মাজনিশাৰ উঁচুপনি ( খণ্ড_৯ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 16, 2022

মাজনিশাৰ উঁচুপনি ( খণ্ড_৯ ) : Assamese Storyboard

Assamese Storyboard

 

           ......... এঘন্টা অপেক্ষা কৰাৰ পাছতো চেটাৰ্জী কেবিনলৈ নহা দেখি কল্যাণী কেবিনৰ পৰা ওলাই আহি ইফালে সিফালে অলপ খোজ কাঢ়িলে , আৰু কিছু সময় অপেক্ষা কৰিম বুলি ভাবি চেটাৰ্জীৰ কেবিনৰ পৰা কিছু নিলগত থকা চকী এখনতে বহি দিলে কল্যাণীয়ে । সেইদৰেই দুঘণ্টামান সময় পাৰ হৈ গৈছিল কিন্তু চেটাৰ্জী ঘূৰি নাহিল । নিৰাশ মনেৰে কল্যাণী হস্পিতালখনৰ পৰা ওলাই আহি খোজ কাঢ়ি খোজ কাঢ়িয়েই বৈশালীৰ ওচৰ পালেহি ।  Assamese Storyboard )


কল্যাণীক দেখাৰ লগে লগেই বৈশালী উচুপি উঠিল । ...নাকান্দিবা বৈশালী । কান্দি একো লাভ নাই । অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ শিকা । 


: ইমান সাহস মোৰ নাই । বৰ কষ্টৰে কলে বৈশালীয়ে । 


: নাই বুলি ক'লেই নহব নহয় । সাহস গোটাব লাগিব । ডাক্তৰ আহিছিল নেকি ভিজিট দিবলৈ । 


: আহিছিলে বা , মেডিচিন অলপ আনিবলৈ দি থৈ গৈছে । তই অহালৈ বাট চাই আছিলোঁ ।  বৈশালীয়ে উত্তৰ দিয়াৰ আগতেই মাত লগালে নিবিৰে । 


: ঠিক আছে । মেডিচিন কেইটা লৈ আনগৈ যা । মই পইচা দিছোঁ । পাৰ্চটো খুলি পাঁচশ টকীয়া নোট দুখন নিবিৰৰ হাতত গুজি দিলে কল্যাণীয়ে । মেডিচিন কেইটা আনি তই ঘৰৰ পৰা আহিবিগৈ । অলপ ফ্ৰেচ হৈ আহব পাৰিবি । 


: হ'ব দে । মই কিবা এটা কৰিম । চাহ আনিব লাগিব নেকি...? 


: ৰঙা চাহ দুকাপ লৈ আহিবি যা । 


       নিবিৰ ৱাৰ্ডটোৰ পৰা ওলাই গ'ল বাহিৰলৈ । বৈশালীৰ কাষতে বহি চুলিকেইডাল লিৰিকী বিদাৰি মূৰটো পিটিকি দিলে কল্যাণীয়ে । ...বাইদেউ , 


: কোৱা বৈশালী । 


: ইন্দ্ৰনীল দাদা বহুত বেয়া মানুহ বাইদেউ । 


: বেয়া বুলি জনাৰ পাছতো তুমি ইন্দ্ৰনীলৰ ওচৰলৈ গৈছিলা কিয়...? 


: মোক তেওঁ জোৰ কৰি লৈ গৈছিল বাইদেউ । 


: হয়নেকি ...! এইবিলাক কথা তুমি আদালতত ক'ব পাৰিবা নে বৈশালী ।


: পাৰিম বাইদেউ । 


: তাৰ আগতে তুমি সোনকালে সুস্থ হৈ উঠা । কিন্তু এটা কথা অলপ সাৱধানে থাকিবা । যিকোনো মুহূৰ্তত নীলে তোমাক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিব পাৰে । সেয়ে কৈছোঁ... 


: উম..., বুজি পাইছোঁ বাইদেউ । 


        দুয়োজনীয়ে কথা পাতি থাকোঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল । পাৰ্চৰ পৰা ফোনটো উলিয়াবলৈ লওঁতেই ফোনটো কাট খাই থাকিলে । তেনেতে মেডিচিনৰ টোপোলা আৰু চাহৰ কাপ দুটা লৈ নিবিৰ ৱাৰ্ডতোলৈ সোমাই আহিল । 

.....ৰঙা চাহ নাপালোঁ বা , সেয়ে গাখীৰ চাহকে লৈ আহিলোঁ ।


: হ'ব দে । নিবিৰৰ হাতৰ পৰা চাহৰ কাপ এটা লৈ বৈশালীলৈ আগবঢ়াই দিলে কল্যাণীয়ে । ...চাহকাপ খাই লোৱা বৈশালী । নিবিৰ তই যাগৈ যা । অলপ সোনকালে আহিবি মোৰ কাম এটা আছে । 


: ঠিক আছে । তোলৈ ভাত আনিব লাগিব নে নালাগে...! 


: নালাগে নিবিৰ । হোটেলতে খাম মই । 


: তেতিয়া হলে মই গৈ থাকোঁ ।  


     কথাষাৰ কৈয়ে নিবিৰ ওলাই আহিল । চাহৰ কাপ দুটা ডাষ্টবিনত পেলাই কাজললৈ ফোন লগালে কল্যাণীয়ে ।


: হেল্ল'...! কাজল


: উম... কৱ কল্যাণী । চেটাৰ্জীক লগ পালি নে...?


: লগ পালো । কিন্তু কামটোহে নহল ।


: কিয়....? কিবা এটা দি দিব লাগিছিল আকৌ


: পাঁচ লাখ টকাৰ চেক এখন দি থৈ আহিছোঁ । 


: তই বলিয়া হলি নেকি...?


: বলিয়া হোৱা নাই । মোৰ একাউন্টত পাঁচ লাখ টকা নায়ে । 


: তই মানুহ মাৰিবি দেই । মই ভয় খাই গৈছিলোঁ । তই আকৌ এবাৰ গৈ আহিবি । তেওঁ পাঁচটা বজালৈকে থাকে । 


: যাম বুলি ভাবিছোঁ । চেকখন হাতত দিয়াৰ লগে লগেই মুখ খুলিছিলেই কিন্তু ফোন এটা অহাৰ বাবে তেওঁ কেবিনৰ পৰা ওলাই গ'ল । 


: তোৰ mission success বুলি ধৰি লব পাৰ । 


: এতিয়াই success বুলি ক'ব নোৱাৰোঁ । তেওঁক আকৌ লগ পোৱাৰ পাছতহে mission success বুলি কব পাৰিম । 


: উম..., কি হয় মোক জনাবি । যদি তোৰ সন্দেহ মিছা বুলি প্ৰমাণ হয় তেতিয়া কি কৰিবি তই.... 


: নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে কাজল । মোৰ সন্দেহ কেতিয়াও মিছা নহয় । 


: সঁচা হোৱাটো ময়ো বিচাৰিছোঁ কল্যাণী । দোষীয়ে শাস্তি পাব লাগে । সেয়া লাগিলে ইন্দ্ৰনীলেই হওঁক বা আন কোনোবাই হওঁক ।  Assamese Storyboard )


: তই এটা কাম কৰিবি আজি । ডিউটিৰ পৰা উভটি যাওঁতে সেই ঘৰটো কাৰ হয় এবাৰ ভালকৈ চাই আহিবি । 


: হ'ব দে । ফোনটো কাটি দিলে কাজলে । লাহেকৈ বিচনাখনৰ পৰা নামি নাৰ্ছ এগৰাকী মাতি আনিলে কল্যাণীয়ে । prescriptionখন চাই নাৰ্ছ গৰাকীয়ে ইঞ্জেক্সন দুটা দি দিলে বৈশালীক । ইঞ্জেক্সন দুটা দি থৈ যোৱাৰ কিছু সময় পাছতেই বৈশালীৰ টোপনি আহিল । বিচনাখনত ভালকৈ বহি আঁঠুতে মূৰটো গুজি চকু দুটা জপাই দিলে কল্যাণীয়ে । 


     .... এস্কিউছ মি মেডাম । মাতষাৰ দি কল্যাণীক জোকাৰি দিলে নাৰ্ছ গৰাকীয়ে । উচপ খাই উঠিল কল্যাণী । ..... আপুনি কল্যাণী বৰুৱা নেকি...? 


: হয় । মই কল্যাণী বৰুৱা । 


: আপোনাক লগ কৰিবলৈ মানুহ এজন আহিছে । 


: গৈ আছোঁ । ক'ত আছে তেখেত...? 


: বাৰাণ্ডাতে ৰৈ আছে । 


: চিষ্টাৰ মই অহালৈকে আপুনি অলপ সময় বৈশালীৰ ওচৰত ৰৈ দিয়কচোন । 


      বিচনাৰ পৰা নামি বাৰাণ্ডালৈ ওলাই আহিল কল্যাণী । বাৰাণ্ডাৰ চকী এখনত তল মূৰকৈ বহি আছে ইন্দ্ৰনীল । ইন্দ্ৰনীলক দেখাৰ লগে লগেই কল্যাণীৰ খং উঠি আহিল । ...হেল্ল....! মি: ইন্দ্ৰনীল বৰুৱা । কিয় আহিছা ইয়ালৈ...? কল্যাণীৰ মাতটো শুনি মূৰ তুলি চালে ইন্দ্ৰনীলে


: কল্যাণী ...! তোমাক লগ কৰিবলৈকে ইয়ালৈ আহিছোঁ । 


: কিয়....? তোমাৰ লগত আৰু মই কোনো সম্পৰ্ক ৰাখিব নিবিচাৰোঁ । যাব পাৰা তুমি...


: তুমি মোৰ কথাটো শুনি লোৱা কল্যাণী...! 


: তোমাৰ কথা শুনিবলৈ এতিয়া মোৰ সময় নাই ।  কল্যাণী ভিতৰলৈ সোমাই আহিব ধৰোঁতেই হাতখন থাপ মাৰি ধৰিলে ইন্দ্ৰনীলে । ...অসভ্যালি নকৰিবা নীল । কি ক'বলৈ আছে কোৱা আৰু যোৱা । 


: মই তোমাৰ ওচৰত ক্ষমা বিচাৰি আহিছোঁ কল্যাণী । প্লীজ...! মোক ক্ষমা কৰি দিয়া । ভুল হৈ গ'ল মোৰ । উচুপি উঠিল নীল । 


: ক্ষমা....? এইবোৰ কথা তোমাৰ মুখত শোভা নাপায় নীল । জানি বুজি যি মানুহে ভুল কৰে তেওঁক কেতিয়াও ক্ষমা কৰিব নোৱাৰি । 


: ধৈৰ্য পৰীক্ষা ন'লবা কল্যাণী । ইচ্ছা কৰিলে মই....? 


: ৰৈ গ'লা কিয়...? কোৱা...!  ইচ্ছা কৰিলে তুমি.....? মোক মাৰি পেলাবা....! ইমান ভয়াতুৰ মই নহয় । জুইৰ লগত খেলা কৰা মানুহ মই ।  চিঞৰি চিঞৰি কলে কল্যাণীয়ে । ক্ৰমাৎ পৰিৱেশ উত্তপ্ত হৈ পৰাত বাৰাণ্ডাত মানুহৰ ভীৰ লাগিল । 


: তুমি ভুল বুজিবা কল্যাণী । ইচ্ছা কৰা হ'লে তোমাৰ ওচৰত ক্ষমা খুজিবলৈ নহাকৈয়ো থাকিব পাৰিলোঁ হেঁতেন ।  মোৰ ভুল মই বুজি পাইছোঁ । সেয়ে ক্ষমা বিচাৰি আহিছিলোঁ । 


: এইবোৰ নাটক কৰি মোৰ মন ভোলাব নোৱাৰা নীল । গুচি যোৱা তুমি ইয়াৰ পৰা । 


        কল্যাণীৰ কথাষাৰ শুনি সকলোৱে হাঁহি দিলে । বৰ লাজ পালে নীলে । শেনটোৰ দৰে আহি ফেঁচাটোৰ দৰে তলমূৰ কৰি গুচি গল নীল । 


      .... চিষ্টাৰ , বৈশালীক ৰিলিজ দিয়াৰ ব্যৱস্থা কৰক । ইয়াত বৈশালী সুৰক্ষিত নহয় । যিকোনো প্ৰকাৰে নীলে বৈশালীক শেষ কৰি পেলাব পাৰে । 


: আপুনি এইবোৰ কি কথা কৈছে মেডাম । আমাৰ ইয়াত চৌবিশ ঘন্টাই চিকিউৰিটি থাকে । প্ৰতিটো ৱাৰ্ডত চি. চি. টিভি কেমেৰা লগোৱা আছে । 


: জানোঁ....! তথাপিও বৈশালী সুৰক্ষিত নহয় । মই আপোনাক request কৰিছোঁ চিষ্টাৰ বৈশালীক ৰিলিজ দিয়াৰ ব্যৱস্থা কৰক । 


: Sorry , মেডাম । মই আপোনাৰ ৰিকুৱেষ্ট ৰাখিব নোৱাৰিম । আপুনি ছাৰৰ লগত কথা পাতি চাওঁক । ছাৰে যদি ৰিলিজ দিয়ে মোৰ একো আপত্তি নাই । 


: Thank you চিষ্টাৰ ।  লৰালৰিকৈ ৱাৰ্ডটোৰ পৰা ওলাই বৈশালীক চিকিৎসা কৰা চিকিৎসক জনৰ কাষ পালেগৈ  কল্যাণী । বহুত অনুনয় বিনয় কৰি বৈশালীৰ ৰিলিজ ললে কল্যাণীয়ে । নিবিৰ অহাৰ লগে লগেই অ'ট এখন ভাড়া কৰি বৈশালীক নিবিৰৰ লগত ঘৰলৈ পঠিয়াই চেটাৰ্জীক লগ কৰিবলৈ গ'ল কল্যাণী। 


      বতৰটো ডাৱৰীয়া হৈ থকাৰ বাবেই সোনকালে আন্ধাৰ হৈ পৰিছিল চহৰখন । কল্যাণী গৈ চেটাৰ্জীৰ কেবিন পায়গৈ মানে বিয়লি চাৰি বাজিছিল । গ্লাছৰ দুৱাৰখনেৰে এবাৰ জুমি চাই চেটাৰ্জী বহি থকা দেখি দুৱাৰখন খুলি কেবিনলৈ সোমাই গ'ল কল্যাণী । 


: মিছেছ বৰুৱানী , মই আপোনাৰ বাবেই ৱেইট কৰি আছিলোঁ।  জৰুৰী ফোন এটা অহাৰ বাবে অথনি মই ওলাই যাব লগা হ'ল ....।


: উম..., মই বুজি পাইছোঁ । এঘন্টা মান আপোনাৰ বাবে ৱেইট কৰিলোঁ । 


: হয়নেকি....! চাহ কফি কিবা খাব নেকি....? 


: নাই । একো নালাগে । আপুনি মোক সঁচা কথাবোৰ ক'লেই হ'ব।   কথাৰ মাজতে মোবাইলটো উলিয়াই  ভিডিও মোডটো অন কৰি ললে কল্যাণীয়ে । 


: সঁচা কথা ক'বলৈ হলে সংগীতা ফুকনক ধৰ্ষণ কৰা হৈছিল । ধৰ্ষণ কৰাৰ পাছতহে সংগীতা ফুকনক হত্যা কৰা হৈছিল।  এই ঘটনাটোৰ লগত ইন্দ্ৰনীল বৰুৱা , কমল বুজৰবৰুৱা আৰু আশুতুষ চক্ৰৱৰ্তী জড়িত হৈ আছিল । 


: হত্যা বুলি জনাৰ পাছতো ঘটনাটোক আপুনি কিয় আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল ...? 


: প্ৰথমতে মই হত্যা বুলিয়েই ৰিপৰ্টটো লিখিছিলোঁ , কিন্তু.... কিবা এটা ক'ব খুজিও ৰৈ গৈছিল চেটাৰ্জী । 


: কিন্তু বুলি ৰৈ দিলে যে....? আকৌ নতুন কাহিনী ৰচনা কৰিম বুলি ভাবিছে নেকি....? 


: চক্ৰৱৰ্তীয়ে সঁচা কথাটো লুকুৱাই ৰাখিবৰ বাবে মোক দুই লাখ উপহাৰ দিছিল । 


: তাৰমানে আপুনি টকাৰ কাৰণে সঁচা কথা এটাকো মিছা বুলি কৈ দিব পাৰে । বৰ আচৰিত মানসিকতা আপোনাৰ । 


: আজিকালি টকাই সকলো বৰুৱানী । টকা নহলে আজিকালি সকলো মিছা । 


: সেইটো এশ শতাংশই শুদ্ধ । বাৰু সেইবোৰ বাদ চক্ৰৱৰ্তীৰ বিষয়ে আপুনি কিবা জানে নেকি.....? 


: ইন্দ্ৰনীলৰ বিজনেছ পাৰ্টনাৰ । তাতকৈ বেছি একো নাজানো । 

: Thank you so much . মি: চেটাৰ্জী । লগ পাই ভাল লাগিল । আকৌ কেতিয়াবা লগ হ'ম । 


        চেটাৰ্জীৰ কেবিনৰ পৰা খৰখেদাকৈ হস্পিতালখনৰ পৰা ঘৰলৈ আহিবলৈ বুলি ৰাস্তাটো পাৰ হবলৈ লওঁতেই তীব্ৰবেগেৰ আহি থকা গাড়ী এখনে কেৰেক কৈ ব্ৰেক মাৰি গাড়ীখন ৰখাই দিলে । মুহূৰ্ততে ৰাস্তাটোত মানুহৰ ভিৰ লাগিল । এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গল অঞ্চলটোক । 


         ক্ৰমশঃ....


✍🏻তীৰ্থ_পিন্টু_বড়া


মাজনিশাৰ উঁচুপনি ( খণ্ড_৮ )


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages