মাজনিশাৰ উঁচুপনি ( খণ্ড_১৫ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 22, 2022

মাজনিশাৰ উঁচুপনি ( খণ্ড_১৫ ) : Assamese Storyboard

Assamese Storyboard

 

                       ........ খেলখন আৰম্ভ কৰিবলৈ মই দেখোঁন একো আইডিয়াই বিচাৰি পোৱা নাই । খেলখন এনেকৈ খেলিব লাগিব যাতে সাপো মৰিব আৰু লাঠিও নাভাগিব ।  Assamese Storyboard )


কিন্তু... খেলখন জিকিবলৈ হ'লে বৈশালীক ব্যৱহাৰ কৰিব লাগিব। কথাবোৰ গম পালে বৈশালীয়ে জানো মোক ক্ষমা কৰি দিব । সকলো দিশৰ পৰা মোৰেই বিপদ । যি হয় হ'ব । খেলখন সোনকালে আৰম্ভ কৰি দিয়াই ভাল হ'ব ।  কথাবোৰ ভাবি বিচনাখনত ইকাটি সিকাটি কৰি থাকোঁতেই হাতত চাহৰ কাপটো লৈ বৈশালী ৰূমটোলৈ সোমাই আহিল । 


: বাইদেউ , চাহ লওঁক , আজি শুইয়ে আছে যে গাটো বেয়া নেকি...? 


: গা বেয়া নহয় বৈশালী । কথা এটাহে চিন্তা কৰি আছোঁ । 


: ইমানকৈ নো কি কথা চিন্তা কৰিছে...? 


: মানুহৰ চিন্তাৰ জানো অন্ত আছে । 


: বেছিকৈ চিন্তা কৰি নাথাকিব সোনকালে বুঢ়া হৈ যাব ।  ধেমেলীয়া কৈ কলে বৈশালীয়ে । 


: বৈশালী আজি ন'হলে তোমাৰ খুড়াৰ ঘৰৰ পৰাই আহোঁগৈ ব'লা.....! 


: যাব পাৰি । কিন্তু খুড়া হঁতক লগ পাম নে নাই সেইটোহে ক'ব নোৱাৰিম । 


: পালে পাম । নাপালে আন এদিনা যাম । সঁচা কথাবোৰ জানিবলৈ মোৰ বৰ মন গৈ আছে । 


: ঠিক আছে বাইদেউ । আপুনি সোনকালে ফ্ৰেচ হৈ লওঁক । 


      দীঘলকৈ হামি এটা এঙামূৰী দি বিচনাৰ পৰা নামি আহিল কল্যাণী । গাটো ধুই তিতা চুলিকেইডাল গামোচাখনেৰে ভালকৈ মোহাৰি কপালত ফোঁট এটা আঁকি ললে কল্যাণীয়ে । মোবাইলটো চার্জৰ পৰা এৰুৱাই ডাইনিং ৰূমটোলৈ সোমাই গ'ল । লৰালৰিকৈ লুচিকেইখন খাই বৈশালী আৰু কল্যাণী ঘৰৰ পৰা ওলাই গ'ল । ঘৰৰ পৰা ওলাই গৈ পকা ৰাস্তাটোত উঠিবলৈ লওঁতেই পাছফালৰ পৰা মাত লগালে নিবিৰে । ...বা , ফোনটো টেবুলতে এৰি আহিলি যে...? কি চিন্তা কৰি থাক ইমানকৈ , ফোনটো পাহৰি আহিলি যে.....?


: লৰালৰিকৈ ওলাই আহিলোঁ যে , সেয়ে পাহৰি আহিলোঁ  । দে দে....  নিবিৰৰ হাতৰ পৰা ফোনটো লৈ বাছত উঠিল কল্যাণী আৰু বৈশালী । খিৰিকীৰ কাষতে বহি বাহিৰলৈ মুখখন উলিয়াই দিলে কল্যাণীয়ে । কিছুদূৰ যোৱাৰ পাছতেই কল্যাণীৰ ফোনটো বাজি উঠিল । পাৰ্চৰ পৰা ফোনটো উলিয়াই ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে ।  .হেল্ল ' .....! 


: হেল্ল'....! কোনে কৈছে....


: মই কোন সেইটো জনাৰ প্ৰয়োজন নাই । মই কোৱা কথাটো কি ভাবিলে বৰুৱানী ...? 


: মই আপোনাক এতিয়া জনাব নোৱাৰিম । আপোনাৰ মোবাইল নাম্বাৰটো মোক মেচেজ কৰি দিব । ৰাতি কথা পাতিম আপোনাৰ লগত । 


: ঠিক আছে । মই ফোন কৰিম আপোনাক ... কেতিয়া ফ্ৰী থাকিব আপুনি...? 


: সন্ধিয়া সময়ত ফোন কৰিব ।  


: ok...    ফোনটো কাটি দিলে কল্যাণীয়ে । 


: বা , কোনে ফোন কৰিছিলে...? 


: কোন নাজানো...! লেণ্ড লাইন নাম্বাৰ এটাৰ পৰা ফোন কৰি আমনি কৰি থাকে ।  ইচ্ছা কৰিয়ে সঁচা কথাবোৰ নকলে কল্যাণীয়ে । 


: কিছুমান মানুহে ছোৱালীৰ মাত শুনিলে ফোন কৰিয়েই থাকে । থানাৰ পৰা ফোন কৰিছিল নেকি বাইদেউ । 


: নাই কৰা । 


: আপুনিয়েই ফোন এটা কৰিচাবচোন...! 


: উম...! কৰিব লাগিব । 


       কথা পাতি গৈ থাকোঁতেই বাছখন আস্থানত সুমুৱাই ৰখাই দিলে । লাহে লাহে মানুহবোৰ বাছখনৰ পৰা নামি আহিল । ...ইয়াৰ পৰা খুড়াহঁতৰ ঘৰলৈ বেছি দূৰ নহয় বাইদেউ । খোজ কাঢ়িয়েই যাব পাৰিম । 


: খোজ কাঢ়ি নাযাওঁ বৈশালী । ৰ'দটো বৰ চোকাকৈ ওলাইছে । অ'ট বা ৰিক্সা এখন লৈয়ে গুচি যাওঁ ব'লা । 


          কল্যাণীৰ কথা শুনি ৰিক্সা এখন মাতি দিলে বৈশালীয়ে , ৰিক্সাখনত উঠি দুয়োজনী বৈশালীৰ খুড়াহঁতৰ ঘৰ পালেগৈ । গেটখন খুলি দুয়োজনী ভিতৰলৈ সোমাই গ'ল । বৈশালীক দেখিয়েই খুড়ীয়েক উধাতু খাই ওলাই আহিল । 

...... অ' বৈশালী দেখোঁন...! ইমান দিনৰ মুৰত আজি কি মনত পৰিলে হয়নে...? আহ...! আহ....! ভিতৰলৈ আহ...  বৰ মৰমসনা মাতেৰে কলে খুড়ীয়েকে । 


: একেবাৰে সময় নাপাওঁ খুড়ী । বৰ ব্যস্ত হৈ থাকিব লগা হয় । 


     খুড়ীয়েকৰ পাছে পাছে দুয়োজনী ভিতৰলৈ সোমাই গ'ল । বাৰাণ্ডাখনৰ গাতে লাগি থকা ড্ৰয়িং ৰূমটোতে বহিবলৈ দিলে খুড়ীয়েকে । ....খুড়ী , খুড়া ঘৰত নাই নেকি....? 


: আছে । পাছফালে কাম এটা কৰি আছে । পিছে এওঁক চিনি পোৱা নাই যে....?


: এওঁ কল্যাণী বা । বৈশালীয়ে চিনাকী কৰাই দিলে কল্যাণীক । কল্যাণীয়েও খুড়ীয়েকক  নমস্কাৰ দিলে । 


: তোমালোক বহাচোন...! মই খুড়াক পঠিয়াই দিওঁগৈ । কথাষাৰ কৈয়ে খুড়ীয়েক ভিতৰলৈ সোমাই গ'ল । 


: বৈশালী , খুড়ীৰ মাতষাৰ কিন্তু বৰ মিঠা । 


: মুখখনহে মিঠা বাইদেউ । পেটটো বৰ লেতেৰা । 


: উম... কথা পাতিয়েই বুজি পালোঁ মই...


: খুড়া ইমান বেয়া নাছিল কিন্তু খুড়ীৰ চক্রান্তত পৰি খুড়াও সলনি হৈ গ'ল । 


       ....বৈশালী , ভালনে তোৰ...? পর্দাখন দাঙি ড্ৰয়িং ৰূমটোলৈ সোমাই আহিল বৈশালীৰ খুড়াক ।  


: ভালেই আছোঁ খুড়া । আপোনাৰ ভাল নে....? 


: কোনোৰকম আছোঁ আৰু..... ! এওঁ তোৰ লগৰ নেকি...? 


: মোৰ বাইদেউ । কল্যাণী বৰুৱা । খুড়া , বিশেষ কথা এটাৰ বাবেহে আজি মই ইয়ালৈ আহিলোঁ । 


: কি কথা বৈশালী...? 


: কথাটো হ'ল...., বৈশালীৰ মাক দেউতাকক কোনোবাই ইচ্ছা কৰি হত্যা কৰিছিল ....! বৈশালীয়ে কিবা এটা কোৱাৰ আগতেই মাত লগালে কল্যাণীয়ে । কল্যাণীৰ কথাটো শুনি উচপ খাই উঠিল খুড়াক । 


: নহয়...! নহয়... মাজনী , সেইটো এটা পাহৰিব নোৱাৰা দুৰ্ঘটনা । সেই দিনটোৰ কথা মনত পৰিলে বুকুখন ভয়ত কপি উঠে । 


: খুড়া , তেতিয়া মই সৰু হৈ আছিলোঁ বাবে কথাবোৰ ভালকৈ বুজি পোৱা নাছিলো । এতিয়া মোৰ এনেকুৱা অনুভৱ হয় ,  মা দেউতাক কোনোবাই ইচ্ছা কৰিয়েই মৃত্যুৰ মুখলৈ ঠেলি দিছিল । ইমান এটা ডাঙৰ দুৰ্ঘটনাত মা দেউতাৰ মৃতদেহ বিচাৰি পোৱা গ'ল , কিন্তু ড্ৰাইভাৰ জনৰ মৃতদেহটো বিচাৰি পোৱা নগ'ল....। সেয়ে এতিয়া মোৰ সন্দেহ হৈছে....

 Assamese Storyboard )

: বৈশালী , তই এইবোৰ কি কথা কৈছ...? গাড়ীখনৰ ব্ৰেক ফেইল হৈছিল । 


: ব্ৰেক ফেইল হৈছিল হয় । কিন্তু ড্ৰাইভাৰজন ক'ত গ'ল খুড়া , তেওঁৰ মৃতদেহ কিয় বিচাৰি পোৱা নগ'ল ....! এই প্ৰশ্নটোৰ উত্তৰ লাগে মোক । 


: ইমান দিনৰ পাছত আহিছ , সেইবোৰ কথা এতিয়া বাদদেচোন....! ক'ত কি কৰি আছ সেইটো কৱ....  কথাটো সলাবলৈ চেষ্টা কৰিছিল খুড়াকে । 


: সেইবোৰ কথা পাতিবলৈ মই ইয়ালৈ অহা নাই খুড়া । প্ৰশ্নৰ উত্তৰ বিচাৰিহে ইয়ালৈ আহিছোঁ । গাড়ীখন যিহেতু আপুনিয়ে ঠিক কৰি দিছিল । গতিকে ড্ৰাইভাৰজন নিশ্চয় আপোনাৰ চিনাকীয়ে হ'ব...। 


: কথাবোৰ এতিয়া মই পাহৰিছো মাজনী । 


      কথা পাতি থাকোঁতেই ড্ৰয়িং ৰূমটোলৈ সোমাই আহিল ডিম্ব কাইটি । ....এইজনী ডাঙৰ ককাইদেউৰ ছোৱালী নহয় জানো...! 


: হয় । ককাইদেউ , বহক । হেৰা , শুনিছানে...! ডিম্ব ককাইদেউ আহিছে । ড্ৰয়িং ৰূমৰ পৰাই চিঞৰিলে বৈশালীৰ খুড়াকে ।  .... বৈশালী চিনি পাইছ নে ককাইদেউক । দেউতাৰাৰ ভাল বন্ধু আছিল । 


: চিনি পাইছোঁ খুড়া । ভাল নে বৰদেউতা...? 


: ভাল অ' আইজনী । তোমাৰ কোৱা...


: মোৰো ভালেই বৰদেউতা । 


: কি মন কৰি আহিলা আজি ....? 


: খুড়া , পানী এগিলাচ দিবচোন । ডিঙিটো বৰ চেৰচেৰাই থকা যেন লাগিছে । 


: আনিছোঁ ৰহ:.., তই ককাইদেউৰ লগত কথা পাতচোন ।  কথাষাৰ কৈয়ে ভিতৰলৈ সোমাই গ'ল বৈশালীৰ খুড়াক । 


: বৰদেউতা , বিশেষ কথা এটা জানিবৰ বাবেহে মই ইয়ালৈ আহিছিলোঁ । 


: কি বিশেষ কথা আইজনী...? ক'ৰবাত ল'ৰা ঠিক হৈছে নেকি...? 


: নহয় বৰদেউতা । এটা প্ৰশ্নই মোৰ মনৰ ভিতৰখন খুলি খুলি খাব ধৰিছে । সকলোৱে কয় গাড়ীৰ ব্ৰেক ফেইল হৈ মা দেউতা ঢুকাইছিল । কিন্তু ড্ৰাইভাৰ জনৰ ডেডবডীটো বিচাৰি পোৱা নাছিল । সঁচাকৈয়ে যদি গাড়ীখনৰ ব্ৰেক ফেইল হৈছিল তেন্তে ড্ৰাইভাৰজনৰ ডেডবডীটো পাব লাগিছিল । 


: কথাটো মইয়ো নভবা নহয় মাজনী । কিবা এটা কথা উলিয়াইলেই খুড়ীয়েৰা জকজকাই উঠে । সেইদিনা দেউতাৰহঁত ওলাই যাওঁতে বাটত মই লগ পাই কথাও পাতিছিলোঁ । ড্ৰাইভাৰজনক মই ভালকৈয়ে চিনি পাওঁ । 


: কি নাম আছিল বৰদেউতা...? 


: প্ৰদীপ হাজৰিকা । আমাৰ পাছৰখন গাঁওৰ ল'ৰা... 


: বৰদেউতা বেয়া নাপায় যদি আপোনাৰ ফোন নাম্বাৰটো দিবচোন । এই বিষয়ে মই আপোনাৰ লগত ফোনত কথা পাতিম । 


       কামিজৰ পকেটৰ পৰা মোবাইলটো উলিয়াই পিটিকি পিটিকি নাম্বাৰটো উলিয়াই বৈশালীৰ হাতত দিলে ....এইটো আইজনী , লিখি লোৱা কিবা এটাত । 


: কল্যাণী বা , নাম্বাৰটো চেভ কৰি লওঁকচোন । মোবাইলটো কল্যাণীলৈ আগবঢ়াই দিলে বৈশালীয়ে । 


      ককাইদেউ , ভিতৰলৈ আহকচোন...! চাহ দিছোঁ..., বৈশালী , তহঁতো ভিতৰলৈকে আহ...! আলহীৰ দৰে ড্ৰয়িং ৰূমত চাহ খাব নালাগে । 


: ইয়ালৈকে লৈ আহক খুড়ী । এইখনো ভিতৰহে...


: তই বাৰু ঘৰৰ ছোৱালী , এওঁটো আলহী । ভিতৰলৈ আহ:...


: ব'লা , আইজনী । খুড়ীয়েৰাই ইমানকৈ জোৰ কৰিছে যেতিয়া ভিতৰলৈকে যাওঁ ব'লা । 


: ব'লক বৰদেউতা । 


       ড্ৰয়িং ৰূমৰ পৰা ওলাই আহি পাকঘৰৰ গাতে লাগি থকা ডাইনিং ৰূমটোত বহিবলৈ দিলে খুড়ীয়েকে । ...এইগিলাচ তোৰ পানী । গৰম পানী নাছিল , সেয়ে পানীখিনি অলপ গৰম কৰি দিলোঁ ।  পানী গিলাচ আগবঢ়াই দিলে বৈশালীলৈ । 


: গৰম পানী নোহোৱা হ'লেও হয় খুড়া । মিছাতেই আপুনি কাম বঢ়াই লৈছে । 


       খৰখেদাকৈ চাহকাপ খাই বৈশালীহঁত উঠিবলৈ লওঁতেই খুড়ীয়েকে মাত লগালে ...বৈশালী, ইমান দিনৰ পাছত আহিছা যেতিয়া ৰাতিটো ইয়াতে থাকিবা । 


: থাকিব নোৱাৰিম খুড়ী । বহুত কাম পৰি আছে । পাছত আহিম এদিন


: ঘৰখনলৈ আহি একো এটা খাবলৈও নাপালা...! কিবা এটা আনিবলৈ ওলাই যাবলৈও এইকেইদিন খুড়াৰৰ মূৰটো ঘূৰাই আছে । ইয়ালৈ ফোন কৰিছিলো ৰিচিভ নকৰিলে । 


: খোৱা বোৱাটো ডাঙৰ কথা নহয় খুড়ী । মাতষাৰহে আচল , আহিছোঁ এতিয়া । সময় পালে আকৌ আহিম । বৰদেউতা আহিছোঁ.... 


: আহিছোঁ খুড়া , খুড়ী অসময়ত আহি আমনি কৰিলোঁ , বেয়া নাপাব । বৰদেউতা গৈ থাকোঁ । লগ পাম কেতিয়াবা...  কথাষাৰ কৈয়ে কল্যাণী বাহিৰলৈ ওলাই আহিল ।  গেটখনৰ পৰা অলপ দূৰলৈকে বৈশালীহঁতক আগবঢ়াই দিলে খুড়ীয়েকে । 


: মই আৰু আগলৈ নাযাওঁ বৈশালী । গৈ থাক , সময় পালে খবৰ খাটি এটা ল'বি । 


: হ'ব খুড়ী । ভালকৈ থাকিব ....


        ক্ৰমশঃ.....


✍🏻তীৰ্থ_পিন্টু_বড়া


মাজনিশাৰ উঁচুপনি  ( খণ্ড_১৪ ) - https://www.smj24.in/2022/09/assamese-storyboard_6.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages