গুৱাহাটীত-জিতুয়ে পত্নী জুলি আৰু দুই জীয়ৰী অনিতা-বিনীতা লগত আছিল।জিতুৱে অটো চলাইছিল আৰু পত্নী জুলিয়ে চিলাই কাম কৰিছিল।যাৰ দ্বাৰা ঘৰখন চলিছিল। ( Assamese Storyboard )
অনিতা কলেজত পঢ়িছিল আৰু বিনীতা দশম শ্ৰেণীত।জিতুয়ে নিজৰ দুই জীয়ৰীকে পঢ়াই-শুনাই-নিজৰ ভৰিত থিয় কৰিব বিচাৰিছিল।যাতে-তাহাঁতক এখন ভাল ঘৰলৈ উলিয়াই দিব পাৰে।অনিতা দেখায় শুনাই বৰ ধুনীয়া।সেইবাবে অনিতাৰ ক্লাছৰ প্ৰায় সংখ্যক লৰাই অনিতাক পচন্দ কৰিছিল।
অনিতাৰ ক্লাছত-কিছু দিনৰ পূৰ্ৱে অংকিতে এডমিছন লৈছে।।অংকিত বহু ধনী ঘৰৰ আছিল।অৎকিতে যেতিয়া কাছত অনিতাক দেখা পালে-তেতিয়া অংকিতৰ মনত অনিতাক প্ৰাপ্ত কৰিবলৈ ইচ্ছা উপজিল।অংকিতে অনিতাৰ লগত কথা পাতিবলৈ বিছাৰিলে-কিন্তু অনিতাই সিমানে উত্তৰ দিলে,যি অংকিতে সুধিছিল।যাৰ দ্বাৰা অংকিতে বুজিলে যে-অনিতাক নিজৰ কৰিবলৈ ইমান সহজ নহয়।আৰু অংকিতৰ বন্ধু বৰ্গই কলে যে-অনিতা এজনী ভাল ছোৱালী।তাই এইবোৰ কথা লৈ কোনো-গুৰুত্ব নাই।এই কথা লৈ অংকিতে বন্ধুবৰ্গৰ লগত চৰ্তও লগালে।
অংকিতে-অনিতাৰ সন্মুখত এটা ভাল লৰা হোৱাৰ নাটক কৰিবলৈ ধৰিলে।যাৰ দ্বাৰা অনিতাৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰে।কিছু দিনৰ পাছতে-অংকিত আৰু অনিতাৰ ভাল বন্ধুত্বৰ সম্পৰ্ক হল।অনিতাই অংকিতক পচন্দ কৰিবলৈ ধৰিলে।লাহে লাহে অংকিত-অনিতাৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হল।যেতিয়া অনিতাই অংকিতক বিয়াৰ কথা কয়-তেতিয়া অংকিত থতমত খায় আৰু কয় যে-কলেজৰ পঢ়া শেষ হোৱাৰ পাছত মই ঘৰত বিয়াৰ কথা কম।
অনিতাৰ বান্ধৱী-শিখাই অংকিত আৰু অনিতাঠৰ সকলো কথা জানিছিল।আৰু শিখাৰ অনিতাৰ ঘৰলৈ অহা-যোৱা আছিল।অনিতাৰ ঘৰৰ ওচৰতে এখন গেলা-মালৰ দোকান আছিল।সেই দোকানখন জিন্তুৰ আছিল।জিন্তু নিজৰ একমাত্ৰ সন্তান আছিল।জিন্তুৰ বাপেক ঢুকুৱাৰ পাছত জিন্তুক বহুত মৰমৰে ডাঙৰ কৰিছিল।জিন্তুৰ মন পঢ়া-শুনাত নবহিল।কেৱল বন্ধুৰ লগত ঘূৰি ফুৰিবলৈ ধৰিলে।সেইবাবে মাকে জিন্তুক এই দোকানখন খুলি দিলে।যাৰ দ্বাৰা সি কিছু ধন উপাৰ্জন কৰিব পাৰে।জিন্তুৱে অনিতাক বহুত পচন্দ কৰিছিল।সেইবাবে জিন্তুৱে অনিতাক কিবা নহয় কিবা উপায়েৰে চাবলৈ চেষ্টা কৰি থাকে।এই কথা অনিতাইও বুজিছিল।কিন্তু তাই জিন্তুক দেখিব নোৱাঁৰিছিল।কাৰণ সি পঢ়া-শুনা নকৰা,গাওঁলীয়া,সৰু দোকান চলোৱা বুলি।
এদিনাখন শিখা-অনিতাৰ ঘৰলৈ আহিল।আৰু দুয়ো বান্ধৱীয়ে অনিতাৰ ঘৰৰ আগফালে বহি আছিল।জিন্তু সন্মুখৰে নিজৰ দোকানত বহি আছিল।আৰু অনিতালৈ চাই ৰৈছিল।শিখাই-অনিতাক কলে-তোৰে ভাল।অংকিত ইমান ধনী ঘৰৰ লৰা।তইটো বিয়াৰ পাছত ৰাজৰাণীৰ দৰে থাকিব পাৰিবি।আৰু দোকানৰ ফালে-চা,তোৰ প্ৰেমিকে-তোৰ ফালে কি দৰে চাই আছে!তেতিয়া অনিতাই কলে-শিখা,তই সেই জিন্তুৰ নাম নলবি!মই তাক একেবাৰে দেখিব নোঁৱাৰো। অনিতাৰ কথা শুনি শিখাই কলে-মইটো তোক জুকাৰিছোহে।আগলৈ এনে ধেমালী নকৰিবি শিখা।কত-অংকিত পঢ়া-লিখা,ধুনীয়া,আৰু কত,অনাই বনাই ঘূৰি ফুৰা,পঢ়িব নজনা জিন্তু,অনিতাই কলে।
এদিনাখন অনিতাৰ কথাত আহিল আৰু নিজৰ মনৰ লগতে,নিজৰ শৰীৰটো অংকিতক সপি দিলে।সেইদিনৰ পাছত অংকিতৰ ৰূপে সলনি হৈ পৰিল।অংকিতে এতিয়া-অনিতাক কলেজত দেখিলেও নামাতিছিল আৰু তাইৰ ফোনটো ৰিচিভ কৰা নাছিল।কিছুদিনৰ পাছত অনিতাই গম পালে যে-তাই মাক হবলৈ উলাইছে।এই কথা যেতিয়া তাই-অংকিতক কলে,তেতিয়া অংকিতে কলে,তোমাৰ দৰে ছোৱীলীবোৰ এনেকুৱাই হয়।তুমি আন কাৰোবাৰ পাপ মোৰ মূৰত দিব বিচাৰিছা!যোৱা ইয়াৰপৰা।আৰু কেতিয়াও মোক নিজৰ মুখ'খন নেদেখুৱাবা।অনিতাই-অংকিতক বুজিলে যে-সি তাইক ঠগিলে।এতিয়া অনিতাই কি কৰে!
অনিতাৰ ওচৰত কোনো বাট নাছিল।তাই আত্মহত্যা কৰাৰ কথা ভাৱিলে।সেইদিনাই ৰাতি অনিতাই ধেইমানে টুপনিৰ ঔষধ খালে।অনিতাৰ ভনীয়েক-শিখাই খিৰিকীৰ ফালৰ পৰা দেখিলে যে-টুপনিৰ ঔষধৰ বটল পৰি আছে,আৰু বহুত টুপনিৰ ঔষধ তলতো পৰি আছে।শিখাই মাক-দেউতাকক মাত দিলে আৰু অনিতাক হস্পিতাল লৈ গল।ডক্তৰে অনিতাৰ জীৱনটো ৰক্ষা কৰিলে আৰু ঘৰত অনিতা-অংকিতৰ সম্বন্ধৰ কথা সকলোৱে জানিলে।এই কথা লৈ অনিতাৰ মাক-দেউতাকে একো বুজি পোৱা নাছিল।
অনিতাৰ দেউতাকে,অংকিত আৰু অংকিতৰ দেউতাকৰ লগত কথা পাতিবলৈ অংকিতৰ ঘৰলৈ গল।কিন্তু অংকিত আৰু অংকিতৰ দেউতাকে-অনিতাৰ দেউতাকক বহুত অপমান কৰিলে আৰু কলে যে-তোমালোকৰ দৰে দৰিদ্ৰলোকে ধনী লোকক এনেদৰে জালত পেলাই।এতিয়া অনিতা আৰু অনিতাৰ মা-দেউতাকৰ সন্মুখত অন্য কোনো বাট নাছিল।কাৰণ সমাজত বদনামী হোৱাৰ ভয়তে অনিতাৰ গৰ্ভপাত কৰি দিলে।আৰু সোনকালেই দৰা বিচাৰিবলৈ ধৰিলে।
কিছুদিনৰ পাছত অনিতাৰ বিবাহ প্ৰকাশৰ লগত ঠিক হল।কিন্তু বিয়া দিনা প্ৰকাশলৈ কোনোবাই ফোন কৰিলে,আৰু অনিতা-অংকিতৰ সম্বন্ধৰ বিষয়ে সকলো কথা কয় দিলে।তেতিয়া প্ৰকাশে-বিয়া নাপাতি,দৰা ঘূৰি গল।আৰু সকলো সম্বন্ধীয় গুচি গল।তেতিয়া অনিতাৰ-মাক-দেউতাক ভনীয়েক বহি লৈ কান্দি আছিল।সেই সময়তে জিন্তু আহিল আৰু সি অনিতাৰ দেউতাকক কলে-আপুনি অনিতাক মোলৈ বিয়া দিবনে!মই অনিতাক বহুত ভালপাঁও।অনিতাৰ দেউতাকে তৎক্ষণাতে জিন্তুৰ কথাত মান্তি হল।অনিতাৰ বিবাহ জিন্তুৰ লগত হৈ গল। কিন্তু অনিতা একেবাৰে সুখী হোৱা নাছিল।কাৰণ তাই জিন্তুক একেবাৰে পচন্দ নকৰিছিল। ( Assamese Storyboard )
আজি সেই জিন্তুৱে তাইৰ শিৰৰ সেন্দূৰ হৈ ৰল।আৰু অনিতাই ভাৱিলে-কত জিন্তুৱে মোৰ দৰে ছোৱালী পালে হয়!সি মোৰ দুৰ্বলতাৰ সুযোগ ললে।সেই সময়তে-জিন্তু কোঠালৈ আহিল।অনিতা বহুত খংত আছিল।জিন্তুক কলে-তই মোৰ দুৰ্বলতাৰ বহুত ডাঙৰ সুযোগ ললি।জিন্তু-তই মোক শিৰত সেন্দূৰ পিন্ধালি বুলিয়ে-তই মোৰ স্বমী হলি-এয়া নাভাবিবি।জিন্তুৱে একোকে নামাতিলে আৰু মনে মনে বিচনাৰ পৰা গাৰু এটা লৈ পকাত শুই পৰিল।অনিতাই ভাৱিলে-জিন্তুৰ লগত বিয়া হোৱাতকৈ তাই মৰি যোৱা হলে ভাল আছিল।
মা-দেউতা সকলোৰে লগত মোৰ সম্বন্ধ শেষ হল আৰু অংকিতে মোৰ জীৱনটোৱে ধ্বংস কৰি দিলে।মই কত-কিমান সপোন দেখিছিলো।সকলো ভাঙি গল।বিয়াৰ পাছদিনাৰ পৰাই-অনিতাই শিৰৰ সেন্দূৰ মুহাৰি দিলে।কোনোৱে তাইক দেখিলে নকয় যে-তাইৰ নতুনকৈ বিয়া হোৱা বুলি। বিয়াৰ কেইবা মাহো পাৰ হল।কিন্তু একেবাৰে কাষতে থাকিও-মাক-দেউতাক,ভনীয়েকে অনিতাক মাত নিদিছিল।সকলোৱে তাইক বেয়া পাইছিল।আৰু কেতিয়াও অনিতাই জিন্তুক নিজৰ কাষলৈ আহিবলৈ দিয়া নাছিল আৰু জিন্তুক নিজৰ স্বামী ৰূপে স্বীকাৰ কৰা নাছিল।কিন্তু এইকথাতে জিন্তু সুখী আছিল যে-অনিতা কেৱল এতিয়া তাৰ পত্নী বুলি।
এদিনাখন অংকিতে অনিতালৈ ফোন কৰিলে।অনিতাই ফোন ৰিচিভ নকৰাত তাইলৈ ধমকেৰে মেচেজ কৰিলে যে-যদি তাই অংকিতক লগ কৰিবলৈ নাযায়-তেন্তে তাইৰ কিছু ভিডিঅ অংকিতৰ লগত আছে।সেই সকলোবোৰ সি ভায়ৰেল কৰি দিব।তেতিয়া অনিতা চিন্তিত হল। সেইবাবে পাছদিনা তাই অংকিতক লগ কৰিবলৈ মান্তি হল।অনিতা গোটেই নিশাটো চিন্তাতে শুৱ নোঁৱাৰিলে।জিন্তুৱে সুধিলতো একো নকলে।পাছদিনা পুৱা অনিতা যাবলৈ ওলাল।জিন্তুৱে সুধিলত কলে যে-শিখাৰ ঘৰলৈ যাঁও।অনিতা অটোত বহি গুচি গল।জিন্তুৰ সন্দেহ হল।সিও অটোৰ পাছে পাছে গল।দেখিলে যে-অনিতা জংঘলৰ কাষৰে পাহাৰত অংকিতৰ ওচৰলৈ গৈছিল।
অনিতাই অংকিতক সুধিলে-এতিয়া আৰু কি বিচাৰা!মোক ইয়ালৈ কিয় মাতিলা!মোৰ জীৱনটো তুমি শেষ কৰিলাই?অনিতাই কান্দিবলৈ ধৰিলে।অংকিতে হাঁহি মাৰি কলে-তোমাৰ দৰে ছোৱালীবোৰ হয়ে এনেকুৱা!মই তোমাক কোনোদিন ভাল পোৱাই নাছিলো।তুমি মাত্ৰ কেৱল মোৰ বাবে টাইমপাছ আছিলা।আৰু প্ৰকাশ ফোন কৰি মইয়ে সকলোবোৰ কৈছিলো।আৰু তোমাৰ বিয়া ভাঙিছিলো।কেনে লাগিছে-সেই বুৰ্বক জিন্তুৰ লগত বিবাহত বহি।অনিতা আচৰিত হল।
অংকিতা তাইৰ কাষলৈ আহি তাইৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে।অনিতাই চিঞঁৰিবলৈ ধৰিলে।সেই সময়তে জিন্তু আহিল আৰু অংকিত আৰু জিন্তুৰ মাজত মাৰপিট আৰম্ভ হল।অংকিতে বন্দুক উলিয়ালে আৰু অনিতাৰ ফালে গুলিয়াব লওঁতে জিন্তু মাজলৈ আহিল আৰু গুলি জিন্তুৰ গাত লাগিল। জিন্তুয়ে নিজৰ দোকানত কাম কৰা লৰাটোৰ লগত আহিছিল।যি লপ আঁতৰত ৰৈ আছিল।সি মাৰপিট হোৱা দেখা পায়-পুলিচলৈ ফোন কৰি দিলে।
পুলিচ আহি পালত-অংকিত পলাইছিল।কিন্তু পুলিচে অংকিতক ধৰিলে।গুলি লগাৰ বাবে জিন্তু মাটিতে ধলি পৰিল। জিন্তু হস্পিটাল লৈ যোৱা হল আৰু গুলি উলিয়াই দিয়া হল।হস্পিটালত জিন্তুৰ মাকৰ আৰু অনিতাৰ কান্দি কান্দি অৱস্থা বেয়া হৈছিল।অনিতাই ভাৱিছিল যে-যি জিন্তুক মই ইমিন বেয়া পাইছিলো,দেখিব নোঁৱাৰিছিলো,আজি সিয়ে নিজৰ জীৱনটো সংকটত পেলাই মোৰ জীৱন ৰক্ষা কৰিলে।সেই সময়তে জিন্তুৱে চকু খুলিলে আৰু সি অনিতাক মাতিছিল। অনিতা জিন্তুৰ কাষলৈ গৈ বহিল আৰু কলে-জিন্তু মোক ক্ষমা কৰি দিয়া।তুমি নিজৰ জীৱনটো কিয় সংকটত পেলালা!মোক মৰিব দিব লাগিছিল।আৰু কান্দিবলৈ ধৰিলে।
জিন্তুৱে অনিতাক দেখিলে যে-আজি তাই কপাঁলত ফুট,শিৰত সেন্দূৰ লৈছে।জিন্তুৱে কলে-অনি-মই তোমাৰ বাবে নিজৰ জীৱনটো দিব পাৰোঁ।অনিতাই কলে-এয়া,কঁপালত ফুট,শিৰত সেন্দূৰ সকলোবোৰ তোমাৰে হয়।আজিৰেপৰা কেৱল মাত্ৰ মই তোমাৰে হয়।কিছুদিনৰ পাছত জিন্তু সম্পূণ ৰূপে সুস্থ হল।এদিন জিন্তুৱে অনিতাক কলে-আজি তুমি ভালদৰে ভোজন তৈয়াৰ কৰিবা!আজি আলহী আহিব।
অনিতাই ভালদৰে ভোজন বনালে আৰু নিজেও সাঁজি কাছি প্ৰস্তুত হল।গধূলীলৈ দেখা পালে যে-আলহী আন কোনো বেলেগ নাছিল।অনিতাৰ মাক-দেউতাক আৰু ভনীয়েক বিনীতা আছিল।যি বিয়াৰ পাছত আজি প্ৰথমবাৰলৈ জিন্তুৰ ঘৰলৈ আহিছে।আৰু কেইবা মাহৰ পাছত অনিতাই নিজৰ পৰিয়ালৰ লগত কথা পাতিছে।এই সকলোবোৰ জিন্তুৰ বাবে সম্ভৱ হৈ ৰল।জিন্তুৱে অনিতাৰ মাক-দেউতাকক বুজাব পাৰিছিল।এতিয়া অনিতাই জিন্তুক স্বামী ৰূপে পাই সুখী হৈছিল।আৰু এতিয়া অনিতাই নিজৰ বাকী থকা পঢ়া আৰম্ভ কৰি দিলে।আৰু লগতে জিন্তুৰো পঢ়া-শুনা আৰম্ভ কৰাই দিলে।
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment