হঠাৎ কোনোবাই জোৰকৈ চিঞৰি কান্দিব ধৰিলে । নিয়ৰৰ বুকু কপি গ' ল। ( Assamese Storyboard )
সি সকলো পাহৰি ICU ফালে দৌৰ দিলে । ওচৰ পাই দেখে বেলেগে হে কান্দিছে ।
সন্ধিয়া হৈ আহিছে , মাকে দেউতাকৰ কান্ধতে মূৰ থৈ চকুদুটা বন্ধ কৰি দিলে । অলপ পিছতে ICU দুৱাৰ খোল খালে, ডক্তৰ ওলাই আহিল, মই ওচৰলৈ গলোঁ, মাক দেউতাক ও আহিল !
:: ডক্তৰ আমাৰ মাজনী...
:: চাওক আমি যি পাৰোঁ কৰিছোঁ, হয়টো ১ ঘণ্টা ভিতৰত জ্ঞান ঘূৰি আহিব । তেওঁ মুখৰ এটা side সম্পূৰ্ণ জ্বলি গৈছে l
২ লাখ মান টকা যোগাৰ কৰক । Advance ৫০ হাজাৰ জমা কৰিব । কাইলৈ পুৱাই অপাৰেশ্যন হ'ব ।
তেওঁ ওচৰত এজন থাকিব পাৰিব ৰাতি, কিবা অসুবিধা পালে আমাক জনাব ।
কথাষাৰ কৈ ডক্তৰ গুচি গ'ল । বৃষ্টি দেউতাকৰ মূৰত যেন কোনোবাই জোৰকৈ কোব হে দিলে । ইমান টকা কত পাব, মাকক ধৰি কান্দি কান্দি বহি পৰিল ।
:: মা, দেউতা, একো চিন্তা নকৰিব সকলো ঠিক হ'ব ; মই আছোঁ নহয় । বৃষ্টি একো নহয়, চাব তাই সোনকালে সুস্থ হৈ উঠিব । আপোনালোকে কিবা এটা খাই আহকগৈ মই আছোঁ ইয়াত ।
:: নাখাও অ... তুমি যোৱা তোমাৰ চাগে ভুক লাগিছে !
:: মোৰ ভুক লগা নাই... আপোনালোকে বহক মইয়েই লৈ আহিছোঁ কিবা এটা, এনেকৈ নোখোৱাকৈ থাকিলে জানো তাই সুস্থ হব ।
:: নালাগে অ নিয়ৰ ... আৰু কিমান কৰিবা তুমি , কাইলৈ যবাগৈ তুমি, তোমাৰ ডিউটিত join কৰিবা ; আমি ইয়াত আছোঁ ।
:: না.. মা .. মই ক'তও নাযাও, তাইক এৰি মোক যোৱা কথা নকব ; বহক মই কিবা এটা লৈ আহিছোঁ ।
***
( সি ওলাই গ'ল, অলপ সময় পৰিৱেশটো নিৰ্জন হৈ থাকিল । দেউতাকে মাকক কলে )
:: আজি কালি এনেকুৱা লৰা পাবলৈ কপাল লাগিব অ.. আন হোৱা হলে কোনোবাদিনাই আঁতৰি গল হয় ; ইমান হৈ যোৱা পিছতো আজিও তাই বাবেই কৰ লৰা কত আছেহি চোৱা ।
:: আমাৰ মাজনী কপাল ভাল অ.. কিন্তু তালৈহে বেয়া লাগে, পিছত তাক সকলোৱে হাঁহিব, তাৰ ঘৰত জানো তাইক গ্ৰহণ কৰিব ।
:: তাক লগ পোৱা পৰা এনেকুৱা লাগিছে তাৰ মাক, দেউতাক বহুত ভদ্ৰ হব ; আমাৰ মাজনীয়ে তাত দুখ পাব নালাগে ...
:: ওম... কি যে হৈ গল হঠাৎ .... ক'ত পাম ইমান টকা.....
:: পিছফালৰ মাটিখিনি বেছি দিলে কেনেকুৱা হব ?
:: মইও তাকেই ভাবিছোঁ অ...
:: মই কাইলে ৰাতিপুৱাই গৈ কাম খিনি কৰি পইচা লৈ আহিম ... তুমি ইয়াতে থাকিবা ;
:: ওম... নিয়ৰক বুজাই লাভ নাই সি নাযায়... ইমান ভাল কেনেকৈ পাব পাৰে কাৰোবাক ...
:: তাকেই.. তাৰ মুখলৈ চাব বেয়াই লাগে ; কালি পৰা একো খুৱাই নাই, মাথোঁ বৃষ্টি ..
:: মই এটা কথা ভাবিছোঁ, এইবাৰ মাজনী সুষ্ট হলে , নিয়ৰৰ মাক - দেউতাকৰ লগত আলোচনা কৰি বিয়া খন পাতিয়েই দিম অ... মোৰ বিশ্বাস আছে সি মাজনীক বহুত সুখত ৰাখিব !
:: ওম .... মই কম বুলি ভাবিছিলো কথাটো ...
এনেতে হাতত টোপোলা এটা লৈ নিয়ৰ সোমাই আহিল ।
:: মা, দেউতা ইয়াতে ৰুটি আছে আপোনালোকে খাই লওক .. পানীও আছে ...
:: পিছত খাম থোৱা ... খাব মন নাই ...
:: মন নাই নহয়, কালি পৰা একো খোৱা নাই .. চাও খাই লওঁক ...
নিয়ৰে টোপোলা পৰা ৰুতি উলিয়াই মাকক খুৱাই দিলে আৰু দেউতাকক খাব কলে .... মাকৰ চকুপানী বৈ আহিল ।
:: নিয়ৰ আগৰ জনমত চাগে কিবা পুণ্য কৰিছিলোঁ , সেইকাৰণে তোমাক পাইছোঁ !
:: মা .. কিয় কান্দি থাকে অ ইমান ... নাকান্দিব খাই লওক ... এটা কথা কব পাহৰি গৈছিলো !
:: কি কথা...?
:: মোৰ মা - দেউতা আহি আছে !
:: তোমাৰ মা - দেউতা..
:: ওম.. ময়েই খবৰ দিছিলোঁ, কথাটো শুনি আহিম কলে, মই বাধা নিদিলো..
:: ইমান দূৰ .. ইমান কষ্ট কৰি তুমি মানা কৰি দিয়া.. আমি আছোঁ নহয় ।
:: তেওঁলোক আহিলেই, অলপ আগত ফোন কৰিছিল ...
:: আপোনালোকে খাওক, মই আহি আছোঁ ...
:: তুমি নোখোৱা ...
:: মই খাই আহিছোঁ মা ..
নিয়ৰ গুচি গ'ল ! মাকে গম পাইছিল সি একো খোৱা নাই আৰু বৃষ্টিয়ে নোখোৱা লৈকে সি নাখাই ভালদৰে বুজি পাই সেইবাবে জোৰ নকৰিলে .. নিয়ৰৰ মাক - দেউতাক আহিছে , কথাবোৰ কিবা খেলি মেলি যেন লাগিল মাকৰ ...
***
অলপ পিছত নিয়ৰ আহিল ..
:: মা - দেউতা হৈ গ'ল !
:: কি হৈ গ'ল...
:: অপাৰেশ্যনৰ ৫০,০০০ জমা কৰিলোঁ, কালিলৈ পুৱা অপাৰেশ্যন হব ! ( Assamese Storyboard )
:: ক'ত পালা তুমি ইমান টকা ? নাই নাই তুমি লৈ আহাগৈ, তুমি আমাৰ লগত আছা সেইয়াই বহুত আৰু এইবোৰ কৰি আমাক সৰু নকৰিবা !
মই কালিলৈ পুৱাতে গৈ পইচা যোগাৰ কৰিম ।
:: দেউতা সঁচাই যদি মোক আপোন বুলি ভাৱে মোক যেন বাধা নিদিয়ে ! আপোনালোকে গম পাইছে তাই মোৰ কি হয় গতিকে যদি নিজৰ লৰা দৰে ভাবে মোক তেন্তে আৰু যেন একো বাধা নিদিয়ে ...
:: হ'ল বুলিয়েই সকলো জানো তোমাৰ দায়িত্ব, বহুত কৰিলা তুমি , এতিয়া আমাক কৰিব দিয়া ( মাকে কলে )
:: যদি মোক বাধা দিয়ে মই ভাবি লম, মই কোনোদিনে আপোনালোকৰ আপোন হব নোৱাৰিলোঁ !
:: কিন্তু ....
:: কোনো কিন্তু নাই... বৃষ্টি বাবে মই নিজৰ জীৱন দিবলৈও সাজু আছোঁ !
:: তোমালোক সদায় সুখী হোৱা আমি সেইটোৱেই প্ৰাৰ্থনা কৰোঁ ।
তোমাৰ এই ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম নিয়ৰ ...
:: মা.. মোক আৰু এইবোৰ কৈ লাজ নিদিব ।
ICU পৰা nurse এগৰাকী ওলাই আহি মাত দিলে । তাই জ্ঞান ঘূৰি আহিলে । সকলো সোমাই গ'ল ।
***
নিঠৰ হৈ শুই আছে তাই, মুখ খন বগা কাপোৰে মেৰিয়াই ৰাখিছে, চকুদুটা মাথোঁ ওলাই আছে ।
:: মাজনী... তোক ইমান কষ্ট দিব বাবেই আমি জন্ম দিছিলোঁ অ... আমাক মাফ কৰি দিবি ;;
( মাক - দেউতাক কান্দিব ধৰিলে , nurse এগৰাকীয়ে বাধা দি কলে, "তেওঁ আগত কান্দি নেদেখাব নহলে তেওঁ বেছি দুৰ্বল হৈ পৰিব )
:: দেউতা আপুনি মাক লৈ বাহিৰতে অলপ আৰাম কৰক , মই বৃষ্টি লগতে থাকিম ।
নিয়ৰে কলে , মাক - দেউতাক যাব খোজা নাছিল যদিও নিয়ৰে জোৰ কৰাত কান্দি কান্দি বাহিৰতে বহিল । নিয়ৰ আহি বৃষ্টি কাষতে বহিল ।
তাৰ অভিমানী জনী এনেদৰে যে মৌন হৈ পৰিব সি কল্পনা অগুচৰ আছিল । কি বুলি শান্তনা দিব তাইক, নিজকে বুজাব পৰা নাই সি ।
:: ছোৱালী ... চিন্তা নকৰিবা সকলো ঠিক হৈ যাব । তুমি আকৌ আগৰ দৰেই মোৰ লগত কাজিয়া কৰিব পৰা হবা..!..
তাই তাক কিবা কব খুজিছিল কিন্তু নোৱাৰিলোঁ, তাই তাৰ হাত খনত জোৰকৈ খামুচি ধৰিলে ।
:: ছোৱালী বহুত কষ্ট হৈছে ন তোমাৰ.. চোৱা মই আছোঁ নহয় ! মই সদায় তোমাৰ কাষতে থাকিম কোনোদিনে তোমাক অকলশৰে এৰি নাযাও ।
মা, দেউতা বাহিৰতে আছে, তোমাৰ ওচৰত মোৰ মা - দেউতা আহি আছে, এইবাৰ তোমাক একেবাৰে লৈ যাম অভিমানী...
বৃষ্টি নিমাত কিবা কব খুজীও তাই কব পৰা নাই মাথোঁ নিয়ৰৰ হাতত যিমান পাৰে জুৰেৰে ধৰিছে ।
তাই চাগে কব খুজিছে তাই মুখখন জ্বলা - পোৰা কৰিছে, তাই চাগে তাক চিঞৰি চিঞৰি কব খুজিছে বৰ কষ্ট পাইছোঁ অ নিয়ৰ , মোক তুমি যাবলৈ দিয়া ।
তাই দুচকু সেমেকি উঠিছে তাই ভয় খাইছে চাগে নেকি নিয়ৰৰ বুকুৰ মাজৰ পৰা হেৰাই যাম বুলি...
সি তাই চকুপানী মছি তাই হাতত চুমা আঁকি দিলে । তাই হাতৰ পৰা হাত খন আঁতৰাই তাই ভৰি দুটা তাৰ কোলাত তুলি মহাৰি দিলে ।
তাই কিবা কব খুজিও পৰা নাই , সি উঠি আহি আকৌ তাই শিতানৰ ওচৰত বহিল ।
:: দেহা .... তুমি টোপনি যাব চেষ্টা কৰা , মই তোমাৰ কাষতে আছোঁ, তুমি কবিতা ভালপোৱা ন... মই শুনাই যাম তুমি শুই যোৱা ..!!
নিয়ৰে কবিতা শুনাই গ'ল ....
"" অভিমান কৰিবা তুমি অভিমানী..
নকবা কেতিয়াও আঁতৰি যাম বুলি ...
মোৰ হৃদয়ৰ কাৰেঙত ৰাখিছোঁ
মাথোঁ তোমাৰ ছবিখনী..
তুমিয়েই এই অভিমানৰ অভিমানী....
দুভাগ ৰাতি তুমি নীৰৱে আহি
মোৰ বুকুৰ মাজত লবা জিৰণি...
অভিমান কৰি কবা তুমি
কোনোবাই লৈছে নেকি ঠাই হৃদয়ত আহি...
তোমাৰ কপালত দুচুমা আঁকি
বুকুৰ মাজত তোমাক লৈ আঁকোৱালি ...
মৰমেৰে কম শুনা অ ছোৱালী
তুমিয়েই এই অভিমানৰ অভিমানী.....
কবিতা শুনি শুনি তাই টোপনি গ'ল, তাই দুচকুত দুটোপাল চকুপানী ৰৈ গ'ল । কবিতা শুনাই থাকোতে কেতিয়ানো নিয়ৰৰ দুগাল সেমেকি উঠিল গমেই নাপালে ।
তাৰ চিঞৰি চিঞৰি কান্দিব মন গৈছে পৰা নাই, তাই সাৱটি কব মন গৈছে উঠা অ ছোৱালী কিয় মৌন হৈ আছ...কিন্তু পৰা নাই ..!
বুকুৰ দুখবোৰ বুকুতে সাঁচি ৰাখিছে, সি যদি দুৰ্বল হৈ যায় মাক - দেউতাকৰ কি হ'ব । নিজক বহুত বুজাই চকুপানী বোৰ বুকুত এটা গধুৰ বুজা দৰে লৈ আছে ।।
সি এবাৰ উঠি মাক - দেউতাকৰ ওচৰত যাব লৈছিল কিন্তু বৃষ্টিয়ে তাৰ হাতখন খামুচি ধৰি আছে । সি আৰু উঠি নগল উৰে নিশা তাইক চাই চাই চকুপানী মছি বহি থাকিল ।।
( আগলৈ )
🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )
অভিমানৰ অভিমানী ( খণ্ড - ১৪ ) )-
https://www.smj24.in/2022/09/assamese-storyboard_75.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment