অভিমানৰ অভিমানী ( পঞ্চম খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 13, 2022

অভিমানৰ অভিমানী ( পঞ্চম খণ্ড ) : Assamese Storyboard

Assamese Storyboard

      

          বৃষ্টিৰ পৰা বিদায় লৈ নিয়ৰ ঘৰলৈ গ'ল । আগৰ দৰেই আকৌ দিনবোৰ পাৰ হৈ গ'ল কিন্তু এতিয়া যেন বৃষ্টি অলপ সলনি হৈছে , নিয়ৰৰ অনুভৱ হৈছে তাই যেন তাৰ পৰা আঁতৰি যাব বিচাৰিছে , কোনোবাই যেন তাৰ অভিমানী জনীক তাৰ পৰা আঁতৰাই নিছে । Assamese Storyboard )


          আগৰ দৰে তাই তাৰ লগত কথা নপতা হৈছে , দিনটোৰ ব্যস্ততাৰ পিছত সন্ধিয়া তাৰ আগত কৰা অভিমানবোৰ যেন লাহে লাহে নোহোৱা হৈ গৈছে ! কেতিয়াবা অনলাইন থাকিলেও msg নকৰে , কেতিয়াবা কাৰোবাৰ লগত waitting ...!


          তাই তাৰ পৰা যেন কিবা এটা লুকুৱাব বিচাৰিছে , নিয়ৰে আজি তাইক সকলো কথা সুধিম বুলি সিদ্ধান্ত ল'লে , যদি তাই তাৰ লগত সুখী নহয় তেনেহ'লে তাইক আজি কৈ দিব সি নিজৰ যি ভাল লাগে কৰিব ।


:: ঐ ছোৱালী ...


:: উম্‌ .. কোৱা ..


:: দিনটো call কৰিছোঁ কথা পাতিব বিচৰা নাই আৰু waitting হৈ আছা ; ক'বা নে কি হৈছে ?


:: একো নাই হোৱা , কি হ'ব নো মোৰ আৰু দিনটো অলপ কাম কৰি আছিলোঁ ! 


:: মোৰ এনেকুৱা কিয় লাগিছে তুমি যেন মোৰ পৰা কিবা এটা লুকুৱাব বিছাৰিছা ? আজি কালি msg দিলেও চাব সময় নাই ?


:: মই তোমাৰ পৰা কি লুকুৱাম অ ... মই যি নকৰোঁ কিয় সকলো কথা কি তোমাক ক'ব লাগিব নেকি ? তুমি msg দিলা বুলিয়েই কি লগে লগে মই reply কৰিম নেকি ? মই তুমি বিচৰা দৰেই সকলো কাম কৰিব নোৱাৰো ! তুমি যদি ভাবিছা তুমি কোৱা দৰেই মই সকলো কৰিম তেন্তে ভুল ভাবিছা তুমি , তেনেকৈ মই তোমাৰ লগত থাকিব নোৱাৰো মোক ক্ষমা কৰি দিবা 🙏


:: মইটো তোমাক কথাটো হে সুধিছিলো , যদি তোমাৰ কিবা অসুবিধা হৈছে মোক কোৱা .. তোমাৰ সুখৰ সময়ত নহ'লেও তোমাৰ দুখৰ সময়ত মই তোমাৰ লগত থাকিব বিচাৰোঁ ।


:: একো হোৱা নাই মোৰ , মই তোমাৰ লগত আৰু থাকিব নিবিচাৰোঁ , মোক অকলে থাকিব দিয়া !


:: মোৰ লগত থাকিব নিবিচাৰা নে আন কোনোবা আহিছে ? 


:: যি ভাবা তুমি ;


:: ঠিক আছে ! মই তোমাৰ জীৱনৰ পৰা আঁতৰি যাম কিন্তু এবাৰ কোৱা মোৰ ভুল ক'ত আছিল ? যদি আন কোনোবা আপোনেই আছিল কিয় মোক ইমান সপোন দেখুৱাইছিলা ?  Assamese Storyboard )


:: মই তেনেকুৱাই মই তোমাক ভালপাইছিলো বহুত কিন্তু এতিয়া মই তোমাক ভাল নাপাওঁ । মোক আৰু call , msg নকৰিবা মোক অকলে থাকিব দিয়া ;


:: ঠিক আছে ! তুমি যদি মোৰ অবিহনে সুখী মই আঁতৰি আহিছোঁ আৰু কোনোদিনেই তোমাৰ জীৱনত ঘূৰি নাযাওঁ , আন কাৰো লগত আৰু এনেকুৱা নকৰিবা সোণ , কাৰোবাক এবাৰ হৃদয়ত ঠাই দিয়া পিছত তেওঁক পাহৰি জীয়াই থাকিবলৈ বহুত কষ্ট হয় ; তোমাক কৈ কি লাভ তুমি একো বুজি নাপাবা ! Love You Dhunu 😘😘 , Bye ....


          সি তাইক ব্লক কৰি দিলে আৰু তাইৰ কথা শুনিব নোৱাৰে সি , তাক যে এনেকৈ তাই আঘাত কৰিব সি ভবা নাছিল । কি ভুল আছিল তাৰ তাইক ভালপোৱাটো নে তাইক নিজৰ কৰিব খুজাটো । বাৰে বাৰে আন এটা প্ৰশ্ন তাৰ আগত আহিব ধৰিলে , তাই কিবা হোৱা নাইটো ? তাইক কোনোবাই কিবা কৈছে নেকি তাৰ কথা ? নে তাই আনক ভালপাই ? 


          আকৌ মনক সান্তনা দিয়ে নিজেই , তাক বিদায় দিয়া সময়ত তাই দুচকুত থকা চকুপানীবোৰ জানো মিছা আছিল ? তাক হেৰুৱা ভয়ত বুকুৰ মাজত সোমাই পৰা অভিমানী জনী জানো মিছা আছিল ? 


          তাইৰ ছবিখন চাই চাই দুচকুত চকুপানী লৈ সি শুই পৰিল !


***


          নিয়ৰে তাইক ব্লক কৰা পিছত বৃষ্টি যেন উশাহবোৰেই হেৰাই গ'ল । বুকুৰ আপোন মানু্হজনক আজি তাই তেনেকৈ আঁতৰাই পঠাব লগা হ'ল ! 


          অতীতৰ কিছুমান স্মৃতিৰ বাবেই তাই আজি সকলোতকৈ ভালপোৱা নিয়ৰক হেৰুৱাব লগা হ'ল ; তাই নিয়ৰক কেনেকৈ ক'ব তাই অতীতৰ ভালপোৱা জনে কিছুমান গোপন স্মৃতি সাঁচি ৰাখি তাইক তেনেকৈ নিয়ৰৰ পৰা আঁতৰাই আনিব ।


          নিয়ৰৰ অবিহনে তাই এটা দিনও থাকিব নোৱাৰে , এতিয়া তাক call , msg কৰিবও নোৱাৰে তাইক ব্লক কৰিলে । তাইৰ উশাহবোৰ যেন চুটি হৈ আহিছে , হেৰুৱা বেদনাবোৰে তাই বুকু খুন্দিয়াই গ'ল । 


          শিতানৰ গাৰুটো বুকুত সাব টি চকুপানী বোৰক কোনো বাধা নিদি তাই বৈ যাব দিলে ........


                 ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages