মাজনিশাৰ উঁচুপনি ( খণ্ড_১৩ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 20, 2022

মাজনিশাৰ উঁচুপনি ( খণ্ড_১৩ ) : Assamese Storyboard

Assamese Storyboard

 

           ........ ৰাস্তাৰ মাজতে গাড়ীখন ৰখাই থোৱা দেখি অ'টখন অলপ আগতে ৰখাই দিলে ল'ৰাজনে । বগা ৰঙৰ গাড়ীখনৰ দুৱাৰখন খুলি শকত আৱত ল'ৰা এজন নামি অ'টখনৰ ফালে আগবাঢ়ি আহিল ।  Assamese Storyboard )


ল'ৰাজন নামি অহা দেখি কল্যাণীয়েও অ'টখনৰ পৰা নামি ইন্সপেক্টৰ জনলৈ ফোন লগালে । ফোনটো ৰিচিভ কৰাৰ লগে লগেই সকলোবোৰ কথা বিৱৰী কলে কল্যাণীয়ে । ক্ৰমে ক্ৰমে ল'ৰাজন ওচৰ চাপি আহিল । বৈশালীৰ হাতখনত ধৰি অ'টখনৰ পৰা চোঁচৰাই নমাই আনিবলৈ লওঁতেই কল্যাণীয়ে মাত লগালে । ....এৰি দিয়ক তাইক । তাই আপোনাৰ কি অনিষ্ট কৰিলে ? 


: মোৰ একো অনিষ্ট কৰা নাই , কিন্তু এই জীয়াই থাকিলে আমি মৰিব লাগিব । 


: মৃত্যুলৈ ইমান ভয় কিয়...? আনৰ জীৱনৰ লগত খেলা কৰি নিজেই অমৰ হ'ব বিচাৰিছে । এইয়া আপোনাৰ বীৰত্ব নে কাপুৰুষত্ব...! ঠাট্ৰাৰ সুৰত কলে কল্যাণীয়ে । ভালেৰে কৈছোঁ বৈশালীক এৰি দিয়ক । নহলে কথা বেয়া হৈ যাব....


: ৱাহ....! মিছেছ বৰুৱানী , বৰ সুন্দৰ ৰসিক আপুনি ।  কথাষাৰ কৈয়ে বৈশালীক আঁজুৰি নিব খোজোঁতেই পুলিচৰ গাড়ীখন আহি অ'টখনৰ ওচৰতে ৰখাই দি ইন্সপেক্টৰ দিম্পল দত্ত নামি আহি । পুলিচৰ গাড়ীখন দেখিয়েই বৈশালীৰ হাতখন এৰি গাড়ীত উঠিল ল'ৰাজন । ..... মিছেছ বৰুৱানী , ব'লক আপোনাক ঘৰত থৈ আহোঁগৈ । 


: নালাগে ছাৰ । আপুনি ইহঁতক পিচা কৰক । গাড়ী নাম্বাৰ AS 03..B6.. , 


: আপুনি অলপ সাৱধানে থাকিব মিছেছ বৰুৱানী । বৈশালীক অলপ চকু দিব । যিকোনো সময়ত ইহঁতে আপোনালোকক আক্ৰমণ কৰিব পাৰে । কথাষাৰ কৈয়ে দিম্পল গাড়ীত উঠিল । পুলিচৰ গাড়ীখন পাৰ হৈ যোৱাৰ লগে লগেই বৈশালী আৰু কল্যাণীও অ'টত উঠিল । ঘৰ পায়ে লৰালৰিকৈ কাপোৰ কেইটা সলায় হাতমুখ কেইটা ধুই ৰঙা চাহ দুকাপ কৰি আনিলে কল্যাণীয়ে । .....বৈশালী , চাহ খাই লোৱাহি । গামোচা এখনেৰে মুখ হাতকেইটা মোহাৰি ডাইনিংত বহিল বৈশালী ।


: বাইদেউ , মানুহজনক আপুনি চিনি পালে নে বাৰু...! 


: আগে পাছে দেখা মনত পৰা নাই । কিন্তু সি কাৰ নিৰ্দেশত কাম কৰিছে সেইটোহে ভাবি পোৱা নাই । চক্ৰৱৰ্তীত গ্ৰেপ্তাৰ নকৰালৈকে আমি অলপ সাৱধানে থাকিব লাগিব বৈশালী । সিহঁতৰ এতিয়া টাৰ্গেট তুমি...


: মোৰ বৰ ভয় লাগিছে বাইদেউ । ইহঁতে মোক মাৰি পেলাব । 


: ভয় নকৰিবা । মই জীয়াই থকালৈকে তোমাক ইহঁতে একো কৰিব নোৱাৰে । 


: কিন্ত আপোনাকো যদি সিহঁতে টাৰ্গেট কৰি লয় । তেতিয়া কি কৰিব ....? 


: ইমান সহজ নহয় বৈশালী । 


         .... মাজনী , তোমালোকে কথা পাতিয়ে থাকিবা নে ভাত খাবা । মোৰ ভোক লাগিছে । পাকঘৰৰ পৰাই মাত লগালে তৰুলতাই ।


: উলিয়াওঁক মা , আমাৰো ভোক লাগিছে । লাহেকৈ কলে বৈশালীয়ে । কথাষাৰ কৈয়ে হাতত চাহৰ কাপ দুটা লৈ বৈশালী পাকঘৰলৈ সোমাই গ'ল । বেচিনটোতে চাহৰ কাপ দুটা ধুই তৰুলতাক অলপ সহায় কৰি দিলে বৈশালীয়ে । ইটো সিটো কথা পাতি ভাতকেইটা খাই তৰুলতা আৰু বৈশালী বিচনাত উঠিল । ভাত খোৱা কাঁহী বাতি কেইটা ধুই , টেবুলখন ভালকৈ মোহাৰি হাতত ফোনটো লৈ ড্ৰয়িং ৰূমৰ বিচনাখনতে অলপ দীঘল দি কাজললৈ ফোন লগালে কল্যাণীয়ে । 


: হেল্ল'...! কাজল , ব্যস্ত আছ নেকি....? 


: নাই । লাঞ্চ কৰিব আহিছোঁ । 


: তোক যে কি বুলি ধন্যবাদ জনাম ভাবিয়েই পোৱা নাই । তোৰ কথা মতে ভিডিও কেইটা টোলৈ চেণ্ট নকৰা হ'লে মোৰ কথাবোৰ মিছা বুলি প্ৰমাণ হ'ল হেঁতেন...! 


: এনেকুৱা যে কিবা এটা হ'ব , সেইটো মই আগতেই অনুমান কৰিছিলোঁ । সেয়ে ভিডিও কেইটা মোলৈ চেণ্ট কৰিবলৈ কৈছিলোঁ । পুলিচে কি কলে...? 


: সকলো প্ৰমাণ পোৱাৰ পাছত ক'বলৈ আৰু একোৱেই নাথাকিল । হয়টো কমল বুজৰবৰুৱাক চাকৰিৰ পৰা suspend কৰিব । 


: দিম্পল দত্তই ওপৰৱালাৰ লগত কথা পাতিম বুলি কৈছে ।  


: যি কৰে সোনকালে কৰিব লাগে । মই সেইটোহে জানো...! ফাইলটোৰ কথা উলিয়াইছিলি নেকি....? 


: একেবাৰে পাহৰিলোঁ কাজল । ইন্সপেক্টৰ গৰাকীৰ ফোন নাম্বাৰ আছে , ফোন কৰি জনাই দিম । 


: উম..., আজিয়েই ফোন কৰিবি । ফাইলটো হাতলৈ আহিলে হয়টো আৰু নতুন তথ্য পোহৰলৈ আহিব পাৰে । 


: কিবা গোপণ তথ্য নিশ্চয় আছে । ফাইলটো হেৰুৱাৰ কথাটো শুনি নীল বৰ চিন্তাত পৰিছিল । 


: ফাইলটো কাৰ হাতত আছে সেইটো জনা হ'লে ভাল আছিল কল্যাণী । 


: বুজৰবৰুৱাক গ্ৰেপ্তাৰ কৰিলেই ফাইলটো কাৰ হাতত আছে সেই কথা পোহৰলৈ আহিব । 


: ঠিক আছে কল্যাণী । এতিয়া ৰাখিছোঁ দে । কিবা খবৰ থাকিলে জনাবি ।  কথাষাৰ কৈয়ে ফোনটো কাটি দিলে কাজলে । ফোনটো গাৰুটোৰ কাষতে থৈ চকু দুটা জপাই দিলে কল্যাণীয়ে । শুই দিয়াৰ লগে লগেই কল্যাণীৰ টোপনি আহিল । 


         সন্ধিয়া হোৱা যেন অনুমান কৰি দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল বৈশালী । বাৰাণ্ডাৰ পৰা লাহেকৈ চোতাললৈ নামি গৈ মুকলি আকাশখনলৈ এবাৰ চালে । তৰাভৰা আকাশখন দেখি বৈশালীৰ মনটো ফৰকাল ফৰকাল লাগিল । বতাহত ক'ৰবাৰ পৰা বনৰীয়া ফুলৰ সুবাস এটা আহি বৈশালীৰ নাকত লাগিল । চোতালৰ পৰা বাৰাণ্ডালৈ উঠি আহি জোলনা খনতে বহি দিলে বৈশালী । অকলে অকলে বৈশালী বাৰাণ্ডাত বহি থকা দেখি তৰুলতা বাৰাণ্ডালৈ ওলাই আহি বৈশালীৰ কাষতে বহিল ।  .....মাজনী , অকলে অকলে কিয় বহি আছা নো....? 

 Assamese Storyboard )


: এনেই বহি আছোঁ মা । আপুনিও শুই আছিলে , সেয়ে বাৰাণ্ডাতে বহি আছোঁ । 


: কল্যাণী উঠক , ভালকৈ চাহ একাপ খাব লাগিব । কল্যাণী উঠে মানে আমি টিভিকে চাওঁ আহাঁ । 


: ব'লক মা....!  


      বৈশালী আৰু তৰুলতা দুয়ো ভিতৰলৈ সোমাই গৈ টিভিটো অন কৰি দিলে তৰুলতাই । চোফাখনতে বহি ললে বৈশালী । নিউজটো অন কৰি দিয়াৰ লগে লগেই বৈশালীৰ চকু কপালত উঠিল .".... সংগীতা ফুকন আৰু মীনা বুজৰবৰুৱাৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ । ইন্দ্ৰনীল বৰুৱা লগতে কমল বুজবৰুৱাক গ্ৰেপ্তাৰ । সকলো তথ্য পুলিচৰ হাতত গতাই দি সাহসিকতাৰ পৰিচয় দিয়ে ইন্দ্ৰনীল বৰুৱাৰ পত্নী কল্যাণী বৰুৱাই ....."


     নিউজটো পোৱাৰ লগে লগেই বৈশালীৰ মুখত হাঁহি বিৰিঙি উঠিল । কল্যাণী বা , অ'... কল্যাণী বা উঠকচোন...! কমল বুজৰবৰুৱাক পুলিচে গ্ৰেপ্তাৰ কৰিলে । এইমাত্ৰ নিউজত দিছে ।  বৈশালীৰ মাতটো শুনি চকামকাকৈ সাৰ পালে কল্যাণীয়ে । 


: ...বৈশালী কোনটো নিউজ চেনেলত দিছিলে নিউজটো ? 


: প্ৰাইম টাইমত দিছিলে । 


: চেনেল কেইটা সলাই চোৱাচোন....! বেলেগ চেনেলত দিবও পাৰে নিউজটো । 


       তৰুলতাৰ হাতৰ পৰা ৰিমৰ্টটো লৈ চেনেলটো সলাই দিলে বৈশালীয়ে । "....এই মুহূৰ্তৰ এটা বিগ ব্রেকিং নিউজ দিন দুপৰতে কল্যাণী আৰু বৈশালীক অপহৰণৰ চেষ্টা দুৰ্বৃত্বৰ । আৰক্ষী উপস্থিত হোৱাৰ লগে লগেই পলায়ন অপৰাধী । গাড়ী চালকজনক আটক কৰি সোধ পোচ কৰি আছে আৰক্ষীয়ে ...."   


: মাজনী , এইবোৰ কি শুনিছোঁ মই ।  


: মা, নিউজ চেনেলবোৰে ৰৌটোকে ঢৌতো কৰে । সঁচা কথাটো হ'ল আমাক ল'ৰা এজনে বাটতে লগ পাই কথা পাতিছিল । সেইটোকে হয়টো কোনোবাই দেখি নিউজত দি দিলে ।  মিছাকৈয়ে কলে কল্যাণীয়ে । বৈশালীৰ হাতৰ পৰা ৰিমৰ্টতো লৈ নিউজ চেনলটো সলাই গানৰ চেনেল এটা লগাই দিলে কল্যাণীয়ে । তেনেকুৱাতে কল্যাণীৰ ফোনটো আকৌ বাজি উঠিল । .... কৱ কাজল । 


: নিউজত এইবোৰ কি দিছে কল্যাণী...? কথাটো সঁচা নে মিছা ....


: একেবাৰে মিছাও নহয় কাজল । বৈশালীক অপহৰণ কৰিব বিচাৰিছিল । সঠিক সময়ত দিম্পল দত্ত আহি নোপোৱা হ'লে আমাৰ দুয়োজনীয়ে বিপদ হ'ল হেঁতেন । 


: ভাগ্য ভাল দুয়োজনীৰে । অলপ সাৱধানে থাকিবি । হয়টো চক্ৰৱৰ্তীয়ে এইবোৰ কৰি আছে ।


: এতিয়াই কৈ দিব নোৱাৰি কাজল । হয়টো নীলে বা বুজৰবৰুৱাইও কামটো কৰাব পাৰে । ড্ৰাইভাৰ জনক আটক কৰিছে যেতিয়া বাকী কেইজন অপৰাধীও নিশ্চয় ধৰা পৰিব । 

: উম...! কথাবোৰ দেখোঁন দিনক দিনে আঁউল লাগিবলৈ ধৰিছে কল্যাণী । তোক লৈহে মোৰ বৰ চিন্তা হৈছে । 


: চিন্তা কৰিবলৈ আৰু কি আছে । সঁচা কথা কোৱা মানুহৰ শত্রু বেছি । মোৰ লগতে বৈশালীৰো শাস্তি হৈছে । তাইলৈহে বেয়া লাগিছে । মোৰ যি হয় হওঁক , কিন্তু বৈশালীৰ একো নহলেই হ'ল ।


: তাকেই ময়ো চিন্তা কৰিছোঁ । কল্যাণী , তোক অলপ পাছত ফোন কৰি আছোঁ মই । অফিচৰ ফোন এটা আহিছে ৰিচিভ কৰি লওঁ । 


: ঠিক আছে কাজল , ৰাখিছোঁ দে ।  


     ক্ৰমশঃ...


✍🏻তীৰ্থ_পিন্টু_বড়া


মাজনিশাৰ উঁচুপনি  ( খণ্ড_১২ ) - https://www.smj24.in/2022/09/assamese-storyboard_19.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

1 comment:

Advertisement

Pages