অভিমানৰ অভিমানী ( খণ্ড - ১২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 21, 2022

অভিমানৰ অভিমানী ( খণ্ড - ১২ ) : Assamese Storyboard

Assamese Storyboard


      চাহৰ কাপটো টেবুলত ৰাখি দেউতাকে আকৌ কৈ গ'ল বৃষ্টি অতীতৰ কথা !! Assamese Storyboard )


:: ৰাতিপুৱা লৈকে মই বাহিৰতে বহি থাকিলো, পুৱা বেলি ওলাইছে চকু দুটা বন্ধ হৈ যাব লৈছে । এনেতে মা আহিল, হয়টো ৰাতিটো তেওঁ টোপনি নাহিল । আহি মোৰ ওচৰতে বহিল । 

      মই সুধিলো তাই কি হৈছে মাই কলে " তাই তিউচন কৰি ঘূৰি আহোঁতে বাটতে ৰাজে তাইক আগভেতি ধৰিলে, তাত কোনো মানুহ নাছিল । ৰাস্তাটো অলপ নিৰ্জন ; সি তাইক প্ৰেমৰ প্ৰস্তাৱ দিলে কিন্তু তাই গ্ৰহণ নকৰিলে ।

      সেইবাবে সি তাই হাতত ধৰিছিল, তাই তাক চৰ মৰি দিলে ; সি তাইৰ পৰা এনে অপমান পাই তাই হাতত ধৰি কাষৰ বাহনী মাজলৈ লৈ গ'ল ।

      তাই চিঞৰা দেখি তাই মুখ, হাত বান্ধি দিলে আৰু তাই উপৰত পাগল কুকুৰৰ দৰে জঁপিয়াই পৰিল । তাই সমস্ত কাপোৰ খুলি পেলালে আৰু তাইক ধৰ্ষণ কৰিলে । 

       তাই বাৰে বাৰে মুক্ত হব বিচাৰিছিল যদিও নোৱাৰিলে,   আৰু যাব সময়ত কৈ গ'ল যেতিয়া লৈকে তাই তাক ভাল নাপাব তেতিয়া লৈকে সি তাইক শান্তি নিদিয়ে " ।

      কি কৰিম কি নকৰিম একো ভাবি পোৱা নাছিলো, বহু চিন্তা কৰি শেষত থানত কেছ দি দিলোঁ, নহলে হয়টো সি আৰু বেছি অত্যাচাৰ কৰিল হয় তাইক ।

    পুলিচ আহিল আৰু তাক ধৰি লৈ গল । কিন্তু .. মোৰ মাজনীক জীৱনৰ বাবে সি কলংকিত কৰি গ'ল ! 

     তাৰ পিছৰ পৰা তাই মন মাৰি থাকিব ললে, খোৱা বোৱা নকৰা হ'ল ; অলপ দিনৰ বাবে তাইক গুৱাহাটী পথাই দিলোঁ মাহীয়েকৰ ঘৰত আৰু লাহে লাহে সকলো ঠিক হল, তাই পঢ়িলে কলেজ গ'ল কিন্তু তাই ওঁঠত আগৰ সেই হাঁহিটো হেৰাই গ'ল ।

        আৰু তাই তোমাক লগ পোৱা পৰা আকৌ হাঁহিব লৈছে, এনেকুৱা লাগিছে যেন আগৰ মাজনী ক আকৌ ঘূৰাই পালোঁ ; তাই হাঁহি কাৰণ তুমি, এতিয়া কোৱা এনেকুৱা এটা অতীত থকা পিছত তাইক জানো তুমি আপোন কৰিব পাৰিবা, তোমাৰ ঘৰত জানো তাইক গ্ৰহণ কৰিব । বিয়া পিছত জানো তাই তাত শান্তিত থাকিব পাৰিব ?? সেই অতীতে তাই লগ নেৰে ;;


:: দেউতা .. তাই অতীতৰ বাবে যদি মই তাইক আপোন কৰি নলও ভাবিছে তেন্তে ভুল ভাবিছে, মই তাইক ভালপাওঁ তাই অতীত মোক নালাগে । উৰে জীৱনৰ বাবে মোৰ সুখ - দুখৰ লগৰী কৰিব বিচাৰো মই । আমি এটাই আনটো পৰা আঁতৰি কেতিয়াও সুখী হব নোৱাৰো ।


:: এইবোৰ জনা পিছত জানো তোমাৰ ঘৰত তাইক গ্ৰহণ কৰিব ।


:: দেউতা.. তাইক ভালপাওঁ বুলি আমাৰ ঘৰত জানে আৰু যি হলেও তাইক গ্ৰহণ কৰিব । কোনোদিনে তাই অতীতে আমাৰ মাজত বাধা আনিব নোৱাৰে । 


:: ঠিক আছে , তোমাৰ মা - দেউতাক এদিন লগ পাব লাগিব ;


:: হব দেউতা মই লৈ আহিম !


:: নালাগে ..নালাগে.. ইমান দূৰ তেওঁলোক কষ্ট কৰি আহিব , আমিয়েই যাম বাৰু ।


:: যি ভাল দেখে দেউতা ..


     সিহঁত কথা পাতি থাকোতে মাক আহিল ; বৃষ্টি আহি কিবা এটা চাব বাবে নিয়ৰক মাতি নিলে । মাক - দেউতাক বাহিৰতে বহিল ।।


:: কি চাব লাগে অ ছোৱালী .. এনেকৈ মাতি আনিলা যে কথা পাতি থাকোতে ;  Assamese Storyboard )


:: আহা মোৰ ৰোমত দেখাই আছোঁ ;


      বৃষ্টিয়ে নিয়ৰিক তাই ৰোমত লৈ গ'ল আৰু সাৱটি কান্দি উঠিল ! 


:: আৰে ছোৱালী .. কি হল ? কান্দিছা কিয় ? 


:: ইমান ভালপোৱা মোক নিয়ৰ ; দেউতাই কোৱা সকলো শুনি আছিলোঁ মই , সকলো জানিও মোক কেনেকৈ আপোন কৰিম ভাবিলা ? 


:: পাগলী .. তোমাক ভালপাওঁ অ দেহা.. তুমি মোৰ মাথোঁ মোৰ , মোৰ অভিমানী জনী চাও সৰু ছোৱালী দৰে কিয় কৰা ;; 


        নিয়ৰে তাই চকুপানী মছি দিলে আৰু তাইক সাৱটি ওঁঠত চুমা আঁকি দিলে ! বৃষ্টিয়েও তাৰ লগত উশাহত উশাহ মিলাই সাৱটি ললে । 


        ***

      ৰাতিটো পাৰ হল, পিছদিনা নিয়ৰ যাব ওলাল । 


      মাক, দেউতাকৰ পৰা বিদায় ললে সি আৰু বৃষ্টিয়ে তাক আগবহাব আহিল ...

    যিমানে আগবাহি আহিছে বৃষ্টি বুকুখন সিমানে কপিব ধৰিছে, চকুপানী বোৰ দুগাল সেমেকাই বৈ গৈছে, বাধা দিব খুজিও তাই বাধা দিব পৰা নাই । নিয়ৰ গুচি যাব আকৌ বা কেতিয়া আহে, তাইক পাহৰি যাব নেকি ? সঁচাকৈ কোৱা দৰেই বাৰো তাইক আপোন কৰি নিব নে ? তাই আৰু ৰৱ নোৱাৰিলে নিয়ৰৰ হাতত ধৰি ললে ...


:: কি হল ছোৱালী.. কিয় কান্দিছা অ... 


:: তুমি গুচি যোৱা পিছত মই কেনেকৈ থাকিম অ.. আকৌ জানো আহিবা ; মোক পাহৰি যাবা ন তুমি ? 


:: আহিম অ পাগলী জনী.. মোৰ পত্নীক এৰি কিমান দিন আঁতৰি থাকিম অ.. সোনকালে আহিম । দুখ নকৰিবা , 


      তাই পৰা আঁতৰি যোৱা দুখত তাৰ চকুৰ পৰাও চকুপানী ওলাই আহিল । তাই হাতত সেন্দুৰ তেমা এটা দিলে !


:: লোৱা তোমাৰ উপহাৰ, সদায় তোমাৰ লগত মই ইয়াৰ মাজতে জীয়াই থাকিম ! 


     বৃষ্টিয়ে সেন্দুৰ তেমাটো ললে আৰু তাক সাৱটি ললে । নিয়ৰে তাই কপালত চুমা আঁকি তাই পৰা বিদায় ললে । বৃষ্টিয়ে সি নেদেখা হোৱালৈ চাই থাকিম  আৰু ঘৰলৈ বুলি খোজ ললে । 

      

     মনত এটা কথাই আমনি কৰি থাকিলে সি যদি তাই অতীত জানি আঁতৰি যায় কেনেকৈ জীয়াই থাকিব । সঁচাই সি বাৰু এতিয়াও তাইক আগৰ দৰে ভালপাব পাৰিব নে ....????


        ***


          ( আগলৈ )



🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - ১১ ) )-

https://www.smj24.in/2022/09/assamese-storyboard_50.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages