.......... ভয় আৰু শংকাৰ মাজেৰেই ৰাতিটো পাৰ হৈ গ'ল , ৰাতিপুৱাই শুই উঠি মুখত ব্ৰাছডাল ভৰাই ৰাস্তাই ৰাস্তাই অলপ খোজ কাঢ়ি আহি গেছতে পানী অলপ উঠাই দিলে কল্যাণীয়ে । ( Assamese Storyboard )
গাটো তিয়াই লৰালৰিকৈ আটা কেইটামান মথি লুচিকেইখনমান বনাই হতকেছত ভৰাই ডিম্পললৈ ফোন লগালে ক্লল্যাণীয়ে । হেল্ল'...! ছাৰ , মই ৰেডী হৈছোঁ ।
: হয়নেকি....! ঠিক আছে আমিও ৰেডী হৈ আছোঁ । কথাবোৰ অলপ সাৱধানে পাতিব । চাব যাতে কোনো কথাত আপোনাক সন্দেহ নকৰে ।
: উম..., যিমান পাৰোঁ সিমান সহজ হৈয়ে কথা পাতিবলৈ চেষ্টা কৰিম ।
: Best of luck মিছেছ বৰুৱানী ।
: Thank you so much ছাৰ । আপোনালোক গৈ পালে মোক ফোন বা মেচেজ কৰিব ।
: Sure , কথাষাৰ কৈয়ে ফোনটো কাটি দিলে ডিম্পলে । তিতা চুলিখিনি টাৱেল এখনেৰে ভালদৰে মোহাৰি একোচাকৈ বান্ধি , কপালত ৰঙা ফোঁট এটা লৈ পাতল নীলা শাড়ী এখন গাত মেৰিয়াই লুচী দুখন খাই লিপষ্টিক অলপ পাতলকৈ লগাই সৰু পাৰ্চটো হাতত লৈ তৰুলতাক মাতষাৰ দি কল্যাণী ঘৰৰৰ পৰা ওলাই গ'ল । ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ বাবেই বহু সময়লৈকে আকাশত ৰঙা বেলি উদয় হোৱা নাছিল । কুঁৱলীৰ মাজে মাজেই খোজ দিলে কল্যাণীয়ে । পকা ৰাস্তাটোত ভৰি দি ইফালে সিফালে চাই থাকোঁতেই অ'ট এখন আহি কল্যাণীৰ ওচৰত ৰখাই দিলেহি । ....ক'ত যাব বাইদেউ ...? বৰ নম্ৰকৈ সুধিলে ল'ৰাজনে
: সৰাগুৰি যাম ।
: দুশ টকা দিব লাগিব বাইদেউ ।
: হ'ব ।
: উঠক তেন্তে । কল্যাণী অ'টখনত উঠাৰ লগে লগেই লৰাজনে অ'টখন আগুৱাই নিলে । বাহিৰৰ ফিৰফিৰিয়া চেঁচা বতাহজাকে বৰকৈ আমনি কৰাৰ বাবে গাত লৈ থকা ষ্টল খনেৰে কাণ দুখন ভালকৈ ঢাকি ললে । পাৰ্চটো খুলি পইছাটো উলিয়াবলৈ লওঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল । লেণ্ড লাইন নাম্বাৰ দেখি লগে লগেই ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে । ..হেল্ল !
: Good Morning মিছেছ বৰুৱানী । ক'ত পালেহি আপুনি..?
: অ'ট এখন লৈ গৈ আছোঁ । পোন্ধৰ _ বিশ মিনিটৰ ভিতৰত মই পাই যামগৈ ।
: শুনক ...., গাড়ীখন দলঙখনৰ পৰা অলপ আঁতৰত ৰখাই দিব । দলঙখনলৈকে আপুনি খোজ কাঢ়ি আহিব । যদি পুলিচক খবৰ দিছে তেন্তে ইয়াৰ পৰা আৰু ঘূৰি যাব নোৱাৰিব । আজিৰ দিনটোৱে হ'ব আপোনাৰ অন্তিম দিন ।
: তেনেকুৱা ভুল মই কেতিয়াও নকৰোঁ । আপুনি নিচিন্ত থাকক ।
: ঠিক আছে ৰাখিছোঁ । আহি থাকক আপুনি
ফোনটো কাটি দিলে কল্যাণীয়ে । .......ডিম্পলহঁত যদি আহি পোৱাহি নাই তেতিয়া দেখোঁন মোৰ ডাঙৰ বিপদ হ'ব । ছেঃ....! এতিয়া কিবা ভয় ভয়হে লাগিছে মোৰ...! হে প্ৰভু ! একো বিপদ ন'হলেই হ'ল আৰু....! কথাবোৰ ভাবি থাকোঁতেই অ'টখন ৰখাই দিলে ল'ৰাজনে । ..... বাইদেউ, আপুনি ইয়াতে নামক । আগলৈ মই নাযাওঁ ।
: হ'ব দিয়া । হাতত লৈ থকা দুশ টকীয়া নোটটো ল'ৰাজনৰ হাতত দি মোবাইলটো চাইলেণ্ট কৰি এখোজ দোঁখোজ কৈ দলঙখনৰ দিশে খোজ কাঢ়িলে । দলঙখনত উঠি আগলৈ পাছলৈ চাওঁতেই কল্যাণীৰ ফোনটো আকৌ বাজি উঠিল ।
: Welcome মিছেছ কল্যাণী বৰুৱানী । আপুনি দলঙখনৰ ওপৰতে ৰৈ থাকক । ক'লা কাপোৰ পিন্ধা ল'ৰা এজন গৈ আছে । তেওঁৰ লগতে গুচি আহিব ।
: উম...! কল্যাণীয়ে কিবা এটা কোৱাৰ আগতেই ফোনটো কাটি দিলে । ফোনটো পাৰ্চটোত ভৰাবলৈ লওঁতেই ল'ৰা এটা আহি কল্যাণীক মাত লগাই কল্যাণীৰ ফটোখন দেখুৱালে আৰু পাছে পাছে আহি থাকিবলৈ চকুৰে ইংগিত দিলে । দলঙখনৰ পৰা কিছুদূৰ আগলৈ লৈ গ'ল কল্যাণীক । সৰু ঠেক হাবিতলীয়া বাট এটাৰে ল'ৰাজন সোমাই যাবলৈ ধৰিলে , আগে আগে লৰাজন , পাছে পাছে কল্যাণী । নিয়ৰ পৰি শুকান গছৰ পাতবোৰ পিচল হৈ আছিল । খোপনি ধৰি ধৰি খোজ কাঢ়ি গৈ থাকোঁতেই লতা এডালত ভৰিখন লাগি কল্যাণী মাটিত বাগৰি পৰিল । ঢমৰকৈ পৰা শব্দটো শুনি ল'ৰাজনে পাছলৈ ঘূৰি চালে । ...পৰিলে নেকি ?
: উম.., লতা এডালত ভৰিখন লাগি ধৰিছিল ।
: দুখ পালে নেকি.....?
: ভৰিখনত অলপ দুখ পাইছোঁ ।
: খোজ কাঢ়িব পাৰিব নহয় ...! পানী খাব নেকি...?
: দিয়াচোন । উসঃ....! বৰ বেয়াকৈ দুখ পালোঁ ।
: আপুনি ইয়াতে বহি থাকক । মই পানীৰ বটল এটা লৈ আহিছোঁ । কথাষাৰ কৈয়ে ল'ৰাজন দৌৰ মাৰিলে । লৰালৰিকৈ কল্যাণীয়েও পাৰ্চৰ পৰা মোবাইলটো উলিয়াই ডিম্পললৈ লোকেশ্বনটো চেণ্ট কৰি মোবাইলটো অফ কৰি পাৰ্চত ভৰাই থলে । গছ এডালতে ধৰি ঠিয় হ'বলৈ লওঁতেই হাতত পানীৰ বটল লৈ ল'ৰাজন আহি কল্যাণীৰ ওচৰ পালেহি । ....লওঁক । পানী অলপ খাই দিয়ক । ( Assamese Storyboard )
: ধন্যবাদ ।
: আহক এতিয়া লাহে লাহে , পাৰিব নে নাই...?
: পাৰিম , পাৰিম...! তুমি আগে আগে গৈ থাকা ।
পানীৰ বটলটো হাতত লৈ ল'ৰাজনৰ পাছে পাছে হাবিখনৰ ভিতৰলৈ সোমাই গ'ল । চাৰিওফালে ওখ ওখ গছ , মাজতে এডোখৰ সৰু মুকলি ঠাই । চিগাৰেট এটা হুপি হুপি গছৰ মুঢ়া এটাৰ ওপৰত বহি আছে ওখ শকত এজন পাহুৱাল মানুহ । কল্যাণীক দেখা পোৱাৰ লগে লগেই চিগাৰেটটো মাটিত পেলাই ভৰিৰে মোহাৰি পেলালে মানুহজনে । .... Good , বহক । গছৰ মুঢ়াটোৰ ওপৰতে বহিবলৈ দিলে কল্যাণীক । .... মিছেছ কল্যাণী বৰুৱা , আপুনি নিশ্চয় মোক চিনি পাইছে ...?
: নাই পোৱা চিনি । আগতে ক'ৰবাত দেখাওঁ মনত পৰা নাই .... লাহেকৈ কলে কল্যাণীয়ে ।
: মই আশুতুষ চক্ৰৱৰ্তী । ই বিকাশ , আপোনাৰ লগত ফোনত কথা পাতিছিল আৰু সি চিন্ময় । চাওঁক মিছেছ বৰুৱানী , আপোনাৰ আৰু আমাৰ সমস্যা হৈছে বৈশালী । বৈশালীৰ লগত যি হ'ল সেয়া বহুত বেয়া হ'ল । আপুনি গৈ নোপোৱা হ'লে হয়টো সেইদিনাই বৈশালী শেষ হৈ গ'ল হেঁতেন....! বৈশালী জীয়াই থাকিলে ইন্দ্ৰনীল বৰুৱাৰ বিৰুদ্ধে তাই সাক্ষী দিব । বৰুৱা যিহেতু এতিয়া পুলিচৰ ওচৰত , গতিকে নিজক বচাবলৈ তেওঁ আমাৰ নাম পুলিচক কৈ দিব পাৰে । সেয়ে কৈছোঁ আপুনি ইন্দ্ৰনীল বৰুৱাৰ কেচটো উঠাই লওঁক । কেঁচু খান্দোতেই সাপ ওলোৱাৰ দৰে বহু ৰহস্য এতিয়া পোহৰলৈ আহিব । যিটো মই বিচৰা নাই ।
: আপোনাৰ কথা মই বুজি পাইছোঁ । কিন্তু নীলে মোৰ জীৱনৰ লগত হেতালি খেলিলে মই থকাৰ পাছতো বৈশালীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰি যিটো ভুল কৰিলে । সেই ভুল ক্ষমাৰ অযোগ্য । গতিকে নীল শাস্তি পোৱাৰে যোগ্য ।
: নহয় মিছেছ বৰুৱানী । এতিয়া ভুল শুদ্ধ বিচাৰ কৰাৰ সময় নহয় । সেইবোৰ আপোনাৰ ব্যক্তিগত সমস্যা । সেইবোৰৰ মাজলৈ আমাক নাটানিব ।
: ঠিক আছে । মই ইন্সপেক্টৰ জনলৈ ফোন কৰো । বেয়া নাপায় যদি আপোনাৰ ফোনটো দিয়কচোন , মোৰ ফোনটো বেটাৰী ল' হৈ আছিল সেয়ে অফ হৈ থাকিল।
: এইটো লওঁক..., পেন্টৰ পকেটৰ পৰা ফোনটো উলিয়াই কল্যাণীৰ হাতত দিলে চক্ৰৱৰ্তীয়ে । লগে লগেই ডিম্পলৰ ফোন নঙটো ডায়েল কৰিলে কল্যাণীয়ে । ফোনটো ৰিং হোৱা মাত্ৰেই ৰিচিভ কৰিলে ডিম্পলে ।
: হেল্ল'...! কোনে ক'লে....?
: হেল্ল ছাৰ , মই কল্যাণীয়ে কৈছোঁ । খঙৰ ভমকত ইন্দ্ৰনীল বৰুৱাৰ বিৰুদ্ধে মই আপোনাক এখন এজাহাৰ দিছিলোঁ । মই মোৰ ভুল বুজি পাইছোঁ । সেয়ে কেচটো উঠাই ল'ব বিচাৰিছোঁ । প্লীজ ছাৰ....! হেল্ল'... হেল্ল'... ইচ্ছা কৰিয়েই ফোনটো কাটি দিলে কল্যাণীয়ে । ... Thank you মিষ্টাৰ চক্ৰৱৰ্তী । চিন্তা কৰিব নালাগে । কেচটো উঠাই ল'ব পাৰিম বুলি কৈছে ।
: আপোনাৰ এই উপকাৰ আমি কেতিয়াও পাহৰিব নোৱাৰিম
বিকাশ মিছেছ বৰুৱানীক উপহাৰ টোপোলাটো দি দিয়া । বন্দুকটো হাতত লৈ কল্যাণীক গুলি কৰিবলৈ লওঁতেই ডিম্পলহঁতৰ দলটোৱে চক্ৰৱৰ্তীহঁতক আগুৰি ধৰি কল্যাণীক আঁতৰাই আনিলে ডিম্পলে । চক্ৰৱৰ্তী , বিকাশ আৰু চিন্ময়ক গ্ৰেপ্তাৰ কৰি ৰাস্তালৈ উলিয়াই আনিলে কনিষ্টবল কেইজনে ।
: মিছেছ বৰুৱানী । আপোনাক ধন্যবাদ দিবলৈ ভাষাই নাইকিয়া হৈ গৈছে । আপোনাৰ বুদ্ধিমত্তাৰ শলাগ নলৈ নোৱাৰি ।
: এইয়া মোৰ দায়িত্ব । মই মোৰ কাম কৰি দিলোঁ । এতিয়া আপোনালোকে দূষিক উচিত শাস্তি দিয়ক ।
: হত্যা , ধৰ্ষণ , প্ৰলোভন এই সকলোবোৰ দোষ এওঁলোকৰ ওপৰত জাপি দিয়া হ'ব । এন. ই. ৱে আপুনি এতিয়া কিহত যাব....?
: অলপ খোজ কাঢ়ি গ'লেই অ'ট ৰিক্সা কিবা এখন পাই যাম ।
: যদি বেয়া নাপায় । এইখিনি মোৰ লগতে যাব পাৰিব বৰুৱানী ।
: হ'ব ছাৰ , একো অসুবিধা নহয় মোৰ....
: আপুনি ইয়াতে ৰওঁক , মই বাইকখন লৈ আহোঁ । কথাষাৰ কৈয়ে হাবিৰ মাজৰ পৰা বাইকখন ৰাস্তালৈ উলিয়াই আনিলে ডিম্পলে । ঘন কুঁৱলী ফালি লাহে লাহে আকাশত জিলিকি উঠিছিল কোমল ৰঙা বেলি , বেলিৰ পোহৰত নিয়ৰৰ টোপাল পৰি থকা সেউজীয়া পাতবোৰত মুকুতা মণি জিলিকি উঠিছিল । .... বৰুৱানী । বৰ মৌন হৈ আহিছে যে ....?
: আজি বৰ ডাঙৰ টেনশ্যন এটাৰ পৰা মুক্তি পোৱাৰ দৰে লাগিছে ।
: আপোনাক কিন্তু মানিব লাগিব । একেটা বলতেই খেল শেষ কৰি দিলে ।
: খেল শেষ কৰাটো দূৰৰে কথা চক্ৰৱৰ্তীয়ে উপহাৰৰ কথাটো কওঁতে মই নিজেই শেষ হৈ যাম বুলি ভাবিছিলোঁ ।
: ডিম্পলে কাৰোবাক কথা দিলে সেই কথা কেতিয়াও লৰচৰ নকৰে । মই আপোনাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ । সেয়ে আপুনি আহি পোৱাৰ আগতেই আমি ইয়াত উপস্থিত আছিলোঁ । আপুনি WhatsApp ত পঠোৱা location টোৱে আমাক আৰু অলপ সহায় কৰিলে । আপুনি মোলৈ ফোন কৰা নাম্বাৰটো কাৰ আছিল বৰুৱানী ।
: আশুতুষ চক্ৰৱৰ্তীৰ ।
: অ'..., নাম্বাৰটো পাই গলো যেতিয়া আমাৰ আৰু সুবিধা হ'ব । এই নাম্বাৰটোৰ পৰা চক্ৰৱৰ্তীয়ে কাৰ কাৰ লগত যোগাযোগ কৰিছিল সেই সকলো তথ্য উলিয়াই ল'ব পৰা যাব ।
: সেয়ে মই , নিজৰ ফোনটো অফ কৰি চক্ৰৱৰ্তীৰ ফোনটোৰ পৰা আপোনালৈ ফোন কৰিছিলোঁ ।
কথা পাতি আহি থাকোঁতেই পাৰ্চৰ পৰা মোবাইলটো উলিয়াই মোবাইলটো অন কৰি দিলে কল্যাণীয়ে । ফোনটো অন কৰি দিয়াৰ পাছতেই ইটোৰ পাছত সিটো মেচেজ আহিবলৈ ধৰিলে । মেচেজবোৰ চাই কাজললৈ ফোন লগালে কল্যাণীয়ে । ৰিং কৰি কৰি ফোনটো কাট খাই গ'ল । ছাৰ , মোক ইয়াতে নমাই দিয়ক । ইয়াৰ পৰা গাড়ী পাই যাম ।
: ok , ঘৰ পাই মোক এটা ফোন কৰিব ।
: নিশ্চয় ।
কল্যাণীক বাইকৰ পৰা নমাই ডিম্পল গলগৈ । ৰাস্তাৰ কাষত থকা সৰু দোকান এখনলৈ সোমাই গৈ গৰম চাহ একাপৰ সোৱাদ ললে কল্যাণীয়ে ।
ক্ৰমশঃ.....
✍🏻তীৰ্থ_পিন্টু_বড়া
মাজনিশাৰ উঁচুপনি ( খণ্ড_১৭ ) - https://www.smj24.in/2022/09/assamese-storyboard_93.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Iar pisor likhoni tu kio nidiye
ReplyDelete