অভিমানৰ অভিমানী ( তৃতীয় খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 10, 2022

অভিমানৰ অভিমানী ( তৃতীয় খণ্ড ) : Assamese Storyboard

Assamese Storyboard


 বৃষ্টি আৰু নিয়ৰ গৈ পাৰ্কত বহিল , মৃদু বতাহ , শান্ত পৰিবেশ চাৰিওফালে ফুলি থকা নানা ৰঙীন ফুল । Assamese Storyboard )


:: সঁচাই বৃষ্টি বৰ ধুনীয়া অ' ঠাই খন , তোমাৰ দৰেই ।


:: হয় নেকি ? মই কি ধুনীয়া নেকি ?


:: উম্‌.. মোৰ অভিমানী জনী বহুত ধুনীয়া ।


:: হ'ব ! ইমান বেছি ক'ব নালাগে । বহুত আশা আছিল অ' এবাৰ তোমাক কাষৰত পোৱা , আজি মোৰ সপোনটো পুৰ হ'ল । 


:: মোৰো আছিল এবাৰ তোমাক কাষৰত পোৱা । তোমাৰ লগত বহুত কথা পাতিম , তোমাক এবাৰ বুকুৰ মাজত সাবটি লম । 


          নিয়ৰে তাইৰ হাত খন তাৰ দুহাতৰ মাজত ৰাখিলে , তাইও কোনো অভিযোগ নকৰি তাৰ হাতৰ উপৰত তাই হাত খন ৰাখিলে ।


:: মোক বহুত ভালপোৱা ন নিয়ৰ ?


:: উম্‌ .. বহুত .. তুমি হে নোপোৱা ??


:: পাওঁ অ' বহুত বহুত পাওঁ ... কোৱাচোন কিমান ভালপোৱা মোক ?


:: জানানে তুমি দূৰ আকাশ খন কিমান বিশাল ?


:: আকাশৰ বিশালতা জানো জুখিব পাৰি নিয়ৰ ?


          ( বৃষ্টি নিয়ৰৰ কান্ধত মোৰ থৈ কৈ গ'ল )


:: যিদৰে আকাশৰ বিশালতা জুখিব নোৱাৰি মোৰ ভালপোৱা বোৰও কোনোদিনে তুমি জুখিব নোৱাৰিবা ।।


:: কিয় ইমান ভালপোৱা মোক আৰু কিয় খং কৰা মোক ইমান ? কাজিয়া কিয় কৰা ?


:: কিয় ভালপাওঁ জনা হ'লে সেই ভালপোৱা বেলেগত বিচাৰি ল'লো হয় ! খং কিয় কৰোঁ তুমিও জানা মই তোমাৰ প্ৰতিটো কথাই জানিব বিচাৰোঁ কি কৰিছা তুমি , ক'ত গৈছা আৰু যদি তাত কিবা এটা ভুল দেখো সেইটো কোৱাটো মোৰ দায়িত্ব । মই নিবিচাৰোঁ তোমাৰ এটা ভুলে তোমাৰ জীৱনটো যাতে ধ্বংস কৰে ; মোৰ এটা সপোন আছে !


:: কি সপোন ?


:: এদিন তুমি বহুত ডাঙৰ অফিচাৰ হ'বা , মই তোমাক দূৰৰ পৰা চাম ..;


:: দূৰৰ পৰা কিয় ? 


:: কাৰণ তোমাৰ ওচৰত Sucurity থাকিব ন মোক যাব নিদিব যে ।


:: ইছ.. যদি সঁচাই তেনেকুৱা হয় চাম নহয় কোনে নিদিয়ে । তুমি মোৰ কাষৰত থাকিলে মই সকলো কৰিব পাৰিম ; 


:: মই সদায় আছোঁ তোমাৰ লগত  .. 


          ( বৃষ্টি মৌন হৈ গ'ল  )


:: ঐ ছোৱালী ... কি হ'ল ? কি ভাবিছা ?


:: ভাবিছোঁ অ' তোমাক প্ৰথম দেখোতেই মোৰ তোমাক ভাল লাগিছিল বহুত , msg কৰিব ভয় লাগিছিল কিবা ক'বা বুলি আৰু ভাবিছিলো তোমাৰ কোনোবা প্ৰেমিকা আছেই চাগে .. সেইদিনা যদি msg নকৰিলোঁ হয় আজি চাগে তোমাক এনেদৰে নাপাওঁ ন !


:: পাগলী .. মোৰো ভাল লাগিছিল তোমাক সেইকাৰণে msg কৰিলোঁ আৰু কি জানা তোমাক মোৰ বাদে আনে নোৱাৰে ; Assamese Storyboard )


:: কি নোৱাৰে ?


:: তোমাৰ দৰে ziddi আৰু ইমান কাজিয়া কৰি থকা অভিমানী জনীক মোৰ বাদে আনে নোৱাৰে কণ্ট্ৰল কৰিব । 


:: নালাগেও মোক আনক মই তোমাৰ বাবেই আহিছোঁ আৰু জীয়াই থকা লৈকে তোমাৰ লগতে কাজিয়া কৰি থাকিম ।


          সঁচাই বৃষ্টি সৰু ছোৱালীৰ দৰেই সৰু সৰু কথাতে কাজিয়া কৰে , তাতে নিয়ৰৰ মৰম পাই তাই আৰু অভিমানী হৈ পৰিছে , নিয়ৰৰ কান্ধত মোৰ থৈ তাই সৰু ছোৱালী দৰেই শুই আছে । নিয়ৰৰ তাইক তেনেকৈ থকা দেখি বেছি মৰম লাগি গ'ল , তাইক বুকুৰ মাজত টানি আনিলে ....


:: ঐ পাগল ... কি কৰিছা ইচ্‌.. ইমান মানুহে চাই আছে , 


:: চাই থাকক মই মোৰ হ'ব লগীয়া পত্নীক হে ধৰিছোঁ তাতে কি হ'ল ! 


:: বেয়া দেখাই ন .. চাও এৰি দিয়া ...


          নিয়ৰক দেখোৱাই যদিও তাই মুক্ত হ'ব খুজিছিল কিন্তু মনে মনে তাইও বিচাৰিছিল তাৰ বুকুৰ মাজত মোৰ থৈ তাৰ বুকুৰ স্পন্দনবোৰ অনুভৱ কৰা । তাই আৰু প্ৰতিবাদ নকৰি তাৰ বুকুৰ মাজত সোমাই থাকিল । নিয়ৰে তাইৰ কপালত চুমা আঁকি দিলে ;;


:: কি হ'ল ! এতিয়া ওলাই যাব মন যোৱা নাই ?


:: নাই .. 


:: কিয় ?


:: এনেকৈয়ে ভাল লাগিছে ..


:: মানুহে চাই আছে !


:: চাই থাকক , নিজৰ মানুহজনৰ বুকুৰ মাজত হে আছোঁ ।


:: পাগলী .... জীৱনৰ বাবে বিচাৰোঁ তোমাক এনেকৈয়ে ..


:: পঢ়ি কিবা এটা কৰি লওঁ । তাৰ পিছত তোমাৰ হৈ যাম জীৱনৰ বাবে ...


:: অপেক্ষা কৰিব পাৰিম জানো ইমান বছৰ ?


:: উম্‌.. পাৰিব লাগিব , নোৱাৰিলে কেনেকৈ হ'ব , আৰু নকবা না তোমাৰ হোৱা কথা এতিয়াই নহ'লে মইও নিজক বুজাব নোৱাৰিম ;;


:: হ'ব দিয়া নকওঁ , তোমাৰ সপোন পুৰণ নোহোৱালৈকে মই অপেক্ষা কৰিম । Love You 😘😘 ( তাই হাত খনত চুমা আঁকি দিলে সি )


:: Love You 2 মোৰ পাগলটো ..... 


:: ব'লা এতিয়া কিবা এটা খাই লওঁ , বহুত সময় হল । মোৰো যাব সময় হৈছে নহ'লে দেৰি হৈ যাব ;;


          তাই তাৰ কথাবোৰ নুশুনা ভাও ধৰি তাৰ বুকুৰ মাজতে সোমাই থাকিল । তাই তাক পাই এবাৰো ভবাই নাছিল সি যে অলপ সময়ৰ বাবে হে আহিছিল । সি গুচি যাব ভাবিয়েই তাই বুকু কপি উঠিল ; তাক তাই সাবটি ধৰিলে সি আঁতৰি যোৱা ভয়ত তাই কান্দিব ধৰিলে , নিয়ৰৰ বুকু তাইৰ দুচকুৰ পানীয়ে সেমেকাই তুলিলে , সি জনাই নাছিল তাই যে কান্দি আছে ।


:: ঐ.. বৃষ্টি ... ঐ ... কান্দিছা কিয় ? কি হৈছে তোমাৰ ?


:: নাই অ'.. মোক এৰি নাযাবা না.. এনেদৰে তোমাৰ বুকুৰ মাজতে থাকিব দিয়া😭😭


:: ধেৎ পাগলী .. মই একেবাৰে নাযাওঁ নহয় , মন গ'লে আকৌ আহিম তোমাৰ কাষৰত ..!


:: ইমান দূৰ আহো বুলি জানো আহিব পাৰিবা ;;


:: আহিম অ' ..  কিয় নাহিম নো মোৰ অভিমানী জনীৰ ওচৰত , এনেকৈ কান্দি থাকিলে মইও কান্দি দিম কিন্তু ...


:: ভয় লাগিছে অ' তোমাক এৰি দিব ; কিজানি বহু দূৰ গুচি যোৱা .... 


          আজি সি অনুভৱ কৰিছে তাই যে তাক কিমান ভালপাই , তাৰ দুচকু সেমেকি উঠিল । তাইৰ পৰা আঁতৰি যাব তাৰো মন নাই কিন্তু কি কৰিব যাবইটো লাগিবই ।


:: মই জানো তোমাক এৰি যাব পাৰো ! চাওঁ উঠা তোমাৰ বাবে কিবা এটা আনিছো ...


:: একো নালাগে মোক তোমাক লাগে ...


:: মই আছোয়েই আৰু সদায় থাকিম । চাওঁ হাত খন দিয়া ..


          তাইৰ হাতত সি এটা ঘড়ী পিন্ধাই দিলে .. 


:: কিয় আনিছিলা এইবোৰ ,   মই যে একো নাই আনিব নাপালোঁ ।। ( তাই দুঃখ মনেৰে ক'লে )


:: ধেৎ পাগলী । মোক একো নালাগে তোমাক এই ঘড়ীটোৱে প্ৰতিটো মূহুৰ্তত মোৰ কথা মনত পেলাই থাকিব । ব'লা এতিয়া কিবা এটা খাই তোমাৰ ঘৰত যাওঁ ।


:: ঘৰত ...😒


:: উম্‌ ... মা - দেউতাক লগ কৰি আহিম !


:: মাই জানে বাৰো কিন্তু দেউতাই এইবোৰ কথা নাজানে যদি তোমাক কিবা কয় দেউতাই ! সেইবাবে নালাগে কৈছিলো ..


:: কয় যদি ক'ব , দেউতাই হে ক'ব মই বেয়া নাপাওঁ । যদি ঘৰত নাযাও কি ভাবিব এনেকৈ বাহিৰত লগ কৰা গ'ম পালে ...


:: একো নহয় , মোৰ দেউতাৰ কথা তুমি নাযানা নহয় ..


:: হ'ব যি হয় কিন্তু মই মা - দেউতাক লগ কৰি হে যাম ..


:: ঠিক আছে পিছত কিবা ক'লে মোক কিন্তু নকবা ।


:: নকওঁ দিয়া .. ব'লা এতিয়া , ....


          দুইতাই হোটেলত কিবা কিবি অলপ খাই বৃষ্টিৰ ঘৰলৈ বুলি গ'ল .....


    ***


                ( আগলৈ )


   🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( চতুৰ্থ খণ্ড )-

https://www.smj24.in/2022/09/assamese-storyboard_74.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages