......... সন্ধিয়া হোৱাৰ আগতেই দুয়োজনী আহি ঘৰ সোমালেহি । বিচনাখনতে বাগৰি বাগৰি খুড়াক খুড়ীয়েকৰ কথাবোৰ এবাৰ সুঁৱৰিলে কল্যাণীয়ে । ( Assamese Storyboard )
কথাই বতৰাই খুড়াকজন ভালেই , কিন্তু খুড়ীয়েক জনী বিৰাট চালাক । সা সম্পত্তিৰ ভাগ বিচাৰিব বুলি ভয় খাইয়ে হয়টো খুড়ীয়েকে বৈশালীক ইমান মৰম কৰিছে । কথাবোৰ ভাবি থাকোঁতেই পর্দাখন লাহেকৈ দাঙি বৈশালী ৰূমটোলৈ সোমাই আহিল ।
: বাইদেউ , শুই আছিল নেকি...?
: নাই শোৱা বৈশালী , খুড়া খুড়ীৰ কথাবোৰকে চিন্তা কৰি
বিচনাখনতে অলপ দীঘল দি আছিলোঁ ।
: অ'...! বাইদেউ , ডিম্ব বর্তালৈ ফোন এটা কৰিবচোন....! বৰ্তাই কথাবোৰ কম বুলি কৈছিল নহয় ।
: উম.., কৰিম বৈশালী । ফোন এটা আহিবলগীয়া আছে । ফোনটো অহাৰ পাছত ডিম্ব বর্তালৈ ফোন কৰিম । তুমি ভালকৈ চাহ একাপ কৰি আনাগৈচোন....!
: গাখীৰ চাহ খাব , নহয় জানো বাইদেউ......!
: গাখীৰ চাহকে লৈ আহাগৈ যোৱা । মা নাই নেকি ভিতৰত....?
: মায়ে গোঁসাই থাপনাৰ আগত চাকি জ্বলাইছে ।
: উম....,
: চাহ ৰূমলৈকে আনিম নে , ওলাই যাব বাহিৰলৈ ।
: চাহ হ'লে মাত লগাই দিবা । পাকঘৰলৈকে যাম ।
: হ'ব তেন্তে....., কথাষাৰ কৈ পাকঘৰলৈ সোমাই যাবলৈ লওঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল । চার্জৰ পৰা ফোনটো কল্যাণীৰ হাতত দি বৈশালী ৰূমটোৰ পৰা ওলাই আহিল । বৈশালী ওলাই অহাৰ লগে লগেই দুৱাৰখন ভালকৈ বন্ধ কৰি ললে কল্যাণীয়ে ।
: হেল্ল'....!
: আপুনি ফ্ৰী আছে নে মিছেছ বৰুৱানী....?
: হয় । মই ফ্ৰী আছোঁ ।
: কওঁক এতিয়া কি ভাবিলে আপুনি....?
: কথাবোৰ মই কেইবাবাৰু ভাবিলোঁ , কিন্তু.....!
: কিন্তু বুলি কৈ ৰৈ দিলে যে.....
: এটা প্ৰব্লেম আছে ।
: কি প্ৰব্লেম বৰুৱানী....?
: প্ৰব্লেমটো ডাঙৰেই । প্ৰব্লেমটো হ'ল বৈশালী , তাই যদি আদালতত মুখ খোলে তেতিয়া বিপদ সকলোৰে হ'ব । কোনো সাৰি যাব নোৱাৰিব । প্ৰথমে আমি তাইৰ মুখখন বন্ধ কৰিব লাগিব ।
: আপুনি চিন্তা নকৰিব বৰুৱানী । মই তাৰ ব্যৱস্থা কৰিম ।
: ইমান উত্তেজিত হৈ সিদ্ধান্ত লোৱা ভাল নহয় । অলপ ভাবি চিন্তি সিদ্ধান্ত লোৱাটো ভাল । এইবোৰ আচলতে ফোনত আলোচনা কৰা কথা নহয় । মই আপোনাক লগ পাব বিচাৰোঁ ।
: নিশ্চয় লগ পাব । কিন্তু এটা চৰ্তত ...
: কি চৰ্ত...?
: আপুনি এই বিষয়ে পুলিচক একো তথ্য দিব নোৱাৰিব । যদি কথাবোৰ লিক আউত হয় তেতিয়া বিপদ আপোনাৰেই হ'ব বৰুৱানী ।
: নাই...! নাই...! পুলিচক এইবোৰ কথা কিয় জনাম । এইবোৰ কথা আপোনাৰ আৰু মোৰ মাজতে সীমাবদ্ধ হৈ থাকিব । ক'ত লগ পাম আপোনাক.... ?
: ক'ত , কেতিয়া লগ কৰিম ফোন কৰি জনাই দিম মই ...।
: ঠিক আছে । এতিয়া ৰাখিছোঁ দিয়ক ।
ফোনটো হাতত লৈ দুৱাৰখন খুলি কল্যাণী ওলাই আহিল পাকঘৰলৈ । ....বৈশালী , চাহ হ'ল নে নাই...?
: হৈছে বাইদেউ । পকৰী কেইটামান বনাইছোঁ ।
: অ'....! হয়নেকি.....! ভালেই কৰিলা । তেতিয়া হ'লে ৰঙা চাহকে বাকা । আদা আৰু জালুক কেইটামান দি দিবা , ভাল লাগিব ।
: আদা , জালুক ক'ত আছে মই বিচাৰিয়ে নাপালো বাইদেউ ।
: ৰ'বা , মই চাই দিছোঁ ।
ফ্ৰীজটো খুলি আদা এডোখৰ উলিয়াই ভালকৈ চুৰুকি দিলে কল্যাণীয়ে । পাকঘৰত থকা টেমাবোৰ খুঁচৰি খুঁচৰি জালুক কেইটামান উলিয়াই খুন্দনাটোতে খুন্দি দিলে কল্যাণীয়ে । চাহৰ চ'চটো স্তভত বহুৱাই অলপ কাঢ়াকৈ ৰঙা চাহ তিনিকাপ কৰিলে কল্যাণীয়ে । চাহৰ কাপ কেইটা আনি টেবুলত থওঁতেই ৰূমটোলৈ সোমাই আহিল নিবিৰ ।
....চাহ ময়ো খাম দেই বা , বিৰাট ঠাণ্ডা লাগিছে ।
: তই কিন্তু বৰ টাইমত এন্ত্রী মাৰ দেই ....!
: মই মানুহটোৱেই তেনেকুৱা...., সকলো কাম টাইম মতে কৰোঁ ।
: হ'ব দে । দেখিছোঁ নহয় কিমান টাইম মেন্টেইন কৰ । যা , যা কাপোৰসোপা সলাই লগৈ ।
কল্যাণীৰ লগত মুখ চুপতি মাৰি পাকঘৰ পালেগৈ নিবিৰ । ....বৈশালী বা , কি কৰি আছে ।
: কিনো কৰিবা । চাহ খাবলৈ পকৰী কেইটামান বনাইছোঁ ।
: বঢ়িয়া । ময়ো খাম কিন্তু...!
: খাবা । কিয় নাখাবা আকৌ , যোৱা ফ্ৰেচ হৈ লোৱাগৈ । পকৰী কেইটা ধুনীয়াকৈ প্লেটএখন সজাই ডাইনিং টেবুললৈ উলিয়াই আনিলে বৈশালীয়ে । ...বাইদেউ , চাহ খাবলৈ মা অহা নাই যে...!
: মাক মই বিচনাতে দি থৈ আহিমগৈ । তুমি বহা , মই মাক চাহকাপ দি আহোঁ । হাততে পকৰী কেইটামান লৈ চাহৰ কাপটো তৰুলতাক দি আহিলে কল্যাণীয়ে ।
: বাইদেউ নিবিৰে চাহ খাব নহয়...!
: খাব । আকৌ বাকিব নালাগে , কাপ এটা আনি ইয়াৰ পৰাই দি দিয়া ।
বহাৰ পৰা উঠি কাপ এটা লৈ আহিলে বৈশালীয়ে । কাপোৰ কানি কেইটা সলাই নিবিৰো আহি কল্যাণীৰ কাষতে বহিলে । .... বৈশালী বা , বায়ে পকৰী বেছিকৈ নাখায় । তাইৰ কেইটা মোক দি দিলেই হ'ব ।
: খুৱাচোন বাৰু...! খাই ভাল পালে কালিলৈ আকৌ বনাম ।
( Assamese Storyboard )
: টেষ্টি হৈছে বৈশালী বা । ঠাণ্ডা বতৰত পকৰী আৰু ঘুগুনী মজা লাগে খাই । কালিলৈ ঘুগুনী আৰু পকৰী বনাব দেই ।
: কোনো দৰকাৰ নাই বৈশালী । খাবলৈ মন গলে নিজেই কৰি ললেই হ'ল । অলপ ৰাপকৈ কল্যাণীয়ে ।
: তই যেনিবা ওপৰতে পৰিবিয়েই । তোক কোৱা নাই নহয় । বৈশালী বাকহে কৈছোঁ ।
: বৈশালী বাক কিয় ক'বি...? বৈশালী বা এইখন ঘৰৰ আলহীহে । একো নকৰে বৈশালীয়ে ।
কল্যাণীৰ কথা শুনি খঙত গাল মুখ ৰঙা পৰি গৈছিল নিবিৰৰ । ....মই নিজেই বনাই নিজেই খাম । কাকো দিবলৈ নাই ।
: মোকো নিদিয়া নেকি নিবিৰ....? বৰ মৰম লগাকৈ সুধিলে বৈশালীয়ে ।
: আপোনাক দিম । বাকীবোৰক নিদিওঁ.... কথাষাৰ কৈ খঙত চাহৰ কাপটো টেবুলখনতে ঠেকেচা মাৰি থৈ নিবিৰ উঠি গৈছিল ।
: বৈশালী , বৰদেউতাৰ লগত কথা পাতিবা নে....?
: পাতিম বাইদেউ । আপুনি ফোনটো লগাই দিয়ক ।
ডায়েল নাম্বাৰৰ পৰা ডিম্ব দাইটিৰ নাম্বাৰটো উলিয়াই ফোনটো লগাই দিলে কল্যাণীয়ে । .....ৰিং হৈ আছে , লোৱা । কল্যাণীৰ হাতৰ পৰা মোবাইলটো লৈ বৈশালী কল্যাণীৰ বেডৰূম পালেহি । ....হেল্ল' ! বৰদেউতা , মই বৈশালীয়ে কৈছোঁ
: উম..., আইজনী । কেতিয়া পালাগৈ....?
: অলপ সময় হ'ল বৰদেউতা । কি কৰিছে আপুনি...?
: কিনো কৰিম আৰু...! টিভিটোৰ ওচৰতে বহি আছোঁ ।
: অ'...! বৰদেউতা অথনি কথাবোৰ আধৰুৱা হ'ল যে , সেয়ে কথাবোৰ ভালদৰে জানিবলৈ আপোনালৈ ফোন কৰিলোঁ ।
: মই ধৰিব পাৰিছোঁ আইজনী । সেইদিনা আছিল ৰবিবাৰ , মা দেউতাই মাটিৰ মালিকক টকাখিনি দিবৰ বাবে চহৰলৈ গৈছিল । বাটতে মোক দেখা পাই গাড়ীখন ৰখাই দেউতাৰাই মোৰ লগত কথা পাতিছিল । সেইদিনা দেউতাৰ বৰ আনন্দত আছিল । তাৰ পাছত কি হ'ল একো ধৰিবই নোৱাৰিলোঁ । হঠাৎ শুনিছিলোঁ নগেন আৰু লিলিৰ এক্সিডেণ্ট হৈছে । গাঁওৰ সকলো উধাতু খাই গৈছিল । কিন্তু গাঁওৰ মানুহখিনি গৈ পোৱাৰ আগতেই তোৰ খুড়া তাত উপস্থিত আছিল । গাঁওৰ মানুহখিনিয়ে দেউতাৰ মাৰক চহৰৰ হস্পিতাললৈ লৈ গৈছিল কিন্তু তাৰ আগতেই দেউতাৰা মাৰা এই পৃথিৱীৰ পৰা গুচি গৈছিল ।
: বৰদেউতা , খুড়াই খবৰটো কেনেকৈ পাইছিল...? ৰাইজ গৈ পোৱাৰ আগতেই খুড়া কেনেকৈ উপস্থিত হৈছিল ...?
: সেইটো কথাৰ বাবেই খুড়াৰ ওপৰত মোৰ সন্দেহ উপজিছিল ! ৰাইজ গৈ পোৱাৰ আগতেই টকাৰ বেগটো গাড়ীৰ পৰা নাইকিয়া হৈছিল ।
: ই কেনেকৈ সম্ভৱ বৰদেউতা...?
: হয়টো ড্ৰাইভাৰজনে টকাৰ বেগটো লৈ পলাই গৈছিল ।
: বৰদেউতা ড্ৰাইভাৰজনৰ ঘৰৰ ঠিকনাটো দিব পাৰিব নেকি...?
: ঠিকনাটো দিলেও তই বিচাৰিব নোৱাৰিবি অ' আইজনী । তাতকৈ তই এটা কাম কৰিবি । বন্ধ বাৰ এটা চাই তই আমাৰ ঘৰলৈ আহিবি মই লৈ যাম তোক ।
: ঠিক আছে বৰদেউতা । মই আপোনাক ফোন কৰিম ।
: শুন আইজনী , এইবোৰ কথা খুড়া খুড়ীক মই কোৱা বুলি নকবি ।
: নকওঁ বৰদেউতা । আপুনি চিন্তা নকৰিব ।
: হ'ব তেন্তে , এতিয়া ৰাখিছোঁ আইজনী । কথাষাৰ কৈয়ে ফোনটো কাটি দিলে ডিম্ব দাইটিয়ে । ....ইমান দিনে মই কথাবোৰ কিয় ভাবি পোৱা নাছিলো...! কল্যাণী বাইদেউৱেহে মোৰ চকু মেল খুৱালে....? বাইদেউৱে মোক নতুন জীৱন এটা উপহাৰ দিলে , কথাবোৰ নতুনকৈ ভাবিবলৈ শিকালে । এতিয়া মই হাত সাৱটি বহি থাকিলে ন'হব । মা দেউতাৰ হত্যাকাৰীক বিচাৰি উলিয়াবই লাগিব ...! কথাবোৰ ভাবি থাকোতেই কল্যাণী সোমাই আহিল ।
: কিবা information পালা নে বৈশালী....?
: আপোনাৰ মোৰ দৰেই বৰদেউতাইয়ো খুড়া আৰু ড্ৰাইভাৰ জনকেই সন্দেহ কৰিছে । এদিন বৰদেউতাই ড্ৰাইভাৰ জনৰ ঘৰলৈ মোক লৈ যাম বুলি কৈছে ।
: উম..., বৰদেউতাই যদি এইখিনি সহায় কৰে তেতিয়া হত্যাকাৰী নিশ্চয় ধৰা পৰিব বৈশালী ।
: কিন্তু ড্ৰাইভাৰ জনক লগ পালেহে সত্য পোহৰলৈ আহিব । নহলে আমাৰ সন্দেহ মিছা বুলিয়েই প্ৰমাণ হৈ যাব ।
: তুমি যিমান সোনকালে পাৰা বৰদেউতাক লগত লৈ এদিন ড্ৰাইভাৰজনৰ ঘৰলৈ যোৱা । এনেয়েও বহুত পলম হ'ল আৰু পলম নকৰিবা বৈশালী । চাওঁ ফোনটো দিয়াচোন , ইন্সপেক্টৰ জনৰ কথা পাতি লওঁ ।
বৈশালীৰ হাতৰ পৰা ফোনটো লৈ কল্যাণী ড্ৰয়িং ৰূমটোলৈ ওলাই আহি দিম্পল দত্তলৈ ফোন লগালে । হেল্ল..! মিছেছ বৰুৱানী , মই অলপ ব্যস্ত হৈ আছোঁ । অলপ পাছত ফোন কৰিলে বেয়া পাব নেকি...?
: একো প্ৰব্লেম নহয় ছাৰ । আপুনি ফ্ৰী হৈ ফোন কৰিব । কথাষাৰ কৈয়ে ফোনটো কাটি দিলে কল্যাণীয়ে ।
.... দিম্পল দত্তৰ কথাৰ সুৰটো অলপ আচহুৱা যেন লাগিল কিয় ? কেনেবাকৈ চক্ৰৱৰ্তীয়ে সকলো মেনেজ কৰি পেলালে নেকি...? সকলো মেনেজ হৈ গ'লে মোৰ কষ্টবোৰ অথলে যাব দেখোঁন....! বৰ টেনশ্যনত পৰিলোঁ... ! কথাবোৰ ভাবি চোফাখনতে মূৰটো থৈ চকু দুটা জপাই দিলে কল্যাণীয়ে ।
ক্ৰমশঃ....
✍🏻তীৰ্থ_পিন্টু_বড়া
মাজনিশাৰ উঁচুপনি ( খণ্ড_১৫ ) - https://www.smj24.in/2022/09/assamese-storyboard_22.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Bohut val lagise iar pisor likhonitu diyok
ReplyDelete