অভিমানৰ অভিমানী ( খণ্ড - ১৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 27, 2022

অভিমানৰ অভিমানী ( খণ্ড - ১৪ ) : Assamese Storyboard

Assamese Storyboard

      

      ৰাজক দুই এজনে মাৰিছে, কোনোবাই বাধা দি পুলিচ মাতিছে । নিয়ৰ শিল পৰা কপৌ দৰে বৃষ্টি অচেতন দেহাটো সাৱটি আছে, তাৰ চকুপানী হেৰাই গল ।  Assamese Storyboard )


       খবৰ পাই বৃষ্টি দেউতাক আহিল, বৃষ্টি তেনে অৱস্থা দেখি স্ব জ্ঞান হেৰুৱাই পাগলৰ দৰে চিঞৰি উঠিল ।


:: ঐ... ঐ... মাজনী... মাজনী... উঠা মাজনী... কি .. কি হৈছে তোমাৰ ; কোনে তোমাক এনেকুৱা কৰিলে । কি ভুল কৰিছিল মোৰ ছোৱালী জনীয়ে ? কিয় তাইক এনেকুৱা শাস্তি দিলে ? কোনে কোনে কৰিলে তাইক এনেকুৱা ...!  


    ৰাজক দেখি তাৰ ফালে খেদি গল আৰু তাক মাৰিব ধৰিলে, কোনেও দেউতাকক বাধা দি ৰাখিব পৰা নাই ! ৰাজৰ মুখত কিন্তু অলপো দুখৰ চিন নাই , মাথোঁ ফুটি উঠিছে গৰ্ব , বৃষ্টিক জীৱনৰ বাবে কলংকিত কৰা গৌৰৱ । 

 

:: ঐ... তই ক .. মোৰ ছোৱালীয়ে তোক কি জগৰ লগাইছিল ; কিয় এনেকুৱা কৰিলি তাইক ? 

     কিয় তাই জীৱনটো শেষ কৰি দিলি তই ? তোৰ বাবে তাই স্কুল এৰিলে, তোৰ বাবে তাই ধৰ্ষিতা  নাম পালে ?  কি পালি তাইক এনেকুৱা কৰি ...কি ভুলৰ শাস্তি দিলি মোৰ মাজনীক ??


:: শাস্তি  ... মোক ভাল নাপাই চাও এতিয়া তাইক কোনে নিজৰ কৰে ... ( পাগলৰ দৰে হাঁহি হাঁহি সি কলে )


   দেউতাকে তাৰ গালত চৰ মাৰি দিলে, মানুহ দুজনমানে দেউতাক অলপ আঁতৰাই আনিলে । ৰাজে আকৌ কলে !


:: মোক মাৰি লাভ নাই, মইটো জীৱনৰ বাবে jail জামেই, এতিয়া নিজৰ ছোৱালী জনী বচা... 

      তাই দৰে এজনী বেশ্যা জীয়াই থাকি কি কৰিব ! 


      কথাষাৰ শুনি নিয়ৰ সমস্ত শৰীৰ খঙত কঁপিব ধৰিলে ,  সি দৌৰি গৈ সকলো মানুহৰ মাজতে ৰাজৰ বুকুত এটা প্ৰচণ্ড গোৰ মাৰি দিলে । ৰাজ গৈ এফালে চিতিকি বহি পৰিল । হাঁহি হাঁহি কলে ...


:: মাৰ .. মাৰ মোক.. কৈছিলো নহয় তাই মোৰ নহলে আনৰ হব নিদিওঁ । আৰু বিয়া আগতে আনৰ নামত সেন্দুৰ লোৱা জনী বেশ্যাতকৈ কম নহয় ।  যি জনী ছোৱালীয়ে মন্দিৰত গৈ সেন্দুৰ লৈ কাৰোবাক নিজৰ স্বামী বুলি দিনে - ৰাতিয়ে পুঁজি থাকে তাই বেশ্যা নহয় কি ? চাওক তাই শিৰত সেন্দুৰ আছে নে নাই ? 


    কথাষাৰ শুনি সকলো অবাক হ'ল, মাকে বৃষ্টি মূৰত হাত বুলাই চালে হয় তাই শিৰত সেন্দুৰ জিলিকি আছে । সকলো অবাক হ'ল । নিয়ৰ গৈ ৰাজক বুকুত ধৰি উঠাই আনিলে আৰু তাক বৃষ্টি ওচৰত জোৰ কৰি বহাই দিলে ...


:: অ.. হয়.. চা .. চা.. তাই শিৰত সেইয়া মোৰ নামৰ সেন্দুৰ, ভাবিছিলো তই সেন্দুৰ মূল্য বুজি পাবি আৰু তাই জীৱনৰ পৰা আঁতৰি যাবি কিন্তু ভুল মোৰ আছিল ।

   তোৰ দৰে পাগল এটাই এইবোৰ কি বুজিবি... আৰু যাতে কোনোদিনে তাইক বেশ্যা নাম নিদিয়ে কোনেও ... তাই মোৰ পত্নী, তাই দেহাটো নহয়, তাইক ভাল পাওঁ মই, তই ভাবিছ নেকি তাই সুন্দৰ চেহেৰাটো দেখি তোৰ দৰে তাই লগত পাগল হৈছিলোঁ ।

     তই তাই চেহেৰাটো বেয়া কৰিছ তাই মনটো নহয়, আৰু আমাৰ মনৰ মিল আছে , তোৰ দৰে হাজাৰ ৰাজ আহিও আমাক পৃথক কৰিব নোৱাৰে ।  

      আজি সকলোৱে আগত কৈছোঁ বৃষ্টি যিয়েই নহওঁক কিয়, তাইক মই মোৰ পত্নী হিচাপে স্বীকাৰ কৰিছোঁ কেতিয়াবাই আৰু সদায় মোৰ পন্তী হৈয়েই থাকিব ।

     মই লৈ যাম তাইক নিদিওঁ আৰু তাইক ইয়াত থাকিব, এইজনী মোৰ অভিমানী, তাই উঠিব আকৌ মোক খং কৰিব, আকৌ অভিমান কৰিব ; অ.. মোৰ পত্নী তাই ... 

    ঐ ... বৃষ্টি.. ঐ.. উঠা না.. কোৱা সকলোকে কৈ দিয়া তুমি মোৰ .. তুমি মাথোঁ মোৰ ... বৃষ্টি .... বৃষ্টি ... এবাৰ কৈ দিয়া  তুমি মোৰ ... মাথোঁ মোৰ ...


      তাইক সাৱটি সি চিঞৰি চিঞৰি কান্দিলে, ৰাজৰ বাহিৰে সকলোৱে চকুত চকুপানীয়ে ভৰি পৰিল ।  Assamese Storyboard )


      ( এনেতে এম্বুলেন্স, পুলিচ আহিল । মানুহ দুজন মানে বৃষ্টিক ধৰি এম্বুলেন্স ত উঠাই দিলে । দেউতাক মাক আৰু নিয়ৰ এম্বুলেন্স বহিল । পুলিচে ৰাজক লৈ গল, ওচৰৰে কোনোবা মানুহ এজনীয়ে কলে "চিন্তা নকৰিবা সকলো ঠিক হব, তোমালোক যোৱা ঘৰ খন আমি চাম"  )


           বৃষ্টি মূৰটো নিয়ৰৰ কোলাত তুলি ললে ; দেউতাক কান্দি আছে মাক নিয়ৰৰ কাষতে বহিল ।  নিয়ৰৰ হাতত ধৰি মাকে সুধিলে !


:: নিয়ৰ কিয় এনেকুৱা কৰিলা তুমি ? বিয়া আগতে তাইক ..


:: মা .. সেইদিনা ৰাজে তাই পিছা কৰা বাবে মা ..! আৰু এদিনটো তাই মোৰেই হব .. যদি কিবা ভুল কৰিলোঁ ক্ষমা কৰিব মা ; 


:: এবাৰ ভালদৰে ভাবি চোৱা নিয়ৰ ; আবেগিক হৈ কোনো সিদ্ধান্ত নলবা,  যি হল হৈ গল তুমি তোমাৰ কামত জাবাগৈ ; তাইৰ বাবে আৰু তুমি কষ্ট পাব নালাগে, তোমাৰ মা - দেউতা আছে ভাল ছোৱালী এজনী চাই বিয়া খন পাতিবা,  মাজনী চিন্তা নকৰিবা তাই জীৱনত সুখ নিলিখিলে অ... মাথোঁ কলংক লিখিলে ! 


:: মা .. তেনেকৈ নকব ; মই তাইৰ বাহিৰে আনৰ কথা ভাবিব নোৱাৰোঁ, যদি তাইক মোৰ পৰা আঁতৰাই নিম বুলি ভাবিছে তেন্তে মোক মৰি যাব দিয়ক । নোৱাৰোঁ মা তাই নহলে জীয়াই থকা কথা ।


:: কিয় নুবুজা তুমি , তোমাৰ ভালৰ বাবেই কৈছোঁ, তাই বাবে কিয় নিজক শেষ কৰিব লৈছা, মানুহে হাঁহিব তোমাক .. তোমাৰ এটা সুন্দৰ  ভৱিষ্যত আছে কিয় শেষ কৰিব লৈছা ?  ( দেউতাকে কান্দি কান্দি কলে )


:: দেউতা আৰু একো নকব ; মানুহে কি কয় সেইটো মোৰ বাবে প্ৰয়োজন নাই, আৰু মোৰ ভৱিষ্যত বুলি যদি কিবা আছে সেইয়া মাথোঁ বৃষ্টি, তাই লগতে মই জীৱনৰ বাকী কালছোৱা কটাব বিচাৰোঁ । 


     ( সকলো নিমাত হৈ পৰিল )


   এম্বুলেন্স আহি মেডিকেল পালেহি, খৰ খেদাকৈ বৃষ্টিক ICU ত ভৰ্তি কৰোৱা হ'ল । মাক, দেউতাকৰ ওচৰতে বহিল , নিয়ৰ অলপ আঁতৰি গৈ ঘৰলৈ ফোন কৰিলে !


:: হেল্ল... দেউতা ...


:: নিয়ৰ .. কোৱা পালেগৈ নে, duty join কৰিলা ?


:: নাই দেউতা .. বহুত ডাঙৰ সমস্যা এটা হ'ল, মোক অলপ টকা লাগিছিল, মোৰ ওচৰত বেছি পইচা নাই , হয়টো বহুত পইচা প্ৰয়োজন হব !


:: নিয়ৰ .. কিবা হৈছে নেকি ? কিয় লাগে পইচা ? তুমি ভালে আছা নে ? আছা কত তুমি ?  


( দেউতাকে আচৰিত হৈ প্ৰশ্ন কৰিলে )


: নাই মোৰ নহয় দেউতা .. বৃষ্টি ...!! 


:: বৃষ্টি কি হল তাই ..

 

    ( নিয়ৰে দেউতাকক সকলো কথা কলে, তাৰ ঘৰত জানিছিল সিহঁতৰ ভালপোৱা কথা ) 


:: নিয়ৰ .. তুমি চিন্তা নকৰিবা , যি কৰিব লগীয়া আছে কৰা, পইচা চিন্তা নকৰিবা যিমান যি খৰচ হয় কৰা, মই তোমাক পইচা দি আছোঁ ।  

    মোৰ হব লগা বোৱাৰী যাতে একো নহয় । আজি লৈকে তুমি যি বিচাৰিছা সকলো দিছোঁ, চাবা যাতে বোৱাৰী সোনকালে সুষ্ট হৈ উঠে ...


:: দেউতা ....


 ( দেউতাকৰ কথাবোৰে নিয়ৰৰ চকুত চকুপানী আনি দিলে, সি উচুপি উঠিল ) 


:: বাবা.. কিয় কান্দিছা, যোৱা বৃষ্টি ওচৰত যোৱা আৰু মাক, দেউতাকক অলপ বুজাবা, 

    শুনা .. মাই কথা পাতে তোমাৰ লগত ।


:: দিয়া ...


:: সোণ.. কিয় কান্দিছা, তুমি যদি এনেদৰে ভাঙি পৰা বৃষ্টি মাক, দেউতাকৰ কি হব ভাবি চোৱা ; তুমি দুৰ্বল নহবা ...


:: মা .. তাই যদি কিবা হয় মই নিজক শেষ কৰি দিম ।


:: বাবা ... পাগল নহবা, মই কৈছোঁ নহয় তাই একো নহয় । তুমি কোন মেডিকেলত আছা ঠিকনা দিয়া , মা - মই আজি ৰাতিয়েই যাম ...!! ( দেউতাকে মাত দিলে )


:: নালাগে দেউতা ইমান দূৰ আহিব ; মই আছোঁ নহয় ...


:: চোৱা... তুমি থাকিলে হব নেকি ? তুমি তাইকেই চাবা নে মাক - দেউতাকক বুজাবা , মই গৈ মাক থৈ আহিম, মা থাকিলে অলপ সাহস পাব , তুমি মোক ঠিকনা দিয়া ...মই গাড়ী খন ঠিক কৰো ।


:: হব দেউতা দি আছোঁ....  কিন্তু ইমান দূৰ আপুনি drive কৰিব নোৱাৰিব দেউতা ।।


:: চিন্তা নকৰিবা ড্ৰাইভাৰ লৈ যাম ।  

  আৰু  যি এই কাম কৰিছে তাক উচিত শাস্তি দিয়াম তুমি এতিয়া যোৱা বোৱাৰী ওচৰত । 


      নিয়ৰে ফোন ৰাখিলে, দেউতাকৰ কথাবোৰে তাৰ বুকুখন ডাঠ কৰি দিলে । অন্ধকাৰ হৈ থকা মনৰ মাজত যেন পোহৰৰ কিৰণে জিলিকাই তুলিলে ।  নিয়ৰ ICU ফালে আগবাঢ়িল । 

       হঠাৎ কোনোবাই জোৰকৈ চিঞৰি কান্দিব ধৰিলে । নিয়ৰৰ বুকু কপি গ'ল । সকলো পাহৰি দৌৰ দিলে ICU ফালে ....


        ****


             ( আগলৈ )



🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - ১৩ ) )-

https://www.smj24.in/2022/09/assamese-storyboard_75.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages