ সমস্ত টকা এইজন বালকৰ হাতত তুলি দি মহামান্য আদালত বালক জনৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব! 


বিচাৰকৰ ৰায় শুনাৰ পাছত আদালতত উপস্থিত সকলোৰে চকু চকুপানীৰে ভৰি পৰিছিল। বালক জন একেবাৰে বাকৰুদ্ধ।  চকুপানী লুকাই বিচাৰকে আদালত ত্যাগ কৰিলে।


আমাৰ সমাজ, প্ৰশাসনিক ব্যৱস্থা, আদালত আদিয়ে এনেধৰণৰ সিদ্ধান্ত ল'বলৈ প্ৰস্তুত হ'ব নে বাৰু? 


বি:দ্ৰ:- মহামান্য চাণক্যই কৈছিল,- ৰুটি চুৰি কৰিবলৈ গৈ যদি কোনো ব্যক্তি ধৰা পৰে, তেন্তে সেই দেশৰ জনগণ লজ্জিত হোৱা উচিৎ!

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য দিব্য জ্যোতি বৰাৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages