অভিমানৰ অভিমানী ( ষষ্ঠ খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 14, 2022

অভিমানৰ অভিমানী ( ষষ্ঠ খণ্ড ) : Assamese Storyboard

Assamese Storyboard


          ৰাতিটো উজাগৰে পাৰ কৰিলে দুইটাই , বৃষ্টি অবিহনে নিয়ৰ আধৰুৱা সকলো জানিও আজি অভিমানী জনী তাৰ পৰা আঁতৰি গৈছে । Assamese Storyboard )


          নিয়ৰক বৃষ্টীয়ে ক'ব খোজা বহুত কথা তাক হেৰুৱা ভয়ত ক'ব পৰা নাছিল কিন্তু আজি নিয়ৰৰ পৰা আঁতৰি যেন তাই নিজৰ মাজতে হেৰাই গ'ল । সকলো থাকিও যেন তাইৰ বুলি আজি একো নাই । 


          তাই যদিও তাক তেনেকৈ ক'লে আশা কৰি আছে কিজানি সি call কৰে আৰু কয় “ পাগলী জনী তোৰ কি হৈছে ক' ? তই নহ'লে মই কেনেকৈ থাকিম "  নিয়ৰে তাইৰ number ব্লক খুলি ৰৈ আছে তাই কিজানি msg এটা কৰি ক'ব “ মোৰ খং উঠা বাবে তেনেকৈ কৈছিলো , তুমি নহ'লে মই আধৰুৱা" 


          মূহুৰ্ততে যেন সকলো খেলি মেলি হৈ গ'ল ; তাই যদি নিয়ৰক সকলো কৈ দিয়ে সি জানো তাইক আগৰ দৰে আঁকোৱালি ল'ব ? তাই অতীতৰ সেই অলপ ভুলৰ বাবে তাই তাৰ পৰা এনেকৈ আঁতৰি অহাটো জানো ঠিক হৈছে ! 


          তাই তাৰ number টো উলিয়াই বাৰে বাৰে msg লিখি delete কৰি দিয়ে । 


          ৰাতিপুৱাৰ পৰা বিচনাতে আছে তাই কাৰো লগত কথা পতা নাই , একো নাখাই , চকুপানী বোৰ বাধা দিয়া সাহস যেন তাই হেৰুৱাই পেলাইছে ।


      ***


          নিয়ৰে তাইক নিজেই call কৰিলে অলপ পিছত ....


:: Hello ...


:: .........


:: ছোৱালী ...


:: .......


:: ঐ ছোৱালী ... নামাতা মোক ?বেয়া পাই আছা ?


:: ....


:: ঠিক আছে বেয়া পাই আছা যদি ৰাখিছোঁ ...


:: নাৰাখিবা 😔 মোক ক্ষমা কৰি দিয়া ..


:: কিয় ..?  তুমি একো ভুল কৰা নাই ; মইহে তোমাৰ সুখ ক'ত দেখি নাপালোঁ ;


:: উম্‌ .. এতিয়াও দেখা নাই আৰু নেদেখাও কোনোদিন ।


:: তুমি যদি মোৰ লগত সুখী নাছিলা কিয় কোৱা নাছিলা ইমান দিনে ?


:: তুমি মোক বুজি নাপাবা কোনোদিনে ;


:: এটা কথা ক'বা নে ?


:: কোৱা কি ?


:: কিয় সোণ ..? কিয় ইমান সপোন দেখুৱাইছিলা ? কিয় দিছিলা মিছা প্ৰতিশ্ৰুতি মোৰ হোৱা ?? কি ভুল আছিল মোৰ , তোমাক নিজৰ কৰিব খুজাটো নে তোমাক দিয়া মৰমত কিবা স্বাৰ্থ আছিল ? কিয় মোক এনেকুৱা কৰিলা এবাৰ উত্তৰ দি যোৱা আৰু কোনোদিনে তোমাৰ জীৱনত ঘূৰি নাহো মই ;;


:: ভুল তোমাৰ নাছিল 😔 ভুল মোৰ আছিল সপোন দেখিছিলো বহুত কিন্তু ভবাই নাছিলো মই যে সজাত বন্দী পক্ষী ... Assamese Storyboard )


:: তুমি দেখিছিলা ? তুমি নহয় , তোমাৰ সেই সপোনৰ মাজত মইও আছিলোঁ , তোমাৰ সেই সপোনবোৰ সজাইছিলো তোমাৰ লগত জীৱনৰ শেষ সময়ৰ লৈকে যাত্ৰা কৰা সিদ্ধান্ত লৈছিলো দুইও মিলি , কিন্তু আজি সেই সকলোবোৰ তুমি হঠাৎ ধ্বংস কৰি দিলা । এবাৰো ভাবি নাচালা তুমি বিহীনতাত কেনেকৈ থাকিম , এবাৰো নক'লা কি হৈছে মাথোঁ আঁতৰি যাব কৈ দিলা , মই আতঁৰি যাব বাবে অহা নাছিলো । তোমাৰ লগত থাকিব বাবে আহিছিলোঁ ! 


:: মোক আৰু সেইবোৰ নক'বা , মোক অকলশৰে থাকিব দিয়া , মই কোনোদিনে তোমাৰ নাছিলো আৰু তোমাৰ হ'ব নোৱাৰোঁ 😔 


:: ঠিক আছে যোৱা আঁতৰি যোৱা আগত মোৰ হৃদয়ৰ পৰা তোমাৰ ছবিখন লৈ যোৱা , লৈ যোৱা তোমাৰ স্মৃতিবোৰ , নহ'লে সদায় সেইবোৰে মোক জীয়াই জীয়াই মাৰিব 😔


:: মোক আৰু নক'বা একো , নোৱাৰোঁ আৰু মই শুনিব , তোমাক দিয়া দুখৰ বাবে যি শাস্তি দিয়া মই ল'বলৈ সাজু আছোঁ কিন্তু তোমাৰ হ'ব নোৱাৰোঁ মই !


:: ঠিক আছে শাস্তি দিম , তাৰ বাবে অলপ দিন অপেক্ষা কৰা ।


:: মই তোমাক ভালপাওঁ সঁচা , কিয় মোক বুজি নোপোৱা তুমি আৰু মোক দুখ নিদিবা অ'.. নহ'লে মই জীয়াই থাকিব নোৱাৰিম ... 


:: ঠিক আছে , শেষ বাৰৰ বাবে তোমাক এবাৰ লগ পাব বিচাৰোঁ ;


:: নালাগে , তোমাক আৰু মই কেতিয়াও লগ পাব নিবিচাৰোঁ ..


:: যদি কও তোমাৰ শাস্তি সেইটোৱে ?


:: সেইটো শাস্তি মই গ্ৰহণ কৰিব নোৱাৰো ;


:: কৰিব লাগিব আৰু সোনকালে পাবা সেই শাস্তি ...


          নিয়ৰে call কাটি দিলে , বুকুখন যেন ভাঙি যাব বৃষ্টিৰ এটা ভুলৰ বাবে আজি নিয়ৰক হেৰুৱাব লগীয়া হৈছে , তাক লগ পাব তাইও বহুত মন গৈছে তাৰ বুকুৰ মাজত সোমাই চিঞৰি চিঞৰি কব মন গৈছে “মোক তোমাৰ লগত লৈ যোৱা , মই তোমাৰ পৰা আঁতৰি থাকিব নোৱাৰো , মোৰ অতীতৰ সকলো দুঃখ পাহৰি মোক তোমাৰ অভিমানী জনী কৰি লৈ যোৱা " কিন্তু তাই মনৰ কথাবোৰ মনতে ৰৈ গ'ল । 


          যদি সি আহে তাই তাক কি ক'ব , কি বুলি কৈ তাক তাইৰ পৰা আঁতৰাই পঠাব ? কিয় ... উত্তৰ ক'ত বিচাৰিব তাই ? ভালপোৱাত যদি সুখ - দুঃখ সকলো থাকে তেন্তে তাই সুখবোৰ ক'ত হেৰাল আজি ?


          মৌণ হৈ নিয়ৰৰ ছবিখন বুকুৰ মাজত সাব টি তাই উচুপি উঠিল , তাৰ ছবিখনত এটা চুমা আঁকি কলে “মই মাথোঁ তোমাৰ নিয়ৰ , মোক ক্ষমা কৰি দিবা তোমাক দিয়া দুখৰ বাবে " 


  ***


   ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী  ( পঞ্চম খণ্ড )-

https://www.smj24.in/2022/09/assamese-storyboard_44.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages