অভিমানৰ অভিমানী ( খণ্ড - ১১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 20, 2022

অভিমানৰ অভিমানী ( খণ্ড - ১১ ) : Assamese Storyboard

Assamese Storyboard


        ভাগৰুৱা পথিকৰ দৰে বৃষ্টি নিয়ৰৰ বুকুৰ মাজত শুই দিলে । কিমান সময় হ'ল গম নাপালে , হঠাৎ দেউতাকৰ মাত শুনি তাই নিজৰ ৰুমলৈ দৌৰ দিলে ।  নিয়ৰ বিচনাতে শুই থাকিল ।  Assamese Storyboard )


:: মাজনী... মাজনী...


:: কোৱা দেউতা মই শুই আছিলোঁ । 


( টোপনি পৰা উঠি অহা দৰে কথাষাৰ কলে তাই )


:: মা নাই... 


:: নাই.. ওলাই গৈছিল ...


:: তুমি এই মোনা কেইটা ভিতৰত থোৱা আৰু মোৰ বাবে চাহ একাপ বনাবা ! 


:: হব দেউতা..


:: অ... নিয়ৰ কত গল ?


:: সি শুই আছে দেউতা ; ৰাতি ভালদৰে শুৱা নহল যে ...


:: ওম.. শুব দিয়া .. তুমি যোৱা ..


      বৃষ্টি ভিতৰলৈ গল, মনে মনে এবাৰ নিয়ৰৰ ওচৰত গৈ কৈ আহিল চাহ বনাইছোঁ উঠা মুখ ধুই আহা  ।

         নিয়ৰ উঠিল আৰু মুখ হাত ধুই দেউতাকৰ ওচৰতে বহিল ।।


:: টোপনি পোৰ হল নে ? 


( দেউতাকে ধেমালি সুৰতে সুধিলে )


:: হল দেউতা ...


:: ইমান দিনৰ পিছত আহিছা, আহিয়েই বুলে যোৱা কথা কৈছিলা , বেয়া পাইছা নেকি থাকি ?


:: নাই দেউতা ..


:: তোমাৰ লগত অলপ কথা পাতিব আছিল যদি তোমাৰ অসুবিধা নহয় ..


:: কি কথা দেউতা ?


:: মোৰ ছোৱালীয়ে তোমাক ভালপাই আৰু তুমিও ভালপোৱা, তাত আমি কোনো বাধা নিদিওঁ । ভাল লাগিছে তোমালোকে লুকুৱাই থোৱা নাই কথাবোৰ ..কিন্তু...


:: কিন্তু কি দেউতা ...?


:: মোৰ মাজনীক জানো তুমি আপোন কৰি লব পাৰিবা ?


:: কিয় নোৱাৰিম ? তাইক মই ভালপাওঁ আৰু জীয়াই থকা লৈকে তাইৰ তাই সুখ - দুখৰ লগৰী হৈ থাকিম, মাথোঁ আশীৰ্বাদ কৰিব ;


:: আমাৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে ; কিন্তু তুমি নজনা এটা কথা আছে যাৰ বাবে হয়তো তুমি তাইক গ্ৰহণ কৰিব নোৱাৰিবা, তাই এটা ক'লা অতীত আছে, তোমাৰ পৰা লুকুৱাই জানো লাভ আছে এদিনটো সকলো গম পাবাই সেইবাবে আজিয়েই কৈ দিও ...


:: দেউতা তাই অতীত কি আছিল, কি হৈছিল সেইটো মই কেতিয়াও জানিব নিবিচাৰোঁ, তাইও মোক কব খুজিছিল কিন্তু মই অতীত জানিব নিবিচাৰোঁ, মই মাথোঁ তাইক ভালপাওঁ, তাই অতীত যিয়েই নহওঁক কিয় মই তাইক তেনেকৈয়ে ভালপাম !


:: তুমি বাধা নিদিবা মোক নিয়ৰ, আজি তোমাক কথাবোৰ কব লাগিব । 


      এনেতে বৃষ্টিয়ে চাহ লৈ আহিল ।


:: দেউতা, নিয়ৰ লোৱা চাহ খোৱা ;


:: হ'ব মাজনী থোৱা, আমি খাম বাৰু তুমি অলপ ৰোমত যোৱা আমি কথা পাতি আছোঁ ।


:: হ'ব দেউতা , নিয়ৰ তোমালোকে কথা পাতা মই যাওঁ ..


:: ওম.. যোৱা...


     বৃষ্টি গুচি গ'ল ! চাহ খাই লৈ নিয়ৰে দেউতাকক কলে ...


:: দেউতা.. সেই অতীত জনা জানো কিবা প্ৰয়োজন আছে ? তাই অতীত যি হলেও মই তাইক নিজৰ কৰিম ।


:: তুমি ভুল বুজিছা, মই তোমাক কোৱা নাই যে তুমি তাইক নিজৰ নকৰা ! দেউতাক মই তাই আৰু সেইকাৰণে তোমাক সকলো কোৱাটো মোৰ দায়িত্ব ; 


:: ঠিক আছে দেউতা, আপোনাক বাধা নিদিওঁ কি আছিল কওঁক ;;


      চাহৰ কাপটো হাতত লৈ দেউতাকে কৈ গ'ল বৃষ্টি সেই ক'লা অতীত ... Assamese Storyboard )


:: সৰু পৰা বৃষ্টি বহুত মৰমৰ মাজত ডাঙৰ হৈছে, যি লাগে কৈছিল তাকেই দিছিলোঁ, কোনোদিনে তাই অভাৱ কি অনুভৱ কৰিব দিয়া নাছিলোঁ ; তেতিয়া তাই বয়স ১৪ বছৰ আছিল, আমাৰ আগৰ গাওঁখনতে তাই পঢ়িছিল,  সেইখন গাঁওৰে ৰাজ নামৰ লৰা এটা তাই লগতে পঢ়িছিল । প্ৰেম, ভালপোৱা কি তাই ভালদৰে বুজি পোৱা নাছিল কিন্তু লৰাজনে তাইক ভাল পাইছিল আৰু এদিন লৰাজনে তাইক এখন চিঠি দিছিল তাই আহি আমাক দিলে, মই ৰাজৰ ঘৰত গৈ সকলো কলো আৰু লৰাটোক ঘৰত মাৰিলে ।  

     মই বহুত চিন্তা কৰি মা লগত আলোচনা কৰি তাইক বেলেগ স্কুলত নাম লগাই দিলোঁ, বহু দিন তেনেকৈয়েই পাৰ হল সকলো ভালদৰে থাকিল ।

     তাই English ত অলপ বেয়া আছিল, সেইবাবে তাইক টিউচন এটা দিয়া সিদ্ধান্ত কৰিলোঁ আৰু ৪ বজাৰ পৰা ৫ বজালৈ টিউচন দিলোঁ, আমাৰ ঘৰৰ পৰা ১০ মিনিট মান লাগে তাই টিউচন কৰা তাৰলৈকে । ৪ মাহ মান ভালদৰে গ'ল, কিন্তু ৰাজে তাইক সদায় মনে মনে চাই আছিল কথাটো আমি গম পোৱা নাছিলো, তাইয়ো নাজানিছিল ।

     আমি ভাবিছিলো প্ৰায় ৯ মাহ বেছি হ'ল এতিয়া চাগে সি তাইক এইবোৰ কথা লৈ আমনি নকৰে , কিন্তু  আমি ভুল আছিলোঁ সি তাইক প্ৰতিশোধ লব বাবে সদায় তাইক চাই আছিল তাই কত যায়, কি কৰে, কিমান সময়ত স্কুল যায়, কিমান সময়ত টিউচন যায় ...! 

       সেইদিনা তাই আন দিনা দৰেই গৈছিল, যোৱা আগত মোক মাত দি গৈছিল, সেইদিনা টিউচন কৰা অলপ দেৰি হ'ল  । তাই তাৰ পৰা আহে মানে সন্ধিয়া নামিল, মই ৰাস্তাতে ৰৈ আছিলোঁ তাই আহিব বুলি ।

    কিন্তু ... বহু দেৰি হোৱাত মই তাই টিউচন কৰা তাত গলো আৰু  তাত গৈ গম পালোঁ তাই ঘৰত অহা অলপ সময় হ'ল । 

        ক'ত গল তাই ? লগৰ বুলিও তেনেকুৱা কোনো নাই, কিবা এটা ভয়ে বুকু খন কপাঁই গ'ল ; কি কৰো কি নকৰোঁ ভাবি নাপালোঁ । 

       কিজানি তাই ঘৰত আহিছে ভাবি খৰকৈ ঘৰলৈ বুলি খোজ ললো ! 

       ঘৰৰ পায়েই শুনিলো কোনোবাই কান্দি আছে, দুৱাৰ খুলি সোমাই দেখো মাকে বৃষ্টিক সাৱটি কান্দি আছে, বৃষ্টি মৌণ হৈ বহি আছে । কি হৈছে কি নাই হোৱা একো বুজি পোৱা নাছিলো । 

    মাকক বাৰে বাৰে সুধিছিলো কি হ'ল ; কি হৈছে ...?? বৃষ্টিক সাৱটি সুধিছিলো মাজনী কি হ'ল তোমাৰ ? কত আছিলা ইমান সময় ? তাই মাথোঁ শিল পৰা কপৌ দৰে বহি থাকিল, ভালদৰে চাই দেখো তাই কাপোৰত তেজৰ দাগ, বোকা লাগি আছে ।

      ইমান সুধিলো তাই মুখৰ পৰা এটা শব্দও উলিয়াব নোৱাৰিলোঁ । তাই এটা জীৱন্ত মৃতদেহৰ দৰেই থাকিল । মাকে তাইক ৰোমলৈ নি কাপোৰ বোৰ সলনি কৰি দিলে । 

        মই আৰু একো নুসুধিলো কি হৈছে  ; মাক তাই লগতে শুই থাকিল, মই ৰাতিটো বাহিৰতে বহি থাকিলো । বিভিন্ন প্ৰশ্নই মোৰ মনক আমনি কৰিব ধৰিলে, কিবা এটা ভয়ে মোক উৰে ৰাতি শুব নিদিলে ... 

       পিছদিনা ৰাতিপুৱা বাবে অপেক্ষা কৰিলোঁ ....


          ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - ১০ ) )-

https://www.smj24.in/2022/09/assamese-storyboard_40.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages