মাজনিশাৰ উঁচুপনি ( খণ্ড_১৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 21, 2022

মাজনিশাৰ উঁচুপনি ( খণ্ড_১৪ ) : Assamese Storyboard

Assamese Storyboard

 

              ক্ৰিঙ..... ক্ৰিঙ.... কৈ ফোনটো বাজি থকা শুনি লৰালৰিকৈ আহি ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে ।  Assamese Storyboard )


: হেল্ল'....! 


: হেল্ল'....! মিছেছ কল্যাণী বৰুৱা । আপুনি জুইৰ লগত খেলা কৰিছে  , ইয়াৰ পৰিণাম কিন্তু বৰ ভয়ংকৰ হ'ব । 


: পৰিণামৰ কথা চিন্তা কৰি আজিলৈকে মই কোনো কামেই কৰা নাই ।  খঙেৰে ক'লে কল্যাণীয়ে । 


: আপুনি মোক চিনি পোৱা নাই । ইচ্ছা কৰিলে আপোনাক এতিয়াই শেষ কৰি দিব পাৰোঁ । ইন্দ্ৰনীল বৰুৱাৰ কথা চিন্তা কৰিহে মনে মনে বহি আছোঁ । 


: কিয়....? মোক শেষ কৰিবলৈ চাগৈ বৰুৱাই নিৰ্দেশ দিয়া নাই । নহয় জানো....! 


: নাই....! নাই....! বৰুৱাই এসময়ত আমাক বহুত সহায় কৰি থৈছে । আপোনাক মই অনুৰোধ কৰিছোঁ । থানাৰ পৰা বৰুৱাৰ কেছটো উঠাই লওঁক । নহ'লে সকলো শেষ কৰি পেলাম ।


: পুখুৰী সিচিলে দুই তিনিটা মানুহক শিঙি মাছে বিন্ধে । তথাপিও শিঙি মাছৰ ভয়ত মানুহে পুখুৰী নিসিছাকৈ নাথাকে । 

: আপুনি যেতিয়া কথাবোৰ বুজিও নুবুজাৰ ভাও ধৰিছে তেতিয়া হ'লে মোৰ কোনো উপায় নাই । হয় আমি জীয়াই থাকিম নহয় আপুনি জীয়াই থাকিব....!  কথাষাৰ কৈয়ে ফোনটো কাটি দিলে মানুহজনে । লগে লগেই কল্যাণীয়ে ফোন লগালে দিম্পললৈ । ফোনটো ৰিং কৰা লগে লগেই ৰিচিভ কৰিলে দিম্পলে । 


: হেল্ল'....! বৰুৱানী 


: ছাৰ , মোলৈ ফোন এটা আহিছিল লেণ্ড লাইন নাম্বাৰৰ পৰা ।

: কেতিয়া...? কি কলে আপোনাক....? 


: অলপ আগতে মোক ফোন কৰি কেছটো উঠাই ল'বলৈ কৈছে । নহলে মোক মৃত্যুৰ ভাবুকি দিছে । 


: ভয় নকৰিব বৰুৱানী । আমি আপোনাৰ লগত আছোঁ । এইবাৰ আমি এখন খেল খেলিব লাগিব । 


: খেল....? কি খেল ছাৰ....?  ইন্সপেক্টৰৰ কথাষাৰ শুনি আচৰিত হ'ল কল্যাণী । 


: কিছুমান কাম বুদ্ধিৰে কৰিব লাগিব । খেলখন খেলিব লাগিব আপুনি । এনেকুৱাকৈ খেলখন খেলিব লাগিব যাতে দোষী আহি নিজেই আমাৰ হাতত ধৰা দিয়ে । 


: কিন্তু ইয়াৰ বাবে দীঘলীয়া প্লেনিং লাগিব ছাৰ । ইমান সহজতে তেওঁলোকক জালত পেলাব পৰা নাযাব । 


: দুদিনমান সময় লওঁক আপুনি ।


: মই ভাবিব লাগিব ছাৰ । ইহঁত বহুত চালাক , কেনেবাকৈ আমাৰ অভিসন্ধিৰ কথা গম পালে বিপদ আমাৰেই হ'ব । 


: আপুনি কথাবোৰ ভালকৈ ভাবি সুন্দৰকৈ এটা প্লেন কৰি লওঁক । কিবা সহায় লাগিলে মোক ফোন কৰিব । মই ফৌজ পঠিয়াই দিম । 


: হ'ব ছাৰ । এতিয়া ৰাখিছোঁ । 


         ফোনটো কাটি চোফাখনতে আঁউজি হুমুনিয়াহ এটা এৰিলে কল্যাণীয়ে । 


         ......মাজনী , বৈশালী ক'ৰবাত ওলাই গৈছে নেকি ? ভিতৰৰ পৰা উধাতু খাই ওলাই আহি কলে তৰুলতাই । 


: নাই যোৱা । ৰূমতে  আছিল দেখোঁন । 


: বৈশালী ঘৰত নাই মাজনী...! গোটেই কেইটা ৰূমতে চালো । ক'তো নাই । 


: কি....? বৈশালী ৰূমত নাই....! নিবিৰ ক'ত...?


: সি অলপ ওলাই গৈছে । তালৈকে ফোন এটা কৰাচোন 


: কিমান টেনশ্যন লম আৰু মই...! এনেকৈ হ'লে মই পাগল হ'ব লাগিব । কথাষাৰ কৈয়ে নিবিৰলৈ ফোন লগালে কল্যাণীয়ে ।


: নিবিৰ ক'ত আছ তই....? 


: বজাৰৰ ওচৰতে আছোঁ কৱ...!


: বৰ ডাঙৰ কথা এটা হ'ল , বৈশালী ঘৰত নাই । তই অলপ বিচাৰ খোচাৰ কৰচোন...! মই গৈ আছোঁ ।


: ক'ত বিচাৰিবি এতিয়া...? যিহে কুঁৱলী পৰিছে একোৱেই নেদেখি । বৈশালীৰ কিবা এটা হ'লে তইয়ে ফচিবি কিন্তু...!


: অদৰকাৰী কথা কিছুমান নকবিচোন....! কথাটো এতিয়াই কাকো নকবি । মই গৈ আছোঁ...  কথাষাৰ কৈয়ে ফোনটো কাটি দিলে কল্যাণীয়ে । লৰালৰিকৈ কাপোৰযোৰ সলাই হাতত মোবাইলটো লৈ কল্যাণী ওলাই গ'ল । ইফালে সিফালে গোটেইখন বিচাৰিলে বৈশালীক । দোকান বজাৰ ক'তো বৈশালীক বিচাৰি নাপাই বৰ ভয় খালে কল্যাণীয়ে । ফোন কৰি মৃত্যুৰ ভাবুকি দিয়া নাম্বাৰটোলৈ ফোন লগালে , বাৰে বাৰে চেষ্টা কৰিও ফোনটো লগাব নোৱাৰিলে কল্যাণীয়ে । ৰাস্তাৰ কাষতে থকা জিৰণি চ'ৰাটোতে মূৰে কপালে হাত দি বহি দিলে কল্যাণী । 


        ......বাইদেউ ! এই ঠাণ্ডাত ইয়াত কিয় বহি আছে ? বৈশালীৰ মাতটো শুনি মূৰ তুলি চালে কল্যাণীয়ে । 


: ক'ত আহিছিলা বৈশালী...? ভাল ভয় খুৱালা তুমি....

 Assamese Storyboard )


: মন্দিৰলৈ আহিছিলোঁ বাইদেউ । আজি মা দেউতাৰ মৃত্যু তিথি , সেয়ে মন্দিৰতে শৰাই এভাগ আগবঢ়ালৈ আহিলোঁ । আপোনাক কৈ আহিম বুলি ভাবিছিলোঁ । টোপনি গৈ থকা বাবে মাত দিবলৈ বেয়া পালোঁ । 


: মাকটো কৈ আহিব পাৰিলা হেঁতেন...! 


: মাও শুই আছিল । লৰালৰিকৈ উভতি আহিম বুলিয়েই ভাবিছিলোঁ । কিন্তু প্ৰসাদ কেইটা নোলোৱাকৈ আহিবলৈ বেয়া লাগিল । সেয়ে প্ৰসাদ কেইটা লৈ আহিলোঁ । 


: ব'লা এতিয়া ঘৰলৈ । মায়ে চিন্তা কৰি আছে ।  


      এখোজ দোঁখোজ কৈ খোজ কাঢ়ি দুয়োজনী ঘৰমুৱা হ'ল , খোজ কাঢ়ি আহি থাকোঁতেই কল্যাণীয়ে নিবিৰলৈ ফোন লগালে । .....হেল্ল' নিবিৰ । বৈশালী আহিলে । তই ঘৰলৈ আহ । কথাটো কৈয়ে ফোনটো কাটি দিলে কল্যাণীয়ে ।  ....বৈশালী , কথা এটা সুধিম বেয়া নোপোৱাটো...!


: কওঁক বাইদেউ । 


: মা দেউতাৰ মৃত্যু কেনেকৈ হৈছিল...? মানে দুয়োজনৰে মৃত্যু তিথি একেদিনাই হোৱাৰ বাবেহে সুধিছো । 


: এক্সিডেণ্ট এটাত ঢুকাইছিল । চহৰৰ মাজ মজিয়াতে দেউতাই এটুকুৰা মাটি কিনিছিল ঘৰ সাজিবলৈ । সেইদিনা মাটিৰ মালিকক টকাখিনি দিবৰ বাবে গাড়ী এখন ভাড়া কৰি চহৰলৈ আহিছিল । মানুহজনৰ ঘৰ পোৱাৰ আগতেই ব্ৰেক ফেইল হৈ গাড়ীখনে সন্মুখৰ পৰা আহি থকা ট্ৰাক এখনত খুন্দা মাৰি দিছিল । আবেলিলৈ মা দেউতাৰ তেজেৰে লুতুৰী পুতুৰী হৈ থকা নিথৰ দেহ ঘৰলৈ লৈ আহিছিল পুলিচে । 


: তেতিয়া তুমি কিমান ডাঙৰ আছিলা...? 


: ক্লাছ নাইনত পঢ়ি আছিলোঁ । 


: মা দেউতাৰ মৃত্যুৰ পাছত তুমি কাৰ লগত আছিলা বৈশালী ..? 


: খুড়া খুড়ীৰ লগত । 


: দেউতাহঁত যোৱা গাড়ীখন কোনে ঠিক কৰি দিছিল তোমাৰ মনত আছে নেকি...? 


: গাড়ীখন খুড়াই ঠিক কৰি দিছিল । 


     ....সা সম্পত্তিৰ আশাত কেনেবাকৈ খুড়াকে বৈশালীৰ মাক দেউতাকক এক্সিডেণ্ট কৰোৱা নাইটো...! হ'বও পাৰে । যিহেতু বৈশালী তেতিয়া সৰু আছিল । 


: বাইদেউ...! বৈশালীৰ মাতটো শুনি ভাৱনাৰ জগতখনৰ পৰা ওলাই আহিল কল্যাণী । 


: খুড়া খুড়ীয়ে তোমাক মৰম কৰিছিল নে...? 


: খুড়ায়ে মৰম কৰিছিল কিন্তু খুড়ীয়ে ইমান মৰম কৰা নাছিল । 

: খুড়া খুড়ী এতিয়া জীয়াই আছে নে...? 


: আছে । দেউতাই কিনিম বুলি চোৱা মাটিখিনি খুড়াই কিনি লৈ ঘৰ বনালে । খুড়ীয়ে মোক ঘৰৰ পৰা মাৰ পিট কৰি বাহিৰ কৰি দিলে । তেতিয়াৰে পৰা খুড়া খুড়ীৰ লগত মোৰ কোনো সম্পৰ্ক নাই । কেতিয়াবা কেতিয়াবা খুড়াৰ ওপৰত মোৰ সন্দেহ হয় । ইচ্ছা কৰিয়েই হয়টো খুড়াই গাড়ীখনৰ ব্ৰেক ফেইল কৰিছিল । 


: খুড়াই কিবা চাকৰি কৰিছিল  নেকি....? 


: সৰুকৈ দোকান এখন দি কোনোৰকম পৰিয়ালটো চলি আছিল ।


: তেন্তে চহৰত মাটি কিনিবলৈ ইমানবোৰ টকা পালে ক'ত ...? 


: সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰি ময়ো কেতিয়াবা হাবাথুৰি খাওঁ । কিন্তু একো উত্তৰ নাপাওঁ ।


: এদিন খুড়াৰ ঘৰলৈ যাম ওলাবা । 


: ঠিক আছে । 


       কথা পাতি পাতি আহিয়েই দুয়োজনী ঘৰ পালেহি । বৈশালীলৈ বাট চাই বাৰাণ্ডাতে বহি থকা তৰুলতাই বৈশালীক দেখি চোতাললৈ নামি আহিল । ...মাজনী কলৈ গৈছিলা তুমি...?


: বৈশালী মন্দিৰলৈ গৈছিল । আমি শুই থকাৰ বাবে মাত লগাবলৈ বেয়া পালে । বৈশালীয়ে উত্তৰ দিয়াৰ আগতেই মাত লগালে কল্যাণীয়ে । এতিয়া ভিতৰলৈ ব'লক মা , বহুত ঠাণ্ডা পৰিছে । প্ৰসাদৰ টোপোলাটো তৰুলতাৰ হাতত দি দুৱাৰখন বন্ধ কৰি তিনিওজনী ভিতৰলৈ সোমাই আহিল । কাপোৰ কানি কেইটা সলাই হাতমুখ কেইটা ভালকৈ ধুই কফি তিনিকাপ বনাই আনিলে কল্যাণীয়ে । কফিৰ কাপটো হাতত লৈ কিবা এটা ক'ব খুজিও ৰৈ গৈছিল বৈশালী । ...নিবিৰক খবৰটো দিলা নে মাজনী ।  


: দিলোঁ । আপুনি এইবোৰ কথা চিন্তা কৰি নাথাকিব । টেবলেট খালে নে নাই প্ৰে'চাৰৰ ।


: আজি খোৱা নাই । পাহৰিয়েই থাকিলোঁ খাবলৈ । 


: কিমান কম আৰু আপোনাক , কৈ কৈ আমনি লাগিছে মোৰ । 

: বয়স বাঢ়ি আহিলে এনেকুৱা হয়েই বাইদেউ । মাৰ গাত একো দোষ নাই । আজিৰ পৰা মইয়ে টেবলেটটো খুৱাই দিম বাৰু....! লাহেকৈ কলে বৈশালীয়ে । 


: আজি আপুনি ভাত ৰান্ধিব নালাগে মা । মই ৰান্ধিম আপুনি অলপ আৰাম কৰিব । 


    কথা পাতি থাকোঁতেই কলিং বে'লটো বজা শুনি দুৱাৰখন খুলি দিলে বৈশালীয়ে । হাতত টোপোলা এটা লৈ নিবিৰ সোমাই আহিল । ...বা , আজি ভাত মই ৰান্ধিম । ল'কেল চিকেন লৈ আহিছোঁ । 


: বঢ়িয়া ...! বহুদিন তই ৰন্ধা খোৱা নাই । ভালেই হ'ব দে...


: তই বহি থাকিলে নহব । মোক হেল্প কৰিব লাগিব । গোটেইবোৰ মই কৰিব নোৱাৰোঁ দেই...


: তেতিয়া হ'লে ময়ে ৰান্ধিম । 


: তোৰ এই স্বভাৱটোৱেই বৰ বেয়া বা । তোক মই হেল্প কৰি দিব লাগে । কিন্তু তই মোক হেল্প কৰিব নোৱাৰ ...! বৈশালীৰ কথাটো শুনি খং উঠি গৈছিল নিবিৰৰ । 


: নিবিৰ , মই হেল্প কৰিম তোমাক । হ'বনে...! বৰ মৰম লগাকৈ কলে বৈশালীয়ে । 


: হ'ব বৈশালী বা । সাউৎকৰি মই ফ্ৰেচ হৈ লওঁ , আপুনি পাকঘৰলৈ যাওঁক। 


: তুমি ফ্ৰেচ হৈ লোৱাচোন । মই গৈ আছোঁ... 


       মিচিকিয়া হাঁহি এটা মাৰি নিবিৰ ভিতৰলৈ সোমাই গ'ল । 


: দেখিলা বৈশালী । মোৰ লগত বৰ ধেমালি কৰে ই । ইয়াক খং উঠাবলৈ বৰ ভাল । 


: আপুনি বহুত লাকী বাইদেউ । নিবিৰৰ দৰে এটা মৰম লগা ভাইটি পাইছে । মোৰহে সেইবোৰ একো নাই...


: দুখ নকৰিবা বৈশালী । পাঁচটা আঙুলি কেতিয়াও সমান নহয় । নিবিৰক তুমি নিজৰ ভাইটি বুলিয়েই ধৰিব পাৰা । ব'লা , এতিয়া পাকঘৰলৈ যাওঁ । নহলে সি আকৌ ভোৰভোৰাই থাকিব । মা আপুনিও বিচনালৈ যাওঁক । ভাত হ'লে মই মাত লগাই দিম ।  কথাষাৰ কৈয়ে হাতত কাপ কেইটা লৈ বৈশালী আৰু কল্যাণী পাকঘৰলৈ সোমাই গ'ল । কাপ কেইটা ধুই আলু কেইটাৰ বাকলি গুচাবলৈ লওঁতেই পদূলিত গাড়ী এখন ৰখোৱা শব্দ শুনি কল্যাণী পাকঘৰৰ পৰা ওলাই আহি খিৰিকীৰে জুমি চালে । গাড়ীখনৰ পৰা মানুহ এজন নামি আহি ঘৰটোলৈ একেঠিৰে চাই আছে । বেড ৰূমটোৰ পৰা পাঁচ বেটাৰীৰ টৰ্চটো আনি দুৱাৰখন খুলি কল্যাণী বাৰাণ্ডালৈ ওলাই গৈ গাড়ীখনলৈ টৰ্চ মাৰি দিলে । টৰ্চৰ পোহৰটো গাড়ীখনত পৰা লগে লগেই গাড়ীখন পদূলিৰ পৰা আতঁৰহৈ গ'ল । 


       ক্ৰমশঃ......


✍🏻তীৰ্থ_পিন্টু_বড়া


মাজনিশাৰ উঁচুপনি  ( খণ্ড_১৩ ) - https://www.smj24.in/2022/09/assamese-storyboard_20.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages