অভিমানৰ অভিমানী (খণ্ড - ১০) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, September 19, 2022

অভিমানৰ অভিমানী (খণ্ড - ১০) : Assamese Storyboard

Assamese Storyboard


     বৃষ্টি আৰু নিয়ৰ গৈ ঘৰ পালেগৈ । মাক ৰৈ আছিল সিহঁত অহালৈ । Assamese Storyboard )


:: আহিলা.. যোৱা মুখ হাত ধুই লোৱা, মই খোৱা যোগাৰ কৰো । ( মাকে কলে )


:: নাই মা.. আমি খাই আহিছোঁ ভাত..! মুখ হাত ধুই অলপ জিৰণি লওঁ । 


:: ঠিক আছে বাৰু যোৱা ধুই আহা ...


     নিয়ৰ, বৃষ্টি মুখ হাত ধুই আহিল, বৃষ্টি ৰুমলে গ'ল কাপোৰ সলনি কৰিবলৈ ।  মাকে নিয়ৰক শুব বাবে বিছনা ঠিক কৰি দিলে, নিয়ৰ শুই দিলে ! 

  

       বৃষ্টি আহি নিয়ৰক মাত দিলে ...


:: নিয়ৰ, কত আছা ?


:: মাজনী , তাৰ চাগে টোপনি লাগিছে অলপ শুই দিছে, তুমি এতিয়া তাক আমনি নকৰিবা, অলপ আৰাম কৰক সি !


:: হ'ব মা ...


:: তুমিও অলপ শুই লোৱা , দেউতা বজাৰলৈ গৈছে , মোক  খুৰীয়ে মাতিছিল মই তাৰ পৰা আহো.. দেউতা আহিলে চাহ দিবা ।


:: হ'ব মা যোৱা, বেছি দেৰি নকৰিবা ।


:: হ'ব বাৰু !


      মাক ওলাই গ'ল, বৃষ্টি বাহিৰতে অলপ বহিল, নিয়ৰক চাব মন গল তাই, নিয়ৰ শুৱা কোঠাটোলৈ সোমাই আহিল তাই ।

      নিয়ৰ তেতিয়া টোপনি গৈছিল, তাই নিয়ৰৰ ওচৰতে বহিল ।

       নিয়ৰৰ নিদ্রা মগ্ন মুখখন ৰ লাগি চাই ৰল তাই, মন গৈছিল এবাৰ তাৰ বুকুৰ মাজত শুই তাৰ হৃদয়ৰ স্পন্দন শুনিব কিন্তু তাৰ টোপনিত ব্যাঘাত জন্মে বুলি মাথোঁ চাই ৰল ।

        এদিন কথা পাতিব নাপালে বুলিয়েই আহি তাই ওচৰ পালেহি, ইমান মৰম তাইৰ বাবে, তাই তাৰ পৰা অলপ সময়ো আঁতৰি থকা কথা ভাবিব নোৱাৰে । 

     কি কৰিব তাই এবাৰ সাৱটি লব খুঁজিও ৰৈ গল তাই । নিয়ৰে চকু মেলিলে তাইক তেনেকৈ চাই থকা দেখি সুধিলে । 


:: ঐ ছোৱালী কি চাই আছা ?


( নিয়ৰৰ কথাত তাই উছপ খাই উঠিল, সি যে সাৰ পালে তাই গমেই পোৱা নাছিল )


:: নাই কি চাম, তোমাক চাই আছিলোঁ !


:: হয় নেকি ; মাই এনেকৈ দেখিলে কি ভাবিব ?


:: মা নাই বাবে হে আহিছোঁ , ওলাই গৈছে, দেউতা বজাৰ গল , তোমাক চাব নাপায় মানে মই ? 

 

( তাই অভিমান কৰি মুখ খন বেলেগ ফালে ঘূৰাই দিলে )


:: পাই অ... পাগলী জনী মা আছে ভাবি হে কৈছিলো !


:: নিজৰ মানুহ জনক হে চাই আছোঁ, কোনে কি কব নো ; 


:: হব চাও ঘূৰি দিয়া ..


( নিয়ৰে তাই মুখ খন নিজৰ ফালে ঘূৰাই ললে )


:: হব.. এতিয়া এনেই মৰম কৰি দেখুৱাব নালাগে !


:: দেহা জনী মোৰ .. চাও এবাৰ সাৱটি লব মন গৈছে ;


:: চাই থকা বাবেই বেয়া পাইছে, মোক সাৱটি লৈ বুলে ; 


      তাইও বিচাৰিছিল সি তাইক এবাৰ বুকুৰ মাজত সাৱটি লোৱাটো । 

       নিয়ৰে তাইক সাৱটি ধৰি তাৰ বুকুৰ মাজত শুৱাই ললে, অভিমানী জনী লাজত ৰঙা পৰি গল । 


:: চাও পাগল এৰি দিয়া কোনোবা আহিব ।


:: আহিব দিয়া ...


:: লাজ নালাগিব নেকি ?


:: নালাগে .. 


     তাই আৰু একো বাধা নিদিলে তাৰ বুকুৰ মাজত শুই পৰিল ।


:: ঐ... সদায় এনেদৰে তোমাৰ বুকুৰ মাজত থাকিব মন যায় অ.. কেতিয়া পাম এনেদৰে জীৱনৰ বাবে ..Assamese Storyboard )


:: তোমাৰ পঢ়ি শেষ হোৱা পিছত লৈ যাম একেবাৰে । সদায় মোৰ বুকুৰ মাজত এনেদৰেই থাকিবা ।


:: ভয় লাগে অ নিয়ৰ, যদি তুমি আঁতৰি যোৱা কেনেকৈ জীয়াই থাকিম অ মই ..;;


:: সেই মোৰ পাগলী জনীক এৰি জানো মই কৰবাত যাম, এতিয়া মোৰ পত্নী হয় তুমি, উৰে জীৱনৰ বাবে আজি পৰা  মোৰ সুখ - দুখৰ লগৰী তুমি ...


        বৃষ্টিয়ে জোৰকৈ নিয়ৰক সাৱটি ললে , নিয়ৰে তাইক বুকুৰ মাজৰ পৰা টানি তাই মুখ খন তাৰ মুখৰ ওচৰত লৈ আহিল, বৃষ্টিৰ উশাহবোৰ ঘন হৈ আহিল ।

      নিয়ৰৰ উশাহত তাই উশাহ লাগিল, লাহে লাহে সিহঁতৰ মাজত দূৰত্ব কমি আহিল, উশাহবোৰ ঘন হ'ব ধৰিলে ; বৃষ্টি ওঁঠৰ পৰশ লাহে লাহে নিয়ৰৰ ওঁঠত লাগিলে ।


:: তোমাৰ লীপিষ্টিক নষ্ট কৰিব মন গৈছে ; কৰোঁ নে ছোৱালী ..?


:: ওম.. তুমি যি কৰা মোৰ সকলো তোমাৰ ! 

     ( কপা কপা মাতেৰে তাই কলে )


     নিয়ৰে তাই উমাল ওঁঠত তাৰ ওঁঠৰ পৰশ সানি দিলে । বৃষ্টি ডিঙি ঘামেৰে বিৰিঙি উঠিছে, এডাল লতা দৰে তাই নিয়ৰক মেৰিয়াই ধৰিলে । 

         নিয়ৰে তাই ডিঙিত চুমা আঁকি দিলে, বৃষ্টি যেন এতিয়া হেৰাই যাব লৈছে কোনোবা সপোন দেশত ; তাই অনুভৱ কৰিলে তাই বুকুৰ মাজত নিয়ৰৰ হাতৰ পৰশ, তাই আৰু জোৰকৈ তাক সাৱটি ললে । তাই গোটেই শৰীটো কপিব ধৰিলে । 

        বৃষ্টি আনফালে শুই দিলে আৰু নিয়ৰক তাই বুকুৰ মাজত সাৱটি ধৰিল, দুটি ওঁঠৰ পুনৰ মিলন হ'ল ।

         নিয়ৰে তাই ঘামে বিৰিঙা কঁকালত জোৰকৈ ধৰিলে ; তাই মুখৰ পৰা শব্দ ওলাই গ'ল !


:: দুখ পাইছা ছোৱালী ?


:: নাই অ দেহা... ভাল লাগিছে বহুত ! আৰু জোৰকৈ সাৱটি লোৱা না ...


       নিয়ৰে তাইক সাৱটি ললে আৰু লাহে লাহে বৃষ্টি সমস্ত শৰীৰত চুমাৰে উপচাই তুলিল । ।  কামনা জুইয়ে যেন  সিহঁতক পুৰি শেষ কৰি নিছে ; এখন সপোন দেশত দুইয়ো যেন সেৰাই গল, বৃষ্টিয়ে কোনো প্ৰতিবাদ নকৰি নিজৰ সকলো নিয়ৰক সঁপি দিলে ।। 


               ***


                   ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( নৱম খণ্ড ) )-

https://www.smj24.in/2022/09/assamese-storyboard_95.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages